।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

হেৰুৱা সুঁতিৰ আঁত বিচাৰি
ড৹ শিখামণি বৰগোঁহাই
অধ্যাপিকা, অৰ্থনীতি বিভাগ, লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়
‘বৰদেউতা, অলপ পোণ হৈ বহকচোন, মোৰ বাউসিটো বিষাই গৈছে”
বাৰে বাৰে টোপনিত ৰূপমৰ গাত ঢলি পৰা আশীৰোৰ্ধৰ ব্যক্তিজনৰ মূৰটো সোঁহাতখনেৰে সামান্যকৈ তুলি ধৰি ৰূপমে কৈ উঠিল। প্ৰথম অৱস্থাত বয়সস্হ মানুহ বুলি আমনি পালেও একো কোৱা নাছিল। কিন্তু দুই-তিনিবাৰ কোৱাৰ পিছতো পুনৰাবৃত্তি হৈ থকা দেখি ৰূপমৰ লাহে লাহে অস্বস্তি লাগিব ধৰিলে। মানুহজনৰ গাৰ সমস্ত ওজন যেন তাৰ ওপৰতে জাপি দিছে। ক্ৰমান্বয়ে গধুৰ হৈ অহা মানুহজনৰ ভৰটো তাৰ বাবে অশান্তি দায়ক হৈ পৰিব ধৰিছে। আহঁতগুৰি ষ্টেচনত ট্ৰেইনখন মাত্ৰ দুই মিনিটৰ বাবেহে ৰয়। যেনেতেনে লগ পাবলৈ সক্ষম হোৱা ট্ৰেইনখনত উঠিয়েই ডবাটোত খালি হৈ থকা চিটটো পাই তাতে বহি পৰিল। যাত্ৰীৰ সংখ্যা তেনেই সীমিত। দৃষ্টিৰে ঢুকি পোৱালৈকে সহযাত্ৰীসকলক এবাৰ ভালকৈ পৰ্যবেক্ষণ কৰি ল’লে সি। কাৰণ মাকে তাক দহাই দহাই কৈ পঠিয়াইছে ভালকৈ যাবলৈ। কাকো বিশ্বাসত নলবলৈ, ট্ৰেইনত কোনোবাই কিবা খাবলৈ দিলে নাখাবলৈ। মাকৰ উপদেশবোৰ মনত পেলাই ওচৰে পাজৰে থকা মানুহবোৰক সন্দিহান দৃষ্টিৰে চকু ফুৰাই চালে। তাৰ কাষতে বহা বয়সস্হ মানুহজনৰ বাহিৰে সকলোবোৰ নিজৰ নিজৰ মবাইলত ব্যস্ত। বয়সস্হ মানুহজনো টোপনিৰ আক্ৰমণত যেনেতেনে এবাৰ মাত্ৰ তাৰ মূখলৈ চাই হাঁহিৰে অভিবাদন জনাই পুনৰ টোপনিত ঢলি পৰিল। ৰূপমে কেইসাজমান কাপোৰ ভৰাই অনা হেণ্ডবেগটো ভৰিৰ পিছফালে চিটটোৰ তললৈ ঠেলা মাৰি সোমোৱাই দি ট্ৰেইনখনৰ বিপৰীত দিশত ত্বৰাম্বিত গতিত পাৰ হৈ যোৱা প্ৰাকৃতিক পৰিবেশত দৃষ্টি নিবদ্ধ কৰিলে।
‘অলপ পোন হৈ বহকচোন’
ৰূপমে অতিষ্ঠ হৈ আকৌ এবাৰ মানুহজনক উদ্দেশ্যি চিৎকাৰ কৰি উঠিল। ৰূপমৰ মাতত মানুহজনে মূৰটো দাঙি সামান্যভাৱে মূৰটো ঘূৰাই তাৰ মুখলৈ চালে, পুনৰ হাঁহিলে। অপৰাধমূলক হাঁহি নে ক্লান্তি দূৰ হোৱাৰ হাঁহি ৰূপমে বুজি নাপালে। পুনৰ তলমূৰকৈ টোপনিত মজি গ’ল। বয়স হ’লে ছাগে এনে হয়েই, ৰূপম নিজৰ সমস্যাৰ মাজত ডুব গ’ল।
এটা বহু দিনীয়া , সঁচা অৰ্থত তাৰ জন্ম লগ্নৰ এটা সমস্যা সমাধানৰ বাবে সি আজি ওলাই আহিছে। যিটো সমস্যাৰ বাবে সি দায়ী নহয়, কিন্তু হাজাৰ চেষ্টা কৰিও সি আন দহজনৰ দৰে নিজৰ এটা শুদ্ধ পৰিচয়ৰে নিজকে চিনাকি দিবলৈ সক্ষম হোৱা নাই আজিলৈকে। কাৰোবাৰ চক্ৰান্তৰ বলি সি, কাৰোবাৰ দূৰ্বলতাৰ দস্তাবেজ্ সি, কাৰোবাৰ অসৎ যৌন লিপ্সাৰ ফচল সি। ছিহ: । নিজৰ ভাগ্যখনৰ কথা ভাৱি মাজে মাজে সি হতাশাত ভোগে। ইমানদিনে লোকচক্ষুৰ আঁৰত পৰিয়ালৰ নিৰাপদ আৱেষ্টনিত দিনবোৰ আগবাঢ়ি গৈ আছিল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা তথ্যৰ বিষয়টোৱে তাৰ জীৱনটোক নতুন এক চাকনৈয়াৰ মাজলৈ ঠেলি দিলে। বুজন হোৱা বয়সৰ পৰাই মামাকহঁতৰ আচৰণৰ পৰা বুজি উঠিছিল যে সি যেন ঘৰখনৰ আটাইৰে বাবে এজন অনাকাংক্ষিত অতিথি । ককাক ঢুকোৱাৰ পিছত মামাক দুজনে আইতাক আৰু মাকক উদ্দেশ্যী কৰা কত্যুক্তিবোৰ ৰূপমে শুনিও নুশুনা, জানিও নজনাৰ ভাও ধৰে। মাত মাতিব পৰাকৈ যোগ্য হৈ উঠা নাই সি। যেতিয়ালৈকে নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সমৰ্থ নহয়গৈ, তেতিয়ালৈকে আনৰ ককৰ্থনা, বিকৰ্থনা খায়েই জীয়াই থাকিব লাগিব। মনলৈ অহা হতাশাবোৰে কেতিয়াবা জীৱনৰ পৰিসমাপ্তিৰ বাবে উদগনি জগায়। কিন্তু মাকৰ মুখখনলৈ চাইয়েই ৰূপমে সিদ্ধান্ত সলনি কৰে। তাৰ বাবেইতো মাক জীয়াই আছে?
আইতাকে ৰূপমক তাৰ জন্ম ৰহস্যৰ বিষয়ে সবিশেষ কৈছিল। নতুনকৈ বনোৱা চৰকাৰী আবাসলৈ ডি, এফ, অ’ হৈ আহিছিল সন্দীপন বৰদলৈ। এগৰাকী ৰূপহী ভাৰ্যা আৰু দুটি স্বাস্হ্যবান পুত্ৰৰ সৈতে বৰদলৈৰ এখন সুখৰ সংসাৰ আছিল। নতুনকৈ উন্নয়নৰ মুখ দেখা ঠাইখনত ৰূপমৰ ককাক তীৰ্থ কাকতি আটাইতকৈ পুৰণি বাসিন্দা। ডেকা কালতে অনাই বনাই আহি অৱশেষত তাতে জিৰণি লৈ চৰকাৰী গেষ্ট হাউচটোতে ৰান্ধনী আৰু কেয়াৰ টেকাৰ হিচাপে থাকি গ’ল। সময়ত বিয়াবাৰু পাতি সংসাৰ আগবঢ়ালে। ৰূপমৰ মাক অনিতা, অৰূপ আৰু অনুজ, এই তিনিটা সন্তানক লৈ সুখৰ সংসাৰ অতিবাহিত কৰিছিল তীৰ্থ কাকতিয়ে। চৰকাৰী আবাসলৈ নতুন অতিথি আহিলে তীৰ্থ কাকতিৰ দায়িত্ব বাঢ়ে। সন্দীপন বৰদলৈৰ পৰিয়াল আহোতেও লাগতিয়াল বয়-বস্তুৰ যোগান ধৰাকে আদি কৰি বিভিন্ন দায়িত্ব তীৰ্থ কাকতিৰ ওপৰতে পৰিল। লাহে লাহে দুয়োটা পৰিয়ালৰ মাজত আন্তৰিক সম্পৰ্ক এটা গঢ় লৈ উঠিল। সন্দীপন বৰদলৈৰ দুই পুত্ৰ ৰাজ আৰু ৰূপ অনিতা, অনুপ আৰু অনুজৰ খেলাৰ লগৰী হ’ল। দিনবোৰ হাঁহি আনন্দৰ মাজেৰেই অতিবাহিত হৈছিল। কিন্তু তাৰ মাজতে অনিতা আৰু ৰাজৰ মাজত অপৈণত বয়সৰ প্ৰেমৰ সম্পৰ্ক এটাই গঢ় লৈ উঠে। ধৰা পেলাইছিল মাক দেউতাকে। আভিজাত্যৰ অহংকাৰত ডুবি থকা সন্দীপন বৰদলৈ শংকিত হৈছিল। অৱশেষত ভাল স্কুলত ভৰ্তি কৰাই দিয়াৰ অজুহাতেৰে মাকৰ সৈতে ৰাজ আৰু ৰূপক ককাক আইতাকৰ ঘৰত এৰি সন্দীপন বৰদলৈ অকলেই ঘূৰি আহিছিল কৰ্মস্হলীলৈ। অনিতা আৰু ৰাজৰ কুমলীয়া প্ৰেম কাহিনী সিমানতে সমাপ্ত হৈছিল যদিও মনৰ মাজত ৰচিত হৈছিল ব্যথা ভৰা প্ৰেম গাঁথা চিৰদিনৰ বাবে।
সন্দীপন বৰদলৈয়ে পৰিয়াল এৰি আহি অকলশৰীয়া হৈছিল। সেইবাবে সন্ধিয়াৰ সময়খিনি প্ৰায়ে তীৰ্থ কাকতিৰ ঘৰত অতিবাহিত কৰে। তীৰ্থ কাকতি ধনৰ দুখীয়া হ’লেও মনৰ দুখীয়া নহয়। সেই সুবিধা সন্দীপন বৰদলৈয়ে ভালকৈয়ে আদায় কৰিব জানিছিল। নিজে ভাত বনোৱাৰ এলাহত বেছিভাগ সময়ত, বিশেষকৈ ৰাতিৰ সাজ তীৰ্থ কাকতিৰ ঘৰতেই খোৱা হ’ল। কাকতিৰ পৰিবাৰে কেতিয়াবা আমনি পালেও তীৰ্থ কাকতিৰ বুজনিত সৈমান নহৈ নোৱাৰে। ৰাজৰ প্ৰতি থকা মৰমকণৰ বাবে হয়তো অনিতাইও অলপ বেছিকৈয়ে যত্ন লয় সন্দীপন বৰদলৈৰ। অনিতাৰ এই দূৰ্বলতাৰ সুযোগ লৈ সন্দীপন বৰদলৈয়ে এদিন ঘৰত কোনো নথকাৰ সুবিধা লৈ অনিতাৰ লগত অসৎ কামনা চৰিতাৰ্থ কৰে। তাৰপিছত প্ৰাণে মৰাৰ ভাবুকি দি মনে মনে থাকিবলৈ বাধ্য কৰে। কিন্তু এটা সময়ত সকলো কথা পোহৰলৈ অহাত তীৰ্থ কাকতিৰ পৰিয়ালক আঁহতগুৰিত মাটি ভেটি দি সংস্হাপন কৰি সন্দীপন বৰদলৈ ধোঁৱা তুলসীৰ পাত সাজি নতুন ঠাইলৈ বদলি হৈ যায়। সন্দীপন বৰদলৈৰ চতুৰতাক প্ৰত্যাহ্বান জনাব নোৱাৰা তীৰ্থ কাকতিয়ে সমাজৰ আগত মুখ উলিয়াব নোৱাৰাৰ ভয়ত অনিতাৰ সন্তান ৰূপমক নিজৰ নাম দি নিজৰ সন্তান বুলিয়েই চিনাকি দিবলৈ বাধ্য হ’ল। তেতিয়াৰ পৰাই ৰূপম তীৰ্থ কাকতিৰ নোমলীয়া সন্তান হিচাপে পৰিচিত হ’ল সমাজৰ আগত। আহঁতগুৰিত তীৰ্থ কাকতিক চিনি পোৱা মানুহ নাছিল। গতিকে এইক্ষেত্ৰত কোনোবাই সন্দেহ কৰাৰো থল নাছিল ।
ৰূপমক সৰুৰে পৰা অনিতাক বাইদেউ আৰু অনুপ আৰু অনুজক দাদা বুলি কবলৈ দিয়া হৈছিল। কথাবোৰ অনুপ আৰু অনুজে মৌনভাৱে মানি লৈছিল যদিও দুয়োটাৰ মনৰ মাজত বায়েক আৰু ভাগিনীয়েকৰ প্ৰতি ঘৃণাৰ বাদে সহণশীলতা অলপো নাছিল। সেইবাবেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ফৰ্মখনত ৰূপমৰ নাম ইচ্ছা কৰিয়েই উল্লেখ কৰা নাছিল। ককাক ঢুকোৱাৰ বাবে এই ক্ষেত্ৰত মাত মতা মানুহো নাছিল। তথ্যবোৰ নিমিলাৰ বাবে ৰূপমলৈ কলিং আহিছিল অফিচৰ পৰা। জীয়াই থকাৰ তাড়নাত ৰূপম বাধ্য হৈছিল নিজৰ জন্মৰ গুৰি বিচাৰিবলৈ। তাক এই ক্ষেত্ৰত সহায় কৰিবলৈও মাকৰ বাদে দ্বিতীয় এজন নাই। অৱশেষত মাকৰ পৰা লৈ অহা ঠিকনাটোকে সাৰথি কৰি আজি সি ওলাই আহিছে অচিনাকি পথেৰে, অচিনাকি ঠাইলৈ।
যাত্ৰীসকলে নমাৰ যা-যোগাৰ কৰা দেখি ষ্টেচন যে পালেহি ৰূপমে অনুমান কৰিব পাৰিলে। বেগটো চীটৰ তলৰ পৰা উলিয়াবলৈ সি বুঢ়া মানুহজনক আকৌ জগাব লগা হ’ল।
‘বৰদেউতা উঠক, ষ্টেচন পালোহি’
‘ভাত খালা নেকি?’
‘ভাত?’
ৰূপমে প্ৰশ্নবোধক দৃষ্টিৰে সুধিলে।
‘আপুনি কলৈ যাব বৰদেউতা?’
‘মোক ভাত নিদিলে নেকি? ভোক লাগিছে’।
ৰূপমে বুজি পালে, মানুহজনৰ কিবা এটা সমস্যা আছে। কিন্তু এই সময়ত সি নিজেই জীৱনৰ কঠিন সমস্যাবোৰৰ লগত অকলে অকলে যুজঁ বাগৰ দিব লগা হৈছে, এনে অৱস্থাত সি আনৰ কথা নভৱাই ভাল বুলি বুঢ়া মানুহজনক তাতে এৰি থৈ দুৱাৰখনৰ ফালে আগবাঢ়িল। ইতিমধ্যে ট্ৰেইনখনো নিৰ্দিষ্ট ঠাইত ৰখাই দিয়াত ৰূপমে বেগটো লৈ প্লেটফৰ্মখনৰ ফালে আগবাঢ়িল। হঠাতে পিছফালে হুলস্থুল হোৱা শুনি ৰূপম ৰৈ গ’ল। সি এৰি অহা বুঢ়া মানুহজনকে দুজনমান মানুহে টানি আজুৰি ট্ৰেকৰ পৰা উলিয়াই আনিছে। ৰূপমৰ নিজকে দোষী দোষী লাগিল। সি দৌৰি গ’ল মানুহজনৰ ওচৰলৈ। আপোন মানুহৰ দৰেই মানুহজনৰ এখন হাত তাৰ কান্ধত মেৰিয়াই লৈ, এহাতে মানুহজনৰ ককালত ধৰি প্লেটফৰ্মৰ বেঞ্চ এখনত বহুৱাই দিলেগৈ। মানুহজনৰ চাৰিওফালে ঘেৰাও কৰি থকা মানুহবোৰৰ বেছিভাগেই নিজৰ নিজৰ গন্তব্য স্হানলৈ দিহাদিহি আঁতৰি গ’ল। ওহ্ আহ্ কৈ যন্ত্ৰণাত চিঞৰি থকা মানুহজনক এৰিবই নে ধৰিবই একো সিদ্ধান্ত লব নোৱাৰি ৰূপমে মানুহজনক সাৱটি বেঞ্চখনতে বহি থাকিল। এজন এজনকৈ মানুহবোৰে ৰূপমকে মানুহজনৰ ঠিকনা বিচাৰি সঠিক উত্তৰ নাপাই আতঁৰি গ’ল। পুলিচ কেইজনো নিৰুপায় হ’ল যেতিয়া গম পালে মানুহজন ডিমেনছিয়াৰ চিকাৰ বুলি। পুলিচকেইজনেই কৰবাৰ পৰা ফাৰ্ষ্ট এইডৰ বক্স এটা আনি ক্ষত স্হানটুকুৰাত লগাই দিলে।
অলপ সময়ৰ পিছতে এজন মানুহ দৌৰি অহাদি আহি তেওঁৰ ফোনটো কাৰোবাৰ লগত কথা পাতিবলৈ পুলিচ এজনলৈ আগবঢ়াই দিলে। কথা পাতি থাকোঁতে পুলিচজনৰ মুখৰ প্ৰকাশ ভঙ্গীতে ৰূপমে বুজি উঠিল কিবা এটা যে সমিধান ওলাইছে। মানুহজনেই ষ্ট্ৰেচ্ছাৰ এখন কৰবাৰ পৰা আনি বুঢ়া মানুহজনক উঠাই দিবলৈ ওচৰে পাজৰে থকা মানুহবোৰক আমন্ত্ৰণ দিলত দুজনমান কাষ চাপি আহিল। কিন্তু ইমান সময়ে ৰূপমৰ কান্ধত মূৰ পেলাই বিষত চিঞৰি থকা মানুহজনে আচম্বিতে ৰূপমক এনেদৰে সাৱটি ধৰিলে যে কোনেও এৰোৱাব নোৱাৰিলে। হয়তো ষ্ট্ৰেচ্ছাৰত উঠাব খোজা দেখি তেওঁ ভয় খাইছিল আৰু ইমান সময় ৰূপমৰ লগত থাকি নিৰ্ভয়ে আছিল। অৱশেষত ৰূপমে সৰু ল’ৰাক মৰম কৰাদি মূৰত হাত ফুৰাই বুজনি দিলতহে মানুহজনে ষ্ট্ৰেচ্ছাৰখনত উঠিবলৈ মান্তি হ’ল। কিন্তু মানুহজনৰ ভয়াৰ্ত চাৱনিটোৱে বাৰে বাৰে যেন ৰূপমক এৰি নোযোৱাৰ বাবে প্ৰতিশ্ৰুতি বিচাৰিলে। ৰূপমৰ অন্তৰেও তেনে অৱস্থাত এৰি থৈ যোৱাৰ ক্ষেত্ৰত সঁহাৰি নিদিলে।
ষ্টেচনৰ বাহিৰত ৰৈ থকা এখন এম্বুলেঞ্চত মানুহজনৰ লগত সাৰথি হিচাবে ৰূপমো উঠি এখন ডাঙৰ হস্পিতালত নামিলগৈ। হস্পিতালখনত অধীৰ আগ্ৰহেৰে মানুহজনলৈ অপেক্ষা কৰি থকা ডাক্তৰ আৰু নাৰ্চৰ উৎকণ্ঠা দেখি ৰূপমে বুজি উঠিল মানুহজন সম্ভ্ৰান্ত বংশৰ বুলি। ডাক্তৰ আৰু নাৰ্চে তৎপৰতাৰে মানুহজনক চিকিৎসাৰ বাবে লৈ আঁতৰি গ’ল। মানুহজনে মাত্ৰ অসহায় দৃষ্টিৰে ৰূপমলৈ চাই গৈ থাকিল। ৰূপমে যাব নে ৰব তাৰ এটা স্হিৰ সিদ্ধান্ত লব নোৱাৰি হস্পিতালৰ কৰিড’ৰত ৰখা বেঞ্চখনতে বহি থাকিল।
অলপ সময়ৰ পাছতে খৰখেদাকৈ আন এজন মানুহ ৰূপমৰ ফালে আগবাঢ়ি আহিল। এক্সিডেণ্টটোৰ বিষয়ে ৰূপমক বিতংকৈ সুধিবলৈ আৰম্ভ কৰিলে। সেইজন যে তেখেতৰ দেউতাক আৰু দেউতাক যে ডিমেনছিয়াত ভোগা ৰোগী সকলো কথাই বৰ্ণনা দি গ’ল। এসপ্তাহৰ আগতেই কোনেও গম নোপোৱাকৈ ঘৰৰ পৰা ওলাই অহা দেউতাকক বিচাৰি তেখেতে পুলিচ ষ্টেচনত এফ, আই, আৰ দি থোৱাৰ উপৰিও সকলো ফালে মানুহ পঠিয়াইছিল দেউতাকক বিচাৰিবলৈ। মানুহজনে ৰূপমক ঘনাই ধন্যবাদ দি থাকিল দেউতাকক সঙ্গ দিয়াৰ বাবে। ৰূপমো ধন্য হ’ল বুঢ়া মানুহজনৰ এজন অভিভাৱক ওলোৱাৰ বাবে আৰু তাৰ কষ্টক স্বীকৃতি দিয়াৰ বাবে।
অলপ সময়ৰ পিছত ডাক্তৰে মানুহজনক নাৰ্চ এগৰাকীৰ হতুৱাই ভিতৰলৈ মাতি পঠিয়ালে। ৰূপমক অলপ সময় অপেক্ষা কৰিবলৈ কৈ মানুহজন নাৰ্চ গৰাকীৰ পিছে পিছে ভিতৰলৈ সোমাই গ’ল। নতুন ঠাই, অচিনাকি মানুহ। ক্ৰমান্বয়ে আন্ধাৰে ওৰণি পেলাব খোজা পৰিবেশটোত কি কৰিলে ভাল হ’ব সেই বিষয়ে ৰূপমে এক নিশ্চিত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। ট্ৰেইনৰ পৰা নমাৰ আগতেই মাকলৈ ফোন কৰিছিল। বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে মাকক জনাব নে নজনাই সেই বিষয়েও সি একো সিদ্ধান্ত লব নোৱাৰিলে, কাৰণ আজলী মাকজনীয়ে এই বিলাক কথা শুনিলে এনেই চিন্তাত টোপনি নাযাব। ফোন নকৰিলেও চিন্তা কৰি থাকিব বুলি অৱশেষত অকল ‘পালোহি, সবিশেষ কাইলৈ পাতিম’ বুলি চমুকৈ জনাই থলে।
‘ভাইটি, তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সহায় কৰাৰ বাবে। দেউতাক লৈ বহুত চিন্তাত আছিলোঁ। দেউতাক এই অৱস্থাত পাম বুলি আশাই কৰা নাছিলোঁ। তুমি যদি আৰু অলপ সময় দিয়া, দেউতাক ঘৰলৈ লৈ যাবলৈ সুবিধা হ’ব। পাৰিবা নেকি?’
বুঢ়া মানুহজনৰ পুতেক বুলি চিনাকি দিয়া সুদৰ্শন মানুহজনে বিনম্ৰতাৰে, কাতৰ দৃষ্টিৰে কৰা অনুনয়ক ৰূপমৰ প্ৰত্যাখ্যান কৰিবলৈ মন নগ’ল। অচিনাকি হ’লেও মানুহজনক অবিশ্বাস কৰিবলগীয়া নহয় বুলি ভাৱিয়েই সি লাহেকৈ মূৰটো জোকাৰি সমৰ্থন আগবঢ়ালে। মানুহজনৰ মুখমণ্ডলত সন্তুষ্টিৰ ভাৱ পৰিস্ফুট হ’ল। লাহে লাহে ধৰালৈ নামি অহা আন্ধাৰবোৰক হস্পিতালৰ হাই ৱাটৰ বাল্ববোৰে প্ৰত্যাহ্বান জনাই দিনৰ পোহৰতকৈও চৌদিশ পোহৰাই তুলিলে।
‘ভাইটি, তোমাক ৰখাই থৈছোঁ হয়, কিন্তু তোমাৰ ঘৰ ক’ত, কি কথা একো সোধাই নাই নহয়। একো প্ৰব্লেম নহয়তো আজি মোৰ লগত থাকিলে’?
ৰূপমে লাহেকৈ নহয় বুলি কৈ থলে।
হুইল চেয়াৰ এখনত উঠি অহা ক্লান্ত বুঢ়া মানুহজনলৈ চাই ৰূপমৰ দুচকু সেমেকি উঠিল। নিজকো চিনিবলৈ অক্ষম হোৱা মানুহজনৰ বাবে আজি ঘৰ-দুৱাৰ, সা-সম্পত্তি, পুত্ৰ-পৰিবাৰ, একোৰে মূল্য নাই।
হস্পিতালখনৰ বাহিৰত ৰখাই থোৱা এখন বাহনত উঠি ৰূপমহঁত এটা প্ৰকাণ্ড অট্টালিকাৰ সন্মুখত ৰ’লগৈ। দাৰোৱানে খুলি দিয়া গেটখনেদি সোমায়েই ৰূপমে অনুভৱ কৰিলে বহুত বিত্তশালী পৰিয়ালটো। সুদৰ্শন মানুহজনৰ নিৰ্দেশনা মতেই ঘৰখনত কৰ্মচাৰী হিচাপে নিযুক্ত তিনিজন মান মানুহে বুঢ়া মানুহজনক আথে বেথে ভিতৰলৈ লৈ গ’ল। ৰূপমো চুচুক-চামাককৈ ভিতৰলৈ সোমাই গ’ল। লঘোনে ভোকে তাৰ শৰীৰটো অৱশ লাগি আহিছিল। তাৰ বয়সৰে ল’ৰা এজনে দি থৈ যোৱা চাহ মিঠাই খাইহে তাৰ শক্তি ঘূৰাই পোৱা যেন লাগিল।
ৰাতিটো যেনেতেনে কটাই ৰাতিপুৱাই তাৰ লক্ষ্যস্হান বিচাৰিবৰ বাবে সি নিজকে সাজু কৰি ল’লে। বেগৰ পৰা মাকে দি পঠিওৱা ঠিকনা লিখা কাগজখন খুলি এবাৰ চাই ললে।
‘ভাইটি তুমি যাবলৈ ৰেডী হ’লাই নেকি। কালিৰ পৰা তোমাৰ লগত ভালকৈ কথা এষাৰো পতা নাই। বেয়া নাপাবা হাঁ। ব’লা কিবা এটা খাই ল’বা, লগতে তোমাৰ লগত কথাও পতা হ’ব’, সুদৰ্শন মানুহজনে যাবলৈ সাজু হৈ থকা ৰূপমক উদ্দেশী ক’লে। ৰূপমে বেয়া নাপালে, কাৰণ অচিনাকি ঠাই। তদুপৰি এসাঁজ জোৰা মাৰিব পাৰিলে তাৰ টকা অলপ ৰাহিও হ’ব।
আগদিনা লগ পোৱাৰ পৰা মানুহজন দেউতাকক লৈ ঢপলীয়ায়েই ফুৰিছে। মানুহজনৰ সহজ সৰলতাখিনি দেখি ৰূপমে কিবা এক আত্মীয়তাবোধ কৰিলে। ডাইনিং টেবুলতে ৰূপমৰ লগত হোৱা কথা বাৰ্তাত বহুতখিনি অন্তৰৰ কথা ব্যক্ত কৰিলে যেন ৰূপম মানুহজনৰ বহুতদিনৰ চিনাকি। ৰূপমেও ঘৰৰ পৰা অহাৰ উদ্দেশ্য আৰু লগতে চমুকৈ তাৰ জীৱন কাহিনী বৰ্ণনা কৰিলে। সৰ্বশেষত মাকে দি পঠিওৱা কাগজখন মানুহজনলৈ আগবঢ়াই দিলে, কিজানিবা চিনি পায়।
‘সন্দীপণ বৰদলৈ’
ৰূপমে দিয়া কাগজখনৰ নামটো উচ্চাৰণ কৰি মানুহজনে ৰূপমৰ মুখলৈ চাই ৰৈ গ’ল।
‘তুমি অনিতাৰ ল’ৰা নেকি? তোমাৰ আইতাই কোৱা সন্দীপন বৰদলৈক তুমি বিচাৰি যোৱাৰ প্ৰয়োজন নাই। কালিৰ পৰা যিজন ব্যক্তিৰ লগত তুমি মানৱীয়তাৰ খাতিৰত সম্পৰ্ক গঢ়ি তুলিলা, সেইজনেই অৰ্থাৎ মোৰ দেউতাই সেই সন্দীপন বৰদলৈ। ভগৱানৰ কি ইচ্ছা দেখিলা? দেউতাই কৰা ভুলৰ বাবে তোমাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মই যাম, মই অনিতাৰ ওচৰতো ক্ষমা ভিক্ষা কৰিম। দেউতাই কৰা ভুলৰ প্ৰায়শ্চিত্ত মই কৰিম। এই অৱস্থাত দেউতাৰ পৰা কি সঁহাৰি পাবা, তেওঁ দিব পৰাৰ অৱস্থাতে নাই, গতিকে তোমাৰ প্ৰতিটো সমস্যা মই সমাধান কৰিম। মাৰ মৃত্যুৰ পিছত এই ঘৰখনত এগৰাকী নাৰীৰ বহুতেই প্ৰয়োজন হৈছে। অনিতা যদি ৰাজী হয়, তাইকো ইয়ালৈ লৈ আনিম। টকাৰ বলেৰে মহীয়ান হৈ দেউতাই যি অন্যায় তোমালোকৰ লগত কৰিলে, সেইবাবেই হয়তো মা আৰু ভাইটিক অকালতে হেৰুৱাব লগা হ’ল। তুমি ঘৰলৈ ঘূৰি গৈ অনিমাক সবিশেষ কোৱাগৈ। খুব কম দিনৰ ভিতৰতে মই তোমাৰ এটা স্হায়ী ঠিকনাৰ ব্যৱস্থা কৰিম। কোনো কাৰণতে তোমালোক দুখী হোৱাৰ কাৰণ নাথাকিব। মাত্ৰ অনিতাক বুজোৱাৰ দায়িত্ব তোমাক দিলোঁ’।
ৰূপমৰ সকলোবোৰ সপোন যেন লাগিল। এনেকুৱাওনো ঘটিব পাৰে নে মানুহৰ জীৱনত! ভগৱান যেন সাক্ষাৎ আহি তাৰ সন্মুখত উপস্থিত হ’ল তেনে লাগিল। মনৰ ভিতৰতে আওৰাই থাকিল,
‘হে ভগৱান, তোমাৰ অপাৰ মহিমা’।