top of page

লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্যলৈ অৱদান সাধুপুথি

 

মীনা ফুকন হাজৰিকা

সাধনা বৰুৱা উপপথ, কে. বি. ৰোড, উত্তৰ লক্ষীমপুৰ

সাধুকথা মূলত এবিধ মনোৰঞ্জক কলা। বর্তমান সাধুকথা শিশুৰ মনোৰঞ্জনৰ বিষয়েই নহয়, ই লোকসংস্কৃতিৰ ভঁৰালো চহকী কৰিছে। সাধু হ'ল 'খাটিখোৱা লোকজীৱনৰ সৃজনীশীল কথনশৈলী'। কুৰি শতিকাৰ মাজভাগলৈকে 'বুঢ়ী আইৰ সাধু' মনোৰঞ্জক সাহিত্য হিচাপে অধিক জনপ্রিয় আছিল যদিও বৰ্তমান বিজ্ঞানৰ প্ৰযুক্তি বিকাশৰ ফলত শিশুসকল অত্যাধুনিক ব্যৱস্থাৰ সৈতে পৰিচয় হৈ তাতেই অধিক জড়িত হৈ পৰিছে।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কেইবাখনো সাধুপুথি লিখি শিশু-সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। বেজবৰুৱাদেৱে পুৰণি লোক কথা সংগ্ৰহ কৰি পাঠকসকলৰ কাষত বহি বা নাতি-নাতিনীসকলক লগত লৈ জোনাক ৰাতি বাহিৰৰ চোতালত বহি মেল মৰাৰ মধুৰ সোৱাদ দিছিল। শিশুৰ বাবে সাধু ৰচনা কৰি বেজবৰুৱাদেৱে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰালো চহকী কৰিছিল। তেখেতৰ কাহিনীবোৰৰ মাজেৰে অসমীয়া জাতীয় জীৱনৰ সোৱাদ শিশুসকলক দিছিল আৰু এইবোৰ হেৰাই যাব নোৱাৰাকৈ সংৰক্ষণ কৰি ৰাখিছিল। বেজবৰুৱাদেৱৰ সাধুকথা তেওঁৰ বাকীবোৰ ৰচনাতকৈ পৃথক। তেওঁৰ সাধু কথাৰ ভাষা সৰল আৰু অনাড়ম্বৰ।

 

লক্ষ্মীনাথ বেজবৰুৱাই মৌলিক সাধু সৃষ্টি কৰা নাই। কিন্তু প্রাচীন সাধুবোৰৰ তেওঁ শিশু উপযোগীকৈ ৰূপ দিলে। আগতে অসমীয়া ভাষাত শিশু-সাহিত্য নাছিলেই। শিশু-সাহিত্যৰ দুৰৱস্থাৰ দিনত ‘জুনুকা', 'বুঢ়ী আইৰ সাধু' আৰু 'ককাদেউতা নাতি ল'ৰা' ৰচনা আৰু প্ৰকাশ কৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱে প্ৰকৃতাৰ্থত আধুনিক অসমীয়া শিশু-সাহিত্য ৰচনাৰ পথ প্রদর্শন কৰি দিলে। সেয়েহে আমি বেজবৰুৱাদেৱক আধুনিক অসমীয়া শিশু-সাহিত্যৰো পথ প্ৰদৰ্শক ৰূপে সন্মানিত কৰিব পাৰো। তেখেতৰ সাধুবোৰ আনন্দ, বিস্ময় আৰু নীতি শিক্ষণৰ সহযোগত কেৱল শিশুৰে নহয়, বয়োজ্যেষ্ঠ সকলৰো মন পৰশা। লোকজীৱনৰ চুকে-কোণে বিয়পি থকা এই সাধুবোৰ জাতীয় সম্পদত পৰিণত কৰা কাৰ্য বেজবৰুৱাদেৱৰ অন্যতম শ্রেষ্ঠ কৃতিত্ব।

সাহিত্যৰ সৃষ্টি যিহেতু পদ্যতেই হৈছিল গতিকে ছন্দত গোৱা গীতবোৰেই একো একোটা সাধু। যি সমূহ গীতৰ আলম লৈ লক্ষ্মীনাথ বেজবৰুৱাই শিশু উপযোগী সাধু ৰচনা কৰিছিল আৰু এই সাধুবোৰ শিশুৰ বাবে অতি মনোৰঞ্জক। প্রাচীন সাধুকথাবোৰকেই বেজবৰুৱাই শিশুৰ উপযোগীকে সাধুকথাৰ ৰূপ দিলে। সহজ-সৰল ভাষা চুটি চুটি বাক্য গাঁঠনিৰে বেজবৰুৱাই শিশুসকলৰ মনত ঠাই পোৱাকৈ সাধু ৰচনাত হাত দিছিল। কাৰণ তেওঁ নিজেই সাধুকথাৰ অৰ্থ সজকথা বা মহৎ কথা বুলি অনুধাৱন কৰিছিল।

বেজবৰুৱাদেৱৰ শিশু সাহিত্যই সংৰক্ষণ কৰি থৈছে নিভাজ আৰু মনোমোহা অসমীয়া মাত কথা আৰু লোকজীৱনৰ বহুতো মনোমোহা আচৰণ। বেজবৰুৱাদেৱে লিপিবদ্ধ কৰা সাধুবোৰৰ একো একোটা সুকীয়া বৈশিষ্ট্য আছে। তেখেতে মৌলিক ৰূপত প্রচলিত সাধুবোৰৰ লিখিত ৰূপ ‘বুঢ়ী আইৰ সাধু'ৰ মাজেৰে শিশুক মনোৰঞ্জন দিয়াৰ লগতে তেওঁলোকৰ মানসিক উত্তৰণৰ ক্ষেত্ৰতো সহায় কৰিছে। বিভিন্ন সাহিত্য তথা নানা উৎসৰ পৰা সংগ্ৰহ কৰা সাধুবোৰে বেজবৰুৱাদেৱৰ নিজস্ব ভাষাৰ সাজ পৰিধান কৰি অতি মনোমোহা হৈ উঠিছে। সাধুবোৰ বেজবৰুৱাদেৱে অতুলনীয় কথা শিল্পত তুলি ধৰিছে। ৰসাত্মক কথা ৰীতিৰে সাধুবোৰ ভৰপুৰ। সময়ৰ পৰিৱৰ্তন হৈছে যদিও অসমীয়া জাতিৰ জাতীয় সত্বাক এই পৰিবৰ্তনৰ মাজতো বেজবৰুৱাদেৱে নিজস্বতাৰে তেওঁৰ ৰচনাশৈলীত সযতনেৰে সামৰি ৰাখিছে। লক্ষ্মীনাথ বেজবৰুৱাই শিশু সাহিত্যৰ প্রয়োজনীয়তা উপলব্ধি কৰাৰ উপৰিও ল'ৰা-বুঢ়া, ডেকা সকলোকে সমানে আমোদ দিয়াৰ লগতে হৃদয়ত দয়া-ক্ষমা কৰুণা সহানুভূতি জগাই তোলাৰ উদ্দেশ্যে বিভিন্ন সাধু পুথি ৰচনা কৰে। বেজবৰুৱাৰ পাছত সাধুকথাৰ পুথিৰ ভিতৰত গুণাভিৰাম বৰুৱাৰ পত্নী বিষ্ণুপ্রিয়া দেৱীৰ সাধুকথা জ্ঞানানন্দ ভাগৱতীৰ সাধুকথাৰ জোলোঙা, কুমুদেশ্বৰ বৰঠাকুৰৰ সাধুৰ ভঁৰাল, শৰৎ চন্দ্ৰ গোস্বামীৰ অসমীয়া সাধুকথা, অর্জুন চন্দ্ৰ দাসৰ অসমীয়া সাধু, প্ৰসন্ন ডেকাৰ সাধুকথাৰ কুকি উল্লেখযোগ্য।

গুৰিতে সাধুবোৰ যি উদ্দেশ্যেৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্য জাতিৰ পুৰণি ইতিহাসৰ অমৃত ৰস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে। বেজবৰুৱাদেৱে শিশুসকলৰ বাবে অনেক অৱদান আগবঢ়াই থৈ গৈছে।

bottom of page