top of page

মা

মনোৱাৰা বেগম

লক্ষীমপুৰ

               মা, মোৰ মৰমৰ মা, কিমান কোমল, কিমান মূলায়ম মিঠা শব্দ এই মা৷ তোমাৰ ওচৰত কিমান যে নিৰাপত্তা অনুভৱ কৰিছিলো৷ এটা সময়ত তুমিয়েই মোৰ আশা ভৰষা স্থল৷ স্নেহ, মমতাৰ ভাণ্ডাৰ আছিলা মা৷ কিমান যে তুমি নিজৰ দুখ-দুৰ্দশা চেপি ৰাখি আমাৰ মুখত হাঁহি ফুটাইছিলা৷ মনত পৰিলে এতিয়া মোৰ নিজকে অপদাৰ্থ নিচিনা লাগে৷ তোমাক অন্তৰত আমি বহুত আঘাত দিলো ৷ জানো মাতৃৰ দুই চৰণৰ তলত সন্তানৰ স্বৰ্গ৷ বহু কথা জানিও নজনা হওঁ৷ সময়ৰ লগত নিজৰ খোজ মিলাই অহংকাৰ, গৰ্বভাৱে আগবাঢ়ি গৈ তোমৰ নিস্বাৰ্থ মৰম ভাল পোৱাবোৰ মোহাৰি মষিমূৰ কৰি পেলালো৷ যশ খ্যাতিৰ লালসাত সকলো পাহৰিলো তোমাৰ মায়া মমতা৷ আজি তোমালৈ বৰকৈ মনত পৰিছে মা৷ ইমান সুন্দৰ মা শব্দটো মুখলৈ ননাকে ৪০ বছৰ কেনি পাৰ হৈ গ’ল গমকে নাপালো৷ আজি বৰকৈ মনত পৰিছে মা৷ ইমান অট্টালিকা সদৃশ ঘৰ, সু-সজ্জিত  কোঠা সু-কোমল বিছনাত বাগৰি মোৰ টোপনি নহা হ’ল৷ বাৰে বাৰে মনত পৰে চোতালত পাটী পাৰি আমি তিনিটা ককাই-ভাইক তুমি বিছনীৰে বিচি, গুণ-গুনোৱা সময়বোৰলৈ৷ আমাৰে মইনা শুব, বাৰিতে বগৰী ৰুব৷ তোমাৰ কোলাত মূৰ থৈ শোৱালৈ আমি কৰা কাজিয়া বোৰলৈ৷ তুমি হাঁহি হাঁহি আমাৰ তিনিওৰে মূৰ কেইটা কোচত ভৰাই লোৱা দৃশ্যবোৰলৈ৷ স্কুলৰ পৰা আহোতে কোনটোৱে মাক আগত চুব পাৰো কৰা প্ৰতিযোগিতা বোৰলৈ৷ ঠাণ্ডা ভাতত পানী, দালি, আলু পিটিকা, মাছৰ পিটিকাৰে তুমি খুৱাই দিয়া ভাতৰ সেই সোৱাদ বোৰ এতিয়া ক’তো বিচাৰি নাপাওঁ৷ স্কুল যাওঁতে কাপোৰ পিন্ধোৱা, মূৰ আচোঁৰা, কিতাপ বহী বিচাৰি দিয়া তুমি নকৰিলে আমি ওলাবই নোৱাৰো৷ ৰাষ্টাৰ বাওঁফালে যাবি, কাৰো লগত কাজিয়া নকৰিবি, স্কুলত কিতাপ-বহী এৰি নাহিবি৷ সদায় দিয়া উপদেশবোৰ এটা সময়ত আমনিদায়ক হৈ পৰিছিল৷ বিৰক্তিও হৈছিল৷ সদায় কিমান একেখিনি কথা শুনি থাকিম৷ ওলোটাই কেতিয়াবা ভেকাহি মাৰি দিছিলো৷ কিন্তু এতিয়া সেইবোৰ কথা ৰোমন্থন কৰি মনটো নষ্টালজিক হৈ পৰিছে৷

               ৰিণিকি ৰিণিকি মনত পৰে শৈশৱতে কপিলী নদীত সাঁতুৰি-নাদুৰী ডাঙৰ হোৱা৷ কপিলী নদীৰ পৰা প্ৰায় আধা ফালং আঁতৰত কেতেকী বাৰীত আমাৰ ঘৰ৷ বাৰিষা তিনিখন পাহাৰৰ পৰা বাগৰি অহা পানীয়ে গাওঁখনৰ সকলোৰে ঘৰ-বাৰী, খেতি-বাতি নষ্ট কৰে৷ আমি হাঁহ-কুকুৰা, গৰু-ছাগলী লৈ কোনো বছৰ নদীৰ মথাউৰিত তীপাৰ্ল তৰি, নতুবা ওখ ভেটি থকা স্কুল ঘৰটোত আশ্ৰয় লওঁ৷ গাঁৱৰ সকলোৰে একেই দুৰ্গতি ৷ মই বীৰেণ ভাইটি দুটা হীৰেণ আৰু ধিৰেন, মা-দেউতা, আইতা এইয়াই আমাৰ পৰিয়াল৷ কপিলীত পানী বাঢ়িলে মই আৰু লগৰীয়া দুটামান লৈ কলৰভূৰ চলাওঁ ৷ বানপানী আহিলে বৰ ভাল পাওঁ বিশেষকৈ স্কুল যাব নালাগে৷ পঢ়িব নালাগে৷ বিন্দাছ মথাউৰি ওপৰত টাংগুটি খেলা, মাৰ্বল খেলা, দৌৰা-দৌৰি কৰা৷ কোনে পায় আৰু আমাক৷ হো হোৱাই বাঢ়ি অহা পানীৰ লগতে বুকু কপি যোৱা গৰ্জনে মনলৈ ভয় ভাৱ আহিলে মাকে গবা মাৰি ধৰো আৰু মাৰ আঁচলৰ আঁৰত ৰৈহে শান্তি পাওঁ৷ গৰুৰ হেম্বেলনি, ছাগলীৰ বেবনী, হাঁহ-কুকুৰাৰ চিঞৰ, মানুহৰ কথোপকথন, হাই-উৰুমি এক বিশৃংখল পৰিৱেশ লৈ থাকিব লগীয়া হয়৷ লাহে লাহে পানী শুকাবলৈ ধৰে তেতিয়া নাকত সোপা দিবলগীয়া হয়৷ যতে ততে পৰি থকা মৰা শৰ কি যে উৎকত গোন্ধ৷ বানপানীয়ে প্ৰত্যেকৰ ঘৰৰ ভিতৰত একাঠু বোকা [পলস] পেলাই থৈ যায়৷ কাঁহি, বাতি চৰু-কেৰাহী উটি ভাঁহি যতে-ততে লাগি ধৰি থকা বা বোকাত আধা পোতা সেই বিলাক ওলিয়াই আৰু দেউতাই কোৰেৰে মজিয়াখন চুচি চাফা কৰে৷ তাৰ পিছতহে চৌকা জ্বলাব পৰা যায়৷ মথাউৰি বা স্কুল ঘৰখন থাকোতে চৰকাৰৰ ফালৰ পৰা কিবা-কিবি খাবলৈ পাওঁ৷ খাই কেতিয়াবা পাৰত জুই জ্বলাই কৰবাত ভাত বনাই ওচৰত পোৱা কচু ঢেকীয়াৰে সিজাই দিয়া সেইসাঁজ ভাতৰ সোৱাদ আজিও অনুভৱ কৰো৷ মাৰ হাতৰ সকলো বস্তুৱেই খালে সোৱাদ পাওঁ৷ মা লখিমী আছিল৷ যতে যি পুলিয়েই ৰুৱে তাতে ঠনধৰি উঠে৷ শাক-পাচলি কিনা আমাৰ নহৈছিল ৷ মা বহুত কৰ্মী আছিল৷ ধান দোৱা, ৰোৱা, আলি পাৰ কটা, কঠিয়া তোলা, সকলো কাম দেউতাৰ সমানে সমানে কৰিছিল৷ তাৰ মাজতে আইতাক আল-পৈচান ধৰা, লগতে তাঁতৰশাল খন আছেই৷ কপিলিত আকৌ পল মাৰি আমাক মাছৰ অভাবো পূৰাইছিল৷ ভাতৰ পাতত বহি প্ৰায়ে তিনিটাৰ মাজত মাছ বা মাংস লৈ কাজিয়া হয়৷ সদায় ইটো-সিটোৰ কাহিত থকা মাছ-মাংস ডোখৰ ডাঙৰ দেখো৷ প্ৰায় তিনিওটাকে গালি নপৰাকৈ সমাধান কৰি দিয়ে৷ পিছলৈ নথৈ ও আমাক ভগাই দিয়ে৷ কাৰোবাৰ কিবা জ্বৰ বা বেমাৰ হলে মাৰ ফালে হৈছে আৰু৷ গোটেই ৰাতিটো নুশুৱে, বিচনীৰে বিচি, হাত ভৰি পিটিকি পাৰ কৰে কি কি যে পথ্য বনাই খুৱাব৷ তেওঁ যে এগৰাকী মহান আশ্ৰয় দাতা আছিল৷

               এবাৰ লগৰ এটাৰ লগত ডবৰা-ডবৰিকৈ কাজিয়া লাগিলো৷ চৰ ভুকুৰ পৰা কামোৰা-কামুৰি পালোগৈ ৷ মুখে-নাকে তেজ বৈ গৈছে, তথাপি এৰি দিয়া নাই৷ কোনোবাই এৰুৱাই দিলে তেহে ৰক্ষা৷ ঘৰ পালোগৈ মায়ে হায়ৈ-বিয়ৈ কৰি উঠিল৷ দেউতাৰ সোধ-পোছ নাই কিয় কাজিয়া কৰিবি বুলি হালোৱা এচাৰিৰে ভালকৈ জাৰিলে৷ মায়ে এৰুৱাবলৈ যাওঁতে মাৰ পিঠিতো পৰিল চাত৷ মায়ে বুকুৰ মাজত সোমোৱাই বচালে৷ মাজ মাজে দেউতাই কলাফুল দুটাত বাবৰি ফুল বাচি থাকেই৷ ময়ো জানো কম অঘাইতং, য’তে-ততে, ঘৰত ভাইটি দুটাৰ লগতো    হাত-ভৰি প্ৰেক্টিছ কৰোৱেই৷ সেইদিনা কিন্তু বেছি হ’ল৷ মায়ে পিঠিত, হাত-ভৰিত বন দৰৱ লগাই গোটেই ৰাতিটো সাৱতি ধৰি চকু পানী মচি মোৰ মুখলৈ চাই বহি থাকিল৷ ভাল পোৱা মা, নিস্বাৰ্থ ভাল পোৱা মা৷

               এবাৰ গছৰ পৰা পৰি হাত এখন ভৰি এখনত দুখ পালো৷ ভাল নাভাঙিলে হাড়৷ ফাটিলেহে৷ মায়ে কৰবাৰ পৰা হাড় জোৰা দিয়া লতা আনি বান্ধিছিল৷ সেইকেইদিন গধুৰ হ’লেও মায়ে মোক কোলাত উঠাই বাহিৰলৈ অনা-নিয়া কৰে৷ প্ৰায় এমাহ মান মোক নিজে উঠা-মেলা কৰিব দিয়া নাই৷ মই ভাল হোৱাৰ দুমাহ মান পিছত বীৰেনো পিছল খাই পৰি ভৰি এখন ভাঙিল৷ তাকো মোৰ দৰে ডাঙি-মেলি পৰিচাৰ্য কৰি ভাল কৰিলে৷ মাৰ ভাগৰ বোলা বস্তু নাছিলেই নেকি? ৰাতিপুৱা কুকুৰা ডাকতেই যি উঠিলে ৰাতি এডোখৰলৈকে কামকে কৰি থাকিব৷ ৰাতি শুৱাৰ সময়ত গৰমকালি হাত বিচনীৰে বিচি থাকিব আমাক৷ তাৰ মাজতে টোপনি গ’লে সাৰ পাই আকৌ বিচিব৷ কেতিয়াবা স্কুল বন্ধ হ’লে পথাৰলৈ গোটেই কেইটাক লৈ যায়৷ আলিৰ কাষত বহুৱাই মা পথাৰত নামে৷ আমি তিনিও পথাৰৰ বোকাৰ মাজত সোমাই লুটুৰি-পুতুৰি হৈ থাকো৷ সৰু দুটাই লুটুৰি-পুতুৰি হৈ থাকো৷ ঘৰতো থৈ গ’লে সৰু দুটাই ভিতৰৰ চৰু-কেৰাহী বাহিৰলৈ উলিয়াই খেলি গোটেই নাকে-মুখে চৰু চাই লগাই একলেখিয়া হৈ থাকে৷ মা আহি ধমকি দুটা দি নাদৰ পৰা বাল্টিয়ে বাল্টিয়ে পানী উঠাই ধুৱাই-পখালি লয়৷ মই সৰু চালনি এখন, খালৈ এটা লৈ মাটি মৈয়াই থাকোতে পাছে পাছে গৈ মাছ ধৰো ৷ বটিয়া, গৰৈ ছিটিকা, চেঙেলি, কাৱৈটিলা, তোৰা, খলিহনা, দৰিকণা আদি আধা খালৈ মান লৈ আহো৷ মায়ে হাতত পোৱা ঢেকীয়া, কচুথোৰ, নলটেঙা, ঔটেঙা আদি মাছৰ সৈতে দুপৰীয়া সাঁজ বঢ়িয়াকৈ বনায়৷ টকালি পাৰি আমি খাওঁ ৷ দেউতাই কেতিয়াবা পথাৰৰ পৰা আহোতে হেলচৰ ডাল এটা লৈ আহে৷ মায়ে হেলচৰ ৰঙচুৱা গুটি বাচি আমাক চৰবত বনাই খুৱায় ৷ তেতিয়া তেনেকৈ  খাই  ভাললাগে আমি কৰা বহুতো দোষ মায়ে দেউতাৰ পৰা লুকুৱায়৷ স্কুলৰ পৰা আহি টেঙা বল খেলিবলৈ যাওঁতে প্ৰায়ে লগৰ কিটাৰ লগত কাজিয়া কৰা, বহুতে মাক আহি গোচৰ দিয়ে৷ মায়ে আমাৰ কাণত ধৰি উঠা-বহা কৰায়৷ সৰু দুটাই তাকে দেখি হাঁহিলে তাৰ মাজতে দুটাক দুভুকু দিওঁ ৷ লাভৰ মূৰত মোৰ অকণমান শাস্তি বেছি হয়৷ কাণত ধৰাই আঠু কঢ়ায় থয়৷ মই বেছি ইহঁত কিটাতকে খটাসুৰ আছিলো৷ বদমাছিৰ শেষ নাই৷ নলগা জেঙত লাগি থাকো৷ হ’লেও মায়ে বেছি মৰম ও ভাল পায় মোক৷ গৰম কালি হ’লে চোতালত চাকি জ্বলাই বস্তা বা কলমাৰলিৰ ঢাৰি পাৰি পঢ়ো৷ জাৰ কালি হ’লে ভিতৰত একেই ৰকমে পঢ়ো৷ পঢ়াৰ সময়তো একেই গতি৷ চাকিটো লৈ টনা-আঁজোৰা৷ ওচৰত কাঠি-কামি কৰা দেউতাৰ হুমকিত তল পৰে৷ কি পঢ়ো তাৰ ওপৰত ধ্যান নাই৷ মায়ে কেতিয়ানো ভাত খাবলৈ মাতে বাট চাই থাকো৷ দেউতাই খেতি-খোলাৰ পৰা উঠিলে পকা মিস্ত্ৰিৰ কাম কৰে৷ নিজৰ তেনেকৈ খেতি মাটি নাই৷ লোকৰ মাটিত আধি চুক্তি কৰে৷ কেতিয়াবা কেতিয়াবা মৰগীয়া হালো বাব লগীয়া হয়৷ মায়ে কয় - আধি মাটি মৰগীয়া হাল কৰাতকৈ নকৰাই ভাল৷ তেনেদৰেই জোৰা-টাপলি মাৰি অভাৱ নোহোৱাকৈ সংসাৰ চলায়৷ ময়ো লোকৰ ঘৰত তামোল পৰা কামটো নিগাজীকৈ ল’লো৷ এজোপা গছত উঠি বাৰীখনত যিমান তামোল গছ থাকে এফালৰ পৰা পাৰি যাওঁ৷ বিনিময়ত প্ৰতিজোপাত এঅঁৰাকৈ তামোল পাওঁ৷ গছত উঠিবলৈ মায়ে হাক দিয়ে৷ কিন্তু তামোলকেইটা হাত পাতি লয়৷

               এনেদৰে টিঘিল ঘিলাই ঘূৰি কেই শ্ৰেণী মান পঢ়ি, পঢ়া সামৰিলো৷ মাৰ পৰা কেইটামান টকা লৈ ঘৰে ঘৰে তামোল পাৰি কিনি আনি দেউতাৰ পুৰণা চাইকেল খনকে সাৰথি কৰি তামোলৰ বেপাৰত ধৰিলো৷ লাহে লাহে তামোলৰ লগতে আম, কঠাল, শাক-পাচলি বতৰ চাই যি যি হয় গাঁৱৰ পৰা কিনি নি ওচৰত বহা হাটত বেচিব ললো৷ এনেদৰে হাটৰ পৰা গৈ নগাঁৱৰ টাউনলৈকে পৰিসৰ বাঢ়িল৷ লাভ যথেষ্টখিনি হ’ল৷ দেউতাৰ পুৰণা চাইকেল খনৰ পৰা গৈ মিনি ট্ৰাক আহিল৷ ঘৰ দুৱাৰ দেউতাৰ লগতে মিলি নতুনকৈ বনালো৷ ভিতৰৰ আচবাব আহিল৷ বহুতৰ লগত পৰিচয় হ’ল৷ মাৰ যি প্ৰয়োজন হয় ততালিকে দিব পৰা এজন সফল ব্যৱসায়ী হৈ পৰিলো৷ সৰু দুটাক পঢ়াৰ দায়িত্ব লৈ দেউতাক সকাহ দিলো৷ মোৰ উন্নতিত দেউতাতকৈ মা বেছি আনন্দিত হ’ল৷

               মা মোৰ সকলো সুখ দুখৰ অংশীদাৰ৷ যি কোনো কথা মাৰ লগত চেয়াৰ কৰো৷ গাঁৱৰে গাওঁবুঢ়াৰ ছোৱালী নমিতাৰ কথা মাক কলো৷ দেউতা কোনো পধ্যে সৈমান নহয়৷ কিয়নো এসময়ত আমাৰ হালোৱা গৰু এটাই গাওঁবুঢ়াৰ ঘৰৰ কঠিয়া খাইছিল৷ সেইবুলিয়ে গৰুটো মৰিয়াই বেয়াকৈ আঘাত কৰিলে যাৰ বাবে এমাহ মৰগীয়া হাল বাব লগা হ’ল৷ ময়ো নাচোৰ বান্দা৷ নমিতা আৰু মোৰ হিয়া দিয়া নিয়া তিনিবছৰ হ’ল৷ উপায় বিহীন হৈ মাৰ বুজনিত দেউতাৰ সন্মতিত বিয়াখন হ’ল৷ মায়ে মৰমেৰে কষ্ট নিদিয়াকৈ, কোনো কামৰ বোজা নিদিয়াকৈ বোৱাৰীয়েকক ৰাখিলে৷ কিন্তু নমিতাই যেনে তেনেহে এমাহ থাকি ঘৰলৈ গ’ল৷ গ’ল যি গ’ল এইখন ঘৰলৈ পুনৰ নাহে৷ ময়ো তাইৰ কথাতে হয়ভৰ দি মাৰ কাতৰ চকু, মুখলৈ নোচোৱাকৈ ঘৰৰ পৰা ওলাই ভাড়া ঘৰলৈ আহিলো৷ তাৰ পিছত ঘৰলৈ পিঠি দি দায়িত্ব সামৰিলো৷ হীৰেণেও হাইয়াৰ চেকেণ্ডেৰীটো পাছ কৰি গড়কাপ্তনী বিভাগত ঠিকা কৰিবলৈ ললে৷ সৰু সুৰা ঠিকাৰ পৰা এজন নামজ্বলা ঠিকাদাৰ হল৷ তাৰ লগত গড়কাপ্তনী ৰে হেড এচিষ্টেন এজনৰ সহায়-সহযোগ পালে৷ কিয়নো তেওঁ বয়সস্থ জীয়েকক বিয়া দি ঘৰ জোঁৱাই কৰি গুৱাহাটীত ফ্লেট গাড়ী চমজাই দিলে৷ সৰুটো বীৰেণেও বি. এ. পাছ কৰি ফিচাৰিত চাকৰি লৈ একে অফিচৰ চাকৰি কৰা এগৰাকী বিয়া পাতি গুৱাহাটীত স্থায়ী হৈ পৰিল৷ ময়ো ভাড়াঘৰৰ পৰা গৈ নগাওঁ টাউনত মাটি কিনি বিয়াগোম ফ্লেট বনালো৷ মুঠতে গাড়ী-গোৰাই তমস্কাৰ৷ যিমানেই যি নহওক মা দেউতাৰ বাধা নেওচি আহিছিল নাতি, নাতিনী চাবলৈ৷ ডাঙৰ ঘৰ দেখি মোৰ সুখ দেখি মাৰ চকু মুখ উজ্বলি উঠিল৷ মাৰ থাকিবৰ বৰ ইচ্চা আছিল৷ কিন্তু নমিতাৰ আচৰণত মই ৰখাব নোৱাৰিলো৷ সেই অপৰাধ বোৰে মোক ভিতৰি ভিতৰি কন্দুৱাই৷ কিয় মই বাৰু জোৰকৈ ৰাখিব নোৱাৰিলো?

               দেউতাৰ পুৰণা কফ আৰু বুকুৰ বিষটোৱে মাক এদিন অকলশৰীয়া কৰিলে৷ কোনেও মাক লগত নিব নিবিচাৰিলে৷ মায়ে অকলশৰীয়াকৈ খালী ভেটিটোকে সাৱতি থাকিল৷ এদিন বীৰেণে জোৰকৈ মাক লগত লৈ গ’ল তাৰ এবছৰীয়া ছোৱালীজনীৰ লগৰীয়া কৰি৷ তাত অলপদিন ভালেই আছিল৷ মাৰ কিছুমান কৰ্মই সিহঁতক বিমোৰত পেলায়৷ দুয়োটা অফিচ যোৱাৰ পিছত গেটখুলি মা ওলাই আহি ওচৰৰ মানুহৰ ঘৰলৈ যায় কথাৰ লগ বিচাৰি ৷ গৰু-ছাগলী সোমালেও খবৰ নাই ৷ যি তি কাম কৰিব বিচাৰে ৷ অলপ চিনাকি হোৱা মানুহক মাতি আনি চাহ তামোল খাই কথাৰ মহলা মাৰে ৷ কেঁচুৱাই কান্দি থাকিলেও নিচুকাব নাজানে৷ কিবা কলেও জগৰ লাগে৷ এদিন লেতেৰা বুলি কেৰাহী, পেন আদিত ষ্টিল ওল দি ঘঁহি ঘঁহি বগা কৰিছিল৷ বোৱাৰীয়েকে বিচুতি খালে৷ কিবা কিবি দুয়োটাই টানকৈ শুনালে৷ সেই কথাত মা নাথাকো বুলি ওলাই আহিল৷ গাঁৱৰ বিষ্টু মাজে মাজে গৈ থাকে৷ তাৰ হাতত মাক হীৰেণৰ ঘৰলৈ পঠালে৷ মা হীৰেণৰ ঘৰত নগৈ গাঁৱৰ ঘৰ পালে হি৷ নিজৰ ঘৰলৈ গৈ পাই দেখিলে কেইজন মান মানুহে তেওঁ থকা ঘৰ-দুৱাৰ ভাঙিছে৷ তেওঁ চিঞৰ বাখৰ কৰাত মানুহ কেইজনমানে মাটিখিনি কিনি তাত কিবা কাৰখানা খুলিব বুলি তেওঁ চহী কৰা কাগজ দেখুৱালে৷ মায়ে মই কেতিয়া চহী কৰিলো বুলি মনত পেলাবলৈ চেষ্টা কৰিলে৷ তেওঁ লাহে লাহে মূৰটো ঘূৰাই পৰিব ধৰাত কোনোবাই নি ওচৰত এঘৰত শোৱাই দিলে৷ মায়ে হিয়া ধাকুৰি কান্দিছে৷ নিজৰ উদং বাৰীখন উদং ভেটিটো চাই সহিব নোৱাৰি গাঁৱৰে ল’ৰা এটা লৈ মোৰ ঘৰ ওলাল৷ যি হ’ল হ’ল বুলি তলৰ ৰুম এটাত থাকিব দিলো৷ দুদিন মান ভালেই থাকিল৷ নাতি-নাতিনীক বিচাৰে ওচৰত৷ সিঁহতৰ সময় নাই মাত এষাৰ মাতিবলৈ, মোৰো সময় নাই৷ অকলে অকলে থাকি আমনিও পায়৷ সদায় মাতে কথায়, কাম-বন কৰি থকা মানুহ৷ মায়ে কিবা কৰিলে নমিতাই ভুল ধৰি গালি পাৰে৷ মোক গোচৰ দিয়ে৷ ময়ো একো ক’ব নোৱাৰো৷ মোৰো ভাল নালাগে৷ নমিতাই মাক বোজা বুলি ভাৱে৷ আইতাক তো মায়ে কিমান ভাল পাইছিল৷ তেওঁৰ সকলো যতন মায়ে কৰি দিছিল৷ এইবোৰ দেখি শুনি এদিন অতিষ্ট হৈ মাক লৈ গৈ কস্তুৰি বৃদ্ধা আশ্ৰমত থৈ আহিলো৷ মায়ে বৰকৈ কান্দিলে৷ তোৰ ইমান ডাঙৰ ঘৰটোত চুক এটাকে দে পৰি থাকিম৷ নাই নুশুনিলো৷ মাৰ চকুপানীয়ে মোৰ শিল হৃদয়খন গলাব নোৱাৰিলে৷ তাত থৈ অহা দুটা বছৰৰ পিছত মা ঢুকাল৷ ঢুকোৱাৰ দুমাহ মানৰ পিছত মই গৈছিলো৷ পৰিচাৰিকা জনীৰ পৰা গম পালো ঢুকোৱাৰ আগত আমাৰ তিনিওটাৰে মুখ কেইখন বৰকৈ চাব বিচাৰিছিল৷ বিশেষকৈ মোক৷ মই দি থৈ যোৱা ফোন নম্বৰটোত পৰিচাৰিকা গৰাকীয়ে ফোন লগাই দি মায়ে কথা পাতিব লৈছিলেই৷ মই পিছত পাতিম বুলি ফোন কাটি দিলো৷ সেয়েহে মায়ে ঢুকোৱাৰ পিছত আমাক খবৰ দিবলৈ মানা কৰি গ’ল৷ মাৰ মৰম তেতিয়া নুবুজিলো৷ অন্ধ হৈ গৈছিলো৷ এতিয়া মা মা কৈ কান্দিলেও ঘূৰাই নাপাওঁ৷ জীয়াই থাকোতে তেওঁক অকণমান সন্মান, মৰম মূল্য নিদিলো৷ তেতিয়াৰ পৰা আত্মগ্লানি হ’বলৈ ধৰিলে৷ মাৰ হাঁহি, কথাৰ ভঙ্গী, আচৰণ সমূহ সকলো সময়ত মনলৈ আহিব ধৰিলে৷ টোপনি নহা হ’ল৷ ৰঙীণ পানীয়ৰ মাজত থাকিও টোপনি নাহে৷ ইমান ডাঙৰ ঘৰৰ মাজত থাকিও অশান্তি পাবলৈ ল’লো৷ ঘৰটোৰ চুক এটাত থাকিম৷ আমনি নকৰো কৈছিলে৷ তাকো দিব নোৱাৰিলো৷ মাৰ সৰু পেটটো তিনিওটাৰে ঠাই হ’ল কিন্তু ইমান ডাঙৰ ঘৰ-দুৱাৰ থাকিও মাৰ কাৰণে থাকিবলৈ ঠাই নহ’ল৷ মই বৰ হতভগা সন্তান৷ জীয়াই থাকোতে তেওঁক একো সুখ, আশ্ৰয় দিব নোৱাৰিলো৷ আনকি মৃত্যুৰ পিছতো তেওঁৰ কৰণীয়া খিনি কৰিব সুযোগ নাপালো৷ মা তুমি অতুলনীয়৷ তুমি আমাৰ কাৰণে বহুত কৰিলা বহুত৷ দুখ কষ্টৰ জমা ৰখা মা বেংক৷ বিনিময়ত তুমি অকৃত্ৰিম ভালপোৱা দিলা৷ মাকে সন্তানক বিনা স্বাৰ্থত ভাল পায়৷ সেই ভাল পোৱাত ভেজাল নাই৷ নাই কোনো কৃত্ৰিমতা, মলিনতা৷ তেনে এজনী মাক মই মনত বহুত দুখ-বেদনা দিলো৷ মোৰ নিচিনা দুৰ্ভগীয়া নাই৷

শেষত কওঁ -

               “পৃথিৱীৰ সকলো মা ভালে থাকক, সুস্থ থাকক, সুন্দৰকৈ থাকক৷ তেওঁলোকৰ জীৱন যেন দুখ-বেদনা একোৱেই চুব নাপায়৷ এয়াই কামনা মোৰ৷”

bottom of page