।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

তুমি মিঠা মিঠা
ড০ তৰুণ চন্দ্ৰ বৰা
নহঁহা মুখখনিত
মিচিকিয়া হাঁহি
মেলা চুলি তাৰিত
কপৌ পাহি
মিঠা-মিঠা ।
নুফুলা নাহৰে
পেলাই কলি
কাজল সনা দুচকুত
ৰাগিনী তুলি
মিঠা-মিঠা ।
কজলা চকুযুৰিত
বৰষা নামে
ৰঙা-ৰঙৰ ওঁঠ দুটিয়ে
চুমা আঁকে
মিঠা-মিঠা ।
নোকোৱা কথাটিয়ে
বহু কথা কয়
আনমনা চোন
উদয় হয়।
মিঠা-মিঠা ।
তুমি হাঁহিলে
আকাশত জোনাক নামে
দূৰৈৰ বাঁহীৰ সুৰ
ভাহি আহে
মিঠা-মিঠা ।
ঠেঁহ পতা দুগালত
ৰঙা-ৰঙা, জিলিকা
মনে মনে থাকিলেও
মৰম মৰম লগা
তুমি মিঠা-মিঠা ।
তুমি মিঠা-মিঠা ।
তোমালৈ মনত পৰে
দিপ্তী ভূঞা
হৃদয়ৰ অনুভৱ অনুভুতিবোৰ যদি
এটি এটি মুকুতা হৈ জিলিকে
তুমি দিয়া প্ৰতিশ্ৰুতিবোৰত যদি
সৃষ্টিৰ এক অনাবিল সৌন্দৰ্য আৰু
সুগন্ধি বিয়পে
মন মোৰ তেতিয়া
ব'হাগৰ বা লাগি
বুকুখনি উথলি উঠে
তেতিয়া জানা ,
তেতিয়া তোমালৈ মোৰ
মনত পৰে ....।।
অদূৰত বাঁহীৰ অমিয়া সুৰে
মোৰ মনত , মোৰ প্ৰাণত
সপ্তসুৰৰ ৰাগিনী তোলে
সপোনৰ দলিচাত
এপাহি এপাহি ৰক্ত গোলাপ ফুলে
তেতিয়া জানা ,
তেতিয়া তোমাৰ স্মৃতিয়ে
আবেগিক কৰি তোলে
পৰিভ্ৰমী চতুৱা চৰাইজনীয়ে
পাতৰ আঁৰে আঁৰে
বসন্তৰ বাতৰি দিয়ে
তেতিয়া জানা ,
তেতিয়া তোমালৈ
বৰকৈ মনত পৰে ....।।
হৃদয় বননিত
কুলি -কেতেকীৰ মিঠা মাতে
মন মোৰ উন্মনা কৰে
প্ৰাণ চঞ্চল হৈ উঠে
বিৰিখৰ ডালে ডালে
কপৌফুলৰ কোমল পাহিয়ে
সোণত সুৱগা চৰে
এটি দুটি জোনাক সৰে
তেতিয়া জানা ,
তেতিয়া তোমালৈ মনত পৰি
হৃদয়খন বিষাদেৰে ভৰি পৰে ....।।
কোৰ্হাল
সংগীতা বৰঠাকুৰ তামুলী
কোৰ্হাল কোৰ্হাল কোৰ্হাল
এতিয়া মাথোঁ চৌদিশে
পয়োভৰ কোৰ্হালৰ ।
কিহৰ বাবে এই কোৰ্হাল?
পোৱাৰ বাবে/ নোপোৱাৰ বাবে
অথবা পাই হেৰুৱাৰ বাবে?
নে ই এক
ব্যৰ্থ প্ৰয়াস মাত্ৰ
নিজকে প্ৰতিষ্ঠা কৰাৰ ?
কোৰ্হালৰ হেঁচাত
বিপৰ্য্যস্ত জীৱন
উশাহৰ বাবেও
উকমুকণি।
কোৰ্হালে হৰি নিছে
নিশাৰ ঘুমতি
সপোনৰ মায়াসনা
দুচকুৰ টোপনি।
'আমাৰে মইনা শুব এ'
পুৰাতন নিচুকণি গীতটি
গাবলৈ আয়ে জানো
পাব অকণি আহৰি?
বোধিদ্ৰুম জোপা
ৰৈ আছে
তথাগতলৈ
আৰু
কপৌহালিয়েও
ডৌকা সামৰি
অপেক্ষা কৰিছে
শান্তিৰ বাতৰি বিলাবলৈ......
কেতিয়া আহিব
সেই সময় ?
সকলো মাত্ৰ
অপেক্ষাৰত।
