top of page

সম্পাদকীয়

সাহিত্যই কেৱল বিনোদন দিব নোৱাৰে; ই প্ৰশ্ন কৰে, প্ৰতিবাদ কৰে আৰু প্ৰয়োজন হ’লে পথ দেখুৱায় ৷ এটা কবিতা, একোটা গল্প বা একোখন উপন্যাসে নীৰৱভাৱে সমাজৰ অন্ধকাৰ কোণত পোহৰ জ্বলাই দিব পাৰে ৷

বিগত বছৰটোৱে জুবিনদাক আমাৰ মাজৰ পৰা লৈ গ’ল।কেইজনমান ব্যক্তিৰ লোভৰ বলি হ’ল হাৰ্টথ্ৰব। সেইসকলক জানো কোনোবাই ক্ষমা কৰিব পাৰিব?নিশ্চয় নোৱাৰে।শাস্তি তেওঁলোকে পাবই লাগিব – এইয়া আমাৰ দাবী।তুমি য'তেই আছা শান্তিৰে থাকা। জাতিয়ে তোমাক সদায় তোমাৰ সৃষ্টিৰাজিতে বিছাৰি পাব।

প্ৰথম সংখ্যাটোৰ সাফল্যই আমাক সাহস, আত্মবিশ্বাস আৰু আগবঢ়াৰ প্ৰেৰণা যোগালে। পাঠকসকলৰ উৎসাহ, মতামত আৰু মৰমে আমাৰ এই সৰু প্ৰচেষ্টাক এক বৃহৎ দায়িত্বলৈ ৰূপান্তৰ কৰিলে। সেই দায়িত্ববোধৰ সৈতে আপোনালোকৰ হাতত আজি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰথমখন ই-আলোচনীৰ দ্বিতীয় সংখ্যা আগবঢ়াই দিবলৈ সক্ষম হ’লো।

ডিজিটেল যুগত ই-আলোচনী কেৱল পঢ়াৰ মাধ্যম নহয়, ই এক সংযোগৰ সেতু। এই সেতুৰ জৰিয়তে আমি পাঠক আৰু লেখকৰ মাজত এক সুস্থ বৌদ্ধিক সেতু গঢ়ি তুলিব বিচাৰোঁ। আপোনালোকৰ মতামত, সমালোচনা আৰু পৰামৰ্শই আমাক আগলৈ যোৱাত সহায় কৰিব।

এই সংখ্যাতো আমি সমাজ, সাহিত্য, সংস্কৃতি আৰু চিন্তাধাৰাৰ বিভিন্ন দিশ উন্মোচনৰ চেষ্টা কৰিছোঁ। নতুন লেখক-লেখিকা, নতুন ভাবনা আৰু নতুন দৃষ্টিভংগীৰে এই সংখ্যাটি অধিক সমৃদ্ধ কৰি তুলিবলৈ যত্ন কৰা হৈছে। প্ৰতিটো লেখা মাথোঁ শব্দৰ সমষ্টি নহয়, ই একোটা চিন্তাৰ যাত্ৰা—যি পাঠকক ভাবিবলৈ, অনুভৱ কৰিবলৈ আৰু প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰে।

ভৱিষ্যতো এই যাত্ৰা অব্যাহত ৰাখিবলৈ আপোনালোকৰ সহযাত্ৰা আৰু সহযোগিতা আমাৰ বাবে অতি মূল্যবান। এই দ্বিতীয় সংখ্যাই আপোনালোকৰ মনত যদি অলপো চিন্তা, আনন্দ বা অনুপ্ৰেৰণা জগাই তুলিব পাৰে, তেন্তে আমাৰ প্ৰয়াস সাৰ্থক বুলি ভাবিম।

সকলো পাঠক, লেখক বিশেষকৈ প্ৰবাসী অসমীয়া লেখিকা ৰাজলক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো তেওঁৰ মূল্যবান লেখাৰ বাবে আৰু যিসকলে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত সহায়ৰ হাত আগবঢ়াইছে  তেখেত সকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ।

জয়তু অসম সাহিত্য সভা।

জয়তু লক্ষীমপুৰ জিলা সাহিত্য সভা।

যুগান্ত শইকীয়া

bottom of page