।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
নীলকণ্ঠী জুবিন
নৃপেন ফুকন
মানুহৰূপী ভগৱান প্ৰয়াত জুবিন গাৰ্গ আৰু শিৱ শক্তি ভগৱান হৰ মহাদেৱৰ স্বভাৱ আৰু চৰিত্ৰৰ বহুখিনি মিল দেখা যায়। যিহেতু ভগৱান মহাদেৱ প্রচলিত দেৱত্বৰ ধাৰণাৰ পৰা সম্পূৰ্ণ ভিন্ন, স্বতন্ত্ৰ, সামাজিক-ধাৰ্মিক প্ৰথাৰ সীমাৰ বাহিৰে থাকোঁতা এক অসামান্য সত্তা আৰু দেৱ, দানৱ, মানৱ, নাগ আদিৰ আৰাধ্য দেৱতা। মহাদেৱক যেনেকৈ "Divine Rebel" বুলি ধৰা যায়? ঠিক তেনেকৈ জুবিন গাৰ্গক আধুনিক সমাজৰ Rebel person হিচাপে অভিহিত কৰিব পাৰি। অৱশ্যে সেই কথা তেওঁ নিজ মুখে কৈ থৈ গৈছে। যিহেতু জুবিন গাৰ্গক শিৱ শম্ভু ভুলানাথৰ দৰেই বিদ্ৰোহীস্বভাবী বা "Rebel Archetype" বুলি ক’ব পাৰি। যেনেকৈ মহাদেৱে সচৰাচৰ নিয়ম ভংগ কৰি ভৃংগী, ভূতগণৰ লগত বাস কৰে, বলধৰ পিঠিত উঠি যাত্ৰা কৰে, বাঘৰ ছাল পিন্ধে, গাত ভষ্ম সানি দেৱালয় বা ৰাজ-হাউলিৰ পৰিৱৰ্তে ত্ৰিশূল লৈ শ্মশানত থাকিবলৈ পছন্দ কৰে, অলঙ্কাৰ বা গহনাৰ সলনি বিষাক্ত সাপ ডিঙিত লয়, ৰক্তচন্দন, চুলিত জটা, পানীয় হিচাপে সোমৰস/ভাং সেৱন কৰি, আনৰ সুৰক্ষাৰ বাবে হলাহল বিষ নিজে পান কৰি নিজে নীলকণ্ঠ হ'ল। তেওঁ আসুৰীক প্ৰবৃত্তিৰ লোককো কেতিয়াবা প্ৰাধান্য দিয়ে। দাম্পত্য জীৱনটো স্বয়ং পাৰ্বতী, যিগৰাকী স্বৰ্গৰ দেৱীহেন পৰ্বত-কন্যাৰ সৈতে বিবাহ, গৃহী আৰু তপস্বী, দুয়োৰে ঘৰত-ঘৰনীও আছে, অথচ সন্ন্যাসীৰ দৰে নির্লিপ্ত।
সেয়ে নিশ্চিত ৰূপে ক'ব পাৰি যে জুবিন গাৰ্গ হৰ মহাদেৱ অংশ অৱতাৰ আছিল। যিহেতু জীৱিত কালত তেওঁৰ গাত শিৱ শম্ভু ভোলানাথৰ চৰিত্ৰ সদায় বিদ্যমান হৈ আছিল; যাৰবাবে তেৰাৰ স্বভাৱবোৰ মহাদেৱৰ অৱতাৰবিলাকৰ দৰে সমাজবাদী, জনদৰদী আৰু জনপ্ৰিয় ব্যক্তি তথা জনহিতকৰ কৰ্মী আছিল। উদাহৰণস্বৰূপে মহাদেৱৰ অংশ অৱতাৰ কাশ্যপ মুনি আৰু হনুমান বা বজ্ৰংবলী আদিৰ কথা উল্লেখ কৰিব পাৰি।
পুৰাণত কাশ্যপ মুনিক বোধ বা বৌদ্ধ অৱতাৰ বুলিও জনা যায়, যি বেদৰ পন্থক প্ৰত্যাহ্বান জনাই একপ্ৰকাৰ উচ্ছন্ন কৰিছিল। তেওঁ ব্ৰাহ্মণ হৈও অব্ৰাহ্মণৰ দৰে থাকি অস্পিষ্যতা বৰ্জন কৰি চলিছিল। তেওঁ দেৱতাৰ মাতৃ দিতি দানৱৰ মাতৃ অদিতি, সৰ্পৰ মাতৃ কদ্ৰু আৰু অৰুণ-গৰুড়ৰ মাতৃ বিনতাৰ স্বামী আছিল। তেওঁ সাধাৰণ মানৱৰ পিতৃ হোৱাৰ লগতে নাগ, পশু, পক্ষী আৰু স্থাৱৰ-জঙ্গমৰ সকলো জীৱ জগতৰ পিতৃ; যাক পৰশুৰামে একৈশবাৰ ক্ষত্ৰিয় নিধন কৰি পৃথিৱীখন গতাই দিছিল। সেয়ে আজিৰ পৃথিৱীৰ নিৰ্দিষ্ট গুত্ৰ নোহোৱা সকলো মানুহে নিজকে কাশ্যপ গোত্ৰ বা "কাশ্যপমুনিগুত্ৰস্য" বুলি ক'ব পাৰে। কৈলাশ পতি মহাদেৱৰ যেনেকৈ কোনো জাতি নাই ধৰ্ম নাই মুক্ত আৰু সকলোৰে প্ৰিয়; ঠিক তেনেকৈ জুবিনৰো "কোনো জাতি নাই ধৰ্ম নাই" তেওঁ মুক্ত "কাঞ্চনজঙ্ঘা"।
