।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
অনাখৰী দুখ
দীপালী বৰুৱা
ঃ বৰমা আহিছে অ ' মা ....।
নঙলাডাল খোলাৰ শব্দত জুমি চাই মাক চিঞৰি বৰমা অহাৰ খবৰটো দি চোতাললৈ ওলাই গ'লো। চুটি চাপৰ মানুজনীৰ চেহেৰাটো আগতকৈ বহুত বেয়া হ'ল। আধা পকা চুলিৰে শোতোৰা পৰা মুখখনত যেন বহু বেদনাৰ চিন । গাৱঁৰ মানুহৰ দুখ কষ্ট বেছি - তথাপি যেন কষ্টক কষ্ট নুবুলি সুখী হ'ব খুজে।
মই বৰমাক মাত দিলো---
ঃ আহক বৰমা - বহক হি জুহালৰ ওচৰতে - আহক।
ঠাণ্ডা দিন ... জুহালত জুই জ্বলিয়েই আছে । বুঢ়ী মানুহ, ভাল পাব বুলিয়েই আথে বেথে পিৰাখন পাৰি দি খৰি কেইডাল মান জাপি জুইকুৰা ফোৱাই ফোৱাই জ্বলাই দিলো । কেটলিটোত পানী ভৰাই জুইৰ ওপৰত ওলমি থকা হাকোটাডালত লগাই উতলিবলৈ দি তামোলৰ বটাটো আগবঢ়াই দিলো বৰমালৈ। বৰমা মানে , গাঁৱৰে বংশী বৰ্তাৰ বৰমা । আহে মাজে মাজে আমাৰ ঘৰলৈ।সুখ-দুখৰ দুআষাৰ কথা পাতে মাৰ লগত । বৰমা আহিলে মায়েও কথা পাতি ভাল পায়। এৰি অহা দিনবোৰৰ কথা, ল'ৰা- ছোৱালীৰ পঢ়া - শুনাৰ কথা, তাঁত- সুতৰ কথা আৰু যে কত কথা ওলায় তেওঁলোকৰ মাজত। আলহী আহিলে চাহ - তামোলৰ যোগান ধৰা কামটো মোৰ ভাগতেই পৰে । তেনেকৈ চাহকাপ ,তামোলখন দিওঁতেই বৰমাহঁতৰ কথা শুনিছোঁ। কেতিয়াবা মইও কথাৰ ভাগ লৈছোঁ।কেতিয়াবা দুখৰ কথা কৈ বৰমাক চকুপানী টোকাও দেখিছোঁ।
মা আহি বহাত বৰমাই হুমুনিয়াহ কাঢ়ি কথা আৰম্ভ কৰি দিলে । চাহৰ যোগাৰ লৈ মইও আহিলো।
ঃ- বুইছে পোনাৰ মাক , জীৱনটোৱে আমুৱাইছে আৰু!
: আজি আকৌ কি হ'ল ঘনৰ মাক ? বুঢ়াৰ লগত কিবা লাগিল নেকি ? নে ঘনই কিবা ক'লে ?
:- না..ই.. , কি নো লাগিব আৰু ! কি টোনো ক'ব আৰু! আচলতে দুখীয়াৰ দুখ কোনো কালে নুগুছে বুজিছে !
: দুখীয়া বুলি নো কেলেই কৈছে বৰমা ? ঘন ককাইদেৱে অফিচত চাকৰি কৰে দেখোন । ঘৰ চলাবলৈ পইচা -পাতি নিদিয়ে নেকি? অৱশ্যে চাকৰিটো সৰু হ'লেও চৰকাৰী চাকৰীয়েই দিয়কচোন।
: এ.. আই , কি নো কবি ককায়েৰৰ কথা । তাৰ কথা বাৰু পিছতে শুনিবি । পানী উতলিলেই .. চাহটোপা বাক.. খাওঁ। বৰ ঠাণ্ডা পৰিছে এই কেইদিন ।
সৰহ কৈ গাখীৰ দি বনোৱা চাহৰ বাতিটো বৰমালৈ আগবঢ়াই দিলো মালপোৱা দুটাৰ সৈতে । মা আৰু মইও ল'লো ।
ঃ শুন আই , আমি কেনেকৈ ডাঙৰ হৈছিলো তহঁতে কেনেকে বুজি পাবি । তহঁতৰ বাবে সেয়া সাধু কথাহে হ'ব । হয় নে নহয় পোনাৰ মাক , কওক চোন ।
: হয় আক' ... কেলেইনো নহয় । ইহঁতে এতিয়া যিমান সা-সুবিধা পাইছে , যিমান স্বাধীনতা পাইছে , আমি পোৱা নাছিলো । অজস্ৰ কামৰ মাজত বন্দী হৈ আছিলোঁ আৰু এতিয়াও আছোঁ তেনেকৈয়ে।
: তাকেহে ... । বুজিছ আই , 'ক' ৰ চুক কেইটা শিকিবলৈও সুবিধা নাছিল ... কিতাপৰ গিয়ান নাছিল যদিও জীৱনে বহু কথাই শিকালে । আমাৰ দিনত ঘৰুৱা কাম , পথাৰৰ কাম চব জানিব লাগিছিল । বোৱা-কটা নাজানিলে থুপৰি জনীক কোনে নিব বুলি হাঁহিছিল মানুহে । কেনেবাকে কোনোবা মতা মানুহে যদি কোনোবা জনীৰ হাতত ধৰিলে সেই জনী বদনামী হ'লেই আৰু । আৰু সেইটোৰ লগতে যাবলৈ বাধ্য । মই ও তেনেকেই অহা । আৰু হেৰি নহয় পোনাৰ মাক , মতা মানুহৰ হুতাহ দেখোন পূৰা নহয়েই ...
ঃ হেই এইজনী , কি কথা শুনি আছ ? যা এইবোৰ নি ধুই পেলাগৈ... যা আক'।
--- আৰু বা কি কথা বুঢ়ী জনীৰ মুখৰ পৰা ওলায় ঠিক নাই .... সেই কথা ভাৱিয়েই মাই মোক আঁতৰাই পঠাব খুজিলে ।
ঃ শুনক দিয়ক ... সঁচা কথাহে । জানক তাইয়ো , শিকক... বুজক ... ।
তেনেকৈ অহা বাবে শহুৰৰ ঘৰত ভাল মাত নাপালো কাৰো পৰা। ভোকৰ ভাত মুঠিও নাপাওঁ কেতিয়াবা । ভোক লৈয়ে কাম কৰি ফুৰো । জাকৰুৱা ঘৰখনলে ধান বানি চাউল উলিয়াওঁতে কুলাৰ আগত লাগি ধৰা মলহাবোৰ বাতি এটাত থৈ যাওঁ আৰু পিছত আঠিয়া কল সানি লৈ তাকে খাওঁ কেতিয়াবা । ল'ৰাই কান্দি কান্দি ঠেৰেঙা লাগিলেও বহি লৈ গাখীৰ খুৱাবও নোৱাৰো -- শাহুৰ কেটেৰা মাতত । দিনটো কাম কৰাৰ ভাগৰত এনেয়ে লেবেজান হৈ থাকো , তাতে ল'ৰাৰ আমনি । বাপেকৰ ভোকো মিতাব লাগে ।আকৌ গা বন্ধ হয় বুলি ভয়ো লাগে । শৰীৰৰ কষ্ট , মনৰ কষ্ট মিলি পেটতে হাত ভৰি লুকায় । তথাপিও শান্তি পালো হেঁতেন যদি ঘৰৰ মানুহবোৰৰ পৰা এষাৰ ভাল মাত পালো হেঁতেন । পিছে বাপেকৰ মনটো অলপ কোমল । মোৰ দুখ বুজি পায়েই হ'বলা ইয়ালৈ গুচি আহিল আমাক লৈ । হাতৰ বিদ্যা জানে -- পাচিটো , খৰাহিটো বিকি দুপইচা আৰ্জে , খেতি খোলা তো আছেই । তেনেকৈয়ে ছোৱালী কেইজনী দিলো । ল'ৰাইও আনিলে । কষ্ট কৰিছিলো যদিও সুখতে আছিলো । এতিয়াহে আকৌ দুখ হ'ব যেন পাওঁ ।
ঃ আকৌ কি হ'লনো ?
ঃ ল'ৰাক সৰুতে মৰম চেনেহেৰে তুলিব নোৱাৰিলো বাবেই তাৰ মোৰ প্ৰতি বহুত খং জমা হৈ আছিল চাগে। কথাই কথাই গালি শপনিবোৰ তো আছেই । বোৱাৰী জনীকো অকন অকন কথাতে বৰ মাৰপিট কৰে । তাইৰ হৈ মাতিলে মোকো খেদা মাৰি আহে । বাপেকেও তাৰ এই ৰূপ দেখি মনে মনে থাকে । বোৱৰীজনীক মৰা মই কেনেকে চাই থাকো বাৰু কওক চোন । মাইকী মানুহবোৰ তো যন্ত্ৰ নহয় । হেৰৌ , যন্ত্ৰকো চলিবলৈ তেল পানী লাগে -- মাইকী মানুহ হ'ল বুলিনো বেমাৰ এটাও নহ'বনে ? ভোক পিয়াহ নালাগিবনে ? ভাল খাবলৈ , ভাল এটা পিন্ধিবলৈ মন নাযাবনে ? তহঁতৰ খেদমতি যে কৰি থাকিব লাগে , মাইকী জনীক বুজিবলৈ চেষ্টা কৰিছ জানো কেতিয়াবা ? বুইছে পোনাৰ মাক , এইবোৰকে ভাৱি ভাৱি মনটো মৰি গৈছে মোৰ । কপালকে দোষ দিছো আৰু ।
হেৰি নহয় আই , তই লিখা পঢ়া কৰা ছোৱালী । আগলে কেতিয়াবা এই কথাবোৰ লেখিবি । মাইকী মানুহৰ দুখ বেদনাবোৰ আনে নেদেখে । তই লেখিবি ... লেখি দেখুৱাই দিবি । মোৰ আত্মাটোৱে তেতিয়াহে শান্তি পাব বুইছ ।
বৰমাৰ সেই কথাবোৰ , দুখবোৰ বুজি পোৱা নাছিলো তেতিয়া । এতিয়া মইও বুঢ়ী হৈছো। উভটি চাইছো পাৰহৈ অহা সময়ৰ কথাবোৰ , উপলব্ধি কৰিছো জীৱনে দিয়া দুখবোৰৰ যন্ত্ৰণাবোৰ আৰু এতিয়া হে বুজিছো বৰমাৰ অন্তৰত থকা বেদনাবোৰ ।-অনাখৰী বৰমাই জীৱনৰ সত্যকে প্ৰকাশ কৰিছিল তেতিয়াই । নাৰী হোৱা বাবেই জীৱনে দিয়া দুখ সহি থাকিও জীৱনৰ সন্ধান কৰা সেই বৰমা এতিয়া অতীত ।
ঠিকনা ঃ
নকাৰী উঃ ডাঃ বিদ্যালয়
মৈদমীয়া, উত্তৰ লক্ষীমপুৰ
ফোন -৭৮৯৬৩৫২৩১৯
