।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

বকুল ফুলৰ দৰে
জিন্তী বড়া
উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়, ঊষাপুৰ , দুলীয়াজান
বাহিৰত ফৰিং ফুটা জোনাক। অনুভবে খিৰিকীখন খুলি দিলে। এচেৰেঙা জোনাক সৰকি আহি অনুভৱৰ বিছনাত সিঁচৰতি হৈ পৰিল। গা শীতল কৰা এছাটি বতাহো লগতে সোমাই আহিল । নাৰিকলৰ পাতৰ কঁপনিৰ মৃদু শব্দ দুই-এটাও আহি কাণত পৰিছেহি। দিনটো উৎসৱমুখৰ হৈ থকাৰ বাবে এতিয়া গাঁওখনৰ পৰিবেশটো বেছ নিৰিবিলি লাগিছে। অনুভৱে জোনাকৰ পোহৰত দেখিছে ৰাস্তাৰে দুই-এটা কুকুৰে গা লৰাই ইফালে সিফালে দৌৰি ফুৰিছে। দূৰৰ গাঁৱত পাচলি বিক্ৰী কৰি ঘৰলৈ উভতি অহা দুই-এটা বেপাৰীৰ বাহিৰে সম্মুখৰ ৰাস্তাটো তেনেই নির্জন। খিৰিকীৰ কাষৰ চকী এখনত বহি আছে অনুভৱ। এনেকুৱা জোনাক ৰাতি ভিতৰি ভিতৰি অস্থিৰ হৈ উঠে অনুভৱ। কিছুমান ৰঙীয়াল দিনৰ স্মৃতিয়ে তেওঁৰ কলিজা গচকি যায়। নাই, কাৰোৰে সৈতে ভগাইল'ব পৰা নাযায় সেইবোৰ স্মৃতি। কিছুমান কথা চিৰদিন একান্তই নিজৰ হৈ থাকি যায়। সময়ত সেইবোৰ হেৰাই যায় মৃত্যুৰ লগত।
দূৰৰ পৰা বাঁহীৰ সুৰ এটা ভাহি আহিছে। অনুভবে মন দি শুনিলে। কোনোবাই হয়তো মনৰ বেজাৰতে বাঁহী বজাইছে। বাঁহীৰ সুৰত এনেয়ো কাৰুণ্য থাকে। এয়াতো ৰাতিৰ বাঁহী। কৰুণ সুৰটোৱে যেন অনুভৱৰ কলিজাত ৰেপিছেহি। কোনে বাইছে বাঁহী? যাব নেকি সি সেই সুৰটো বিচাৰি? হঠাতে কর্কশ শব্দ কৰি ফোনটো বাজি উঠিল। 'এই, বাহিৰত কিমান জোনাক দেখিছা।' অনুভৱ আচৰিত হৈ গ'ল। জিলমিলে আগে-পিছে তাক 'আপুনি' বুলিহে সম্বোধন কৰিছিল। "খিৰিকীখন খুলি চোৱানা বাহিৰলৈ জোনাকৰ সাগৰ গোটেইখন। মোৰ যে গান গাই দিবৰ মন গৈছে জানা। শুনিবা?"
কোনো কালে কাৰো অনুমতিৰ বাবে ৰৈ থকা ছোৱালী নহয় জিলমিল। হৃদয়ৰ সমস্ত আবেগ ঢালি তাই গাই গ'ল -
'জোনাক নাছিল বনত
জোনাক নাছিল মনত,
তৰাই তৰাই কথা পাতিছিল
মনৰ গহন কোণত।'
বৰ হৃদয়স্পর্শী গীতটো, নহয়নে? এয়া হৈছে গ্ৰন্থখনৰ এক চমু অৱলোকন। গ্রন্থখন কি? এই বিষয়ে নিশ্চয় পাঠকৰ মনত কৌতূহল জন্মিছে। গ্রন্থখন হৈছে ডঃ মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে'। এগৰাকী পাঠক-সমালোচকৰ মতে, 'বকুল ফুলৰ দৰে' উপন্যাসখন 'সাবল্য সম্পৰীক্ষাৰে এক বিৰল সৃষ্টি'। এইখন লেখকৰ প্ৰথমখন উপন্যাস। এই উপন্যাসখনৰ অন্যান্য চৰিত্ৰসমূহ হৈছে মহেন্দ্ৰ মাষ্টৰ, সনাতন মাষ্টৰ, জিলমিল, অসীমৰ মাক-দেউতাক, ভনীয়েক আজলী, অতনু, নির্মল আৰু তাৰ মাক-দেউতাক।
গ্ৰন্থখনৰ কাহিনীটো চমুকৈ এনে ধৰণৰ। অসীমৰ মনটো দুখেৰে ভৰি আছে। সি স্কুলৰ গে'টৰ কাষৰ বকুলজোপাৰ ছাঁত বহি আছে। সিদিনা সিহঁতৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট ওলাইছে। সি পাছ কৰিবনে ফেইল কৰিব তাৰ কোনো সিদ্ধান্ত নাই। আকাশ-পাতাল ভাবি থাকোঁতে ৰিজাল্ট ওলালেই। ল'ৰা-ছোৱালীবোৰৰ সমাগম কমাত সি বৰ্ডখনৰ কাষলৈ গৈ এফালৰ পৰা চাই যাবলৈ ধৰিলে। প্রথম স্থানত নিৰ্মল আৰু শেষৰ স্থানত সি। ৰিজাল্ট লৈ সি গেটৰ ফালে আগবাঢ়োঁতে এটা তীক্ষ্ণ স্বৰ তাৰ কাণত পৰিল। সেই স্বৰটো মহেন্দ্ৰ মাষ্টৰৰ। মহেন্দ্ৰ মাষ্টৰ বৰ একা-চেকা মানুহ। যাওঁ-নাযাওঁ সি তেওঁৰ ফালে আগবাঢ়িল। মাষ্টৰে তাক 'পাষণ্ড' বুলি কৈ কাণতলীয়া চৰ এটা সোধাই দিলে। সি তেওঁৰ পৰা গালিহে আশা কৰিছিল, তেওঁৰ লগত অহা মানুহজনৰ সম্মুখত চৰ আশা কৰা নাছিল। ডেকা মানুহজনে তাক তাৰ নামটো সুধি তাৰ পৰা গ'লগৈ।
ক'বলৈ গ'লে এই উপন্যাসখন অসীমৰ জীৱনৰ ঘটনাৰ ওপৰতে আধাৰিত। নানা সুখ-দুখৰ মাজতে পাৰ কৰিছে সি তাৰ শৈশৱ, কৈশোৰ আৰু যৌৱন। অষ্টম শ্ৰেণীলৈকে সি শ্ৰেণীৰ প্ৰথম হৈয়ে উত্তীৰ্ণ হৈ আহিছিল। সেইবাবে মহেন্দ্ৰ মাষ্টৰে তাক 'জুৱেল' নাম দিছিল। কিন্তু লাহে লাহে তাৰ পঢ়া বেয়ালৈ ঢাল খাবলৈ ধৰিলে। অসীমৰ কিয় এনে হৈছে সেই কথা তাৰ বন্ধু নিৰ্মলৰ বাবেও বোধগম্য নহয়। নির্মল নামটো যেনেকুৱা তাৰ হৃদয়খনো তেনেকুৱা। মুঠৰ ওপৰত নিৰ্মলৰ অন্তৰত কোনো মলিনতা নাই। অসীমে স্কুল এৰাৰে পৰা নিৰ্মলৰ হৃদয়খন যেন ভাগি থান্-বান্ হৈ যাব ধৰিছে। বাৰে বাৰে সি অসীমক লগ ধৰিবলৈ গৈও ব্যর্থ হৈছিল। অসীমে নিৰ্মলৰ কোনো কথাতে গুৰুত্ব নিদিয়ে। সেইদিনাও সি অসীমক লগ ধৰিবলৈ আহিছিল, যিদিনা সিহঁতৰ ৰিজাল্ট দিছিল। নিৰ্মল প্রথম হোৱাৰ বাবে অসীমৰ অলপ ঈর্ষা জন্মিছিল। কিন্তু নিৰ্মলৰ মৰমিয়াল স্বভাৱত সেই ঈর্ষাই ঠাই ল'ব পৰা নাছিল। তাৰ পঢ়া বেয়াৰ ফালে ঢাল খোৱাৰ বাবে সি আৰু স্কুললৈ নাযায় বুলি সিদ্ধান্ত লৈছিল আৰু সেই মতে সি পাহাৰৰ তলিত শিল ভাঙিবলৈ আৰম্ভ কৰি দিছিল। এনেদৰে তাৰ প্ৰায় তিনিমাহ সময় নষ্ট হৈ গৈছিল। ফলত পিছলৈ তাৰ পঢ়াত বহুত ব্যাঘাত জন্মিছিল।
পাহাৰৰ তলিত শিল ভাঙি সি যিমান টকা পাইছিল তাকো মদাহী বাপেকে মাকৰ হাতৰ পৰা শগুণে মৃতদেহ টনাৰ দৰে আঁজুৰি লৈ গৈছিল। অসীমহঁতৰ পৰিয়ালটো এনেয়েও বৰ দৰিদ্ৰ আছিল।
অকণমানি আজলীজনীৰ মুখৰ পৰা কেতিয়াবাই হাঁহি নাইকিয়া হৈছিল। নানান সংঘাতৰ মাজত ডাঙৰ হৈছিল অসীম। অৱশেষত নির্মল আৰু অনুভৱ ছাৰৰ তত্ত্বাৱধানত অসীম পুনৰ স্কুললৈ গৈছিল। মেট্রিক পৰীক্ষালৈ মাত্র ৯-১০ মাহমান বাকী থকাত সি তাৰ পূৰ্বৰ ক্ষতিখিনি নিৰ্মলৰ সহায়ত পূৰ কৰিব লগা হৈছিল। লাহে লাহে তাৰ সকলোখিনি সমস্যা দূৰ হৈ গৈছিল। পঢ়াৰ খৰচ উলিয়াবলৈ সি ৰাতিপুৱা এটা বাতৰি এজেন্সিত কাম কৰিছিল। অসীমৰ কষ্ট দেখি তাক বাপেকে অলপ সহায় কৰি দিপঢ়াৰ সময় উলিয়াই দিয়ে। পৰীক্ষালৈ মাথোঁ দুটা মাহ থাকোঁতে এদিন হঠাতে খবৰ আহিল যে, নির্মলক হস্পিতালত ভর্তি কৰোৱা হৈছে। তাৰ হাৰ্টৰ অপেন ছাজাৰি হৈছিল। খবৰটো পাই অসীম দুখত ভাগি পৰিছিল। অসীমে হস্পিতালতে তাক নানা কিতাপ পঢ়ি পঢ়ি শুনাইছিল। এনেদৰেই সিহঁতে পৰীক্ষাৰ বাবে সাজু হৈছিল। অৱশেষত পৰীক্ষা আৰম্ভ হ'ল। দুয়োৱে পৰীক্ষা দি প্রশ্নকাকতবোৰ আলোচনা কৰি ঠিৰাং কৰিলে যে, সিহঁতৰ পৰীক্ষা ভাল হৈছে। অৱশেষত ৰিজাল্ট আহিল। ৰিজাল্ট চাই দেখা গ'ল, নির্মল আৰু অসীম দুয়োটাই ডিস্ট্রিংচন নম্বৰসহ ক্ৰমে তৃতীয় আৰু সপ্তম স্থানত ষ্টেণ্ড কৰিছে।
এয়াই হ'ল উপন্যাসখনৰ কাহিনীৰ থূলমূল আভাস। ইমান
প্রতিবন্ধকতা নেওচি নির্মল আৰু অসীমে জীৱন-যুদ্ধত এজন এজন মহাৰথীৰ দৰে যুঁজি জয়ী হ'ল। উপন্যাসখন পঢ়ি যিকোনো কিশোৰ-কিশোৰী অসীম আৰু নিৰ্মলৰ অন্তৰংগ বন্ধু হৈ পৰিব। এজন শিক্ষক হিচাপে অনুভৱ ছাৰৰ যি গুৰু দায়িত্ব সি সঁচাকৈয়ে অতুলনীয়। আমাৰ জীৱনত সমস্যা থাকিবই। এফালে অসীমৰ দৰে ঘৰুৱা সমস্যা আৰু - আনফালে নিৰ্মলৰ দৰে শাৰীৰিক সমস্যা। সমস্যাবোৰ সমাধান কৰিয়েই - জীৱনত আমি আগবাঢ়িব লাগিব। গ্ৰন্থখনৰ চৰিত্ৰকেইটা যিকোনো পাঠকৰ বাবেই আপোন যেন - লাগিব। কাহিনীৰ মাজলৈ সোমাই যোৱাৰ পাছত ঘটনাবোৰ যেন নিজৰ ক্ষেত্রতহে ঘটি আছে এনে অনুভৱেৰে যিকোনো অনুভূতিপ্ৰৱণ লোকৰে চকু সেমেকি উঠিব। অনুভৱ মাষ্টৰ আৰু নিৰ্মল চৰিত্ৰই শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক, দায়িত্ববোধ আদি সুন্দৰকৈ প্ৰকাশ কৰিছে। উপন্যাসখনৰ মাজেৰে মানুহৰ আবেগ-অনুভূতিক কেইটামান শব্দ আৰু বাক্যৰে এনেভাৱে প্ৰকাশ কৰা হৈছে যে, সেইবোৰে হৃদয়ত টুকুৰিয়াই যায়, জীৱনক চুই যায়। অসীম আৰু নিৰ্মলৰ জীৱনৰ কাহিনী আৰু ঘটনাৰ মাজৰ কাৰুণ্যই হৃদয়বান লোকৰ অন্তৰ বিগলিত কৰিব।
