top of page
সাম্প্ৰতিক

 

     অস্বস্তিকৰ   বাতাবৰণ এটাৰ পৰা সহজে  ওলাব পৰাটো  চন্দ্ৰলেখাৰ  বাবেও জটিল হৈ  পৰিল।   কিবা এটা  অস্বাভাবিক মৌনতাই  হৃদয়খনক  যেন কুটি পেলাইছে ।  মানুহবোৰৰ যেন  এটি প্ৰশ্নবোধক চাৱনি  তাইৰ ফালে  অহৰহ আহি আছে , এনে লাগিছে । বৰ অস্বস্তিকৰ ! কিয় এনে  হয় !  খবৰবোৰে  যেন খহাই  পেলাব  আত্ম নিয়ন্ত্ৰণৰ সকলো প্ৰাচীৰ ।  ছিঃ    এগৰাকী মাক    এনে  বীভৎস হ'ব পাৰে নে  , কোন সতেৰে নিজৰ সন্তানক  হত্যাত  সহযোগ কৰিব পাৰে ।  বৰ লাজ  আৰু  বিৰক্তিয়ে সেইদিনা  চন্দ্ৰলেখাক  আৱৰি ধৰিছিল।  টি ভি ত   বাতৰিটো  বাৰে - বাৰে প্ৰচাৰিত হৈছিল । চকুলোৰ নৈ বৈছিল সেই কনমাণি ল'ৰাটোৰ স্কুলৰ  শিক্ষয়িত্রী সকলৰ। সকলোৰে  অলক্ষিতে  চন্দ্ৰলেখাইও  মচি লৈছিল চকুলো।

       কান্দিছিল  চন্দ্ৰলেখাই  ।  কতদিন যে  কান্দিয়েই আছে  আনে নজনাকে  ।   সেই  যে  মাকজনী নোহোৱা হ'ল , তেতিয়াৰপৰাই  তাই  বৰষুন বৰ ভালপোৱা হৈছিল । খন্তেক বৰষুনত তিতাৰ  অছিলাৰে  হেঁপাহ  পলুৱাই কান্দিব পাৰিছিল।   অযত্ন  আৰু অৱজ্ঞাৰ  বা - মাৰলিত তাইৰ থাউনি  হেৰাইছিল বাৰে - বাৰে।  তথাপিও জীৱন জীয়াৰ সংকল্পৰে তাই আগবঢ়াইছিল খোজ।

         কিতাপ পঢ়ি  ফেকুৰি  ফেকুৰি কন্দা মানুহ আৰু  আছেনে নাই  তাই নাজানে । চিনেমা , থিয়েটাৰ , নাটক  আনহে নালাগে কোনোবা ল'ৰা - ছোৱালীয়ে  খুব ভালকৈ কিবা কৰিছে , তেতিয়াও তাইৰ চকুলো ওলায় নীৰৱে। কিয়  এনে হয় তাইৰ! নিজকে বাৰে বাৰে সোধে কিন্ত্ত  এই প্ৰশ্নৰ কোনো উত্তৰ নাথাকে।

          চকুপানীৰ নিজৰে  ঘৰ নাথাকে ।  টোপা টোপে কেৱল সৰি পৰে ।  তাইৰো  ঘৰ  নাছিল ।  মদাৰৰ  দৰে  আদৰ নাপালেও কিন্ত্ত  প্ৰকৃতিক সজাবলৈকে  তাইৰ প্ৰয়োজন হৈছিল।  পৰিয়াল  দায়বদ্ধ  আছিল  যেনে তেনে  কন্যাদান কৰি আজৰি হোৱা। আজৰি কৰি দিছিল  তেওঁলোকক।নিজতকৈ  প্ৰায়  ওঠৰ বছৰ বয়সৰ ডাঙৰ  ,দুটা ল'ৰা- ছোৱালীৰ  বাপেকলৈ তাই  বিয়া হৈ  আহিছিল।  অভাৱ  অভিযোগ  আগতেও কাকো কৰা নাছিল আৰু  এতিয়া  অভাৱৰ লগত দেখাদেখি  নোহোৱাকৈ  কেইবা বছৰ বাগৰিল।

      " মোৰ  ল'ৰা - ছোৱালীহালৰ চোৱা-চিতা কৰিবৰ বাবেহে  তোমাক বিয়া কৰাই আনিছোঁ । 

সেয়েহে সিহঁতে যাতে কোনো ধৰণৰ অসুবিধা নাপায়  তাৰ প্ৰতি লক্ষ্য ৰাখিবা।"   মানুহজনে

পোন পটীয়াকৈ ক'লে ।

        মৃদু  হাঁহি  এটাৰে তাই  ক'বলগীয়া বহু কথা নোকোৱাকৈয়ে সামৰি থলে।

      নতুন চাকৰিৰ প্ৰতি  থকা  মোহৰ দৰে  তাইয়ো  নতুন কৰ্তব্যক  সযত্নে প্ৰতিপালন কৰিলে। ব্যস্ততাৰ  অন্ত নাই , কিন্ত্ত  নিজাকৈ অলপো সময় নাই । দাপোনখন  তাইৰ অচিনাকি হৈ পৰিল । প্ৰয়োজনো নোহোৱা হ'ল ।  পত্নী  হোৱাৰ  আগতেই মাতৃ হৈছে যেতিয়া আক্ষেপ কৰিবলৈও  একো  নৰ'ল।

       আনুষ্ঠানিক  সম্পৰ্ক  এটাক  আবেগিক  মান্যতা দিলে  ' মা '।  কেৱল  মাক হোৱাৰ সাধনাৰে  তাই  যৌৱনৰ  অনুপম  সময়বোৰ বিসৰ্জন দিলে ।  মাকজনী নোহোৱাৰে পৰা  তাইৰ ওপৰেৰে  পাৰ হোৱা  ধুমুহাবোৰ যাতে সিহঁত হালৰ গাত নালাগে তাৰ বাবে সদা সতৰ্ক  চন্দ্ৰলেখা।

      ল'ৰা -ছোৱালীহালে  দেউতাকৰ সান্নিধ্য  পাহৰাৰ দৰে হ'ল ।   তাইৰ প্ৰতি অহেতুক  ভীতি , কিজানি চন্দ্ৰলেখাই সন্তান জন্মদিয়াৰ কথা ভাৱিলে  ল'ৰা - ছোৱালীহাল  আথানি হ'ব !  এনে এটা সন্দেহতেই  আঁতৰি আছিল মানুহজন । অভিমান কৰা নাছিল চন্দ্ৰলেখাই ।  প্ৰথমা পত্নীৰ প্ৰতি থকা প্ৰেম দেখি শ্ৰদ্ধা জাগিছিল । এই কথা তাইতকৈ  আৰু কোনে বুজিব ! দেউতাকে দ্বিতীয় বিবাহ কৰোৱাৰ পাছৰ অৱস্থা  আজীৱন মনত থাকিব তাইৰ।

       ৰান্ধনিঘৰত  কিবা এটা পৰাৰ শব্দত সচকিত হৈ পৰিল চন্দ্ৰলেখা । কোনে কি কৰিছে বাৰু ? ৰান্ধনিঘৰটো  একমাত্র তাইৰ ।  একান্ত নিজা সময়বোৰৰ হিচাপ নিকাচ  কৰিবলৈ ইয়াতকৈ আৰু উপযুক্ত  ঠাই নাই ।  তাই দৌৰি  গৈ ৰান্ধনিঘৰ  পালেগৈ । মানুহজনে  চাহ কৰিবলৈ  লৈ  বস্তূবোৰ বিচাৰি ফুৰোতে ইটো - সিটো পৰি গৈছে।  আচৰিত হৈ  মানুহজনলৈ চাই ৰ'ল  চন্দ্ৰলেখা ।   

    " কি চাই  আছা ?  আজি তোমালোকক  চাহ মই  খুৱাম । "

     মাত হেৰাল  চন্দ্ৰলেখাৰ ।

     হঠাৎ  মানুহজনে  সাৱটি ধৰিলে চন্দ্ৰলেখাক ।

    " মোক ক্ষমা কৰি দিয়া পাৰা যদি ।  মই তোমাক বহুত  অন্যায় কৰিছোঁ । মোৰ বুলি  অহংকাৰ কৰা ল'ৰা ছোৱালীহালেও  মোক পাহৰিলে । তুমি সিহঁতৰ মাক হ'লা , বন্ধু হ'লা । মইহে কাৰো হ'ব নোৱাৰিলোঁ। "

      বহু বছৰৰ মুৰত মানুহজনৰ স্পৰ্শই  যেন  হিমবাহ এটাহে গলাই পেলালে ।

     "আচলতে মোৰ  ভয় হৈছিল  চন্দ্ৰলেখা ।  আজিকালি  দেশৰ খবৰবোৰ  দেখি শুনি  কাকো বিশ্বাস কৰিবলৈ ভয় হৈছিল। কিজানিবা  ল'ৰা - ছোৱালীহালৰ অনিষ্ট হয় । আজি কিছুদিনৰ পৰা কিছুমান খবৰে মোক ভবাই তুলিলে সকলো মানুহ একে নহয় । যি সময়ত নিজৰ মাকে পৰকীয়া প্ৰেমৰ বাবে নিজ সন্তানক হত্যা কৰিছে , যি সময়ত স্বামী , সন্তানক  এৰি পৰ পুৰুষৰ লগত পলাই গৈছে , ঠিক এনে সময়তে তুমি  আনৰ সন্তানক  গভীৰ মমতাৰে সাৱটি ৰাখিছা । মোৰ দৰে এজন অনুপযুক্ত  মানুহৰ লগত কোনো  ওজৰ আপত্তি নোহোৱাকৈ  সময়বোৰ পাৰ কৰিছা।   ইয়াতকৈ আৰু মোৰ সৌভাগ্য কি  হ'ব পাৰে ! "

     চন্দ্ৰলেখাই  মাথো  কান্দিছে । বহু যুগৰ এচটা শিল যেন লাহে লাহে গলিব ধৰিছে  মৰম আৰু বিশ্বাসৰ উত্তাপত । সাম্প্ৰতিক  সময়ক প্ৰত্যাহবান জনাই  তাই জোৰেৰে  খামুচি ধৰিছে মানুহজনৰ হাতখন।

bottom of page