top of page

সম্প্ৰীতিৰ বাহক ভাষা

ভৰত ৰাজখোৱা

 

               লুকাচ হৰ ডাঙৰীয়া আমাৰ বৃহৎ অঞ্চলটোৰ এজন গণ্যমান্য ব্যক্তি৷ তেখেত ধৰ্মত যদিও খ্ৰীষ্টান, অঞ্চলটোৰ সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহৰ লগত তেখেতৰ সদ্ভাৱ আছে৷ আমাৰ অঞ্চলটোৰ গুণী ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম৷ তেখেতে লঘু কথা খুব কমকৈ কয়৷ এদিন কিন্তু লঘু সুৰতে বৰ তাৎপৰ্যপূৰ্ণ কথা এষাৰ ক’লে৷

               ‘বুজিছে ৰাজখোৱা, আদিবাসী, মিচিং, বড়ো এই সকলো আমি ভাই-ভাই৷ এই সকলোৰে সহযোগত বৃহৎ অসমীয়া জাতিৰ সৃষ্টি হৈছে৷ এইবোৰ কথা মানুহে কেৱল মিটিঙতহে কয়৷ আন সময়ত তুচ্ছ-তাচ্ছিল্য কৰে৷ আঁতৰৰ পৰা উপহাসৰ সুৰত কয় -সেইখন বঙালী গাঁও ‘আদিবাসী গাঁও’, সেইখন মিৰি গাঁও ‘মিচিং গাঁও’, কিমানজন অসমীয়া মানুহে মিচিং ভাষা বুজি পায় বা ক’ব পাৰে৷ আদিবাসী ভাষা কিমানজনে ক’ব পাৰে ? জানিলেও ক’বলৈ লাজ পায়৷ ভাষাই কিন্তু মানুহ বহুত আপোন কৰে দেই....৷ হৰ ডাঙৰীয়াৰ এই কথাষাৰ অতি প্ৰাসংগিক, অতি তাৎপৰ্যপূৰ্ণ৷ এজন আজীৱন সমাজসেৱক হিচাপে তেখেতৰ অভি:তাৰ পৰা নিৰ্গত হোৱা উক্তি এইষাৰ৷

               আমি অসমৰ ভৌগোলিক চাৰিসীমাৰ মাজত বাস কৰা মানুহখিনিয়ে ভাষাৰ এখন বৰ্ণময় ৰাজ্যত বাস কৰি আছোঁ৷ বড়ো, দেউৰী, মিচিং, কাৰ্বি, তিৱা, ডিমাচা, ৰাভা, খামতি, নেপালী চাদ্ৰি [চাহ মজদুৰসকলৰ কথিত ভাষা], হাজং, আদি বিভিন্ন ভাষা কোৱা মানুহ অসমত আছে৷ এই সকলোৱে সংযোগী ভাষা হিচাপে অসমীয়া ক’ব পাৰে৷ অৰুণাচল আৰু নাগালেণ্ডৰ মানুহেও কম বেছি পৰিমাণে অসমীয়া ক’ব পাৰে৷ কিন্তু ইয়াৰ বিপৰীতে নিজকে মূল সুঁতিৰ অসমীয়া বুলি কোৱাসকলৰ কিমানে এই ভাষাবোৰ ক’ব পাৰে৷ অন্ততঃ সম্পৰ্ক এটা ৰাখিব পৰাকৈ অলপ অচৰপ ক’ব পাৰে নে ? এজন বড়ো মানুহৰ মুখামুখি হ’লে ‘খুলুমবায়’ [নমস্কাৰ] বুলি ক’ব পৰা হ’ব লাগে৷ মিচিং বন্ধু এজনৰ লগত কথা পাতি আঁতৰি আহোঁতে ‘অৗ বৃকচু কুপৗ’ [আকৌ লগ পাম] বুলি ক’লে ভাল লাগিব৷ ভাষাই মানুহৰ হৃদয় আলোডি.ত কৰে৷ আনৰ মুখত যেতিয়া মানুহে নিজৰ ভাষাটো শুনে, কওঁতাজনৰ প্ৰতি মৰম জন্ম হয়৷ ভাষাৰূপী অমৃতৰ নদীত অৱগাহন কৰাসকলেহে এইটো অনুভৱ কৰিব পাৰিব৷

               ভাষাই মানুহ আপোন কৰে৷ আন্তৰিকতাৰ সৃষ্টি কৰিব পাৰে৷  অন্যভাষী মানুহৰ মুখত যদি নিজৰ মাতৃভাষাৰ কথা এষাৰ শুনিবলৈ পোৱা যায় মন প্ৰাণ আনন্দত উথলি উঠে৷ শৰীৰত শিহৰণৰ সৃষ্টি হয়৷  ওচৰ-চুবুৰীয়া জনগোষ্ঠীৰ ভাষা জনাটো দৰকাৰ৷ ভাষাই এডাল নেদেখা সাঁকোৰ সৃষ্টি কৰে৷ যিডাল সাঁকোৱে বেলেগ বেলেগ ভাষিক সম্প্ৰদায়ৰ মাজত একাত্মীয়তাৰ সৃষ্টি কৰে৷ ঘৰখন আৰু বিদ্যালয়খন বাদ দি আমাৰ পৰিৱেশো ভাষা শিক্ষণৰ এক বৃহৎ অনুষ্ঠান৷   আমাৰ চাৰিওফালে যিহেতু বিভিন্ন ভাষা কোৱা লোকৰ বসতি৷ দোকান বজাৰ কৰোঁতে, বিয়াই সবাহে আমি তেওঁলোকক লগ পাই থাকোঁ৷ অলপ চেষ্টা কৰিলেই সমন্বয়ৰ সাঁকোডাল সৃষ্টি কৰিব পাৰোঁ৷

               নেপালী মানুহৰ এখন দোকানলৈ গ’লে ‘কোহি চামান কিঞ্চু ভনেৰ আইৰৰ্থে’ বুলি ক’লে দোকানীজনৰ কিমান ভাল লাগি যাব৷ এগৰাকী বয়সস্থ দেউৰী মানুহৰ লগত মুখামুখি হ’লে ‘যং আগুজুনি’ বুলি ক’লে তেওঁ শুনি কিমান ভাল পাব৷

               মিচিং, বড়ো, দেউৰী বা নেপালী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ ওলাই যোৱাৰ আগতেই ‘অসমীয়া ভাষা’ শিকি পেলায়৷ কিন্তু প্ৰাক্‌ প্ৰাথমিক শ্ৰেণীৰ পৰা দশমমানলৈকে এঘাৰ-বাৰ বছৰ কাল একেলগে বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছতো সেইসকলৰ তুলনাত মূল অসমীয়াভাষী কিমানজন ছাত্ৰ-ছাত্ৰীয়ে বড়ো, মিচিং, দেউৰী বা নেপালী ক’ব পাৰে? চাহ জনগোষ্ঠীৰ ভাষাকেই বা কিমানজনে ক’ব পাৰে?

               এইটোও ক’ব লাগিব যে যিসকল ব্যক্তিয়ে চুবুৰীয়া সম্প্ৰদায়ৰ ভাষা ক’ব পাৰে সেইকেইজন সেই সম্প্ৰদায়টোৰ মানুহ বাবে হিয়াৰ আমঠু স্বৰূপ হৈ পৰে৷ ‘ই দেখোন আমাৰেই মানুহ’ বুলি তেওঁলোকে আঁকোৱালি লয়৷ ইয়াতকৈ ডাঙৰ কথা হ’ল ভাষাই মানুহৰ মনৰ দূৰত্ব কমাই আনে, বিভেদ নাইকিয়া কৰে, আৰ্থ-সামাজিক বৈষম্যবোৰ দূৰ কৰিব নোৱাৰিলেও ভাষা এটাই অন্ততঃ আমাক শান্তিৰে জীয়াই থকাত সহায় কৰিব পাৰে৷

               দুই আষাৰ কথাৰ অভ্যাসেৰেই এটা ভাষাৰ মাজলৈ যাত্ৰা আৰম্ভ কৰিব পাৰি৷ এষাৰ কথা ক’বলৈ শিকিলে আৰু এষাৰ ক’ব পাৰি৷ অৱশ্যে উচ্ছাৰণৰ সমস্যা এটাও আছে৷ উচ্ছাৰণৰ শুদ্ধতাইহে এটা ভাষা শুৱলা আৰু বোধগম্য কৰি তোলে৷ ন-শিকাৰু এজনে যেতিয়া মিচিং, বড়ো বা দেউৰী এজনৰ লগত সেই ভাষাত কথা ক’বলৈ যত্ন কৰিব, তেতিয়া নিঃসন্দেহে সেইজন ব্যক্তিয়ে ন-শিকাৰুজনক উচ্ছাৰণ শুদ্ধ কৰাৰ বাবে পৰামৰ্শ দিব৷ ইয়াৰ বাবে কোনো পণ্ডিত লোকৰ প্ৰয়োজন নহয়৷ দিন হাজিৰা কৰি খোৱা মানুহ এজনৰ পৰাও শিকিব পৰা যায়৷

               এষাৰ কথা শিকিলে আৰু এষাৰ কেনেকৈ ক’ব পাৰি তাৰেই উদাহৰণ এটা দিব খুজিছোঁ৷ ২০১৪ চনত এৰাব নোৱৰা কাৰণত প্ৰায় সাতমাহ কাল মুম্বাইত থাকিব লগা হৈছিল৷ টাটা মেম’ৰিয়েল হস্পিটেলত এগৰাকী ৰোগীৰ লগত আছিলোঁ৷ এদিন ‘অ পি ডি’ত ৰৈ থাকোঁতে এগৰাকী মানুহ ব্যস্ত হৈ আহি ৰিচিপশ্যনত সুধিলে - ‘মেডাম ডাক্তৰ কুতে এলা?’ ৰিচিপশ্যনিষ্টে এফালে আঙুলিয়াই দেখুৱালে৷ মানুহজন সেইফালে গুচি গ’ল৷ মই অনুমান কৰিলোঁ ‘কুতে এলা’ মানে নিশ্চয় ‘ক’ত আছে’৷ সেই কথাষাৰ মই সাহস কৰি বাহিৰত প্ৰয়োগ কৰিলোঁ৷ মাৰাঠী গোমধান বেপাৰী এটাক সুধিলোঁ, ‘ব্ৰাডাৰ, ফাৰ্মাচী কুতে এলা?’ সি মোক ফাৰ্মাচী এখন দেখুৱাই দিলে৷ ফাৰ্মাচীখনত গৈ সুধিলোঁ, ‘ট্ৰেইন ষ্টেচন কুতে এলা?’ তেওঁ মোক ৰাস্তাটো দেখুৱাই দিলে৷

               এজন কম বয়সীয়া ডাক্তৰে মোৰ পেচেণ্টক খুব মৰম কৰিছিল৷ তেওঁ এদিন হিন্দীতে ‘মই যাওঁ’ বুলি কোৱাত ‘ছাৰ, মই যাওঁ’ এই কথাষাৰ মাৰাঠীত কি হ’ব সুধিলোঁ৷ তেওঁ হাঁহি এটা মাৰি ক’লে, ‘মী যাত’৷ চিষ্টাৰ এজনীক এদিন সুধিলোঁ - ‘মী’ৰ প্লুৰেল কি? চিষ্টাৰে ক’লে, আমে৷ ৰিলিজ লৈ ৰূমলৈ অহাৰ দিনা কাউণ্টাৰত থকা চিষ্টাৰক ক’লোঁ, চিষ্টাৰ, আমে যাত৷ তেওঁলোকে বহুত ভাল পালে৷ সেয়াই ভাষাৰ মাহাত্ম্য আৰু তেনেকৈয়ে ভাষা শিকিব পাৰি৷

               ২০১২ চনৰ ফেব্ৰুৱাৰী মাহ৷ SUPW ৰ এঘাৰদিনীয়া প্ৰশিক্ষণ এটাৰ বাবে হায়দৰাবাদলৈ গৈ আছোঁ৷ বিজয়াড়ো পাৰ হোৱাৰ হোৱাৰ পাছত মোৰ কাষৰ কম্পাৰ্টমেটোৰ পৰা উৰিয়া মাত-কথা শুনিলোঁ৷ বহু বছৰ আগতে মই উৰিয়া ভাষা শিকিছিলোঁ৷ দহ-বাৰজন উৰিয়া মানুহ৷ মোৰ মুখত উৰিয়া কথা শুনি তেওঁলোকে ইমানেই ভাল পালে যে তেওঁলোকৰ ঘৰৰ পৰা লৈ যোৱা জা-জলপান খুৱাইহে এৰিলে৷

               টাটা হস্পিটেলৰে আৰু এটা উদাহৰণ দিব খুজিছোঁ৷ টাটা মেম’ৰিয়েল হস্পিটেলখনৰ প্ৰতিটো কোঠা এঘণ্টাৰ মূৰে মুৰে ঝাৰু দিয়া আৰু মোচা হয়৷ ইউনিফৰ্ম পিন্ধা চাফাই কৰ্মীয়ে এইবোৰ কৰে৷ তেনেকুৱা এজন চাফাই কৰ্মীকে মই সুধিলোঁ, ‘আপ মাৰাঠী হে না?’ তেওঁ টপৰাই উত্তৰ দিলে যে তেওঁ গুজৰাটীহে৷ সময়টো আছিল ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহ৷ সেই সময়ত নৰেন্দ্ৰ মোদীৰ বিকাশ পৰিক্ৰমা পূৰ্ণগতিত আগবাঢ়িছিল৷ আৰু গুজৰাটৰ মানুহে নিজৰ পৰিচয় দি খুব ভাল পাইছিল৷ চাফাই কৰ্মীজনে নিজকে গুজৰাটী বুলি কোৱাৰ লগে লগে মই সুধিলোঁ, ‘কেইম চ?’ তেওঁ হাঁহি এটা মাৰি লগে লগে উত্তৰ দিলে, ‘মজ্জা মা’ আৰু আত্মীয়ৰ দৃষ্টিৰে মোলৈ চালে৷ মই জনা তিনি-চাৰিটা গুজৰাটী কথাৰ প্ৰথমটো আছিল ‘কেইম চ’ অৰ্থাৎ ভালে আছা নে? আৰু তাৰ উত্তৰ আছিল ‘মজ্জা মা’ অৰ্থাৎ খুব ভাল৷ কোৱা বাহুল্য যে ইয়াৰ পাছৰ দিনবোৰত সেই গুজৰাটী চাফাই কৰ্মীজনে সময় পালেই মোৰ ওচৰলৈ আহি খা-খবৰ লৈ আছিল৷ এয়াই ভাষাই সৃষ্টি কৰা সম্পৰ্ক৷

               আমাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যদি চুবুৰীয়া জনগোষ্ঠীসকলৰ ভাষা অলপ হ’লেও ক’বলৈ চেষ্টা কৰিলেহেঁতেন বা ক’ব পাৰিলেহেঁতেন তেতিয়া হ’লে বিচ্ছিন্নতাবাদে গা কৰি উঠা অসমৰ বাবে ই এক শুভ ‘সংবাদ হ’লহেঁতেন৷

               আমি কল্পনা কৰি চাওঁচোন হাজৰিকা উপাধিৰ এজন ব্যক্তিয়ে এজন বড়ো বন্ধুৰ লগত বড়ো ভাষাতে কথা পাতি আছে, দত্ত উপাধিৰ এজন লোকে এজন মিচিং লোকৰ লগত মিচিং ভাষাতে কথা পাতিছে, কেইগৰাকীমান অসমীয়া যুৱতীয়ে সম বয়সীয়া নেপালী যুৱতীৰ লগত হাঁহি তামাচা কৰি কথা পাতিছে; পৰিৱেশটো কেনেকুৱা লাগিব বাৰু? জনগোষ্ঠীয় ঐক্যৰ বাবে ইয়াতকৈ আৰু ভাল খবৰ কি হ’ব পাৰে৷ বৰুৱা এজন অনামিচিং মানুহ, তেওঁ যেতিয়া মিচিং সমাজত তেওঁলোকৰ ভাষাতেই বক্তব্য ৰাখে বা এজন অনা বড়ো মানুহে যেতিয়া বড়ো  সমাজত বড়ো ভাষাতে বক্তব্য ৰাখে সেই মানুহজন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে শ্ৰদ্ধাৰ ব্যক্তিলৈ পৰিণত হয়৷ অন্য ভাষাৰ ক্ষেত্ৰতো এই কথাষাৰ প্ৰযোজ্য হয়৷

               গতিকে আনৰ ভাষা বুজি পোৱা আৰু ক’ব পৰাটোৱে জনগোষ্ঠীয় ঐক্য গঠনত কিমান বৰঙণি আগবঢ়াব পাৰে সেয়া অতি সহজে অনুমেয়৷ ইয়াৰ দ্বাৰা আমাৰ সাতামপুৰুষীয়া বান্ধোনটো দৃঢ় হোৱাৰ লগতে হেৰুৱা বৰ অসমখনো ঘূৰি আহিব পাৰে৷

bottom of page