।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

কবি
ৰমেন শইকীয়া
শব্দক কৰ্ষণ কৰি
বাস্তৱৰ পিয়লাত
দিয়া
ৰূপোৱালী ফটিকা।
সেই মদিৰাত
চাও পিত্ পিত্ শব্দৰ চোঁ ঘৰ।
তোমাৰ কাপত অনন্ত সুধা
বোৱাই দিয়া ব্যৰ্থিত প্ৰাণত
সেউজীয়া নিজৰা।
ৰং, সুবাস, খং, ক্ষোভ একে ঠাই কৰি
কল্পনাৰ তুলিকাৰে
আমাক দিয়া কবিতাৰ সৌধ
তোমাৰ নাম
কবি
ইচ্ছা
দিপালী চেতিয়া মজুমদাৰ
বহু দিন
বহুবাৰ ভাবিছোঁ
মোৰ চকুযোৰ দান দিম
মৃত্যুৰ পাছত
যদিও ক'লা বা নীলা বা ধুনীয়া নহয়
তথাপি
মই মোৰ চকুযোৰ দান দিম।
এবাৰ ভাবিছিলোঁ
ঈশ্বৰ প্ৰদত্ত মোৰ মৰমৰ তাম বৰণীয়া চকুযোৰ
দান নিদিওঁ
কিন্তু..........
এতিয়া মই ভাবিছোঁ
মই ভালপোৱা কবিতা, গল্প, উপন্যাস কিতাপবোৰ
মোৰ নিজৰ লেখাবোৰ পঢ়িবলৈকে
চকুযোৰ দান দিম
মোৰ মৃত্যুৰ পিছত।
সোণসেৰীয়া শৈশৱৰ কথাৰে
মৃদুস্মিতা হাজৰিকা
সময়ে পাহি মেলি
চৌপাশৰ সেউজীয়াবোৰ
সাৱটি লোৱাৰ পৰত
সন্ধ্যা তৰা বোৰে
গীত জুৰিলে,
তাহানিতে আইতাৰ
নিচুকনি গীতত
তৰাবোৰৰ সতে
টোপনি যোৱা মিঠা
কাহিনী বোৰ হৃদয়ত
আজিও জীপাল,
হৃদয়ৰ পৰা হৃদয়লৈ
মৰম বৈ যোৱা দিনৰ
অনেক কাহিনী
বুকুত আজিও সজীৱ।
শৈশৱৰ নীলা আকাশ খন
আজি চোন গোমা গোমা
লাগে ,এই যেন ধাৰা -সাৰে নামি আহিব
এজাক বৰষুণ
অনাকাংক্ষিত বৰষুণ।
প্ৰকৃতিৰ বিলাপ
ৰুপাঞ্জলি ভূঞা
চাৰিওফালে আজি প্ৰকৃতিৰ অৱক্ষয়
আলফুলীয়া সেউজীয়া বোৰে....
হেৰুৱাই পেলাইছে ৰং আৰু ৰূপ !!
হৃদয়ৰ সেউজীয়াতো একেই ৰাগিনী
মানৱতাই আদৰিছে মুঠি মুঠি যামিনী।
পাহাৰে বিনাইছে সেউজীয়া খহিছে
বিননিত দহিছে হাবিৰ বৈচিত্ৰ্য
অজান জীৱৰ শুৱলা কলৰৱ...
মিঠা অনুভূতিত নাই পুৰণি ঐতিহ্য।
জীৱকুলৰ উচুপনিত ...
জয় পৰিছে ঐতিহ্যৰ গৰিমা
শিল্পীৰ কণ্ঠৰ যাদুত নিগৰি অহা
যাযাবৰী সুৰৰ হেৰাল মহিমা ।
ৰংহীন হৈ আহিছে প্ৰকৃতিৰ দ্যুতি
ছন্দহীন হৈ উঠিছে প্ৰকৃতিৰ ভেঁটি!!
কংক্ৰীটৰ হেঁচাত কঁপিছে ধৰণীৰ বক্ষ
বিশ্বৰ মানচিত্ৰত আজি প্ৰকৃতি ৰুক্ষ।
উৱলি যোৱা ছবিত ৰঙৰ নাটনি
সৱে মিলি আঁতৰাও প্ৰাণৰ ঘুমটি ।
প্ৰকৃতি সুন্দৰ হওঁক সেউজীয়া চুমি
সেউজীয়া সুন্দৰ হওঁক বিশ্ব জয় কৰি ।