top of page

ফাগুনৰ বলিয়া বা

মোহন কুমাৰ দাস

অনাদিৰ নৈসৰ্গিক শোভাৰ বসন্তৰ জিলমিল আকাশ

বৰষাৰ বৃষ্টিত আচ্ছাদিত শৰতৰ পূৰ্ণিমাৰ জোনাকী

জয়াল ৰাতিৰ নিকৰুণ বানত সলিল সমাধি বসন্তৰ চৈ দিয়া নাও

মধ্যাহ্ন সুৰুযৰ দাবাগ্নিত তচনচ নীলিম সমুদ্ৰৰ গৰ্ভ

লাৱণি উদ্যানৰ শীতাৰ্ত গোলাপত উন্মুক্ত বিৰাগৰ সুবাস

উন্মনা যৌৱন উপালম্ভত উদ্ভ্ৰান্ত আজি দুৰ্বাসাৰ প্ৰভাস তীৰ্থ

ৰতি প্ৰদ্যুণ্মৰ গুপন প্ৰণয়ত উদ্ভাসিত যৌৱনৰ প্ৰতীক্ষাৰ অন্তত

সম্বৰৰ সমাধিত হব সয়ম্বৰ, দ্বাৰকাত বলিব বসন্তৰ বা

শুকুলা ডাৱৰে এমুকুৰা হাঁহিৰে বৃন্দাবনত  বৰমালা পিন্ধাব যেতিয়া।

মই কবিতা 
                   কুঞ্জ বুজৰ বৰুৱা 
                   উত্তৰ লক্ষীমপুৰ 
                                                      
মোৰো বিপক্ষত অভিযোগ আছে

নীলাভা সাগৰৰ নীলা আকাশৰ আৰু...

নীলা নদীক একেকাৰ কৰি থওঁ

ফ্ৰেমত ভৰাই বোলে মই

ব্যৰ্থ প্ৰেমিকাক

আকোঁৱালি নাটকৰ অভিনয়ত

মই হওঁ ...

অতীততো ৰাজ মহলত আশ্ৰয় লওঁতে

নদীবোৰ জুৰি বোৰ

সুজলা সুফলা পাহাৰবোৰ

যুগান্তৰ জহি খহি গ'ল

চৰাইবোৰ, পখিলাবোৰ

মৌ মাখি বোৰ

কেইবা দশকলৈ বোলো নিথৰ আছিল

আৰু অনুপস্থিতিত

অনু কণিকাত সিহঁত

ফছিল হৈ পৰিছিল।

আজিও মোৰ অনুসুচনা হয়

কিমান যে লহপহীয়া পৃথিৱীখন

বাস্তৱৰ পৰিঘটনা বোৰ

গৃহ যুদ্ধৰ সম্ভাৱনা বোৰ

বন্ধুকৰ গুলিৰ আগত থকা

ত্যাগী মিছিল বোৰ

কিন্তু আনুসন্ধিছো মনবোৰ

বহুবাৰ মই স্পৰ্শ কৰা নাই।

শিলহোৱা মানুহৰ আত্মকথন 

অত্ৰি ওমপ্ৰিয়া কেশৱ

 দ্বাদশ শ্ৰেণী

ছল্ট ব্ৰুক একাডেমী ডিব্ৰুগড়



 

পাহাৰীয়া ডাৱৰত ঠেকাখাই 
উচুপি উঠে 
অচিন বুকুৰ আদিম ৰুণ
বৰ্ষা যেতিয়া নামে পাতবিহীন,
লঠঙা গছত 
কঁপি উঠে উঠন ওঁঠ ..
তুমি যেন লগা 
সূৰুজমূখীৰ ফুলা হাঁহিটি 
কাৰোবাৰ চকুত প্ৰিয় হৈ 
জিলিকি থকা দেখিলে 
দেহত বনজুই জ্বলে 
কোনেনো হিচাপ ৰাখে ?
শোকেবিন্ধা এবুকু পুৰাতন কথাৰ। 
হেৰাই যাব খোজে ক'ৰবাত 
অপেক্ষাৰ আঁত 
ফুলৰ পৰা শিল হোৱা কথাবোৰ 
সলনি নহয় ,একে থাকে ..
আমি ভালে আছো ।
তোমাৰ ??

bottom of page