।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
প্ৰাক্ স্বাধীনতা কালত নাৰীৰ স্থান
(বিশেষ উল্লিখন ‘মৃত্যুঞ্জয়’ উপন্যাস)
ড০ বিনীতা চহৰীয়া
আৰম্ভণি ঃ
নাৰী অবিহনে সৃষ্টি অসম্ভৱ৷ নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য৷ ভাৰতীয় সভ্যতা-সংস্কৃতিত নাৰীয়ে যুগে যুগে দয়া, মমতা আৰু ত্যাগৰ প্ৰতীক হিচাপে বিশেষ স্থান দখল কৰি আহিছে৷ বৈদিক যুগত নাৰীৰ স্থান উচ্ছ আছিল যদিও মনুস্মৃতিৰ কালত তেওঁলোকৰ স্বাধীনতা বহু পৰিমাণে সীমিত কৰিছিল৷ তথাপিও ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত নাৰীসকলৰ অৱদান স্পষ্ট৷ স্বাধীনতা আন্দোলনতো নাৰীসকলে পুৰুষৰ সমানে অংশগ্ৰহণ কৰিছিল৷ ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’ উপন্যাসৰ যোগেদি প্ৰাক্ স্বাধীনতা কালত নাৰীসকলৰ স্থিতি, স্বাধীনতা আন্দোলনলৈ নাৰীসকলৰ ভূমিকা, বাল্যবিবাহৰ প্ৰচলন আদি স্পষ্ট ৰূপত উপস্থাপন কৰিছে৷
অধ্যয়নৰ উদ্দেশ্য ঃ
১৯৪২ চনত ৰচিত ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখনত নাৰী সমাজ, নাৰীসকলৰ সামাজিক মৰ্যাদা আৰু নাৰীসকলৰ কৰ্তব্যবোধ অতি সাৱলীলভাৱে চিত্ৰিত হৈছে৷ উপন্যাসখনত প্ৰাক্ স্বাধীনতা কালত নাৰীৰ স্থান কেনেদৰে প্ৰতিফলিত হৈছে, সেই সম্পৰ্কে আলোচনা কৰাই গৱেষণা পত্ৰৰ মূল উদ্দেশ্য৷
অধ্যয়নৰ পদ্ধতি আৰু উৎস ঃ
‘প্ৰাক্ স্বাধীনতা কালত নাৰীৰ স্থান (বিশেষ উল্লিখন ‘মৃত্যুঞ্জয়’ উপন্যাস)’ শীৰ্ষক বিষয়টো অধ্যয়ন কৰিবলৈ যাওঁতে বৰ্ণনামূলক পদ্ধতিৰ সমান্তৰালভাৱে বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে৷ তথ্য আহৰণৰ মুখ্য উৎস হিচাপে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখন লোৱা হৈছে আৰু গৌণ উৎস হিচাপে এই বিষয়ত আলোচনা হোৱা বিভিন্ন গ্ৰন্থ আৰু প্ৰবন্ধ আদিৰ সহায় লোৱা হৈছে৷
উপন্যাসৰ কাহিনীভাগ ঃ
ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ বাবে ১৯৭৯ চনত ‘জ্ঞানপীঠ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই উপন্যাসখনত বৰ্ণোৱা ঘটনাৰ সময় ১৯৪২৬ন৷ তেখেতে উল্লেখ কৰিছে ‘চৰিত্ৰসমূহ কাল্পনিক৷ অৱশ্যে ইয়াত স্বাধীনতাৰ এই শেষ আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰণ আছে৷ ই ইতিহাস নহয়৷ নিজৰ কালত ঘটা ঘটনাৰ অলেখ নৈত ৰচনা কাহিনীহে৷’ (পাতনি)
স্বাধীনতা আন্দোলনত গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে দেশজুৰি গা কৰি উঠিছিল সশস্ত্ৰ সংগ্ৰামে৷ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী কৰ্মীসকলে আন্দোলনৰ কাৰ্যাৱলীৰ লগত সংগতি ৰাখি ওপৰৰ নিৰ্দেশক্ৰমে ৰেলগাড়ী বগৰোৱাৰ ঘটনা এটাক আলম কৰিয়েই গোটেই উপন্যাসখনে গতি কৰিছে৷ মূল ৰেলগাড়ী বগৰোৱাৰ ঘটনাটোক প্ৰতিফলিত কৰিবলৈ আন্দোলনৰ সমৰ্থনত সকলো জাতি-জনগোষ্ঠী, পাহাৰ-ভৈয়াম একাকাৰ হৈ সকলোৰে প্ৰাণত প্ৰতিফলিত কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে কানিৰ ব্যৱহাৰ-সামাজিক ভেদাভেদ, পুলিচ-মিলিটেৰীৰ অত্যাচাৰ, নাৰীসকলৰ প্ৰতিচ্ছবি, মৃত্যুলৈ ভয় নকৰি স্বাধীনতা অনাৰ সপোন তাক স্পষ্টৰূপত উপন্যাসখনত ফুটাই তুলিছে৷
উপন্যাসখনত প্ৰতিফলিত নাৰীৰ স্থান ঃ
উপন্যাসখনত নাৰীসকল ভিন্ন সময়ত ভিন্ন স্থানত ঔপন্যাসিকগৰাকীয়ে উপস্থাপন কৰিছে৷ প্ৰাক্ স্বাধীনতা কালৰ নাৰীসকলে ঘৰুৱা কাম-কাজৰ উপৰি ব্যৱসায়-বাণিজ্য আদিৰ লগত জড়িত থকাৰ এক চিত্ৰ উপন্যাসখনত বৰ্ণিত হৈছে ঃ
‘গাভৰুজনী প্ৰায়ে তালৈ কপাহ লৈ আহে...কেতিয়াবা হাটত বেহায়, অন্যান্য বস্তু-বাহানি আনিলে...কেতিয়াবা আনে লা গছৰ পৰা পোৱা এঠাৰ লডা৷’ [পৃষ্ঠা-৯-১০]
সেই সময়ত পুৰুষৰ সমানে নাৰীসকলেও স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰিছিল৷ নাৰীসকল ঘৰতে বহি নাথাকি দেশখনক স্বাধীন কৰাৰ যি হেঁপাহ সক্ৰিয়তা তাৰ পৰাই প্ৰতিফলিত হয় যে নাৰীসকলৰ স্থান সেই সময়ত অতি গুৰুত্বপূৰ্ণ আছিল ঃ
‘মই খবৰ পালোঁ, ৰহাতে আছিল ক’লা বাইদেউ, কলি বাইদেউলৈ ডাঁৰৰ বাতৰি ডাঁৰে আহি থাকে৷’ [পৃষ্ঠা-১৪]
‘...গহপুৰত কনকলতাক মৰা দি মাৰিব৷ ঢেকিয়াজুলিত তিলেশ্বৰীক মৰা দি মাৰিব৷’ [পৃষ্ঠা-৬৯]
‘কনকলতা বোলাজনী পাট গাভৰু৷ কপালত দগ্মগীয়া সেন্দুৰৰ ফোঁটৰ লগতে কেঁচাপতীয়া ৰিহা-মেখেলা...কনকলতা যি কনকলতাই৷ নামে-গুণে সাহসে একে...কনকলতাৰ বুকুত হেনো আৰু এটা দগ্মগীয়া সেন্দৰৰ ফোঁট দেখা গ’ল৷’ [পৃষ্ঠা-৭৩]
স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা সেই নাৰীসকলে মিলিটেৰীৰ অত্যাচাৰ কেনেদৰে সহ্য কৰিবলগা হৈছিল, তাৰ বৰ্ণনা উপন্যাসখনত এনেদৰে বৰ্ণনা কৰিছে ঃ
‘কোনোদিনে পৰপুৰুষে ‘স্পৰ্শ’ নকৰা একোজনী সতী তিৰোতাক চোঁচৰাই নিওঁতে গাৰ কাপোৰ-কানি খহি গ’ল৷’ [পৃষ্ঠা-১৫]
‘বুঢ়ীয়ে বাঢ়নী লৈ খেদি গৈছিল৷ তাতে খোপ লাগি গুৰিয়াই গুৰিয়াই আধামৰা কৰিলে৷ চাৰি দিনলৈ তেজ বমি কৰিলে৷ এতিয়া অলপ ভাল৷’ [পৃষ্ঠা-৩৫]
‘কমাৰকুছিৰ গোসাঁনীহঁতক সিহঁতে গ্ৰেপ্তাৰ কৰি দিলে৷ কঁকালত জৰী লগাই নিছে৷ আৰু গৰ্ভৱতী মানুহজনীৰ বাটত কি হয় তাক ভাবি মোৰ চিন্তা লাগি আছে৷’ [পৃষ্ঠা-১৫৫]
তথাপিও কিন্তু নাৰীসকলে নিৰ্ভীক হৈ এই স্বাধীনতাৰ যুঁজখনৰ পৰা পিছলি অহা নাছিল ঃ
‘গা জ্বলি যায়৷ জহনিত যোৱাহঁতক কেনেকৈ এসেকা দিব পাৰি তাকেহে ভাবিছোঁ৷ দলং জ্বলোৱাই দি নহয়৷’ [পৃষ্ঠা-১৭]
প্ৰাক্ স্বাধীনতা কালৰ নাৰীসকলৰ সামাজিক মৰ্যাদা সুকীয়া আছিল৷ বিশেষকৈ উচ্ছবৰ্ণৰ নাৰীসকল অন্যতকৈ কিছু দিশত পৃথক আছিল ঃ
‘তেনেতে এহাতমান ওৰণি লৈ বোকাবৰণীয়া কপাহী মেখেলা-চাদৰ পিন্ধা ঘুটঘুটীয়া বগী মানুহ এজনী...বোপা হাতে হাতে ল’ব নেপায়৷ তুমি বাটি ছুলে গোসাঁনীয়ে আকৌ গা ধুব লাগিব৷’ [পৃষ্ঠা-৩৪]
সেই সময়ৰ সমাজত ব্ৰাহ্মণৰ কন্যাসকলৰ প্ৰতিচ্ছবি উপন্যাসখনত প্ৰতিফলিত হৈছে৷ পুষ্পিতা হোৱাৰ আগতেই সেই সময়ত বিয়া দিয়াৰ প্ৰথা আছিল৷ তাক এনেদৰে প্ৰতিফলিত হৈছে ঃ
‘বামুণৰ ছোৱালী, শান্তি নৌ হওঁতেই বিয়া দিয়া নিয়ম৷ দৰা নাপালে৷ দিলে এটা লাপুং বুঢ়ালৈ...’ [পৃষ্ঠা-৫৭]
ভাৰতীয় সংস্কৃতিত নাৰীৰ স্থান অতি উচ্ছ৷ যুগে যুগে নাৰী বন্দিত আৰু পূজিত হৈ আহিছে এই ভাৰতত৷ ঠিক তেনেদৰে উপন্যাসখনতো ঔপন্যাসিকে বিভিন্ন চিত্ৰ, বিভিন্ন পৰিবেশত নাৰীসকলৰ সেই উচ্ছ স্থান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে ঃ
‘মোৰ এই নতুন মানুহজনী লক্ষ্মী৷ যিহকে দিয়ে তাতে হয়৷’ [পৃষ্ঠা-৬১]
‘...তেতিয়া তোমাৰ অবলাৰ ৰূপ বদলি যাব, মনত সৃষ্টি হ’ব এক সবলাৰ শক্তি, সেই শক্তিয়েই হ’ল নাৰী৷’ [পৃষ্ঠা-১৩৬]
উপন্যাসখনত নাৰীসমাজৰ প্ৰতিচ্ছবি অতি উচ্ছ স্তৰত ঔপন্যাসিকগৰাকীয়ে দাঙি ধৰিছে৷ ভাৰতীয় সংস্কৃতিত নাৰীৰ যি গাম্ভীৰ্যতা, তাক এনেদৰে প্ৰতিফলিত হৈছে ঃ
‘শোৱাঘৰৰ পৰা ওলাবৰ সময়টো দেহটো পৰপুৰুষৰ চকুৰ পৰা ঢাকিবৰ বাবে খুব যত্ন লয়৷ বুঢ়ী হোৱালৈকে ল’ব৷’ [পৃষ্ঠা-৯২]
প্ৰাক্ স্বাধীনোত্তৰ কালত অসমত পুৰুষ আৰু নাৰী সকলোৱে উৎসৱ পাৰ্বনত একেলগে অংশ গ্ৰহণ কৰিছিল৷ অৰ্থাৎ পুৰুষ আৰু নাৰীৰ পদমৰ্যাদা একে আছিল, সেই কথা উপন্যাসখনত এনেদৰে চিত্ৰিত হৈছে ঃ
‘ঢোল-পেঁপাৰ ছেৱত ডেকা-গাভৰুবোৰ তেতিয়াও নাচিয়েই আছে৷ মাথোন বুঢ়াবোৰ ভাগৰি পৰিছে৷’ [পৃষ্ঠা ১২৬]
সেই সময়ত অসমীয়া নাৰীসকল স্বাৱলম্বী আছিল৷ ঘৰতে সূতা কাটি কাপোৰ বয়, তাৰ আভাস উপন্যাসখনত এনেদৰে প্ৰতিফলিত হৈছে ঃ
‘মই সূতা কাটো, মোৰ টাকুৰীত আউল লগা নাই৷’ [পৃষ্ঠা-১৬৪]
নাৰী শক্তি কিমান শক্তিশালী, সেইয়া ভাৰতীয় সংস্কৃতিত খোদিত৷ পৌৰাণিক যুগৰ পৰাই নাৰীৰ শক্তি প্ৰৱাহিত হৈ আছে৷ দেৱী দুৰ্গাৰ ৰণচণ্ডী ৰূপ, কালিৰ ৰূপ আনকি শ্ৰীৰামচন্দ্ৰই সীতাক উদ্ধাৰৰ বাবে দেৱী পূজা কৰাৰ কথা বৰ্ণিত আছে৷ নাৰীৰ সেই প্ৰচণ্ড শক্তিশালী ৰূপ বৰ্ণনা ঔপন্যাসিকগৰাকীয়ে উপন্যাসখনত এনেদৰে চিত্ৰিত কৰিছে ঃ
‘ডিমিৰ কাপোৰৰ লাগ বান্ধ নোহোৱা হ’ল৷ খোপা সুলকি পৰিল৷ গাৰ কাপোৰখন খহি পৰিল৷ তাই ক’লে, গ’লিনে ইয়াৰ পৰা৷ জানো, মৰাশটো খালেহে তহঁতৰ হেঁপাহ পূৰাব৷ দেশৰ দ্ৰোহ কৰাহঁত, তহঁতি পোক লাগি মৰিবি...৷’ [পৃষ্ঠা-২০৫]
‘–তোৰ দৰে কোনোবা এটা কুকুৰে মাৰিছে, ডিমিয়ে আকৌ দাখনত খামোচ মাৰি ধৰি চকু পেন্দোৱাকৈ সুধিলে৷ শইকীয়াই এনে নিৰ্ভীক তিৰোতা আগতে দেখা নাছিল৷’ [পৃষ্ঠা-২১০]
‘ডিমিয়ে উত্তৰ দিলে, তহঁত মতা মানুহবোৰে কৰিছিলি কি? তাৰ টেটুটো ছিঙিব নোৱাৰিলি?’ [পৃষ্ঠা-২১২]
দেশখন স্বাধীন কৰিবলৈ, দেশৰ স্বাৰ্থত সেই সময়ত নাৰীসকলে কিমান ত্যাগ-অত্যাচাৰ নীৰৱে সহ্য কৰিব লগা হৈছিল, তাক উপন্যাসখনত এনেদৰে চিত্ৰিত হৈছে ঃ
‘গৰ্ভৱতী মানুহজনীৰ ছাটি ফুটি দেখিও বহুত সময়লৈকে পুলিচৰ খবৰ নাই৷ বন্দীবোৰে খঙত সেই সূধাই চৰকাৰক গালি পাৰিছে৷ চহৰৰ মাজ মজিয়াত দিনৰ পোহৰত সকলোৱে দেখাকৈ এজনী সম্ভ্ৰান্ত ঘৰৰ তিৰোতাই প্ৰসৱ কৰিছে, ইয়াতকৈ পৃথিৱীত আৰু অঘটন কি আছে?’ [পৃষ্ঠা-২১৪]
‘জেলত থাকি বৰ বেয়া লাগিল৷ মানুহে ঠাহ খাই পৰিছে৷ ... পানী নাই৷ খাবলৈ মাৰভাত দিয়ে, পেটেই নভৰে৷’ [পৃষ্ঠা-২৬৭]
নাৰীৰ চিন্তা সুদূৰপ্ৰসাৰী৷ নাৰীৰ এনে সুদূৰপ্ৰসাৰী চিন্তাই ঔপন্যাসিকগৰাকীয়ে উপন্যাসখনৰ সামৰণি মাৰিছে ঃ
‘লাহে লাহে অনুপমাৰ কথা বন্ধ হৈ আহিল৷ গোসাঁনীক এইবোৰ কথাই স্পৰ্শ কৰা নাই৷ তেওঁ মাথোন ভাবিছে স্বাধীনতা পালে মানুহ আগতকৈ ভাল হ’বনে বেয়া হ’ব? মানুহে মৰা-মৰি, কটা-কটি কৰিবলৈ এৰা নাই...৷ ভাবিছোঁ, স্বাধীনতা পালে মানুহবোৰ ভাল হ’বনে নহয়৷’ [পৃষ্ঠা-২৮০]
সিদ্ধান্ত ঃ
আলোচনাৰ অন্তত কেইটামান সিদ্ধান্তলৈ আহিব পাৰি ঃ
১৷ নাৰীসকলে সেই সময়ত আত্মনিৰ্ভৰশীলতাৰ কাৰণে ব্যৱসায় আদিত নিয়োজিত হৈছিল৷
২৷ নাৰীসকলৰ স্থান পুৰুষৰ সমানেই আছিল৷
৩৷ স্বাধীনতা আন্দোলনত নাৰীসকলে অংশগ্ৰহণ কৰিছিল৷ মাত্ৰ অংশগ্ৰহণেই নহয় স্বাধীনতাৰ বাবে তেওঁলোকে প্ৰাণ আহুতিও দিছিল৷
৫৷ নাৰী সবলীকৰণ দিশটো প্ৰাক্ স্বাধীনতা কালতেই থিতাপি লৈছিল৷
৬৷ দেশৰ স্বাধীনতাৰ বাবে নাৰীসকলে অবৰ্ণনীয় অত্যাচাৰ সহ্য কৰিও পিছ হুহঁকা নাছিল৷
সামৰণি ঃ
এনেদৰে আলোচনা কৰিলে দেখা যায় ১৯৪২ চনৰ পটভূমিত ৰচিত এই উপন্যাসখনত নাৰীসকলৰ স্থান বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে অংকিত হৈছে৷ যদিও উপন্যাসখন প্ৰাক্-স্বাধীনতাকালৰ ঘটনাৰাজিক লৈ ৰচনা কৰা তথাপিও সেই সময়ত নাৰীসকলৰ স্থান পুৰুষৰ সমানেই আছিল৷ প্ৰতিটো সময়ত নাৰীসকলৰ ভূমিকা অনস্বীকাৰ্য৷
প্ৰসংগ গ্ৰন্থ ঃ
কটকী, প্ৰফুল্ল ঃ স্বৰাজোত্তৰ অসমীয়া উপন্যাস সমীক্ষা, বীণা লাইব্ৰেৰী, গুৱাহাটী, তৃতীয় প্ৰকাশ, ১৯৯২
গোস্বামী, ত্ৰৈলোক্য নাথ ঃ সাহিত্য আলোচনা, বাণী প্ৰকাশ, গুৱাহাটী, তৃতীয় প্ৰকাশ, ১৯৯১
ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ঃ মৃত্যুঞ্জয়, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, দশম প্ৰকাশ, ২০২২
শৰ্মা, গোবিন্দ প্ৰসাদ ঃ উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ ষ্টৰচ, গুৱাহাটী, দ্বিতীয় সংস্কৰণ, ২০০৯
