top of page

লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতিৰ কলম 

    

সাহিত্য-সংস্কৃতি মানুহৰ মনোজগতৰ এক গভীৰ আৰু সজীৱ প্ৰকাশ৷ মানুহে যেতিয়া নিজৰ অনুভৱ, চিন্তা, আশা, আকাংক্ষা, সুখ-দুখ তথা সমাজ জীৱনৰ অভিজ্ঞতাক সাৱলীল ভাষাৰ জৰিয়তে ৰূপ দিয়ে তেতিয়াই মননশীল সাহিত্যৰ সৃষ্টি হয়৷ সাহিত্য কেৱল কল্পনাৰ ফচল নহয়, ই সময়, সমাজ আৰু বাস্তৱ জীৱনৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত৷ কোনো এক নিৰ্দিষ্ট সময়ছোৱাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতি সাহিত্যৰ মাজেৰে স্পষ্টভাৱে প্ৰতিফলিত হয়৷ সেইবাবে সাহিত্যক এখন সমাজৰ দৰ্পণ বুলি কোৱা হয়৷ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে সাহিত্যও বিকশিত হৈ আহিছে৷ আদিম যুগৰ মৌখিক সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ লিখিত আৰু ডিজিটেল সাহিত্যলৈকে এই যাত্ৰা অবিৰাম৷ কাব্য, পদ্য, নাটক, উপন্যাস, গল্প, প্ৰবন্ধ আদি বিভিন্ন সাহিত্যিক ৰূপে মানুহৰ জীৱন দৰ্শনৰ নানান দিশেৰে উপস্থাপন কৰে, কাব্যই হৃদয় স্পৰ্শ কৰে, গল্পই জীৱনৰ সৰু-সুৰা ঘটনাৰ মাজেৰে গভীৰ সত্য উদঘাটন কৰে, উপন্যাসে বিস্তৃত ছবি অংকন কৰে আৰু নাটকে জীৱনৰ সংঘাতক সজীৱ ৰূপত মঞ্চত উদ্ভাসিত কৰে৷

 

সাহিত্য আলোচনীৰ মূল উদ্দেশ্য হ’ল কোনো সাহিত্য কৃতি নতুবা সাহিত্যিক প্ৰৱণতাৰ অন্তনিৰ্হিত অৰ্থ, ভাব-ভাষা, শৈলী আৰু সামাজিক প্ৰাসংগিকতা বিশ্লেষণ কৰা৷ সাহিত্য আলোচনী মানে কেৱল দোষ-গুণ বিচাৰ কৰা নহয়, ই হৈছে সাহিত্যক গভীৰভাৱে বুজাবলৈ চেষ্টা কৰা এক বৌদ্ধিক আৰু সংবেদনশীল প্ৰক্ৰিয়া৷ সাহিত্য আলোচনী আৰু প্ৰচাৰ মাধ্যমৰ পাঠকে ৰচনাৰ অন্তৰালত থকা লেখকৰ মানসিকতা, তেওঁৰ যুগ চেতনা আৰু সমাজ চিন্তাৰ সৈতে পৰিচিত হয়৷ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত সাহিত্য আলোচনীৰ গুৰুত্ব অপৰিসীম৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ বৈষ্ণৱ সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ কাব্য, গল্প, আৰু উপন্যাসলৈকে অসমীয়া সাহিত্যই সমাজ ৰূপান্তৰক স্পষ্টভাৱে প্ৰতিফলিত কৰি আহিছে. সাহিত্য আলোচনী, মুখপত্ৰ আৰু বাতৰি কাকতসমূহে সাহিত্য ধাৰাৰ বিকাশ, বৈশিষ্ট্য আৰু অৱদানক সঠিকভাৱে মূল্যায়ন কৰাত সহায় কৰে৷ ইয়াৰ ফলস্বৰূপে সাহিত্যৰ গুণগত মান উন্নত হয় আৰু নতুন সাহিত্যৰ সৃষ্টিৰ পথো প্ৰশস্ত হয়৷

     মুখপত্ৰ, স্মৃতিগ্ৰন্থ আৰু সাহিত্য আলোচনীৰ মাধ্যমে পাঠকৰ চিন্তাশক্তি বিকশিত কৰে৷ ই পাঠকক কেৱল মাত্ৰ পাঠত সীমাবদ্ধ নাৰাখি বিশ্লেষণ, তুলনা আৰু মূল্যায়নৰ দিশে আগবঢ়াই নিয়ে৷ আলোচনী সমূহে শিক্ষাৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ৷ কিয়নো ই ছাত্ৰ-ছাত্ৰীক ভাষাগত দক্ষতা, যুক্তিসংগত চিন্তা আৰু নন্দনতাত্ত্বিক বোধ গঢ়ি তুলিবলৈ সাহস প্ৰদান কৰে৷ সাহিত্য চৰ্চা, কাব্যালোচনা আৰু আলোচনা চক্ৰই সমাজক আলোকিত কৰে আৰু আলোচনীসমূহ সেই আলোচনাক অধিক স্পষ্ট আৰু গভীৰ কৰি তোলে৷ সেয়ে প্ৰকাশিত সাহিত্য আলোচনী অকল অনুশীলন নহয় ই সমাজ, মানুহ আৰু জীৱনক বুজাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম৷

 

লক্ষীমপুৰ জিলা সাহিত্য সভাই ২০২৫-২৭  বৰ্ষৰ কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰি জিলাখনক সাহিত্যিক আৰু সাংগাঠনিক ভাৱে আগুৱাই নিবলৈ মুখপত্ৰ, ই-আলোচনী আৰু কাব্য কাননৰ দুটাকৈ সংখ্যা প্ৰকাশ কৰাৰ লগতে শাখাৰ সংখ্যা বৃদ্ধি কৰি আজীৱন সভ্যৰ সংখ্যাও বৃদ্ধি কৰিছে৷ অহা ১০ আৰু ১১ জানুৱাৰী ২০২৬ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ এটি সক্ৰিয় শাখা শিমলুগুৰি শাখা সাহিত্য সভাৰ [স্বৰ্ণ শাখা] আতিথ্যত অনুষ্ঠিত হ’ব লগা জিলাৰ মধ্যকালীন অধিৱেশনত শাখাৰ মুখপত্ৰ, আদৰণী সমিতিৰ স্মৃতিগ্ৰন্থ, জিলাৰ ই আলোচনী, মুখপত্ৰ সোৱণশিৰি আৰু কাব্য চৰ্চাৰ পত্ৰিকা কাব্য কানন প্ৰকাশ হোৱাটো লক্ষীমপুৰ জিলা সাহিত্য সভাৰ এক ঐতিহাসিক ক্ষণ হৈ ৰ’ব৷ অধিৱেশনত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামী মহোদয় আৰু প্ৰধান সম্পাদক শ্ৰীযুত দেৱজিৎ বৰা উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বহুতো বিষয়ববীয়াই অংশ গ্ৰহণ কৰিব৷

 

লক্ষীমপুৰ জিলা সাহিত্য সভাই যোৱা এবছৰীয়া কাৰ্যকালত ‘শাখালৈ যাওঁ আহক’, কাৰ্যসূচী লৈ জিলাৰ অন্তৰ্গত চল্লিশটা শাখাত সভাপতি, উপ সভাপতি, সম্পাদক, সহঃ সম্পাদক আৰু জিলাৰ বিষয়ববীয়া নিজে গৈ শাখা সক্ৰিয়কৰণত গুৰুত্ব দি ৫১ দফীয়া কাৰ্যসূচী প্ৰদান কৰা হৈছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে ০১-০১-২০২৫ তাৰিখে অৰুণোদই দিৱস আৰু ১৭-০১-২০২৫ তাৰিখে শিল্পী দিৱস, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ লক্ষীবিলাস শইকীয়া ভৱনত, ২৬-০৩-২০২৫ তাৰিখে সাহিত্য দিৱস, উত্তৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ত, ১২-০৪-২০২৫ তাৰিখে প্ৰথম কাৰ্যনিৰ্বাহক সভা পাভ সাহিত্য সভাৰ আতিথ্যত, ১৫ এপ্ৰিলত নিজৰ দিন সকলো শাখা আৰু জিলা সমিতিয়ে, ১ জুন তাৰিখে হেমচন্দ্ৰ বৰুৱা আৰু লুম্মেৰ দাই স্মৃতি দিৱস, লীলাবাৰী শাখা সাহিত্য সভাৰ আতিথ্যত, ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস লক্ষীবিলাস শইকীয়া ভৱনত, ৮ জুন তাৰিখে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস আৰু ৰামধেনু অনুষ্ঠান উত্তৰ পিছলা শাখা সাহিত্য সভাৰ আতিথ্যত, ২০ জুন তাৰিখে বিষ্ণু প্ৰসাদ ৰাভা দিৱস আৰু কুঁহি অনুষ্ঠান হাৰমতী সীমান্ত শাখা সাহিত্য সভাৰ আতিথ্যত, ৪ জুলাই তাৰিখে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস আৰু কাব্য অনুষ্ঠান বগীনদী শাখা সাহিত্য সভাৰ আতিথ্যত, ৬ জুলাই তাৰিখে জিলা সাহিত্য সভাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা তেলাহী কমলাবৰীয়া শাখাৰ আতিথ্যত, ১৪ জুলাইত এখুদ ককাইদেউ নৱকান্ত বৰুৱা আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ স্মৃতি দিৱস, সুৰভি শাখা সাহিত্য সভাৰ আতিথ্যত ৩০ জুলাই তাৰিখে নটসূৰ্য ফনী শৰ্মা স্মৃতি দিৱস আৰু আকাশ অনুষ্ঠান খেৰাজখাট শাখা সাহিত্য সভাৰ আতিথ্যত, জ্জ্ব আগষ্ট তাৰিখে প্ৰাক্তন সভাপতি চন্দ্ৰ প্ৰসাদ শইকীয়া স্মৃতি দিৱস লক্ষীবিলাস শইকীয়া ভৱনত, ১৪ চেপ্তেম্বৰ তাৰিখে আখৰ জোঁটনি আৰু বৰ্ণাশুদ্ধিৰ কৰ্মশালা, ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ আতিথ্যত, ১৮ অক্টোবৰ তাৰিখে গান্ধীজয়ন্তী আৰু ৰামধেনু অনুষ্ঠান সাপতীয়া শাখা সাহিত্য সভাৰ আতিথ্যত, ৫ অক্টোবৰ তাৰিখে তৃতীয় কাৰ্যনিৰ্বাহক সভা মাধৱদেৱ শাখা সাহিত্য সভাৰ আতিথ্যত, ৫ নবেম্বৰত ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস দক্ষিণ তেলাহী শাখা সাহিত্য সভাৰ আতিথ্যত, ২৯ নবেম্বৰত জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়চম গোস্বামীৰ স্মৃতি দিৱস আৰু কবিতা লিখন কৰ্মশালা পশ্চিম নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত, ১৮ ডিচেম্বৰত কবি যোগেন টাইদৰ স্মৃতি দিৱস আৰু কবিতা পাঠৰ অনুষ্ঠান ঘূণাসুঁতি শাখা সাহিত্য সভাৰ আতিথ্যত, ১৮ ডিচেম্বৰত জাতীয় চেতনা দিৱস পিছলা শাখা সাহিত্য সভাৰ আতিথ্যত, ২৬ আৰু ২৭  ডিচেম্বৰত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি দিৱস আৰু প্ৰতিষ্ঠা দিৱস উত্তৰ লক্ষীমপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত, ২৮ ডিচেম্বৰ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ হেমন্ত কুমাৰ বৰুৱাদেৱৰ অভিনন্দন গ্ৰন্থ পৰিয়ালৰ আৰু আদৰণী সমিতিৰ সহযোগত উত্তৰ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত উন্মোচন কৰা হয়, ১ জানুৱাৰী ২০২৬ তাৰিখে ঢকুৱাখনা শাখা সাহিত্য সভাৰ সহযোগত ‘অৰুণোদই’ দিৱস আৰু ১০, ১১ জানুৱাৰীত জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন শিমলুগুৰি শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হৈছে৷ এই সকলো কাৰ্যসূচীত জিলা সাহিত্য সভাৰ সম্পাদকৰ লগতে জিলাৰ বিষয়ববীয়া আৰু শাখা সাহিত্য সভাৰ বিষয়ববীয়াৰ  লগত সমিলমিলে উপস্থিত হ’বলৈ সক্ষম হৈছিলোঁ৷ এইদৰে আগন্তুক বৰ্ষত আপোনালোকৰ পৰা সহায়-সহযোগিতা কামনা কৰিছোঁ৷ ‘‘চিৰ চেনেহী মোৰ ভাষা জননী৷’’

সঞ্জীৱ কুমাৰ উপাধ্যায়

সভাপতি,

লক্ষীমপুৰ জিলা সাহিত্য সভা ।

দিনাঙ্ক: ০১ জানুৱাৰী, ২০২৬ খ্রীষ্টাব্দ ।

bottom of page