top of page

স্বাগতম  নৱবৰ্ষ ২০২৬

 মৃদুস্মিতা হাজৰিকা

 

 

     আকৌ এবেলি খৰখোজেৰে মোৰ

পদূলি মুখত তোমাৰ

পদধ্বনি, 

 আদৰণি জনোৱাৰ উখল -মাখল কৰিবলৈ

হৃদয়ত যে

 বাৰিষাৰ বান...

যোৱা বাৰ তোমাৰ বুকুতে হিয়াৰ আমঠুৰ

 বিদায় চাৱনি

দপদপকৈ জ্বলি উঠা

মোলাই কাঠনি ...

 

 বিষ পান কৰোৱা

পশুধনৰ মৃত শৰীৰৰ 

লানি..

ৰেলৰ আলিত

গজৰাজৰ নিথৰ শৰীৰ

 

তীব্ৰ বেগী বাহনৰ খুন্দাত

নি:শেষ হোৱা কাৰোৱাৰ

স্বপ্নমধুৰ দিন...

 

নিজৰ ভূমিতে সংকটত পৰা জনতা

আৰু ক'ত কি বিষাদৰ

কৰুণ গাথা

তুমি হাঁহি মাৰি ভেঙুচালি

কৰি ক'লেইতো নহ'ব

নিজৰ সুখত সুখী হ'বলৈ

 

মানুহৰ বাবে কাম কৰা

মহামানৱক কুশলে ৰাখা

 

ভাওনা চাম এইবেলি

দানৱ বধৰ

সুদৰ্শন চক্ৰ চলিব

চৌদিশে

অট্টহাস্য লাহে লাহে

নোহোৱা হ'ব

বাজি উঠিব সকলোৰে

কাণত

যদা যদা হি ধৰ্মস্য..

ধুমুহাৰ গতিৰে জুবিন

পুলিন দত্ত, উঃলঃ

 

ধুমুহাৰ গতিৰেই আহি

ধুমুহাৰ গতিৰেই গুছি গলা

সৃষ্টিৰাজীৰ কোবাল ধুমুহাৰে

হৃদয় জিনিলা

অত্যাধুনিকতাৰ পৰশেৰে

সংগীতৰ সোণালী যুগৰ লহৰ তুলিলা

সাংস্কৃতিক জগতখনকেই

আমূল পৰিবৰ্তন সাধিলা

লুপ্তপ্ৰায় চিত্ৰজগতখনৰ

নৱ-জোৱাৰৰ ঢৌ ৱোৱালা

থলুৱা ভাষাৰে জগত মুহিলা

 

সংগীত শিল্পীয়েই নহয় তুমি

সুদক্ষ অভিনেতা তুমি

নাট্য পৰিচালক তুমি

অসমী আইৰ উজ্বল জ্যোতিষ্ক তুমি

তোমাৰ গৌৰৱেৰে গৌৰৱান্বিত আমি

নৃত্য শিল্পীও প্ৰাণৰ আমাৰ

অসাধাৰণ প্ৰতিভা তোমাৰ

জাতি মাটি ভেটিত দখল তোমাৰ

অনুৰাগীৰ ভৰেৰে জাতিষ্কাৰ

 

আজি তুমি নোহোৱা হৈ গলা

সাগৰ তলিত শুবলৈ গুছি গলা

কোটি কোটি জনতাৰ হৃদয় আজি হাঁহাকাৰ

তুমিযে আজি নাই

খহি পৰিল ভোটা তৰা

বিৰাজিছে মহা শূণ্যতাই

অসমী আইয়ে দুচকুৰে বাট নেদেখা হৈছে

ঘৰৰ ল'ৰা আজি ঘৰত নাই

বন্তি জ্বলিব লাগিছে আজি ঘৰে ঘৰে

অলিয়ে গলিয়ে গাঁৱে ভূঞে

চহৰে নগৰে

তুমি যে প্ৰাণৰ শিল্পী

তোমাৰ বাবেই

অ'  তোমাৰ বাবেই

দুচকুৰে সাগৰ বোৱাই

 

তুমি গুছি গলা জুবিনদা

কোনোদিন উভটি নহাৰ বাটেৰে

তুমি নাভাবিবা পাহৰিম তোমাক

তুমি জিয়াই থাকিবা আমাৰ প্ৰাণত

আমাৰ তেজত

আমাৰ হৃদয়ত

উজ্জ্বল জ্যোতিষ্ক হৈ

যুগ যুগান্তৰলৈ

যুগ যুগান্তৰলৈ

জাতিৰ পৰিচয় হৈ

জাতিৰ পৰিচয় হৈ

 বন্ধুলৈ এখন চিঠি

বিতোপন গগৈ

শিমলুগুৰি

 

বন্ধু,

দুঃসময়ত চিনাকি হ'লো

অবিশ্বাসৰ বেদনাগধুৰ সময়

খিৰিকী খুলিলেই

সোমাই আহে

অচিনাক্ত শৱৰ গোন্ধ ;

ফট্ কা ফুটিলেও মনলৈ আহে

নঙলা মুখত বা ...

ৰৈ আছে কোন...।

 

বন্ধু,

মিঠা হাঁহিৰে ফুচুলাই মাতি নিব

মিছা অপবাদেৰে জীৱন বিষময় কৰি তুলিব...।

অৱলুণ্ঠিত মনুষ্যত্ব

অৱলুপ্ত মানৱতা

বন্ধু,জীৱনৰ পদে পদে

কুটিল ৰাজনীতি

কুমলীয়া আদা পালে

ভৰিৰে মোহাৰি খাব ।

এতিয়া বিশ্বাসৰ প্ৰেম নাই

প্ৰেমৰো বিশ্বাস নাই

দুঃসময়ত চিনাকি হ'লো বন্ধু..!

bottom of page