।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
অসংগঠিত খণ্ডৰ প্ৰাধান্য আৰু শ্ৰমিকৰ জীৱন যাত্ৰা
ড॰ সুৰেশ দত্ত
অধ্যক্ষ, পানীগাঁও অ’ পি ডি কলেজ
সৰুতে আমাৰ গাঁৱৰ ঘৰত ভোলা নামৰ লোক এজনে বছৰেকত কেইমাহমানৰ কাৰণে মাহেকীয়া পাৰিশ্ৰমিকৰ বিনিময়ত কৃষি শ্ৰমিক হিচাপে কাম কৰা দেখিছিলোঁ ৷ আমি তেওঁক ভোলা দাইটি বুলি মাতিছিলোঁ ৷ তেওঁৰ ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱা হেতুকে হালোৱা বা আন কৃষি ভিত্তিক৷ শ্ৰমিক হিচাপে নিয়োজিত হৈ পৰিয়ালটি পোহপাল দিছিল ৷ বাৰিষা খেতিৰ সময় আৰু আঘোণ-পুহ মাহৰ শস্য চপোৱাৰ সময়খিনিকে ধৰি তেওঁক বছৰটোত পাঁচ-ছমাহ মানৰ কাৰণে নিয়োজিত হৈ থকা দেখিছিলোঁ ৷ বছৰৰ বাকী সময়খিনিত পৰিয়াল চলাবলৈ অ’ত-ত’ত অস্থায়ী শ্ৰমিক হিচাপে কাম বিচাৰি ফুৰিছিল ৷ নিৰ্দিষ্ট পৰিমাণৰ মাটি-খেতি থকা অৱস্থাসম্পন্ন লোকসকলক বাদ দি যোৱা সত্তৰৰ দশকত আমাৰ গাঁও অঞ্চলত স্থায়ীভাৱে বসবাস কৰা বাকী লোকসকলৰ আৰ্থিক অৱস্থা কম-বেছি পৰিমাণে ভোলা দাইটিৰ দৰেই আছিল৷ আন কথাত ক’বলৈ গ’লে নিজৰ সীমিত খেতিৰ ভূমিত খেতি কৰাৰ লগতে ৰোৱণী, দাৱনী বা হালোৱাৰ ৰূপত কৃষি শ্ৰমিক হিচাপে পাঁচ-ছমাহ সময় নিয়োজিত থাকি বছৰৰ বাকী সময়খিনি কৰ্মহীন হৈ পৰে ৷ ফলস্বৰূপে আয় আহৰণৰ অভাৱত এই শ্ৰেণীৰ লোকসকল দৰিদ্ৰতাত ভোগে৷ তেওঁলোকৰ সীমিত আয় আহৰণৰ পৰাই পৰিয়ালৰ খাদ্য, বাসস্থান, সন্তানৰ শিক্ষাৰ খৰচ, বেমাৰ-আজাৰত হোৱা খৰচ আদিবোৰো জোৰা মাৰিবলগা হয়৷ মজুৰিভিত্তিক হোৱাৰ সূত্ৰে নিজৰ বেমাৰ-আজাৰৰ বাবে কামত অনুপস্থিত থাকিলে এই৷ মিসকলে মজুৰিও লাভ নকৰে ৷ তেওঁলোকৰ নিয়োগবোৰ অনানুষ্ঠানিক তথা নিৰ্দিষ্ট চৰকাৰী নীতি-অধিনিয়মৰ আওতাৰ বাহিৰত হোৱাৰ কাৰণে মজুৰিভিত্তিক ছুটী, আন ভাট্টা বা ৰেশ্যন আদিও লাভ নকৰে ৷ সাম্প্ৰতিক সময়তো ৰাস্তাই-ঘাটে, হাটে-বজাৰে তথা বিভিন্ন নিৰ্মাণ আৰু উৎপাদনস্থলীত অস্থায়ী ভিত্তিত নিয়োজিত হৈ থকা এনে৷ শ্ৰমিকৰ পয়োভৰ যথেষ্ট ৷ সাধাৰণ ভাষাত এনে কৃষি বনুৱা, অংশকালীন তথা অস্থায়ী৷ শ্ৰমিক সকলকে অসংগঠিত খণ্ডৰ শ্ৰমিক বুলি ক’ব পাৰি ৷ আমাৰ দৈনন্দিন জীৱন যাত্ৰাত কিমানজন যে এনে অসংগঠিত খণ্ডৰ অধীনৰ কৰ্মীক বিভিন্ন গৃহসেৱা, নিৰ্মাণস্থলী, উৎপাদনস্থলী, হাট-বজাৰ, মেলা আদিৰ চুকে-কোণে গৃহকৰ্মী, নিৰ্মাণ৷ মিক, উৎপাদন কৰ্মী, ক্ষুদ্ৰ বিক্ৰেতা, ফেৰিৱালা তথা আন ৰূপত লগ পাইছোঁ তাৰ সংখ্যা নিৰ্ধাৰণ কৰাটো সহজ নহ’ব ৷
সাধাৰণতে অসংগঠিত খণ্ডৰ ধাৰণাটো বুজি পাবলৈ আমাৰ অৰ্থনীতিত থকা সংগঠিত খণ্ডৰ বিষয়ে জনাটো আৱশ্যক হয়৷ সহজ অৰ্থত সংগঠিত খণ্ড বুলি ক’লে অৰ্থনীতি এখনত বিধিগত গাঁথনিৰ অধীনত চালিত হৈ থকা ব্যৱসায়-বাণিজ্য, নিয়োগ আৰু আন আৰ্থিক কাৰ্যকলাপ সামৰি লোৱা বিভাগ, সংস্থা বা প্ৰতিষ্ঠান আদিক বুজোৱা হয় য’ত সামাজিক সুৰক্ষাৰ ব্যৱস্থাসমূহ যেনে অৱসৰকালীন সা-সুবিধা, প্ৰ’ভিডেণ্ড ফাণ্ড, প্ৰসূতিৰ বাবে নিৰ্দিষ্ট ছুটীৰ সুবিধা, বীমাৰ সুবিধা আদি ইয়াৰ কৰ্মীসকলৰ বাবে প্ৰচলিত চৰকাৰী নিয়ম অনুসাৰে সুনিশ্চিত হৈ থাকে৷ আৰ্থিক বা ব্যৱসায় সংগঠন আৰু বিভাগ অনুসাৰে অৱশ্যে বিধিগত ৰূপত এনে সামাজিক সুৰক্ষাৰ ব্যৱস্থাসমূহ পৃথক প্ৰকৃতিৰ হ’ব পাৰে৷ চৰকাৰী বিভাগ, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী পুঁজিৰ দ্বাৰা চালিত ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠান ইত্যাদি সাধাৰণতে সংগঠিত খণ্ডৰ অধীনত থকা বুলি ক’ব পাৰি ৷ লগতে নিৰ্দিষ্ট আইনৰ অধীনত পঞ্জীয়নভুক্ত তথা প্ৰচলিত৷ শ্ৰমিক আইনৰ অধিনিয়মৰ দ্বাৰা পৰিচালিত বৃহৎ ব্যৱসায় নিগম, ৰিজাৰ্ভ বেংকৰ অধিনিয়মৰ দ্বাৰা চালিত বেংক, বিত্তীয় প্ৰতিষ্ঠান, বীমা কোম্পানী তথা আন পঞ্জীয়নভুক্ত আৰু পৰিচালিত প্ৰতিষ্ঠান [য’ত বিধিগত সামাজিক সুৰক্ষাৰ সুবিধা বিদ্যমান] আদিও সংগঠিত খণ্ডৰ অন্তৰ্ভুক্ত৷ আমাৰ অসমৰ প্ৰায় ৭৬০ খনৰো অধিক বৃহৎ চাহ বাগান সংগঠিত খণ্ডৰ অন্তৰ্ভুক্ত হোৱাৰ সূত্ৰে ইয়াৰ শ্ৰমিক-কৰ্মচাৰীসকলে নিৰ্দিষ্ট নিয়মৰ আধাৰত সামাজিক সুৰক্ষাৰ সুবিধাসমূহ লাভ কৰি থকাৰ বিপৰীতে প্ৰায় এক লাখ বিশ হাজাৰৰো অধিক ক্ষুদ্ৰ চাহ বাগান অসংগঠিত খণ্ডৰ অধীন হোৱাৰ বাবে ইয়াত নিয়োজিত হৈ থকা৷ মিক-কৰ্মচাৰীসকল এনে সামাজিক সুৰক্ষা সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ ‘আনঅৰগেনাইজড্ ৱৰ্কাৰচ চ’ছিয়েল ছিকিউৰিটি এক্ট “, ২০০৮’ অনুসৰি অসংগঠিত খণ্ডৰ কৰ্মী বুলি ক’লে এনে এজন কৰ্মীক বুজোৱা হয় যি গৃহভিত্তিক, স্বনিয়োজিত বা মজুৰিভিত্তিক কৰ্মী হিচাপে নিয়োজিত হৈ থাকে অথবা এগৰাকী সংগঠিত খণ্ডৰ কৰ্মীও হ’ব পাৰে যাৰ সামাজিক সুৰক্ষাৰ ব্যৱস্থা– কৰ্মীসকলৰ বাবে থকা ক্ষতিপূৰণ আইন [১৯২৩], ঔদ্যোগিক বিবাদ আইন [১৯৪৭], কৰ্মচাৰীৰ ৰাজ্যিক বীমা আইন [১৯৫২], প্ৰসূতি সুবিধা আইন [১৯৬৯] আৰু গ্ৰেচুইটি পৰিশোধ আইন [১৯৭২] ৰ অধীনত সুনিশ্চিত নহয় ৷
ভাৰত চৰকাৰৰ ইকন্মিক চাৰ্ভে, ২০২১-২২ ৰ সমীক্ষা মতে, ২০১৯-২০ বৰ্ষত ভাৰতৰ মুঠ শ্ৰম বলয় ৫৩.৫৩ কোটিৰ ভিতৰত ৪৩.৯৯ কোটি শ্ৰমিককেই অসংগঠিত খণ্ডত নিয়োজিত হৈ আছে৷ মুঠ শ্ৰম বলয়ৰ ই প্ৰায় ৮২.১৮ শতাংশ৷ ভাৰত চৰকাৰৰ৷ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ বাৰ্ষিক প্ৰতিবেদন, ২০১৫-১৬ ত প্ৰকাশিত তথ্য মতে দেশৰ মুঠ নিয়োগৰ ৯০ শতাংশৰো অধিক কেৱল অসংগঠিত খণ্ডৰ কৰ্মী ৷ এই ৰিপ’ৰ্টৰ মতে এনে অসংগঠিত খণ্ডৰ কৰ্মীৰ এক বুজন অংশ ঘৰুৱা ভিত্তিক বৃত্তি যেনে বিড়ি বনোৱা, ধূপ নিৰ্মাণ, পাপড় বনোৱা, টেইলৰিং আৰু এম্বডাৰীঙ আদিত নিয়োজিত৷ উল্লেখযোগ্য যে ভাৰতৰ দৰে বিশাল দেশ এখনত অনানুষ্ঠানিক বা অসংগঠিত খণ্ডত কৰ্মৰত৷ শ্ৰমিকৰ সঠিক সংখ্যাৰ বিষয়ে জনাটো বৰ সহজসাধ্য নহয়৷ স্থায়ী নিয়োগ, পেন্সন, বীমা, বেতনসহ নিৰ্দিষ্ট ছুটীৰ সুবিধা আদিৰ অভাৱৰ লগতে নিম্ন আয়যুক্ত কৰ্মত দেশৰ চুকে-কোণে নিয়োজিত হৈ থকা এনে৷ মিকৰ দুৰ্দশাৰ ছবি এখন ক’ভিড মহামাৰীৰ সময়ত অতি দুঃখজনকভাৱে আমি সকলোৱেই প্ৰত্যক্ষ কৰিছিলোঁ৷ দেশৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ এই৷ মিকসকলৰ এটা তথ্য ভাণ্ডাৰ সৃষ্টিৰ বাবে সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ৷ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে এটা ‘ই-শ্ৰম প’ৰ্টেল’ ২০২১ চনৰ ২৬ আগষ্টত মুকলি কৰে ৷ আধাৰ নম্বৰ সংযোগী এই প’ৰ্টেলত অসংগঠিত খণ্ডৰ অধীনৰ৷ শ্ৰমিকসকলৰ পঞ্জীয়ন বিনামূলীয়া হোৱাৰ লগতে এনে শ্ৰমিকৰ বাবে প্ৰযুক্তিৰ সহায়ত সামাজিক সুৰক্ষা আৰু নিয়োগৰ সুযোগ, বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা আদি নিশ্চিতকৰণৰ লক্ষ্যও লোৱা হৈছিল৷ উল্লেখযোগ্য যে, উপলব্ধ তথ্য অনুসৰি ২০২৫ চনৰ ৩ মাৰ্চ পৰ্যন্ত ‘ই-শ্ৰম প’ৰ্টেল’ত হোৱা শ্ৰমিকৰ পঞ্জীয়নৰ সংখ্যা হ’ল- ৩০, ৬৮, ৭৪, ০৯৪ গৰাকী৷ পঞ্জীয়নভুক্ত মুঠ শ্ৰমিকৰ ৫৩.৬৮ শতাংশই হ’ল মহিলা শ্ৰমিক এই প’ৰ্টেলত পঞ্জীয়নভুক্ত অসমৰ অসংগঠিত শ্ৰমিকৰ সংখ্যা হ’ল ৭৬, ২৫, ০৪১ গৰাকী৷ এইখিনিতে এইটোও উল্লেখনীয় যে ভাৰতৰ মুঠ ৩০.৬৮ কোটি পঞ্জীয়নভুক্ত শ্ৰমিকৰ ভিতৰত উত্তৰ প্ৰদেশ [৮.৩৮ কোটি] আৰু বিহাৰ [২.৯৭ কোটি]ৰ পৰা পঞ্জীয়ন হোৱা শ্ৰমিকৰ সংখ্যাই আটাইতকৈ অধিক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল লাক্ষাদ্বীপ [২৮১৮ গৰাকী]ৰ পৰা হোৱা পঞ্জীয়ন আটাইতকৈ কম৷
দেশৰ অৰ্থনীতিৰ চালিকা শক্তিস্বৰূপ অসংগঠিত খণ্ডৰ এই শ্ৰমিকসকলক চৰকাৰে ইতিমধ্যে ঘোষণা কৰা সামাজিক সুৰক্ষাৰ আঁচনিসমূহৰ সুযোগ লোৱাত সুবিধা হোৱাকৈ ২০২৪ চনৰ ২১ অক্টোবৰৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসাৰে ‘ই-শ্ৰম প’ৰ্টেল’ক ‘ৱান-ষ্টপ-ছলিউশ্যন’ [One-Stop-Solution] হিচাপে গঢ়ি তোলা হৈছে৷ এই পৰ্যন্ত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰণালয়যবিভাগৰ অধীনৰ ১৩ খন আঁচনি ‘ই-শ্ৰম প’ৰ্টেল’ৰ সৈতে সমন্বয় সাধন কৰি তোলা হৈছে৷ এনে আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ষ্টীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা, নেশ্যনেল ফেমিলী বেনিফিট স্কীম, মহাত্মা গান্ধী ৰাষ্টীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন, প্ৰধানমন্ত্ৰী আৱাস যোজনা [গ্ৰামীণ], আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা [নগৰীয়], প্ৰধানমন্ত্ৰী মৎস সম্পদ যোজনা আৰু প্ৰধানমন্ত্ৰী কিষাণ মান-ধন যোজনা আদি উল্লেখনীয়৷ ‘ই-শ্ৰম প’ৰ্টেলত’শ্ৰমিকসকলে সহজে অভিগমন কৰিব পৰাকৈ তথ্যসমূহ ২২ টা ভাৰতীয় ভাষাত ২০২৫ চনৰ ২৬ জানুৱাৰীৰ পৰা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰোপৰি ‘ই-শ্ৰম প’ৰ্টেল’ৰ লগত সংলগ্ন হৈ থকা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সহজে জানিব পৰাকৈ চলিত বছৰৰ ২৪ ফেব্ৰুৱাৰীত ‘ই-শ্ৰম ম’বাইল এপ্লিকেশ্যন’ও মুকলি কৰাটো আন এক সময়োচিত পদক্ষেপ বুলি অভিহিত কৰিব পাৰি৷
অসংগঠিত খণ্ডৰ প্ৰাদুৰ্ভাৱ কেৱল যে আমাৰ ভাৰততহে আছে তেনে নহয়; বিশ্বৰ উন্নত-অনুন্নত প্ৰায়বোৰ দেশতে এনে খণ্ডৰ উপস্থিতি কম-বেছি পৰিমাণে থকা দেখা যায়৷ অৱশ্যে আন বহুবোৰ দেশত ইয়াক অনানুষ্ঠানিক খণ্ড বা ইনফৰমেল চে“ৰ ৰূপেও জনা যায়৷ ভাৰতৰ প্ৰেক্ষাপটত এই দুয়োটা ধাৰণা প্ৰায় সমাৰ্থক যদিও কিছু পাৰ্থক্যও নথকা নহয়৷ অসংগঠিত খণ্ডই আনুষ্ঠানিক নিয়ন্ত্ৰণমূলক গাঁথনিৰ বাহিৰত থকা বহল পৰিসৰৰ আৰ্থিক কাৰ্যকলাপক সামৰি লয়৷ আনহাতে অনানুষ্ঠানিক খণ্ডক অসংগঠিত খণ্ডৰ এক উপাংশ বুলি ক’ব পাৰি, য’ত কাৰ্যকলাপসমূহ প্ৰচলিত৷ ম আইন, অধিনিয়ম আৰু সামাজিক সুৰক্ষা আঁচনিৰ¸ আওতাৰ বাহিৰত থাকে৷ স্বনিয়োজিত কৰ্মী, অতি ক্ষুদ্ৰ মাত্ৰাৰ ব্যৱসায়ত নিয়োজিত৷ মিক, মজুৰিভিত্তিত নিয়োজিত অস্থায়ী৷ মিক আদি সাধাৰণতে অনানুষ্ঠানিক খণ্ডৰ আওতাত থকা বুলি ধৰা হয়৷ সেয়া যি কি নহওক, নিৰ্দিষ্ট বিধিগত গাঁথনিৰ অধীনৰ নহ’লেও আৰ্থিক কাৰ্যকলাপত অংশগ্ৰহণৰ মাধ্যমত জীৱন যাত্ৰা অব্যাহত ৰখা প্ৰতিগৰাকী অসংগঠিত খণ্ডৰ৷ মিকৰে দেশৰ অৰ্থনীতিত আৰ্থিক গুৰুত্ব আছে৷ বিশ্বৰ সৰ্বাধিক জনবহুল দেশখনৰ অৰ্থনীতিক চালিত আৰু জীপাল কৰি ৰখাত অসংগঠিত খণ্ডৰ৷ ম শক্তিৰ ভূমিকা অনবদ্য৷ কেৱল সংগঠিত খণ্ডৰ অধীনৰ সৰ্বাধিক ১৫-১৭ শতাংশ৷ মিকৰ অংশ গ্ৰহণেৰে দেশৰ অৰ্থনীতিৰ সকলো আৰ্থিক কাৰ্যকলাপ আগবঢ়াই নিয়াটো কেতিয়াও সম্ভৱপৰ নহয়৷
সীমিত উপাৰ্জন, অসুৰক্ষিত নিয়োগ, নিম্ন মজুৰি, বহুলাংশে নগদ লেন-দেনত নিৰ্ভৰশীল, নিম্ন কৌশলী আৰু অশিক্ষিত বা কম শিক্ষিত আদি বৈশিষ্ট্যপূৰ্ণ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ জীৱন নিৰ্বাহৰ মান সহজেই অনুধাৱন কৰিব পাৰি৷ ক’ভিড কালত এই ে৷ ণীৰ শ্ৰমিকৰ বিশেষকৈ প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱন যাত্ৰাৰ কৰুণ ছবিসমূহে আমাক ব্যথিত কৰি তোলাৰ স্মৃতি আজিও সজীৱ হৈয়েই আছে ৷ আমাৰ শ্ৰমিক বলয়ৰ বুজন সংখ্যক নিয়োজিত হৈ থকা কৃষিখণ্ডত ঋতুজনিত কৃষিৰ প্ৰাধান্য হ্ৰাস কৰি বহু তৰপীয়া কৃষি পদ্ধতিৰ প্ৰয়োগ কৰিব পৰাৰ ওপৰতো এনে একাংশ৷ মিক-কৰ্মীৰ আৰ্থিক অৱস্থাৰ উন্নয়ন বহুখিনি নিৰ্ভৰশীল হৈ আছে৷ একেদৰে থলুৱা দ্ৰব্য-সামগ্ৰীৰ উৎপাদন তথা বিক্ৰীৰ সুবিধা হোৱাকৈ স্থানীয় বজাৰ ব্যৱস্থাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ ওপৰতো আন একাংশ এনে৷ মিক-কৰ্মীৰ আয়ৰ পৰ্যায়ৰ পৰিৱৰ্তন আৰু জীৱন নিৰ্বাহৰ মান উন্নয়নৰ বিষয়টো বহু পৰিমাণে জড়িত হৈ আছে৷ কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষিখণ্ডত বৰ্তমানেও জড়িত হৈ থকা ৰাহি৷ মিকখিনি উদ্যোগ আৰু সেৱাখণ্ডত নিয়োজনৰ পথ প্ৰশস্ত কৰিব পৰাৰ ওপৰতো অসংগঠিত খণ্ডৰ৷ মিকৰ আৰ্থিক অৱস্থা উন্নয়নৰ দিশটো জড়িত হৈ আছে৷ অৱশ্যে ইয়াৰ বাবে কেৱল নগৰ বা চহৰতে নহয়, গ্ৰাম্য অঞ্চলতো উদ্যোগ আৰু সেৱাখণ্ডৰ অধীনত গ্ৰাম্য পৰ্যটন, পৰিবহন, বেংকিং আদি আৰ্থিক সা-সুবিধা আৰু ব্যৱসায়িক কাৰ্যকলাপৰ যথোপযুক্ত মাত্ৰাত সম্প্ৰসাৰণ ঘটিব লাগিব৷
গতিশীল উপাদান হিচাপে যিকোনো দ্ৰব্যৰ উৎপাদনত শ্ৰমিকৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ৷ মানৱীয় উপাদান হিচাপেও অৰ্থনীতিৰ উৎপাদন কাৰ্যত শ্ৰমিকৰ এটা সুকীয়া গুৰুত্ব আছে ৷ দীৰ্ঘদিন ঔপনিৱেশিক শাসনৰ অধীনত থকা কৃষি নিৰ্ভৰ অৰ্থনীতি এখনত বৃহৎ সংখ্যক অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা সুনিশ্চিত কৰাটো যথেষ্ট প্ৰত্যাহ৩ানমূলক৷ আৰ্থিক সংস্কাৰৰ কালছোৱাত ঘটা অৰ্থনীতিৰ গাঁথনিগত ৰূপান্তৰৰ ফলত শ্ৰম বলয়ৰ ওপৰত পৰা প্ৰভাৱ, প্ৰযুক্তি কৌশলৰ চমকপ্ৰদ উন্নতি আৰু প্ৰয়োগ, কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান প্ৰয়োগ আদিয়ে সংকুচিত কৰি অনা মানৱ৷ মৰ ক্ষেত্ৰখনতো নতুন নতুন প্ৰত্যাহ৩ানৰ সৃষ্টি কৰিছে৷ ক’ভিড মহামাৰীয়ে খাটিখোৱা শ্ৰমিকসকলকেই অতি শোচনীয়ভাৱে ক্ষতিগ্ৰস্ত কৰিছিল ৷ সেইয়া যি কি নহওক, অসংগঠিত খণ্ডৰ শ্ৰমিককসকলৰ কল্যাণৰ কাৰণে চৰকাৰে সম্প্ৰতি পৰ্যায়ক্ৰমে গ্ৰহণ কৰা ব্যৱস্থাৱলী নিশ্চিতৰূপে সমাদৰযোগ্য৷ আৰ্থিক উন্নয়নৰ হাৰ বৃদ্ধিৰ লগে লগে সম্প্ৰসাৰিত হ’বলগা আৰ্থিক কাৰ্যকলাপত এনে শ্ৰমিকসকলে সামাজিক সুৰক্ষাসহ যাতে নিয়োজনৰ সুবিধা পায়, তাৰ প্ৰতি মানৱীয় দৃষ্টিকোণেৰে দায়বদ্ধশীল হৈ থকাটো সংশি¡ষ্ট সকলো পক্ষৰে কৰ্তব্য হোৱা উচিত৷
