।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

এক মিনিটৰ গল্প
পোহৰ
ৰিণি বৰা শইকীয়া
স্নেহাৰ তত্বাৱধানত আজি তাই লগৰ কেইবাগৰাকীও ল'ৰা –ছোৱালী একেলগ হৈ গাৱঁৰে যুৱক সংঘত এখনি মিটিং পাতিছে। গাঁৱৰ বয়োজেষ্ঠ ব্যক্তি সকলৰ লগতে এই গাঁৱত থকা দুগৰাকী শিক্ষকক মাতি আনি তেওঁলোকে আসনত বহুৱাইছে । মিটিংলৈ বহুতো আহিব নোখোজা মানুহক সিহঁতে বুজাই-বঢ়াই আনিছে। যথাসময়ত মিটিং আৰম্ভ হ'ল । আজিৰ মিটিংত সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ কোনো বয়োজেষ্ঠ জনক দিয়া নহ'ল ৷ তাৰ পৰিৱৰ্তে এইবাৰ সুখ্যাতিৰে বি এ পাছ কৰা পোহৰক সভাপতি আসনৰ বাবে স্নেহাই প্ৰস্তাৱ আগবঢ়ালে । বাকী সকলৰ সমৰ্থনত পোহৰে সভাপতিৰ আসন গ্ৰহণ কৰিলে। সভাপতিৰ নিৰ্দেশ মতে স্নেহাই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াবলৈ গৈ আজি কেইদিনমানৰ পৰা সামাজিক মাধ্যমত সিহঁতৰ গাঁওখন যে বেছ চৰ্চাৰ বিষয় হৈ আছে আৰু তাৰ বাবে যে উঠি অহা যুৱপ্ৰজন্ম ই সমাজৰ আন মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছে আৰু ভৱিষ্যতে যাতে এইখন গাৱঁত এনেধৰনৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এতিয়াৰ দৰে পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে আজিৰ এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। স্নেহাৰ কথা শুনি সকলোৱে বুবু-বাবা কৰিবলৈ লাগিল । সিহঁতে বুজি পাবলৈ বাকী নাথাকিল যে এই বগা ঘোঁৰাৰ কাহিনীক বিশ্বাস কৰা আৰু বিশ্বাস নকৰা মানুহৰ মাজত এই গুণগুণনি । ইয়াৰ পিছতে ৰশ্মিয়ে আমাৰ সমাজে বিশ্বাস কৰি অহা 'ডাঙৰীয়া ' বা ' আই' যে মানুহৰ গাত থিতাপি ল'ব পৰা বস্তু নহয়,এয়া মানুহৰ কেৱল ভ্ৰান্ত ধাৰণাহে সেই কথা বৈজ্ঞানিক দৃষ্টিভংগী ৰে বিশ্লেষণ কৰি বুজাই দিলে ।বসন্ত ৰোগ কেৱল এক ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ
এই বেমাৰ হ'লে মানুহে ভূত-ভৱিষ্যতৰ কথা ক'ব পৰা বিষয়টো একেবাৰে অলাগতিয়াল । আৰু বৰ্তমান টিকাকৰণৰ দ্বাৰা ইয়াক নোহোৱা কৰিব যে পাৰি সেইকথাটো সুন্দৰ ভাৱে বুজাই দিলে। ঠিক সেইদৰে নামঘৰত বাসকৰা ডাঙৰীয়া জনৰ বিষয়টো কেৱল কিছুমান অশিক্ষিত মানুহেহে বিশ্বাস কৰি এনেধৰণৰ এখন গাঁৱক লোকসমাজৰ আগত লজ্জানত কৰাৰ লগতে উঠি অহা যুৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিব খোজে।যিজন মানুহে সমাজত নিজকে প্রতিস্থা কৰিব নোৱাৰে সেই জন ব্যক্তিয়েই এই অসৎ পন্থা অৱলম্বন কৰি নিজকে সমাজত প্ৰতিষ্ঠা কৰিব খোজে । আমাৰ মানুহ সততে ভগৱানৰ প্রতি অত্যন্ত বিস্বাসী । সেয়েহে এনেধৰনৰ কথা ওলালে পোনছাটে নাকচ কৰিব নোৱাৰে ।যাৰ ফলত এনেধৰণৰ পৰিস্থিতি সৃষ্টি হয় ।ইয়াৰ পিছতে সভাপতিৰ অনুমতি সাপেক্ষে বয়োজেষ্ঠ সকলৰ ফালৰ পৰা দুই-এজনে সপক্ষে আৰু বিপক্ষে মন্তব্য আগবঢ়ালে । শেষত সভাপতিৰ নিৰ্দেশত এটি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল – য'ত উল্লেখ থাকিল আজিৰ তাৰিখৰ পৰা এই গাঁৱত অন্ধবিশ্বাস ৰ বশৱৰ্তী হৈ আই বা ডাঙৰীয়া ৰ লগতে অন্যান্য ডাইনী বা ভুত প্ৰেতক বিস্বাস কৰি কোনো লোকে কোনোধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰিব। অন্যথা তেওঁলোকআইন মতে জগৰীয়া হোৱাৰ লগতে সমাজৰ পৰাও এঘৰীয়া হ'ব । আজিৰ এই মিটিংতে আৰু এটি প্ৰস্তাৱ গ্ৰহণ কৰা হওক যে এই গাঁৱত যৌতুকৰ নামত বা পৰকীয়া প্ৰেমৰ নামত কোনো বোৱাৰী বা পুৰুষে যাতে আত্মহত্যাৰ দৰে পথ বাচি ল'ব নালাগে – তাৰ প্ৰতি ৰাইজ সদা সচেতন হৈ থাকিব। তাৰ বাবে এই গাৱঁৰে দুই ডেকা শিক্ষক ক্রমে শ্ৰী যদুমনি শইকীয়া আৰু শ্ৰীমতী কল্পনা কাকতিক সভাপতি আৰু সম্পাদক হিচাবে লৈ বয়োজেষ্ঠৰ লগতে যুৱক -যুৱতী সহ এখন গহীন কমিটি গঠন কৰা হ'ল । মিটিংৰ শেষত সকলোৱে গাঁৱৰ শিক্ষিত ল'ৰা ছোৱালী সকলে এইদৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে মাৰ বান্ধি একগোট হোৱাক সকলোৱে শলাগ ল'লে । শেষত সভাপতিয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে দিয়া উদাত্ত ভাষণৰ লগতে – ''''আজিৰ পৰা এই গাঁৱত অন্ধবিশ্বাস নচলিব নচলিব, "যৌতুক প্রথা বা পৰকীয়া প্ৰেমত পৰি কোনো লোকৰ আত্মহত্যা সহ্য কৰা নহব নহ'ব " এই শ্লগানেৰে সভা ভংগ কৰা হয় ৷