।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

আবেগ গাঁথা
সুচিত্ৰা শইকীয়া
কিজানি মোৰ পৰিশ্ৰান্ত হিয়াত
বতাহে সিঁচিব হেঁপাহৰ ৰং
সপোনৰ উজনি নামনিত
স্বীকৃতিৰ চন পৰা বৈতৰণী
ৰাখোঁ বুলি সমন্বয়ৰ বুলনি
সাজিছো এখন দলং
দিনৰ পৰা ৰাতি লৈ
ৰাতিৰ পৰা দিনলৈ
নিজম বুকুত
সাগৰৰ কোবাল ঢৌ
মাথো ভাবিছোঁ
ভাববোৰ আকিঁছো
জয়াল সময়ৰ দুৰ্গম গতি পথ
পৃথিৱী ঈশ্বৰৰে সৃষ্টি
বিড়ম্বনাই টানি আনে
অন্ধকাৰ চাকনৈয়া
মায়াবোৰ সৰি পৰে
জীৱনটো মাথো
বহু নিৰাশাৰ শৃংখল।
ফৰিং বোৰক সুধিছো
বিকাশ জ্যোতি ভূঞা
ফৰিং বোৰক সুধিছো
তোমালোকে মোৰ কথা জানা নেকি?
য'ত ত'ত যে জঁপিয়াই ফুৰা
সেউজীয়াৰ মাজত লুকাই লুকাই
মোকে জুমি থাকা !
তোমালোকে মোৰ কথা জানা নেকি
নে মোক চিনি পোৱা ?
মোৰ ঘৰ কত কি কথা একোৱে নাজানা
তথাপি পিছে পিছে ঘূৰি ফুৰা ।
চাইছা চোৱা,
অ'ত ত'ত কিয় কৈ ফুৰা ?
ফটা কামিজত চিলাই কৰি
ইমান দুৰ পাইছোহি,
সেইবোৰটো একোকে নাজানা,
ফৰিং বোৰক সুধিছো
তোমালোকে মোৰ কথা জানা নেকি?
তেন্তে কিয় য'ত ত'ত জঁপিয়াই ফুৰা ?
পদুলিয়ে পদুলিয়ে
নঙলাই নঙলাই।।
শাৰদী ৰাণী
অপৰাজিতা হাজৰিকা
বৰ্ষামুখৰ শাৰদী পুৱা
খিৰিকীৰে সোমাই অহা সুগন্ধি বতাহজাকত
বিয়পি পৰক যুগমীয়া শান্তি,
মুখৰিত হওক আকাশ
দেৱদাসীৰ আৰতীৰ খিল্-খিলা্ হাঁহিৰ স’তে
বিয়পি পৰক দূৰ-দিগন্তলৈ
শুভ শংখ-ধ্বনিৰ নৱ-নৱ লহৰ,
সু-উচ্চ পৰ্বতৰ শিখৰ, নদ-মহানদ,
সাগৰ-মহাসাগৰ কিম্বা মহাকাশলৈ
ধূলিৰে-ধূসৰিত অগ্নিমন্ত্ৰই বিলাই যাওক
বতৰা মূষলধাৰ নৱোন্মেষৰ।
মই বিচাৰো-
শাৰদবানত উটিযাওক মদমত্তৰ মিছা দম্ভ আৰু
অভিমানপুষ্ট পাপ-তাপ নিঃসৰিত হওক
বিজয়ত বিসৰ্জিত প্ৰতিমাৰ নিৰ্গমন পথত।
শেৱালীৰ শুভ্ৰতা আৰু বকুলৰ সুগন্ধিত
স্নান কৰি সন্তৰ্পণে
সানিলৈ নিয়ৰৰ আবিৰ গালে-মুখে
আগবাঢ়ো শৰতৰ মায়াবী পথেৰে
সুকোমল কঁহুৱাৰ দলিচাত
আলিঙ্গনৰ দুহাত মেলি
অদূৰত অপেক্ষাৰত সৌৱা
চিৰ যৌৱনা শাৰদীৰাণী।