top of page

 

গোলাপী জামুৰ কবি নীলমণি ফুকন
 

মীনা ফুকন হাজৰিকা

এজন প্ৰখ্যাত কবি, এগৰাকী আজাতশত্ৰু লেখক সাহিতি্যক-সমালোচক৷ সৰ্বোপৰি মানুহক ভালপোৱা এজন সমাজবিজ্ঞানী৷ সকলোধৰণৰ হিংসা-বিদ্বেষ নেওচি তেওঁ মানৱতাৰ হকে নিজকে সমপৰ্ণ কৰি গ’ল৷ নিজৰ সমাজখনক নিজৰ জাতিটোক নিজৰ ভাষা-সংস্কৃতিক অফুৰন্ত অকৃত্ৰিমভাৱে আকোঁৱালি লৈ বিগত কেইবাদশক জুৰি নিৰৱচ্চিন্নভাৱে সাহিত্য সাধনা কৰি যোৱা এই গৰাকী নীলমণি ফুকনক লৈ অসমীয়াই আৰু অনন্তকাল গৌৰৱান্বিত হৈ থাকিব৷ মানুহৰ মাজত থাকি মানুহৰ মুক্তিৰ হকে কবিতা লিখি তেওঁ অমৰ হৈ ৰ’ল৷ 


সাত দশকজোৰা কাব্য তপস্যাৰে জাতিক মহীয়ান কৰি গুচি গ’ল কাব্যঋষি৷ মহাপ্ৰস্থানৰ পূবেৰ্ই কাব্যঋষিয়ে কৈ গৈছিল– “মৃত্যুৰ পাছত মোৰ শৰীৰটো ক’তো ঘূৰাই লৈ নুফৰিবা৷ মই কোনো ডাঙৰ কবি নহয়৷ বহু প্ৰতিজ্ঞা আৰু প্ৰস্তুতিৰ পাচতহে মই মোৰ কবিতাখিনি লেখিছো৷ মোক লৈ কোনো গ্ৰন্থ ৰচনা কৰিব নালাগে৷” শিপাডাল বুকুৰ গভীৰত, এই শিপা প্ৰেমৰ, এই শিপা দেশৰ এই শিপা মাটি আৰু মানুহৰ৷ আন্ধাৰৰ মাজতো পোহৰ বিলাই থকা কবি নীলমণি ফুকনদেৱক দেখা কৰিবলৈ যোৱা সকলোৱেই তেখেতক লগ কৰিব পাৰিছিল৷ প্ৰেম আৰু জীৱন যেতিয়াই একাত্ম হৈ পৰে, তেতিয়াই তেওঁ গতি কৰে অন্য এক মহাজীৱনলৈ, কবি নীলমণি ফুকনদেৱ আছিল এনে এক সত্তাৰ অধিকাৰী৷ 
 

ড০ হীৰেণ গোহাঁইদেৱে কৈছে শিশুৰ দৰে বিশ্ব চৰাচৰৰ প্ৰতি বিস্ময়ভৰা দৃষ্টি আৰু প্ৰাজ্ঞ প্ৰবীণৰ দৰে অভিজ্ঞতাৰ ইন্ধনত পগোৱা বোধৰ গভীৰতা এই দুয়োটা উপাদানৰ সংযোগে নীলমণি ফুকনৰ সাৰ্থক কবিতাবোৰত সৃষ্টি কৰিছে এক আলোক বৈভৱ৷ সজ্ঞানে লয় আৰু ছন্দৰ প্ৰতি মনোযোগ নিদিলেও তেনে কবিতা আৰু শাৰীবোৰত যেন ছন্দায়মান এক স্পন্দন৷ এইবাবেই তেওঁ মহৎ কবি৷ মহৎ কবিৰ মাজত পাঠকে বিচাৰি পায়-বিচাৰ নকৰাকৈ-জীৱনৰ এই বিশাল, অপাৰ সম্ভাৱনা; পৃথিৱী আৰু আকাশৰ ৰূপ-ৰস-গন্ধভৰা চমকৰ মাজত জীৱনৰ নতুন অংকুৰণৰ আশ্বাস৷
 

 সাহিত্যৰ তত্ত্ব, বাদ-অনুবাদৰ বিভিন্ন ধাৰা, উপ-ধাৰাৰে চলোৱা পৰীক্ষা-নিৰীক্ষাই কবিৰ কবিতাৰ ভালেখিনি দিশ উদঘাটন কৰিছে৷ ফুকনদেৱৰ প্ৰতীক ব্যঞ্জনা প্ৰয়োগৰ পাৰদৰ্শিতা, চিত্ৰকল্প, ভাষাৰ প্ৰয়োগ, উপমা-অলংকাৰ আৰু সবৰ্তোপৰি কবিতাৰ জৰিয়তে প্ৰকাশ পোৱা মনবোধ আৰু জীৱনবোধ বিষ্ময়কৰ৷ তেখেত প্ৰেমৰ কবি, অনুতাপৰ, ৰাজনৈতিক চেতনা সম্পৃক্ত অথচ তীক্ষ্ণ সমাজ সচেতন কবি৷ সংবেদনশীল বুকুৰ মানুহবোৰক মোহাচ্ছন্ন কৰিবলৈহে ফুকনদেৱৰ কলমটোত সৃষ্টি হৈছে–‘এইবাৰ শালতযআয়ে গুটি ফুলৰ বুটা বাছি তেজৰঙা কাপোৰ এযোৰ বৈছে...৷’ 
 

১৯৩৩ চনত দেৰগাঁৱৰ চকিয়াল গাঁৱত কীৰ্তিনাথ ফুকন আৰু বৰদাবালা ফুকনৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল৷ ‘গোলাপী জামু লগ্ন’ৰ কবি নীলমণি ফুকনদেৱে৷ দেৰগাঁৱৰ গেলাবিল প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা কবি নীলমণি ফুকনদেৱে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল দেৰগাঁও হাইস্কুলত৷ পাঁচজনীয়া ল’ৰা-ছোৱালীৰ পৰিয়ালটোত সকলোতকৈ ডাঙৰ আছিল কবি নীলমণি ফুকনদেৱ৷ তেখেতে হাইস্কুলত পঢি. থকা দিনৰ পৰা বিভিন্ন গ্ৰন্থ, আলোচনী পঢি.বলৈ আৰম্ভ কৰাৰ উপৰি গদ্য আৰু পদ্য লিখাৰ কাম আৰম্ভ কৰিছিল৷ হাইস্কুলত পঢি. থকা দিনতে স্কুলীয়া বন্ধু জিতেন দত্তৰ সহযোগত ‘অংকুৰ’ নামৰ এখন হাতেলিখা আলোচনী উলিয়াইছিল৷ 
 

 ‘আজাদ পুস্তকালয়’ৰ যোগেদিয়েই ফুকনদেৱৰ বৌদ্ধিক সাধনাৰ গৌৰৱোজ্বল যাত্ৰা আৰম্ভ হৈছিল৷ সেইবাবেই হয়তো নীলমণি ফুকনদেৱৰ ‘আজাদ পুস্তকাল’ক ন-ৰূপ দিয়াৰ বৰ ইচ্চা আছিল৷ ‘আজাদ পুস্তকালয় বৰ্তমান কবিৰ অনুপস্থিতিত উকা হৈ পৰিছে৷ অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নীলমণি ফুকনদেৱে তেখেতে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা দেৰগাঁও হাইস্কুলত কিছুদিন শিক্ষকতা কৰিছিল যদিও সেই সময়তে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদানৰ সুবিধা পোৱাত দেৰগাঁও হাইস্কুলৰ শিক্ষকতা ত্যাগ কৰিছিল৷ 
 

‘কবিৰ জীৱন দুখৰ’... ‘দুখৰ নহ’লেও সুখৰ নহয়’৷ ...আৰু মৰিশালিৰ পৰা ভনীজনী উঠি আহি পিৰালিত বহি আছিলহিযমৰা জোনৰ পোহৰ হৈযগাঁওখনৰ তিৰোতাবোৰ আহি ৰৈ আছিলহিযদুৱাৰমুখত সংকলনখন মূলতঃ মাটিৰ মানুহৰ জীৱনৰ কাবি্যক প্ৰকাশ৷ কবিৰ ভাষাত “প্ৰায়বোৰ কবিতাই মূলতে গান, গানেই কবিতা, কবিতাই গান৷” “....চিতাৰ জুয়ে পোহৰায় সন্ধিয়াৰ আকাশযহাঁহিৰে ধুনীয়া মুখখন তাইৰ হ’ল ছাইযআন্ধাৰ আকাশত আকৌ তিৰবিৰাই তাইৰ চকু দুটাই......’ [অৰণ্যৰ গান]৷ ফুকনদেৱৰ প্ৰায়বোৰ কবিতাতেই আছে মাটি আৰু মানুহৰ দায়বদ্ধতা৷
 

আধুনিকতাৰ সম্প্ৰসাৰণত ক্ৰমশঃ নিসংগ হৈ অহা মানুহে এৰি অহা সনাতন জগতখন বিছাৰি হাহাকাৰ কৰিবলৈ আৰম্ভ কৰা মুহূৰ্ততে নীলমণি ফুকনে কবিতাৰে সেই জগতখনৰ কথা ক’বলৈ আৰম্ভ কৰে৷ এইকথা কৈছিল ড০ সত্যকাম বৰঠাকুৰদেৱে৷ তেখেতে আৰু কৈছিল– “সহস্ৰ সূৰ্যৰ চন্দ্ৰতাপ হৈ যিগৰাকী কবিয়ে যোৱা প্ৰায় অৰ্ধশতিকাযুৰি অসমীয়া কবিতাৰ নামঘৰৰ পৱিত্ৰ মণিকূট আচ্চাদিত কৰি ৰাখিছিল, আজি সেই চন্দ্ৰতাপ নোহোৱা হ’ল৷ সেইগৰাকী কবি যি অসমীয়া ভাষাত কাব্য চৰ্চা কৰি ভাৰতীয় সাহিত্যত এই কথা পতিপন্ন কৰি গ’ল যে আধুনিকতাবাদ এনে এক কালসাপেক্ষ ধাৰণা, যি ধাৰণাৰ বাবে প্ৰাচীন চীনা আৰু জাপানী কবিতা তথা দৰ্শন হ’ব পাৰে এক ভাৰসা থকা বৌদ্বিক আধাৰ৷ তৰুণ কবিসকলৰ বাবে নীলমণি ফুকন হৈ পৰিছিল আৰাধ্য কবি৷” 
 

অসমৰ লোক-কৃষ্টি দেখা-নেদেখা, শুনা-নুশুনা চমকবোৰ, বিশ্ব সাহিতি্যৰ প্ৰিয় ধ্বনিবোৰ, ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ চিৰায়ত উপলব্ধিবোৰ তেওঁৰ কবিতাত হেলাৰঙে মিলি যায়৷ পঢ়ুৱৈ মনত থৈ যায় তৰপে তৰপে দুলৰ্ভ প্ৰাপ্তিৰ স্মৃতি৷ একাগ্ৰ নিৰলস সাধানাৰ ফলত তেওঁৰ এই সিদ্ধি লাভ কৰা বুলি বুলিও কয় ড০ হীৰেন গোহাঁই ডাঙৰীয়াই৷ “আইৰ মুখৰ ভাষাটো যায়” বুলি নীলমণি ফুকনদেৱে উচুপি উঠিছিল৷ অসমীয়া ভাষাত তেখেতে লিখি থৈ গ’ল শ্ৰেষ্ঠ কবিতা, য’ত জাতিটোৰ কলিজাত সোমাই আছে, আছে মাটিৰ মানুহৰ দাপোণখন, যাৰে আমি চাব পাৰো আচল পৃথিৱীখনক৷
 

নীলমণি ফুকনদেৱ অকল কবিয়েই নহয়, এগৰাকী মহৎ শিল্পী৷ তেখেত কাব্য জগতৰ শিল্পী আছিল৷ কবিৰ প্ৰতিটো কবিতাই পাঠকৰ মনত সৌন্দৰ্যবোধ জাগৰিত কৰি তুলিছিল৷ তেখেতৰ এটা বাক্যই এটা কবিতা হৈ পৰিছিল৷ এটা বাক্যই এটা শিল্প হৈ পৰিছিল৷ মহৎ কবিগৰাকীৰ কাব্য সৃষ্টি অসমীয়া জাতিৰ অনন্য সম্পদ৷ তেখেতৰ আধুনিক বিশাল মনটোক শিল্প ৰূপত সৃষ্টি কৰি থৈ গ’ল৷ তেখেত কাব্য সৃষ্টিৰ মাজেৰে সদায় জীয়াই থাকিব৷ কবিয়ে নিজেই কৈছে– ‘মানুহ নমৰে অ’যসপোনতহে কোনোবাই কেতিয়াবা কাৰোবাক মৰা দেখে৷’ কবিয়ে মানা কৰে সবৰ্ত্ৰ গোলাপী জামুৰ লগ্নৰ পৰা নেলীৰ গণহত্যালৈকে অবাধ বিচৰণ৷ তেজৰ সোঁতাই কবিৰ কলিজা পোৰে, ঢেঁকীয়া বেচা বাইজনীৰ বাবে কবিৰ কলম কঁপে৷ কবিয়ে লিখে, ‘মুঠি মুঠিকৈ কাটি ঢেঁকীয়াৰ আঙুলিযআজাৰৰ আন্ধাৰত তয়ে বেচযবাই তোৰ কোন গাঁৱত ঘৰযমৰেনে মানুহ তাত”৷ তেখেতৰ কবিতাই অসমীয়া আধুনিক মানুহৰ বিশাল মনটোক শিল্প ৰূপত সৃষ্টি কৰি থৈ গ’ল৷ সেই কবিতা অসমীয়া জাতিৰ অনন্য সম্পদ হৈ ৰ’ব৷ কাব্য সৃষ্টিৰ মাজেৰে তেখেত সদায় জীয়াই থাকিব৷

bottom of page