।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
সন্তানৰ মানৱীয়তাত পিতৃ মাতৃৰ অৰিহণা
ডিম্বেশ্বৰ হাজৰিকা
উত্তৰ লক্ষীমপুৰ
জীৱশ্ৰেষ্ঠ মনুষ্য নিষ্পাপ শিশু অৱস্থাত
ভাল বেয়া জ্ঞান লব্ধ আনৰ সহযোগত
নাথাকে কাৰোলৈ ভয় শংকা ল'ৰালিত
সেইভাৱ লুপ্তপ্ৰায় আনৰ ৰুদ্ৰ ব্যৱহাৰত
ফলৰ স্বাদত গছৰেই হয় গুণগান ধৰাত
পিতৃ মাতৃৰ গুণ চৰিত্ৰৰ প্ৰকাশ সন্তানত
সন্তানে বহু গুণ আয়ত্বকৰে মাতৃৰ গৰ্ভত
তেনে উপমা পোৱা যায় ভাগৱত শাস্ত্ৰত
কীৰ্তন ঘোষাত উল্লেখিত প্ৰহ্লাদ চৰিত্ৰত
ব্ৰহ্মজ্ঞান লভিছিল মাতৃ ক্যয়াধুৰ গৰ্ভত
মাতৃ আছিল তেতিয়া নাৰদৰ সান্নিধ্যত
যদিওবা তেওঁ জন্ম লৈছিল দৈত্যকুলত
অতিথিয়ে নাপায় আদৰ যত্ন যাৰ গৃহত
সন্তানৰ ভেদভাৱ জন্মে কৈশোৰ কালত
সহৃদয়তাৰ অভাৱ ঘটে যাৰ কৰ্মক্ষেত্ৰত
সুখী হবলৈ অধিক সময় লাগে জীৱনত
স্বাস্থ্য নিৰ্ভৰশীল পুষ্টিকৰ খাদ্য ল'ৰালিত
অভিভাৱকৰ শাসন প্ৰয়োজন কৈশোৰত
শিক্ষাবিদ্যা আহৰণ যাৰ শৃংখলাবদ্ধতাত
তেওঁলোকে স্বাভিমান ৰাখি চলে জীৱণত
সর্বদা চৰ্চায়ো প্ৰভাৱিত সন্তানৰ জীৱনত
চৰিত্ৰৱান হয় সন্তান প্ৰাৰ্থনা হয় যাৰ গৃহত
সাধু সন্তৰ সান্নিধ্য পায় যি কৈশোৰকালত
সততা নিষ্ঠা প্ৰকাশ পায় কৰ্তব্য পালনত
সম্প্ৰীতিৰ অভাৱ হলে দম্পতিৰ মাজত
স্বৰ্গীয় প্ৰেমৰ ৰস ক্ষীণ সন্তানৰ জীৱনত
ধৰ্ম সংস্কৃতিৰ বাতাবৰণ থাকে যি গৃহত
শান্তি সম্প্ৰীতিৰ অভাৱ নহব পৰিয়ালত
সুচৰিত্ৰ গঠনত শাসন জৰুৰী শৈশৱত
কিশোৰৰ মন দূৰ্বল হয় কঠোৰ শাসনত
আৰ্থিক কঠিনতায়ো শিক্ষা দিয়ে বহুত
মিতব্যয়ী হবলৈ বাধ্য হয় জীৱন কালত
পিতৃ মাতৃৰ বৃত্তিৰ প্ৰভাৱ পৰে সন্তানত
সততাক গুৰুত্ব দিলে সন্তান চলে সত্যত
ধন সম্পদ আহৰণ যাৰ মিছাৰ আশ্ৰয়ত
ব্যর্থ হব সন্তান পৈত্ৰিক সম্পদ সংৰক্ষণত।
শিশু গীত
দিগন্ত সোনোৱাল
সাংবাদিক,অসমীয়া প্ৰতিদিন, বগীনদী
টিক্ টিক্ টিক্ টিক্
ঘড়ীটোয়ে কয়
সময় কালৈকো নৰয়
সময় গ'লে উৰি
ধৰি ৰাখিব নোৱাৰি
সময় গ'লে গুচি
ঘূৰাই আনিব নোৱাৰি।
সময়ৰ টিকনি
আগফালে উৰে
কথাষাৰ বাৰু
তুমি জানানে,
সময় পাৰহৈ গ'লে
ঘূৰাই আনিব নোৱাৰি।
সময়ে কাৰো বাধা নামানে
সময়ে কাৰো কথা নুশুনে
সময়ে উলটি
নাচায় কালৈকো
সময় বোৱতী নৈ
মাথো যায় বৈ।
সময়ৰ কাম সময়ত কৰা
যদিহে সময়ক ধৰি ৰাখিব খোজা
সময়ৰ শৰ সময়তে মাৰা
তেতিয়াহে জীৱনক গঢ়িব পাৰিবা ।
সময় গ'লে গুচি
ঘূৰাই নাপাবা তুমি
সময় গ'লে উৰি
ঘূৰাই আনিব নোৱাৰি।
সময়ৰ সৎ ব্যৱহাৰ কৰা
সময়ৰ মূল্য তেতিয়াহে পাবা
সময়ৰ গতি ৰুধিব নোৱাৰি
হাজাৰ বাধা নেওচি
তুমি যোৱা আগবাঢ়ি
সময় গ'লে উৰি
ঘূৰাই আনিব নোৱাৰি ।।