।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
পঁইতা ভাত
লাৱণ্য ৰাণু ফুকন,
উত্তৰ লক্ষীমপুৰ ।
*************
অ'মাইনা বিহু নাচৰ কৰ্মশালা কৰিবলৈ কাৰ লগত আহিছা! "আইতাৰ লগত ",কিয় মা নাহে নেকি ?
"মায়ে বিহু- মানে অসমীয়া গীত ভাল নাপায়! আইতা হেনো গাভৰুতে বিহু কুঁৱৰী আছিল! ময়ো বিহু নাচি ভাল পাওঁ ! সেই কাৰণে আইতাৰ লগতে সদাই আহোঁ !"
ভাল ছোৱালী, (এনেহে মাকজনী জকাইচুকৰ নৰা চালি ঘৰৰ ছোৱালী, বিহু বেয়া পায়,নকৈ নোৱাৰো কতা ফটা মুখ )
************
" হাঁ হাঁ---;"কি হ'ল মিতালী, হাঁহিছা যে--,"অ'খুড়ী আহক,হি, হি মায়ে চাওঁকচোন ধান বহাইছে ,এই টিকা ফলা ৰ'দত, প্ৰধান শিক্ষয়িত্ৰী হৈয়ো!
বহাগ বিহুত হেনো এশ এটা শাকৰ সৈতে পঁইতা ভাত খাব লাগে উখোৱা চাউলৰ ।বজাৰত পায়েই, কিনি আনিলেই হ'ল বুলি কোৱাত শাহুমাই ক'লে "বজাৰৰবোৰ থিয়ৈ থিয়ৈ সিজোৱা, আমি আক' আগদিনা ফুত দি পিছদিনা ফালি ৰ'দত শুকুৱাই মিলত দিওঁ, সেইটোহে আচল উখোৱা চাউল ,তৃপ্তিদায়ক, কষ্ট অলপ... !"
****"********
অ'বাইদেউ এক মিনিট সময় দিব পাৰিবনে ? "কওকচোন"আপোনাৰ,উচ্চ ,নিম্ন ৰক্তচাপ ,বুকু,গাঁঠি, মূৰৰ বিষ,যক্ষ্মা ,কৰ্কট,ৰোগো এই দৰবে ভাল কৰিব।খাই চাওকচোন,আনকি ধুনীয়া হোৱাৰো দৰব আছে।
"মই এনেও ধুনীয়া,মোৰ একো বেমাৰ নাই।সময় ওকলিল যাওঁ দিয়া।বুলি ফিটাহি মাৰি গুচি আহিলো বাপ্পেকে !"
ফিটাহি
বিহু নাচৰ কৰ্মশালা