।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
লক্ষীমপুৰ অতীত আৰু বৰ্তমান
চন্দ্ৰনাথ শইকীয়া
বৰ্তমান জিলাখনৰ ‘লক্ষীমপুৰ’ নামটো অতি পুৰণি৷ এই নামটো ত্ৰয়োদশ শতিকাৰ আগভাগৰে বুলি অনুমান কৰিব পাৰি৷ ইতিহাস বিচাৰিলে পোৱা যায় যে ‘লক্ষীমপুৰ’ নামটো আদিতে ‘লক্ষ্মীপুৰ’হে আছিল৷ বাৰভূঞাসকলৰ বুঢ়ীমাক লক্ষ্মীৰাণীৰ নামৰ পৰা ‘লক্ষ্মীপুৰ’ হৈছে বুলি আদি চৰিত নামৰ পুথিভাগত উল্লেখ আছে৷ আৰিমত্ত ৰজাৰ মৃত্যুৰ পিছত তেওঁৰ মন্ত্ৰী সমুদ্ৰই ৰাজ্য শাসন কৰে৷ তেতিয়া ৰাজধানী আছিল বিশ্বনাথত৷ সমুদ্ৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মনোহৰে ৰাজ্য শাসন কৰে আৰু তেওঁ উজনিৰ ঘাগৰনদীৰ পাৰৰ ৰঙ্গগ্ৰামলৈ ৰাজধানী তুলি আনে৷ মনোহৰ অপুত্ৰক আছিল৷ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ জীয়েক লক্ষ্মীয়ে ৰাজ্যশাসন কৰে৷ তেওঁ যৌৱনপ্ৰাপ্ত হোৱাত সূৰ্যদেৱতাক স্বামী হিচাপে পাবৰ কাৰণে আৰাধনা কৰে৷ সূৰ্যৰ ঔৰসত শান্তনু আৰু সুমন্ত [স্যমন্ত] নামে দুটি যঁজা সন্তান জন্ম হয় [ৰাজমোহন নাথ আদি পণ্ডিতসকলৰ মতে আৰিমত্ত ৰজাৰ বংশৰে সূৰ্য নামৰ এজন কোঁৱৰৰ পাণি গ্ৰহণ কৰে আৰু তেওঁৰ ঔৰসতে শান্তনু আৰু সুমন্তৰ জন্ম হয়]৷
সন্তান জন্মৰ কিছু বছৰৰ পিছত সন্তান ডাঙৰ-দীঘল হোৱাত লক্ষ্মীৰাণীয়ে পুনৰ সূৰ্যদেৱতাক সাক্ষাতৰ কাৰণে আৰাধনা কৰি তিনিটা বৰ প্ৰাৰ্থনা কৰিলে,
.........................................
দ্বিতীয় বৰক দিয়ো স্বামী দিবাকৰ৷
মোৰ নামে গ্ৰাম ইটো হৌক লক্ষ্মীপুৰ৷৷২৮
এহি দুই পুত্ৰহন্তে হৌক পুত্ৰ নাতি৷
সমস্তকে ভূঞা নাম ৰহোক খিয়াতি৷৷
তেতিয়া সূৰ্যদেৱতাই ক’লে,
তোমাৰ নামত গ্ৰাম হৌক লক্ষ্মীপুৰ৷
তাহাতে বসতি আতি হৈবেক তোমাৰ৷৷৩৪
অনেক ঐশ্বৰ্য সুখ হৈৱেক তথাত৷
লক্ষ্মীপুৰ নাম হৈব জগতে প্ৰখ্যাত৷৷
........................................
শান্তনুৰ ঘৰে দুৰ্গা সাক্ষাতে ভৈলন্ত৷
মন্ত্ৰী হুইয়া লক্ষ্মীপুৰে দেশক পালন্ত৷৷
পূৰ্বে ৰঙ্গ নামে গ্ৰাম সিঠাইৰ আছিল৷
সূৰ্যৰ বৰত লক্ষ্মীপুৰ নাম ভৈল৷৷৮৬
আদি চৰিত পুথিভাগ সপ্তদশ শতিকাতহে লিখা বুলি পণ্ডিতসকলে অভিমত দিয়ে৷ মহাপুৰুষ অনিৰুদ্ধদেৱৰ বিষয়ে কল্পিত কাহিনী লিখা বুলি এই গ্ৰন্থ নিষিদ্ধ কৰা হৈছে৷ তাৰোপৰি ইয়াত বৰ্ণনা কৰা কাহিনী আৰু সময়ৰ মিল নাই৷ কিন্তু ইয়াত উল্লেখ থকা কিছুমান তথ্য বা কথা একেবাৰে উলাই কৰিব পৰা নাযায়৷ বৰ বাৰভূঞাসকলৰ লহকৰ, ৰায়, উজীৰ আদিৰ বংশধৰসকল এতিয়াও উজনি অসমত বাস কৰি আছে৷ আহোম ৰজাৰ অধীন হোৱাৰ পিছত বিষয়বাব গ্ৰহণ কৰি বহুতে ভূঞা উপাধি হেৰুৱাই পেলালে৷ উদাহৰণস্বৰূপে এই লেখকে জনাত ড॰ নগেন শইকীয়া মূলতে উজীৰ ভূঞা বংশৰ; বিশ্বনাথ জিলাৰ কামদেৱালত থকা লহকৰ গাঁৱৰ [চুবুৰী] ভূঞাসকল, নাৰায়ণপুৰৰ সাউকুছিত থকা ৰায় ঘৰ, নাৰায়ণপুৰ কেন্দ্ৰত থকা উজীৰৰ ঘৰ, পথালিপাহাৰৰ ৰঙতিত থকা লহকৰৰ ঘৰ উল্লেখযোগ্য৷
পণ্ডিত ডিম্বেশ্বৰ নেওগদেৱে তেখেতৰ ‘Growth of the Asamiya Language’ নামৰ গ্ৰন্থত আদিচৰিতৰ কথাৰে লিখিছে– ‘Santanu married Campa by whom he had twelve sons who, as granted by their Solar grandfather, ruled as chiefs on the northen bank of the Brahmaputra with Lakshmipur named after their grandmother as their capital and they became renowned as BarBara Bhuyas.” (pg. ১৪৩) তেখেতে পুনৰ আদিচৰিতৰ বিষয়ে উল্লেখ কৰিছে, “This is sheer anarchronism proving that AC is a spurioius work by some comparatively recent writer ascribing it for some motive to the great Madhawdew. even then the fact stands that the BaraBhuyas were for long the ruling chiefs west of the Kachavis on the southbank and of the Chutias on the north.”
সৰ্বেশ্বৰ বৰুৱাদেৱে জিলাখনৰ নামটো প্ৰবন্ধত উল্লেখ কৰিছে “বাৰভূঞাসকলৰ উৎপত্তি বিষয়ক ‘আদিচৰিত’ নামৰ পুথিত সবাতোকৈ পুৰণি কাহিনীটো দেখা যায়৷ এইমতে ঠাইখনৰ নামটো আৰিমত্ত বংশৰ শেষৰ ৰজাজনৰ পৰা ৰাজ্য ছলেৰে কাঢ়ি লোৱা মন্ত্ৰী সমুদ্ৰৰ নাতিনীয়েক লক্ষ্মীৰাণীৰ নামৰ পৰা পোৱা৷ তেওঁলোকৰ ৰাজধানীৰ নাম লক্ষ্মীৰাণীৰ নামানুসাৰে লক্ষীমপুৰ ৰখা হৈছিল৷ গুৰুচৰিত পুথিত বাৰভূঞাসকলৰ যি আখ্যান পোৱা যায় তাৰমতে লক্ষীমপুৰ নামটোৰ আতিগুৰি শ্ৰীশঙ্কৰদেৱৰ বুঢ়ীমাক লক্ষ্মীআই নামৰ পৰা উলিওৱা হৈছে৷ শান্তনুৰ মাক লক্ষ্মীৰাণী বাৰভূঞাৰ বুৰঞ্জীমতে পঞ্চদশ শতিকাৰ প্ৰথম অৰ্দ্ধাংশৰ লোক আৰু তেওঁৰ নাম অনুসৰি তেওঁৰ দিনৰ ৰাজধানী লক্ষীমপুৰৰ ১৪৩৮ চনত নামাকৰণ কৰা হয় বুলি তাত আছে৷” [কিন্তু নকুল চন্দ্ৰ ভূঞাৰ ‘বাৰভূঞাৰ চমু বুৰঞ্জী’ত উল্লেখ আছে দ্বাদশ শতিকাৰ আগছোৱাতে লক্ষ্মী কুঁৱৰী ৰাজপাটত বহে]৷
সৰ্বেশ্বৰ বৰুৱাদেৱে লক্ষ্মীৰাণী আৰু লক্ষ্মীআই একেগৰাকী মহিলা নহয় বুলি আৰু তেওঁলোকৰ নামৰ পৰা লক্ষ্মীপুৰ [লক্ষীমপুৰ] হোৱা নাই বুলি মতপোষণ কৰে৷ চতুৰ্দশ শতিকাৰ শেষৰ ফালে আৰু পঞ্চদশ শতিকাৰ আদিতে শদিয়াত ৰাজত্ব কৰা চুতীয়া ৰজা সত্যনাৰায়ণ আৰু লক্ষ্মীনাৰায়ণ ৰজাই মাটি দানৰ সময় ১৩১৪ শক [ইং ১৩৯৩ চন] আৰু ১৩২৩ শক [ইং ১৪০১ চন] বুলি লিখা তামৰ ফলি দুখনত উল্লেখ থকা ঢল নৈৰ পাৰত গোটাপৰা গাঁও আৰু স্বৰ্ণশ্ৰী [সোৱণশিৰি]ৰ পাৰৰ বখনা গাঁও বুলি উল্লেখ কৰা আছে৷ শ্ৰী লক্ষ্মীনাৰায়ণ নামাঙ্কিত পোৰামাটিৰ মোহৰ থকা এটুকুৰা ইটাও উদ্ধাৰ হৈছে৷ এই সকলো প্ৰমাণলৈ চাই লক্ষ্মীনাৰায়ণৰ নামৰ পৰাই ‘লক্ষীমপুৰ’ হৈছে বুলি তেখেতে মতপোষণ কৰে৷ তেখেতে উল্লেখ কৰিছে, “মহাৰাজ লক্ষ্মীনাৰায়ণে পূৰ্বে এই ঠাইতে নিজ নামেৰে এখন প্ৰান্তীয় নগৰ স্থাপন কৰা খুব সম্ভৱ৷”
ৰাজমোহন নাথে আকৌ সত্যনাৰায়ণ আৰু লক্ষ্মীনাৰায়ণক কলিতা ৰজা বুলিহে উল্লেখ কৰিছে৷ এওঁলোকে দুঠাইত দুখন সদৰ ঠাই তথা ৰাজধানী পাতিছিল, “Two frontier head-quaters were established–Narayanpur in the south-western end by Satyanarain to guard against the Varahi; and Lakshimipur in the north western end by Lakshminarain to check the Sootias. Both these two stations, though the location of Lakshmipur the headquaters station of the present North Lakhimpur subdivision has moved at present several miles to the south-west.”(Pg- 66)
পদ্মনাথ গোহাঞিবৰুৱাই অসম বুৰঞ্জীত উল্লেখ কৰিছে “.....ইফালে ককায়েক শান্তনুৰ ফৈদৰ বংশ-পৰিয়াল ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ৰঙ্গগ্ৰাম নামে ঠাইত থিতাপি হ’ল৷ কালত এই বৰ ফৈদে বুঢ়ীমাক লক্ষ্মীৰাণীৰ নাম অনুসৰি সিবিলাকৰ ৰাজ্যৰ নাম লক্ষ্মীপুৰ ৰাখিলে৷ সেয়ে এতিয়া উত্তৰ লক্ষীমপুৰ৷” [পৃ-৪১]
কনকলাল বৰুৱাই ‘Early History of Kamrup’ গ্ৰন্থত লিখিছে, “The Bhuyans of Eastern Assam Valley claimed a different origin. They traced their descent from Santanu and Samanta the two grand sons of Samudra who was the minister of Arimatta... The descendants of Santanu settled ib the Nowgong district while the descendants of Samanta remained in Lakhimpur which was named after Lakshmi the mother of Santanu and Samanta. It is said that one of Santanu’s descendants was Rajdhar, the grand-father of Sri Sankardev.” (pg- 186)
ছাৰ এড্ৱাৰ্ড গেইটে ‘ট্ট History of Assam’ গ্ৰন্থত লিখিছে “...Samudra was succeeded by his son Manohar and the latter’s daughter Lakshmi gained the love of the Sungod, by whom she had two sons Santanu and Samanta..... Santanu and his sons going to Rampur in Nowgong, while Samanta remainded at lakhimpur, the place from which the modern district of Lakhimpur takes its name.” (pg-39 Ed. 1962)
‘ডিমাছা সংস্কৃতিৰ ৰূপৰেখা’ গ্ৰন্থতো লোকেশ্বৰ গগৈয়ে উল্লেখ কৰিছে, “...মাতৃ লক্ষ্মীআয়ে লক্ষীমপুৰ নগৰ স্থাপন কৰি ৰাজ্য পাতিলে৷ লক্ষ্মীআইৰ পুত্ৰদ্বয় সুমন্ত আৰু শান্তনু বুঢ়ী গোসাঁনীৰ উপাসক আছিল৷ সুমন্ত বিষ্ণুৰো উপাসক আছিল৷ লক্ষ্মীআইৰ পৰৱৰ্তী বংশধৰবৰ্গই পাণপুৰ, নাৰেংপুৰ [নাৰায়ণপুৰ], গহপুৰ, প্ৰতাপপুৰ, কলংপুৰ, বিহিমপুৰ প্ৰভৃতি নগৰ স্থাপন কৰি ভূঞা ৰাজ্যৰ বিস্তাৰ কৰিছিল৷”
সৰ্বানন্দ ৰাজকুমাৰে ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ গ্ৰন্থৰ পাদটীকাত উল্লেখ কৰিছে, “লক্ষ্মীদেৱীৰ নাম অনুসৰি তেওঁ বাস কৰা ভূখণ্ডক লক্ষীমপুৰ বোলা হয়৷” [পৃষ্ঠা-৫০৯]
‘লক্ষ্মী’ নামৰ কোনো ৰাণী বা ৰজাৰ নগৰ বা ৰাজধানী [পুৰ] থকাৰ কাৰণেই যে ‘লক্ষ্মীপুৰ’ হৈছে ইয়াত কোনো সন্দেহ নাই; উল্লেখিত তথ্যসমূহেই ইয়াৰ প্ৰমাণ দাঙি ধৰে৷ মানুহৰ মুখবাগৰি কালক্ৰমত লক্ষ্মীপুৰ ‘লক্ষীমপুৰ’ হ’ল [যেনেদৰে ‘ৰত্নপুৰ’ ৰতনপুৰ হ’ল, তেনেদৰে ‘লক্ষ্মীপুৰ’ লক্ষীমপুৰ হ’ল৷ সৰ্বসাধাৰণতে অসমীয়া ভাষাৰ শব্দৰ শেষৰ বৰ্ণ অ-কাৰন্ত হ’লে ব্যঞ্জনান্ত উচ্ছাৰণ হয় যদিও তাক ব্যঞ্জন চিনেৰে দেখুৱা নহয়]৷ ইংৰাজৰ হাতত পৰি ইয়াৰ ইংৰাজী লিপ্যন্তৰ ভিন্ন হ’ল৷ মফট্ মিল্ছৰ ৰিপৰ্টত ‘লক্ষীমপুৰ’ Lakshimpur নহৈ Luckimpoor হ’ল৷ গেইটে আকৌ Lakhimpur [লখিমপুৰ] লিখিলে; আচলতে হ’ব লাগিছিল ‘Lakshimpur’ [ক+ষৃ=ক্ষ; K+sh=ksh)
যি সময়ত অসমৰ ৰাইজ আৰু অসম চৰকাৰে ঠাইৰ নামৰ ইংৰাজী উচ্ছাৰণৰ লিপ্যন্তৰ সলনি কৰি ‘Gauhaty’ [গৌহাটী]ৰ ঠাইত ‘Guwahati’ [গুৱাহাটী], ‘Nowgong’ [নওগং]ৰ ঠাইত ‘Nagaon’ [নগাঁও] আদি লিখিছে তেনে সময়তে কেইগৰাকীমান লোকৰ পৰামৰ্শ অনুসৰি অসম চৰকাৰে ২০০১ চনত ইংৰাজী লিপ্যন্তৰ ‘Lakhimpur’ (Kh=খ] অনুকৰণ কৰি ‘লক্ষীমপুৰ’ [ইং Lakshimpur)ৰ ঠাইত Lakhimpur) লিখিবলৈ অধিসূচনা জাৰি কৰি ইংৰাজে কৰা ভুল লিপ্যন্তৰকে নিগাজী কৰিব বিচাৰিলে [এনে অধিসূচনাৰ বিৰুদ্ধে স্বগীৰ্য় প্ৰফুল্ল বৰুৱাদেৱে মোকদ্দৰ্মা তৰিছিল; ‘লক্ষীমপুৰ’ নামৰ সমৰ্থক হিচাপে এই লেখকেও সাক্ষী দিছিলো] কোনো কোনো বিশিষ্ট লোকে ঠাইখন [জিলাখন] লখিমীৰে ভৰপূৰ কাৰণে ‘লখিমপুৰ’ হ’ব লাগে বুলি কয়৷ কিন্তু ‘পূৰ’ [দীৰ্ঘঊকাৰ] আৰু ‘পুৰ’ [হ্ৰস্বউকাৰ] দুটা পৃথক অৰ্থযুক্ত শব্দ৷ প্ৰথমটোৰ অৰ্থ [পূৰ] ভৰপূৰ, পূৰ্ণ (full); দ্বিতীয়টোৰ অৰ্থ নগৰ বা ৰাজধানী৷ আকৌ কোনো কোনোৱে ক’ব বিচাৰে যে ‘ক্ষ’ৰ উচ্ছাৰণ ‘খ’ৰ দৰে হয় কাৰণে ‘লখিমপুৰ’ লিখা হয়৷ কিন্তু অসমীয়া ভাষাত [ইংৰাজী ভাষাতো] উচ্ছাৰণ অনুসৰি সকলো বৰ্ণ লিখা নহয় [যেনে– ণ, ন; চ, ছ; শ, ষ, স], বানান অনুসৰিয়েই লিখা হয়; আনহাতে অসমীয়া বৰ্ণমালাৰ পৰা ‘ক্ষ’ বৰ্ণক [ক+ষ] এতিয়াও আঁতৰোৱা নাই৷
ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮৩০ চনত বৃটিছে পুৰন্দৰ সিংহক উজনি অসমখণ্ডৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শদিয়া অঞ্চল আৰু মটক ৰাজ্য এৰি কৰতলীয়া ৰজা হিচাপে শাসন চলাবলৈ দিয়ে৷ কিন্তু ৰজাই সময়মতে নিৰ্দিষ্ট পৰিমাণৰ কৰ আাদায় দিব নোৱাৰাত বৃটিছে ১৮৩৮ চনত তেওঁৰ হাতৰ পৰা শাসনভাৰ নি এখন জিলা গঠন কৰে৷ তেওঁলোকে উত্তৰপাৰ অঞ্চলটো উত্তৰে চিচি-ধেমাজিৰ পৰা দক্ষিণে বিশ্বনাথ পৰ্যন্ত সামৰি ‘লক্ষীমপুৰ’ নামেৰে এখন জিলা গঠন কৰে৷ বোধহয় ‘লক্ষ্মীপুৰ’ তথা ‘লক্ষীমপুৰ’ নামটো আৰু ইয়াৰ ইতিহাস লোকসমাজত মুখে মুখে চলি আহিছিল৷ কিন্তু কেনা লাগিল ইংৰাজী অক্ষৰানুবাদত৷ মফট্ মিল্ছে ১৮৫৩ চনত বৃটিছ চৰকাৰক দিয়া প্ৰতিবেদনত উল্লেখ কৰিছে, “The zillah is composed of three divisions, Luckimpoor on the northbank of the Bhramapootra, Muttock and Suddyah on the south bank.”
বৃটিছে ৰাজহ সংগ্ৰহৰ সুবিধাৰ্থে অসমক ছটা ভাগ কৰি ছখন জিলা গঠন কৰিছিল, [১] গোৱালপাৰা, [২] কামৰূপ, [৩] দৰং, [৪] নগাঁও, [৫] শিৱসাগৰ, [৬] লক্ষীমপুৰ৷ বুৰঞ্জীবিদ সৰ্বেশ্বৰ বৰুৱাদেৱে তেখেতৰ পিতামহ মহেশ্বৰ বাপু বৰুৱাদেৱক বৃটিছে দিয়া এখন কাগজৰ কথা উল্লেখ কৰি লিখিছে– “...এখন পুৰণি ধৰণৰ তুলাপাতত লিখা পুৰণি মৌজাদাৰৰ চনদত তেতিয়াৰ প্ৰধান এছিষ্টেণ্টে কমিচনাৰৰ চৰকাৰী মোহৰত ‘জিলা লক্ষীমপুৰ মুলুক আসাম উত্তৰপাৰ’ বুলি উল্লেখ আছে, তাৰিখ দিয়া আছে ‘লক্ষীমপুৰ ১৮ ফেব্ৰুৱাৰী ১৮৩৯”৷
১৮৪২ চনত বৃটিছে শদিয়া আৰু মটক ৰাজ্য [ডিব্ৰুগড়, তিনিচুকীয়া আৰু চিচি-ধেমাজি অঞ্চল] লক্ষীমপুৰ জিলাৰ লগত চামিল কৰাত জিলাখনৰ পৰিসৰ বাঢ়িল৷ সেয়ে আগতে জিলাখনৰ সদৰ ঠাই লক্ষীমপুৰ আছিল যদিও প্ৰশাসনৰ সুবিধাৰ কাৰণে সদৰ ঠাই ডিব্ৰুগড়লৈ স্থানান্তৰ কৰিলে৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে থকা ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়াৰ জিলা লক্ষীমপুৰ হ’লেও প্ৰকৃত লক্ষীমপুৰ ঠাইখন [যিহেতু অন্য নাম নাছিল] ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে থকাৰ কাৰণে ‘উত্তৰ লক্ষীমপুৰ’ বোলা হ’ল৷
ডাক পুৰুষে কৈছে, “লৰৰ নিষ্ফল মাজত আছে নৈ”; ব্ৰহ্মপুত্ৰ নদীখন মাজত থকাৰ কাৰণে সদৰ ঠাই ডিব্ৰুগড়লৈ যাতায়াতৰ অনেক অসুবিধা লক্ষীমপুৰীয়া আৰু ধেমাজীবাসী ৰাইজৰ আহি পৰিল; লগতে জিলাখনত জনসংখ্যাও বাঢ়ি আহিল৷ এনে অনেক অসুবিধাৰ কাৰণে আৰু প্ৰশাসনৰো সুবিধাৰ কাৰণে ১৯৭২ চনৰ দুই অক্টোবৰ তাৰিখে তথা গান্ধী জয়ন্তীৰ দিনা উত্তৰ লক্ষীমপুৰ আৰু ধেমাজি মহকুমাক লৈ লক্ষীমপুৰ জিলা গঠন হৈছে৷
লক্ষীমপুৰ জিলাখন যেনেদৰে শস্য-মৎস্যৰে পৰিপূৰ্ণ তেনেদৰে ঐতিহাসিক সম্পদেৰেও পৰিপূৰ্ণ৷ ইয়াত ঐতিহাসিক দ’ল-দেৱালয়, থান-সত্ৰ, মঠ-মন্দিৰ আদি অনেক আছে৷ দশম শতিকাৰ বুলি অনুমান কৰা বাসুদেৱ থানৰ বাসুদেৱ মূৰ্তি, হাৰ্হি দেৱালয়, গৰখীয়া থান, নীলদেৱালয়, পঞ্চানন দেৱালয়, পদুমণি আইথান, বৈঠাৱতী দেৱালয়, মূঢ়াভগা দ’ল, বুঢ়ীগোসাঁনীৰ থান, পোতাগোসাঁনীৰ থান, লোনপানী দ’ল, মাঘনোৱা দ’ল, ফুলবাৰী দেৱালয় [বৰ্তমান মাঘনোৱা দ’লৰ চৌহদ], পেটুৱা গোসাঁনীৰ থান আদি উল্লেখযোগ্য৷ মাঘনোৱা দ’লৰ কাষতে থকা মাঘনোৱা বিলৰ ইতিহাস অতি পুৰণি [প্ৰায় ৮৯ বিঘা মাটি যোৰা এই বিলখন দ্ৰোপাং নদীয়ে পুতি পেলালে]৷ ৰামচৰণ ঠাকুৰ বিৰচিত ‘গুৰুচৰিত’ পুথিমতে পাণ্ডু ৰজা আৰু তেওঁৰ দ্বিতীয়াহিষী মাদ্ৰী এই অঞ্চললৈ আহিছিল৷ ঋষি শাপগ্ৰস্তা মাদ্ৰী বোলে ইয়াতেই দ্ৰৱীভূত হৈছিল কাৰণে ‘মাদ্ৰীদ্ৰৱা’ আৰু কালক্ৰমত মুখ বাগৰি ‘মাঘনোৱা’ হ’ল৷ তেওঁ দ্ৰৱীভূত হোৱা ঠাইখনতে বিল সৃষ্টি হৈছিল৷
ইতিহাস প্ৰসিদ্ধ পিচ্ছিলা [পিছলা নদী], শ্বেতগঙ্গা [বগীনদী], স্বৰ্ণশ্ৰীযসুৱৰ্ণশ্ৰী [সোৱণশিৰি নদী], ঘাগৰ, ৰঙ্গানদী [ৰঙানদী], ডিক্ৰং নদী জিলাখনৰ মাজেদি চিৰপ্ৰৱাহিত হৈ থাকি জিলাখনৰ ঐতিহ্য বহন কৰি আহিছে৷ জিলাখনৰ বিভিন্ন স্থানত থকা ৰাধাপুখুৰী, গোহাঁই পুখুৰী, কন্দলি পুখুৰী, ৰঙতি পুখুৰী, বছা পুখুৰী, লেটেকু পুখুৰী, উজীৰৰ পুখুৰী [ৰঙাজান উজীৰৰ টৌলত], বুঢ়াপুখুৰী [বৰ্তমান নাই, দ্ৰোপাং নদীয়ে পুতিলে], বুঢ়ীপুখুৰী [দুয়োটা পুখুৰী ওচৰা-ওচৰিকৈ থকাৰ কাৰণে সেই নামেৰে ‘বুঢ়াবুঢ়ী’ হয়], বৰলা পুখুৰী, মানকটা পুখুৰী, জাপজুপ পুখুৰী, শুকান পুখুৰী, গড়ীয়া পুখুৰী, কলিতা পুখুৰী আদি শত-সহস্ৰ পুখুৰী আছে৷ এই পুখুৰীসমূহে অতীতৰ আঢ্যৱন্ত লোকৰ বসতিস্থলৰ কথাকে সোঁৱৰাই দিয়ে৷
এই জিলাৰ ভিতৰতে মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য ‘বঢ়াৰপো’ মহাপুৰুষ মাধৱদেৱ, মাধৱদেৱৰ প্ৰিয় শিষ্য কমলাকান্ত ওৰফে বদলা পদ্মআতা, মায়ামৰা সম্প্ৰদায়ৰ আদিগুৰু মহাপুৰুষ অনিৰুদ্ধদেৱ, মহাপুৰুষ হৰিদেৱ, ৰুচিনাথ কন্দলি, ৰত্নাকৰ কন্দলি, নিৰঞ্জনদেৱ, যদুমণিদেৱ, নাৰায়ণদেৱ, পুৰুষোত্তম আতা, কলাপচন্দ্ৰ দ্বিজ, হৰি ভাৰতী, জয় ভাৰতী, ৰামমিশ্ৰ, ৰামদাস, হৰিদাস, কেশৱচৰণ আতা আদি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ জন্মস্থান৷
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি সাহিত্য কাণ্ডাৰী ৰায়বাহাদুৰ পদ্মনাথ গোহঞিবৰুৱা, শিশু-সাহিত্যিক পানীন্দ্ৰনাথ গগৈ, বুৰঞ্জীবিদ সৰ্বেশ্বৰ বৰুৱা, সাহিত্য একাডেমী বঁটা প্ৰাপক পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্ৰী আদি কৃতীমানসকল এই জিলাতে জন্মগ্ৰহণ কৰিছিল৷ সৰ্বেশ্বৰ বৰুৱাদেৱ জিলাখনৰ প্ৰথম গ্ৰেজুৱেট [স্নাতক] বুলি জনা যায়৷ তেখেত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতিও আছিল৷ লাচিত বৰফুকনৰ ‘মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি মহৎ বাণীফাকি বৰুৱাদেৱেই পোনপ্ৰথমে মহাবীৰ লাচিত বৰফুকন প্ৰবন্ধত লিপিবদ্ধ কৰি নিৰাকাৰ শব্দ ব্ৰহ্মক সাকাৰ ৰূপ দিলে৷ ইয়াৰ উপৰিও নীলক_ গোহাঞিবৰুৱা, চাদিৰ হুচেইন, চিৰাজুল হক বৰুৱা, ইক্ৰাম আলি হাজৰিকা, ললিত শৰ্মা বৰুৱা আদি কৃতবিদ্য সন্তানসকলে জন্মগ্ৰহণ কৰিছিল৷ বৰ্তমানৰ বিশিষ্ট বিজ্ঞানী পদ্মশ্ৰী উদ্ধৱ ভঁৰালীয়েও জিলাখনক ধন্য কৰিছে৷
বৰ্তমান লক্ষীমপুৰ জিলাৰ মাটিৰ কালি ২২৭৭ বৰ্গ কিলোমিটাৰ; ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১০,৪০,৬৪৪ জন; ইয়াৰে পুৰুষ,২৯,৪৮৪ জন আৰু মহিলা ৫,১১,১৬০ গৰাকী৷ নগৰ চাৰিখন, ৰাজহ চক্ৰ সাতটা, উন্নয়ন খণ্ড ৯ টা, গাঁও পঞ্চায়ত ৮১ খন, ৰাজহ গাঁও ১১৮৫ খন আৰু ৰাষ্ট্ৰীয় ঘাইপথ ১০১ কিলোমিটাৰ৷
বৰ্তমান এই জিলাত এখন বিশ্ববিদ্যালয়, চৌবিশখন মহাবিদ্যালয়, বি.এড. কলেজ, পশু চিকিৎসা মহাবিদ্যালয় সহিতে ২৪ খন কনিষ্ঠ তথা জ্যেষ্ঠ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, উচ্ছ মাধ্যমিক আৰু মাদ্ৰাছা সহ ২৫৭ খন, ৭১৪ খন মধ্য ইংৰাজী আৰু মজলীয়া বিদ্যালয় আৰু ২,১২৩ খন প্ৰাথমিক বিদ্যালয় আছে৷ জিলাখনৰ শিক্ষিতৰ হাৰ ২০১১ চনৰ পিয়লমতে ৭৮.৩৯ জন৷ জিলাখনত এখন চিকিৎসা মহাবিদ্যালয়, ২৩ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৫ খন চিকিৎসালয় আছে; আৰক্ষী থানা ৯ খন আছে; সংৰক্ষিত বনাঞ্চল ৩ খন আছে– [১] দুলুং [মাটি কালি ৯৫৮৪ একৰ], [২] কাকৈ [মাটি কালি ৯২০০ একৰ], [৩] ৰঙা [মাটি কালি ২১০০]৷ ইয়াৰ উপৰিও চৰাই-চিৰিকটি সংৰক্ষণৰ কাৰণে বৰদৈবাম পক্ষী উদ্যান আৰু ৰঙানদীৰ পশ্চিম পাৰে শতজান জলাশয় আছে৷ পাভ বনাঞ্চল বৰ্তমান বিলুপ্তিৰ পথত৷।