top of page

 

শব্দ   কেৱল শব্দ 

 

ভৰত ৰাজখোৱা


শব্দ সাহিত্যৰ এক ব্যৱহাৰিক অলঙ্কাৰ  । কবিতা,কথা নাটক সকলোতে শব্দৰ নিবাৰ্চন আৰু প্ৰয়োগৰ দক্ষতাইহে একোজন কবি ,লেখক আৰু নাট্যকাৰক প্ৰতিষ্ঠা কৰে । কেৱল মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিলেই সেয়া সাহিত্য নহয় । অঙ্গিভঙ্গীৰেও মনৰ ভাৱ প্ৰকাশ কৰিব পৰা হয় কিন্তু সাহিত্য নহয়। সাহিত্য হ'বলৈ যথাযথ ভাৱে শব্দৰ প্ৰয়োগ কৰিব পাৰিব লাগিব। 


তাৰ বাবে সেই কবি লেখক বা নাট্যকাৰৰ শব্দ ভাণ্ডাৰ চহকী হ'ব লাগিব । প্ৰচুৰ অধ্যয়ন আৰু সাধনাৰ দ্বাৰা শব্দ ভাণ্ডাৰ চহকী কৰা সম্ভৱ। ক্ষেত্ৰ ভেদে, সময় ভেদে আৰু মান ভেদে শব্দ প্ৰয়োগ হোৱা প্ৰয়োজন। অৰ্থাৎ স্থান-কাল-পাত্ৰ ভেদে প্ৰয়োগ হোৱা শব্দহে ব্ৰহ্মলৈ পৰিনত হ'ব পাৰে । উদাহৰণ স্বৰূপে 'মহামহিম' শব্দটো যোগ্য আৰু মানী জনৰ প্ৰতিহে প্ৰয়োগ কৰা হয়।


নৈত পানী বাঢ়িছে , খেতি পথাৰৰ নষ্ট কৰিছে । এনে ক্ষেত্ৰত নৈখন যিমান সৰু হলেও 'তটিনী' শব্দটো প্ৰয়োগ কৰিব পৰা নাযাব । উপযুক্ত ভাৱে প্ৰয়োগ কৰিবৰ কাৰণে শব্দৰ সমাৰ্থক ৰূপ, প্ৰতি শব্দ , বিপৰীত ৰূপ , বিশেষ্যৰ বিশেষন ৰূপ, বিশেষনৰ বিশেষ্য ৰূপ আদিৰ বিষয়ে ন লেখক সকলে জনাতো ভাল । লিখি থাকোতে নিজেই নিজৰ লেখাৰ পাঠক হৈ খাপ নোখোৱা শব্দটো সলনি কৰি তাৰ ঠাইত ভাল লগা শব্দ এটা বহুৱাই দিয়াৰ অভ্যাস থাকিব লাগিব । এই কাৰ্যকহে  প্ৰকৃতাৰ্থত শব্দৰ কচৰৎ বুলি কোৱা হয় । তাৰ বাবে নিশ্চয় আমাৰ শব্দ ভাণ্ডাৰ চহকী হ'ব লাগিব ।


কেইটামান শব্দৰ সমাৰ্থক ৰূপ উদাহৰণ স্বৰূপে উল্লেখ কৰা হৈছে-


 ১/      মানুহঃ      নৰ, মনুষ্য, মানৱ, 
২/      পাহাৰঃ     গিৰি, পৰ্বত, শৈল, চূড়া
৩/      পক্ষীঃ       চৰাই, বিহগ, বিহঙ্গ, খগ
৪/       পানীঃ       জল, নীৰ, শলীল, বাৰি, অম্বু
৫/       মাঃ           মাতৃ, আই, জননী, 
৬/      সূৰ্যঃ          বেলি, ৰবি, ভানু, তপন, আদিত্য, দিবাকৰ
৭/       হাতীঃ       গজ, ঐৰাৱত, হস্তী, মাতংগ
৮/       উপাসনাঃ   পূজা, বন্দনা, অৰ্চনা, আৰাধনা, 
৯/       জুইঃ          অনল, বহ্নি, অগ্নি, হুতাশন
১০/     গছঃ          বৃক্ষ, বিটপ, বিৰিখ, দ্ৰুম
১১/      নদীঃ         স্ৰোতস্বিনী, প্ৰবাহিনী, তটিনী, কল্লোলিনী, নৈ
১২/     ৰজাঃ        নৰপতি, নৰেশ, ভূপতি, নৃপতি
১৩/     পৃথিৱীঃ    বসুন্ধৰা, ধৰিত্ৰী, ধৰণী, বসুমতী, কৌমুদী, জগত

bottom of page