।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
মিচিং লিপি
( সংশোধিত ৰোমান লিপি )
গোবিন্দ নৰহ,
প্ৰা. উপ সভাপতি, মিচিং আগম কেবাং।

মন কৰিবলগীয়া যে, ইংৰাজী ভাষাত এটা, স্বৰবৰ্ণৰ একাধিক উচ্চাৰণ আছে, কিন্তু মিচিং ভাষাত এটা আখৰক এটা উচ্চাৰণৰহে মৰ্যাদা দিয়া হয়।
যেনে-ইংৰাজীত A= অ,( Audit) অডিট
আ (Arm) আৰ্ম A(able) এবুল হয়;
কিন্তু মিচিং ভাষাত A= আ হে হব
যেনে Apin, Alag, A:nam
ইংৰাজীত E - ই(English) ইংলিচ=এ (Editor) এডিটৰ হয়;
কিন্তু মিচিং ভাষাত E এ হব যেনা- Ege, Enge ......
মিচিং আগম কৌবাঙৰ ২৩(২৫, ২৬,২৭ আৰু ২৮ ,২০১৯) সংখ্যক সাধাৰণ অধিবেশনৰ প্ৰতিনিধি সভাত গৃহীত মিচিং ভাষাৰ সংশোধিত লিপি অনুসৰি বৰ্ণমালাৰ বৰ্ণসজ্জা আৰু পঠনশৈলী সলনি কৰা হৈছে। নতুন সংশোধিত বৰ্ণমালা আৰু ইয়াৰ পঠনশৈলী এই ধৰণৰ:-
(১) ABDEGHIJKLMNOPRSTUWY
NG NY É Í : মুঠ ২৫টা;
এই বৰ্ণসমূহ তলত দিয়া ধৰণে ৰোমান(ইংৰাজী) পঢ়াৰ দৰে পঢ়া হব। -
A (এ), B (বি), D (ডি),E (ই),G (জি), H(এইচ), I (আই), J(জে), K (কে), L (এল), M(এম), N( এন) , O(অ), P(পি), R(আৰ), S(এচ), T(টি), U(ইউ), W (ডব্লিউ), Y( ৱাই), NG(এন জি) ঙ, NY(এন ৱাই) ঞ, É( অৌ), Í ,(অৃ), : (মুগ্ য়াৰ বা মুগ্ য়াৰ আগদ্)
(২) ক' শ্ৰেণীত মৌখিকভাৱে ভাষা শিক্ষা আৰম্ভ কৰোঁতে অলপ সুৰ লগাই পদ্য(rhymes) পঢ়াৰ দৰে বৰ্ণসমূহ পৰিৱেশন কৰিবৰ কাৰণে এনেদৰে সজাই ল'ব-
A B D E G
H I J k L
M N O P R
S T U W Y
NG NY É Í :
(৩) মিচিং ভষাত স্বৰবৰ্ণ- A E I O U É Í :=মুঠ ৮টা
ব্যঞ্জনবৰ্ণ-B D G H J k L M N P R S T W Y NG NY=মুঠ ১৭ টা।
(৪) ওপৰৰ(১) ত উল্লেখ কৰা ধৰণে স্বৰ আৰু ব্যঞ্জন বৰ্ণসমূহ সান-মিহলি ৰূপত পঢ়িবলৈ শিকাৰ পিছত স্বৰবৰ্ণসমূহ শব্দত ব্যৱহাৰ কৰি লিখিবলৈ শিকোঁতে সেই বৰ্ণসমূহ উচ্চাৰণ তলত দিয়া ধৰণে হ'ব-(ক) হ্ৰস্ব স্বৰধ্বনি,( Mugdéng) আৰু(খ) দীর্ঘ স্বৰধ্বনি (Mugyar) ;
হ্ৰস্বস্বৰ-
বৰ্ণ- A E I O U É Í
ধ্বনি (উচ্চাৰণ) আ এ ই অ ইউ অৌ অৃ
উদাহৰণ:Ayang A Y A NG(এ ৱাই এ(এনজি) ঙ= Ayang আয়াঙ'(বুলি পঢ়িব বা বানান কৰিব)Ege; E G E( ই জি ই) Ege =এগে'( বুলি পঢ়িব বা বানান কৰিব)
Ikam; I K A M(. আই কে এ এম) =Ikam;ইকাম'(বুলি পঢ়িব বা বানান কৰিব)
Ongo;O NG O(অ এনজি অ) ঙ=, Ongo; , অঙ(বুলি পঢ়িব বা বানান কৰিব।
Unné; U N N É . (ইউ এন অৌ) =Unné;(বুলি পঢ়িব বা বানান কৰিব।
Ésar, ÉSAR (অৌ, এচ, এ, আৰ = Ésar ) (অৌচাৰ) (বুলি পঢ়িব বা বানান কৰিব।)
Ínam: Í N A M(অৃ এন এ এম) =Ínam;অৃনাম'(বুলি পঢ়িব বা বানান কৰিব।
দীর্ঘ স্বৰ
বৰ্ণ- A:
ধ্বনিৰ(উচ্চাৰণ) =এ মুগ্ য়াৰ;=A:yang, A Mugyar Y A NG(এ মুগ্ য়াৰ ৱাই এ(এন জি ঙ) =, A:yang( আ:য়াং) বুলি পঢ়িব বা বানান কৰিব।
E:
ই মুগ্ য়াৰ;E:g= E Muguar G(, ই মুগ্ য়াৰ জি) =E:g , এ:গ(বুলি পঢ়িব বা বানান কৰিব।
I:(মুগ্ য়াৰ)
I:sor= I Mugyar S O R(আই মুগ্ য়াৰ এচ অ আৰ) ই:চৰ'(বুলি পঢ়িব বা বানান কৰিব।
O:(অ মুগ্ য়াৰ;)
O:nam=O Mugyar N A M(অ মুগ্ য়াৰ এন এ এম) = O:nam, , অ:নাম'(বুলি পঢ়িব বা বানান কৰিব।
U:ইউ মুগি য়াৰ);
U:posunam=U Mugyar P O S U NAM( ইউ মুগ্ য়াৰ পি অ এচ ইউ এন এ অম, উ:পচুনাম'(বুলি পঢ়িব বা বানান কৰিব।
É:(C অৌ মুগ্ য়াৰ;
É:jo= É Mugyar j o(এ মুগ্ য়াৰ জে অ) = É:jo, অৌ:জ(বুলি পঢ়িব বা বানান কৰিব।
Í:( অৃ মুগ্ য়াৰ;
Í:nam=Í Mugyar N A M(আই মুগি যাৰ এন আ এম) =Í:nam, অৃ:নাম'(বুলি পঢ়িব বা বানান কৰিব।
এতেকে মিচিং ভাষাত স্বৰবৰ্ণ আঠটা আৰু স্বৰধ্বনি উচ্চাৰণ চৈধ্যটা। দীর্ঘস্বৰ উচ্চাৰণ ৰ কাৰণে গ্ৰহণ কৰা চিন বা পতীক (:) মুগ্ য়াৰ বা, মুগ্ য়াৰ আগদ মিচিং ভাষাৰ বৰ্ণমালাৰ এটা অতি লাগতিয়াল বৰ্ণ। ইয়াক ইংৰাজী ভাষাত ' Supra-Segmental phoneme' আৰু অসমীয়া ভাষাত উপাহিত বৰ্ণ বুলি কোৱা হয়৷ শ্বাসাঘাত(Stress), সুৰাঘাত(pitch), সুৰ-লহৰ (intonation), অনুনাসিকতা(Nasality) আদিৰ দৰ্ ক্ৰমনিৰ্দেশ কৰিব নোৱাৰা উচ্চাৰক উপাহিত বৰ্ণ বুলি কোৱা হয়। IPA ৰ ব্যখ্যা অনুযায়ী মুগয়াৰ(:) 'Supta-segmental phoneme' বা উপাসিত ধ্বনি বা বৰ্ণ; গতিকে মিচিং ভাষতো ইয়াক উপাহিত বৰ্ণ বা ধ্বনি হিচাপে আলোচনা কৰিব পাৰি। এই বৰ্ণটো স্বৰবৰ্ণৰ পৰা নিলগাই আলোচনা কৰিব নোৱাৰি;কাৰণ ই স্বৰবৰ্ণৰ লগতহে বহে। মন কৰিব লগীয়া কথীটো হ'ল মুগি য়াৰ বা মুগয়াৰ আগদ(:) ব্যঞ্জন বৰ্ণৰ লগত কেতিয়াও নবহে।
(৫) মন কৰিবলগীয়া যে, ইংৰাজী ভাষাত এটা, স্বৰবৰ্ণৰ একাধিক উচ্চাৰণ আছে, কিন্তু মীচিং ভাষাত এটা আখৰক এটা উচ্চাৰণৰহে মৰ্যাদা দিয়া হয়। (৫) মন কৰিবলগীয়া যে, ইংৰাজী ভাষাত এটা, স্বৰবৰ্ণৰ একাধিক উচ্চাৰণ আছে, কিন্তু মীচিং ভাষাত এটা আখৰক এটা উচ্চাৰণৰহে মৰ্যাদা দিয়া হয়। এতেকে মিচিং ভাষাত স্বৰবৰ্ণ আঠটা আৰু স্বৰধ্বনি উচ্চাৰণ চৈধ্যটা। দীর্ঘস্বৰ উচ্চাৰণ ৰ কাৰণে গ্ৰহণ কৰা চিন বা পতীক (:) মুগ্ য়াৰ বা, মুগ্ য়াৰ আগদ মিচিং ভাষাৰ বৰ্ণমালাৰ এটা অতি লাগতিয়াল বৰ্ণ। ইয়াক ইংৰাজী ভাষাত ' Supra-Segmental phoneme' আৰু অসমীয়া ভাষাত উপাহিত বৰ্ণ বুলি কোৱা হয়৷ শ্বাসাঘাত(Stress), সুৰাঘাত(pitch), সুৰ-লহৰ ( intention), অনুনাসিকতা(Nasality) আদিৰ দ্বৰে ক্ৰম নিৰ্দেশ কৰিব নোৱাৰা উচ্চাৰণক উপাহিত বৰ্ণ বুলি কোৱা হয়। IPA ৰ ব্যখ্যা অনুযায়ী মুগয়াৰ(:) 'Supta-segmental phoneme' বা উপাসিত ধ্বনি বা বৰ্ণ; গতিকে মিচিং ভাষতো ইয়াক উপাহিত বৰ্ণ বা ধ্বনি হিচাপে আলোচনা কৰিব পাৰি। এই বৰ্ণটো স্বৰবৰ্ণৰ পৰা নিলগাই আলোচনা কৰিব নোৱাৰি;কাৰণ ই স্বৰবৰ্ণৰ লগতহে বহে। মন কৰিব লগীয়া কথাটো হ'ল মুগা য়াৰ বা মুগয়াৰ আগদ(:) ব্যঞ্জন বৰ্ণৰ লগত কেতিয়াও নবহে।
মন কৰিবলগীয়া যে, ইংৰাজী ভাষাত এটা, স্বৰবৰ্ণৰ একাধিক উচ্চাৰণ আছে, কিন্তু মিচিং ভাষাত এটা আখৰক এটা উচ্চাৰণৰহে মৰ্যাদা দিয়া হয়। যেনে-ইংৰাজীত A= অ,( Audit) অডিট
আ (Arm) আৰ্ম
A(able) এবুল হয়;
কিন্তু মিচিং ভাষাত A= আ হে হব যেনে Apin, Alag, A:nam
ইংৰাজীত E - ই(English) ইংলিচ=এ (Editor) এডিটৰ হয়;
কিন্তু মিচিং ভাষাত E এ হব যেনা- Ege, Enge
ইংৰাজীত I=ই (Industry) ইণ্ডাষ্টি
অ=(Ideal) আইডিয়েল, (Idol) আইডল
অৌ (Girl) , গৌ:ল, গৌ:ল হয়।
কিন্তু মিচিং ভাষাত I= ই হে হব যেনে- Injari, Ikam, I:pang
ইংৰাজীত O=অ(Ox) অক্স,
=আ(Blood) ব্লাড
=উ (Pool) পুল হয়।;
কিন্তু মিচিং ভাষাত O= অ হে হব যেনে- Ongo, oying, o:nam
ইংৰাজীত- U=ইউ/য়ু (Use) য়ুজ
আ(Uncut) আনকাট
কিন্তু মিচিং ভাষাতU= হে হ'ব- যেনে- Ugon, Uang, U:posunam
(৬), É স্বৰ ধ্বনি মিচিং ভাষাৰ মৌলিক বিশিষ্ট স্বৰ, ইয়াৰ নাম বিবৃত মধ্য কেন্দ্রীয় বিবৃতৌষ্ঠ স্বৰ ধ্বনি বা নিম্ন-মধ্য কেন্দ্রীয় বিবৃতৌষ্ঠ স্বৰধ্বনি ( Open-mid central unrounded vowel or low-mid central unrounded vowel(IPA/3/)) ।
Ésar, Érang, É:nam
(৭), Í স্বৰধ্বনিও মিচিং ভাষাৰ মৌলিক বিশিষ্ট স্বৰ, ইয়াৰ নাম উচ্চ কেন্দ্রীয় বিবৃতৌষ্ঠ স্বৰধ্বনি বা সংবৃত কেন্দ্রীয় বিবৃতৌষ্ঠ স্বৰ (High-central unrounded vowel or close Central unrounded vowel (IPA/i) ।
Ílíng, Ísíng, Í:nam আদি।
(৮) বিদেশী ভাষাৰ শব্দ বা অ-মিচিং শব্দৰ ক্ষেত্রত প্ৰয়োজন অনুসৰি মিচিং বৰ্ণ মালাত নথকা C F V X z বৰ্ণ সমূহো লিখন পদ্বতিত ব্যবহাৰ কৰিব পৰা যায়। এনেবোৰ শব্দ বেঁকা(italics) কৰি বা উদ্ব`কমাৰ " "সহায়ত চিহ্নিত কৰা হব। এই আখৰবোৰ লেখাৰ ক্ষেত্রত শিক্ষার্থীৰ একো অসুবিধা নহয়, কাৰণ ইংৰাজী বৰ্ণমালা আহৰণ কৰোঁতে এইবোৰ লিখন তেওঁ লোকে আয়ত্ত্ব কৰিব।
সংগ্ৰহ