top of page

সূৰ্যকণ্ঠ জুবিন 

  গীত গগৈ

ঘিলামৰা।

 

সংগীত সম্ৰাট তেওঁ

তেওঁৰ গীতে জগাই পুৱা

দৌৰাই  অশ্বমেধ ঘোঁৰা।

তেওঁৰ সুৰে সজাই দুপৰ

ঘৰ্মাত্ব দেহাটো নাই ভাগৰ ।

কি যে এটা যাদুকৰী কণ্ঠ

বহ্নিমান আমাৰ তেজৰ ৰন্ধ

জীৱন জীয়াই ৰখাৰ

এটি সুমধুৰ প্ৰৱন্ধ ।

তুমিয়েইতো অসমৰ সূৰ্যকণ্ঠ ।

 

দূৰ্য্যোধনক পৰাস্ত কৰিব পৰাকৈ

শক্তিশালী আছিল তোমাৰ কণ্ঠ

শংকিত কৌশলী কৌৰৱ

ৰোধ কৰিব লাগে সূৰ্যপুত্ৰক

নহ'লে যে পতন অনিবাৰ্য ।

 

ৰচনা কৰা হ'ল চক্ৰবেহু।

সাজু কৰা ভেৰনীয়া দ'ল

আমাৰ বুকু সোদা কৰি

শাণি-খুঁচি শেষ কৰা হ'ল আশা

এতিয়া মৌনতাত নিমজ্জিত

আকাশ, বতাহ, জীৱন

 

ফেঁকুৰি ফেঁকুৰি ৰৈ আছে সকলো

কেনি হেৰাল পোহৰ

কিয় কাঢ়ি নিয়াৰ হ'ল সূৰ্য

ধ্বংসৰ পাতনিক কৰি উন্মোচিত

জাগ হেৰ মানুহবোৰ, ন’হলে

জীৱনবোৰ যে হ’ব  উশাহ-নিঠৰ ।

দশভূজা

       ৰিমঝিম শইকীয়া ডেকা

        ৱাৰ্ড নং- ১, উত্তৰ  লক্ষীমপুৰ

       

 

          ( ১ )

দশভূজা গোসাঁনী

মহামায়া কল্যাণী

প্ৰলয় সংহাৰ ময়ী

শান্তিৰ প্ৰতিষ্ঠা কাৰী....

শৰতৰ নিৰ্মল আকাশত

তোমাৰ সৌন্দৰ্য

প্ৰতিপলে খহে ধৰালৈ

নাৰী তুমি শক্তি দায়িনী....

                ( ২ )

সৌন্দৰ্য তোমাৰ

সৃষ্টিৰ আধাৰ

পৃথিৱীৰ কলুষতা

ধ্বংস কৰাটো

তুমি মহীয়ান....

             ( ৩ )

ধৰালৈ নামক

শান্তি সমৃদ্ধি...

লোপ হওঁক নৰ পিশাচৰ

অবাধ গতি

তোমাৰ বুকুত সৃষ্টি হওঁক

নতুনত্বৰ স্থিতি

তুমি দশভূজা

তুমি মহামায়া কল্যাণী..

সোণতে সুৱগা চৰা

(ভোগালীৰ কবিতা)

ৰেখা মণি মহন্ত

আকাশৰ আহবায়ক, লালুক শাখা

 

অ মোৰ

সোণালী পথাৰ

ৰঙে ৰসে ভৰপূৰ

আমাৰ যে প্ৰাণ

ৰচকী ভঁৰাল তই

কৰিলি শুৱনি

দাৱনীৰ লাৱনি দেহত

সানি দিলি হালধীয়া ৰং

আশাৰ ফাকুগুৰি

দুগালে বোৱাই

ৰৈ থাকিম বাটলৈ চাই

ভোগালীৰ ভোগদৈয়ে

সুখৰ সপোনবোৰ

ৰূপে-ৰসে

দিবহি সজায়।

bottom of page