top of page

সংস্কৃতি

ৰাজিত চাংমাই

ঘিলামৰা শাখা সাহিত্য সভা

তোমাৰ নিশাহত মই জী উঠো

     নিগৰি নিগৰি কত উপৰিপুৰুষৰ বুকুৱেদি

     বৈ আহে নিৰবধি এই নিশাহ

ইয়াৰ নয়নাভিৰাম আবেশত শিকো

     আচাৰ আচৰণ

     মাউখে উটাৰ উদ্যম

সভ্যতাৰ সৃষ্টিৰে নিঃশেষ প্ৰেৰণা

     কোনোবা ৰজাৰ সাম্ৰাজ্য অৱশ্যে ইয়াত নাই

     তথাপিও ই ভৰুণ, অনন্ত-অনাদি

জীৱন সংগ্ৰামৰ বহু ঘাটে-বাটে

     ইয়াৰ নিৰলস সৃষ্টি

আটি আটি অগ্ৰগামী যাত্ৰা

তুমি আমি সেয়ে ইয়াৰ সহযাত্ৰী

দেউতাৰ পদূলি সেয়ে ভাল লাগে

নৈৰ পাৰত বহিলে আমাৰ হৃদয় জুৰায়৷

ভাল নালাগে, আইৰ সন্ত্ৰস্ত চাৱনি

কিয়নো আইৰতো জীৱন-যৌৱন আছিল

আইৰ মিঠা মাতে আমাক জীয়াইছিল

আইৰ হাঁহিৰে আমাক আটাইকে

     লালিত পালিত কৰিছিল

জীৱনৰ বিয়লি বেলাত আমি আইক

     জীয়াই ৰাখিব পাৰিছোনে সেই একে উষ্মাৰে...../

নীলা চিঠিখন

প্ৰশান্ত কুমাৰ বড়া

কদম শতদল সাহিত্য শাখা আজীৱন সভ্য সদস্য ৷

 

সূৰ্য্য ও ব্যৰ্থ

মোৰ চোতালত ৰ’দ নপৰে

পদূলিৰ মুখত কৰৱীজোপা চোন

এতিয়াও ফুলি আছে...

 

শেষত এটি উক্তি

"তুমি আহিবা

কৰৱী জোপালে চাই

ৰ’দ কাঁচলীত জিৰাবা"...

 

 দেউতাৰ মোৰ  ডাকোৱাল

কান্ধত দীঘল মলিয়ন বেগ’

অজস্ৰ জনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ চিঠি উত্তৰ প্ৰতুত্তৰ  আবেগ’

দীঘল পদূলি বাটেৰে খোজ লয় ’ সন্ধিয়া নামি আহে গাঁৱলৈ ৷

চাইকেলৰ টিলিঙা শব্দত  গঞা গাভৰু  সঘনাই পদূলি লৈ চায়

প্ৰেমৰ  নিলাজ আদিপাঠ বিচাৰি ’

সেই নীলা খামৰ চিঠিখন

কেনেবাকৈ মোৰেই হয় ৷

সময় গৈ আছে বেলিও  পশ্চিম আকাশৰ দিশে গতি কৰে’

অথচ ডাকোৱালৰ চিঠিখনৰ ভাজঁবোৰত মৰমবোৰে যেন লুকাভাকু খেলিলে ৷

কোনোবা সীমান্তত থকা সৈনিকে পত্নীলৈ আবেগভৰা চিঠিখন আজিও ঠিকনা বিহীন হৈ পৰে ৷’’

বেদনাৰ স্তবক

ৰেণু ভূঞা ফুকন

খেলমাটি

 

(1)

সোনাবৰ হালধীয়া ফুল ফুলাৰ বতৰত সৃষ্টি হয় মোৰ অন্তৰৰ নিভৃত কোণত সাগৰৰ জোৱাৰৰ দৰে টৌ

সৃষ্টি হয় বুজাব নোৱাৰা

অলেখ বেদনাৰ পঞ্জীভূত বেদনাবোৰ।

(2)

মোৰ চৌদিশে বিষাক্ত নিশ্বাস

শিৰাই শিৰাই প্ৰৱাহিত বিষাক্ত ৰক্ত

জ্বলি জ্বলি শেষ হোৱা মমৰ দৰে

ঠিক অস্তমিত আকাশৰ সোণোৱালী আভা

হেৰুৱাৰ বেদনাত চিঞৰি চিঞৰি কান্দিছো।

(৩)

শেৱালী ফুলৰ স্নিগ্ধ সুবাসে

মোৰ চৌদিশ যেন সুবািসত কৰিছে

মুক্ত আকাশৰ তলত মই

পিঞ্জৰাবদ্ধ এক নাৰী

প্ৰতিবাদী কণ্ঠ হৈ চিঞৰিব বিচাৰো

কিন্তু ৰুদ্ধ কণ্ঠ মোৰ

সন্মুখত মোৰ বাধাৰ প্ৰাচীৰ

কাৰণ ম‍ই যে নাৰী।

bottom of page