top of page

জিজিয়া

মুল-ড০ ৰাজেন্দ্ৰ পৰদেশী (হিন্দী -জজিয়া)

অসমীয়া ভাৱানুবাদ: - ড০ মঞ্জুমণি শইকীয়া

 

      অফিচৰ সকলো শিতানৰ  খতিয়ানৰ  দাখিলৰ দিন ঠিক হোৱাৰ পিছতে আন অফিচাৰ সকলে সহজভাৱে দৈনিক কাম-কাজবোৰ কৰি গৈছিল, কিন্তু  শশাংকই চীফ ছাৰৰ সন্মুখত নিখুঁত ভাৱে প্ৰগ্ৰেছ্ ৰিপোৰ্ট  দাখিল  কৰিবৰ বাবে  নিজৰ বিভাগৰ সকলো বিভাগীয় কৰ্মচাৰীক‌

সহযোগিতাত প্ৰগ্ৰেছ্ ৰিপোৰ্ট  তৈয়াৰ কৰিবলৈ উঠি পৰি লাগিল l

       আলোচনা  চলি থকাৰ মাজতে চীফ ছাৰে পোনপ্ৰথমে  তেওঁকেই সুধিলে—মিষ্টাৰ শশাংক, আপোনাৰ ফালৰ পৰা ৰাজহ আদায় একেবাৰে হোৱা নাই l

---নহয় ছাৰ,আপুনি ৰিপোৰ্ট  চাওঁকচোন ,যোৱাবছৰতকৈ এইবছৰ দুগুন ৰাজহ আদায়  দিয়া হৈছে ।–সাহসেৰে শশাংকই  কোৱাত চীফ ছাৰে ক'লে—মোক সংখ্যাৰ হিচাপ নিদিব,আপোনাৰ অধীনৰ   অভিযন্তাসকলক কওঁক,নহ'লে মই উপায়হীন হৈ আপোনাৰ বিৰুদ্ধে ৰিপোৰ্ট  দাখিল কৰিবলৈ বাধ্য হ'ম l

           শশাংকই  আৰু ভালকৈ বুজাই কব বিচৰাত ইংগিতেৰে  এইবুলি কৈ বহুৱাই থ'লে যে অহাবাৰ খতিয়ানৰ  বৈঠক বহাৰ আগতে সকলো ঠিকঠাক  নকৰিলে শাস্তি পাবলৈ সাজু হৈ থাকিব l. আন আন অফিচাৰৰ ৰাজহ আদায়ৰ   বিষয়ে সৰু-সুৰা আলোচনা আৰু প্ৰগ্ৰেছৰ বিষয়ে উপদেশ  দিয়াৰ পিছত  আলোচনা সামৰি তেওঁ হেড্ অফিচলৈ উভতি গ'ল l

‌         ‌‌‌যুৱ অফিচাৰ  শশাংকই  অতি উৎসাহেৰে ডেভলপমেন্টৰ   ৰিপোৰ্ট তৈয়াৰ কৰিছিল lনিয়াৰিকৈ কৰা কামৰ বাবে চীফৰ পৰা প্ৰশংসা  বুটলিব বুলি মনে মনে আশা কৰি আছিল,কিন্তু  মিটিঙত তেওঁকহে ভালকৈ কাম নকৰাৰ কথা ক'লে l তেওঁৰ উৎসাহত চেঁচা পানী পৰিল l কেনেকৈনো তেওঁৰ ভাল কামলৈ চীফ ছাৰৰ  দৃষ্টি আকৰ্ষিত  কৰিব পৰা যাব সেইবিষয়ে চিন্তা কৰি মনে মনে কোঠাটোৰ চুক এটাত থকা চকী এখনত মন মাৰি বহি আছিল, তেনেতে সহকৰ্মী  উজ্জ্বল গুপ্তা তেওঁৰ ওচৰলৈ  আহি সুধিলে—কি হে শশাংক,অকলে অকলে বহি আছা যে ?

      কি নো ক'ম, ইমান মনোযোগেৰে কাম কৰো ---বিভাগটোৰ সকলো বিষয়াকে কামৰ তাগিদা দিওঁ,তথাপি চীফ চাৰে কয়—তোমাৰ বিভাগৰ ৰাজহ আদায়  একেবাৰে বেয়া,  প্ৰগ্ৰেছ্   ৰিপোৰ্ট নোচোৱাকৈ মিছা অভিযোগ দি উভতি গ'ল l

     চীফ ছাৰে ঠিকেই কৈছে l তোমাৰ পৰা একো আদায় পোৱা নাই l

---চোৱা উজ্জ্বল,  ধেমালি নকৰিবা , মোৰ  বৰ বেয়া লাগি আছে l'

--মই ধেমালি কৰা নাই, একেবাৰে সঁচা কথা কৈছো, ---তুমি যিমানেই কষ্ট নকৰা চীফ ছাৰে  তোমাক গালি দিয়েই থাকিব, যেতিয়ালৈকে-----

 উজ্জ্বলৰ কথাৰ মাজতে শশাংকই  ক'লে—

“কিয় গালি দিব ?”

---- তেওঁ কি কৈছিল ,তুমি নুশুনিলা নেকি ? ৰসহ্যময়ী হাঁহি এটা মাৰি  তেওঁ ক'লে—কৈছিল যে তোমাৰ ইয়াৰ পৰা ৰাজহ আদায় একেবাৰে হোৱা নাই l

--মিছা কথা কৈছে l ৰিপোৰ্ট  চোৱা l

---তেওঁ তোমাৰ ৰিপোৰ্টৰ কথা কৈছে বুলি কোনে ক'লে l

---তেনেহলে  কিহৰ ৰাজহ আদায়ৰ কথা কৈছে  নো ?

---তেওঁ নিজে পাব লগা ৰাজহৰ কথা কৈছে l

---তেওঁ পাব লগা ৰাজহ মানে ? অফিচাৰ গিৰি পৰম্পৰাৰ  বিষয়ে অজ্ঞ শশাংকই  প্ৰশ্ন কৰাত উজ্জ্বলে বুজাই ক’লে –“চীফ চাৰে প্ৰতিগৰাকী তলতীয়া বিষয়াৰ পৰা মাহে -মাহে কিবা -কিবি লয় l পুনৰ ক’লে –  তুমি এতিয়ালৈকে এবাৰো তেখেতৰ ঘৰলৈ গৈ তেখেতক লগ কৰা নাই চাগে l

---  মোৰ পৰাও মাহে মাহে কিবা বিচাৰে বুলি  চিধা-চিধিকৈ কৈ নিদিয়ে কিয় ?

--- সকলো কথা কোৱা নহয় , উজ্জ্বলে অভিজ্ঞতাৰ পৰা ক'লে – কিছুমান  কথা  ইংগিততে বুজিব লাগে l চীফ  ছাৰে   তাকেই  ইংগিত দি আছে বুজিলা l

         শশাংকই  লাহে -লাহে বিভাগটোৰ কৰ্ম -সংস্কৃতিৰ উমান পাইছিল  l তথাপি তেওঁ   চীফ  ছাৰৰ  সততাৰ  মুখা খন খুলিব বিছাৰিছিল l তেওঁৰ প্ৰকৃত  স্বৰূপটো চাবৰ কাৰনে শশাংক এদিন ৰাতিপুৱাই চীফ  ছাৰৰ  ঘৰ  পালেগৈ  l কলিং বেলটো টিপাৰ লগে- লগে ঘৰুৱা  সহায়ক  জন ওলাই আহিল l  নামৰ সৈতে অহাৰ খবৰটো তাৰ আগতে কৈ  পঠালে l অলপ সময়ৰ  পিছত পুনৰ আহি সি ক’লে –ছাৰে পূজা  কৰি আছে ---আপুনি ড্ৰয়িংৰুমতে  বহক l

      শশাংকই  ড্ৰয়িংৰুমৰ টেবুলত থকা পেপাৰ এখন পঢ়িবলৈ লৈছিল তেনেতে সহায়ক জনে  কাজুৰে  সৈতে চাহ একাপ দিলেহি  l অলপ সময়ৰ পিছতে চীফ ছাৰ আহিয়েই তেওঁক সুধিলে -----কি কাৰণে বা আহিলা ?

----ছাৰ ,আপোনাক  এবাৰ লগ কৰিবলৈ  আহিলো l

----কেৱল লগ কৰিলেই নহ'ব l  কিবা কামো কৰিব লাগিব l –ভয়ো দেখুৱাই চালো  ,তথাপি তোমাৰ তলতীয়া অভিযন্তাবোৰে একো নকৰিলে ---সকলোকে  ইয়াৰ পৰা  বদলি কৰাৰ কথাহে ভাৱিছো  l

----মোক আপুনি বেয়া পাই থকা যেন লাগিছে l চীফ  ছাৰৰ ইংগিততো স্পষ্টকৈ বুজিবৰ বাবে শশাংকই  চাতুকাৰিতাৰে ক'লে l

--- খং কিয় নুঠিব ? একো কাম নকৰা ,কেৱল মাত্ৰ দৰমহা  লাগে তোমালোকক l

---কাম কিয় নকৰিম ? আপুনি আদেশ দিয়ক l,  শশাংকই  আৰু একোব মাৰিলে l 

লাহে-লাহে চীফ  ছাৰৰ সততাৰ  মুখাখন খুল খাবলৈ ধৰিলে – কিমান দিনৰ   চাকৰি কৰি আছা l

---- ছাৰ, দুবছৰেই হ'ল l

----এতিয়ালৈকে চাকৰি কেনেকৈ কৰিব লাগে  বুজি নাপালা l শশাংকৰ অজ্ঞানতা দেখি তেওঁৰ বেয়া লাগিছিল চাগে l বিভাগৰ কৰ্মসংস্কৃতিৰ পাঠ পঢ়ুৱাবৰ বাবে  এক পৃষ্ঠা মুকলি কৰি  তেওঁ কবলৈ ধৰিলে ---মই ৰাজধানীত এনেয়ে থাকিবলৈ পোৱা নাই l ইয়াৰ বাবে ময়ো   খৰচ কৰিব লগা  হৈছে ----নহ'লে দিব নেকি?

    লাহে-লাহে  বিভাগৰ কৰ্মসংস্কৃতিৰ কিতাপ খনৰ বিষয়ে শশাংকই অনুমান কৰিবলৈ ধৰিলে l কিন্তু  ইমান সহজে সম্পূৰ্ণ  কিতাপখন কেনেকৈ পঢ়েনো ?

নিজৰ অসমৰ্থতা অৱগত কৰি চীফ ছাৰক ক'লে—ছাৰ,আপুনি জানেই ,মই কাৰোপৰা একো নলও, আপোনাক ক'ৰ পৰা  ----

----তোমাৰ অধীনত কেইজন বিষয়া    আছে l

----ছাৰ, পাঁচ  জন l

----তুমি তেওঁলোকক নোকোৱা কিয় – থেৰো- গেৰো কৰিলে মোক ক'বা l

----ঠিক আছে  ছাৰ,

-----পুনৰ কেতিয়া আহিবা l বক্তৃতাৰ  প্ৰভাৱ কিমান পৰিল জানিবৰ বাবে  চীফ ছাৰে সুধিলে l

---জুনিয়ৰ অভিযন্তা  সকলৰ সৈতে কথা পাতি  অতি সোনকালে  আহিম !

----ঠিক আছে, আজি ২০ তাৰিখ, তিনিদিনৰ  পিছত ২৩ তাৰিখে আহা l কোনোবাই  তোমাৰ কথা নুশুনিলে মোৰ ক'বাহি l’টেবুলত থকা চাহ আৰু কাজুৰ ফালে দেখুৱাই ক'লে---চাহ খোৱা l

-----আপুনিও খাওক ছাৰ, বিভাগৰ কৰ্মসংস্কৃতিৰ  ৰেঙনি দেখুৱাই শশাংকই ক’লে l

চাহ খাই উঠি আহিবলৈ লওতেই চীফ ছাৰে পুনৰ মনত পেলাই দিলে---তেইছ তাৰিখে আহিবাই  l

---ঠিক আছে ছাৰ,আৰু একো কবলৈ মন যোৱা নাছিল তাৰ l

   চীফ ছাৰৰ  ঘৰৰ পৰা আহি শশাংকই  সকলো জুনিয়ৰ অফিচাৰক তেওঁৰ কোঠালৈ মাতিলে আৰু চীফৰ  সৈতে  হোৱা  কথোপকথন বিবৰি  ক’লে, লগতে তেওঁলোকৰ প্ৰতিক্ৰিয়া  জানিব বিছাৰিলে  l  শশাংকৰ  সহকৰ্মী  সকল অভিজ্ঞ  l,তেওঁলোকে  বিভাগৰ কাৰ্য প্ৰণালীৰ বিষয়ে ভালকৈ জানে l সকলেৱে একেমুখে সকলো দায়িত্ব শশাংকে অৰ্পণ  কৰি ক'লে--- আপুনি যি কৰিবলৈ কয়, আমি সকলো কৰিম l

         কিন্তু  সততা  আৰু নৈতিকতাৰ প্ৰতি সচেতন  শশাংকই চীফ  ছাৰে পঢ়ুৱাই  পঠোৱা পাঠ ভালকৈ যেন বুজি পোৱা  নাছিল l নিজৰ মত ব্যক্ত  কৰি তেওঁ ক’লে—মই তেওঁক একো দিবলৈ  নাই l বেদনা বিহ্বল কন্ঠৰে তেওঁ পুনৰ ক’লে –” এনেয়ে অফিচ ভিজিত দিবলৈ আহোতেই দৰমহাৰ হাজাৰ টকা খৰছ  হয়, তাৰ পিছতো আকৌ বিছাৰে ---

----  কি কৰিব ছাৰ, চাকৰিটো বচাবলৈ হ’লে  তেখেতে কোৱাৰ দৰে কৰিবই লাগিব, নহলে  মিছা -মিছি কাৰণ উলিয়াই সকলোকে বিপদত পেলাব l একো নেপালে বাৰ্ষিক  ৰিপোৰ্ট  বেয়াকৈ লিখিব ----তেতিয়া কি কৰিব l

---যি কৰে কৰক l  মোৰ ফালৰ পৰা একো দিবলৈ  নাই ----শশাংকই  স্বাভিমানেৰে ক’লে l

----ছাৰ, আপোনাৰ  কাৰণে  আমাৰো বিপদ হ’লে  কি কৰিম ---এগৰাকী  বয়সস্থ বিষয়াই  আশঙ্কা  কৰি ক’লে  l

-----আপোনালোকক কি অপকাৰ  কৰিব l চীফ  ছাৰৰ খং মোৰ ওপৰতহে ---- l

আপোনাক বেয়া পোৱাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰিব l

-----কেনেকৈ ?

আপোনাৰ  কাম হ’ল  তলতীয়া  কৰ্মচাৰীৰ কাম-কাজ চোৱা -চিতা কৰা , কিন্তু ছাৰৰ কথামতে উঠ-বহ নকৰিলে আপুনি ভালকৈ কৰ্তব্য  পালন কৰা  নাই বুলি অভিযোগ  দিব l ফলত দায়িত্ব পালনত  অৱহেলা কৰাৰ অভিযোগ আমাৰ ওপৰতো নপৰিবনে ?

বিভাগৰ কৰ্মসংস্কৃতিৰ  আৰু এখিলা পৃষ্ঠা  মেলি বয়সীয়া সহকৰ্মী জনে বুজাই দিলে l

    -----কি কৰিম মই ----মইতো কাৰো পৰা একো নলও l শশাংকই  অসমৰ্থতা ব্যক্ত কৰি ক'লে l

----আপুনি  কেৱল চীফ ছাৰক প্ৰতি মাহে কিমান দিব লাগে  ক’ব ,আমি সকলোৱে  মিলি গোটাই দিম ,আপুনি  গৈ দি আহিলেই হ’ব l

----তেতিয়া দেখোন ভ্ৰষ্টাচাৰ কৰাত  সহযোগ কৰাহে হ’ব l শশাংকই   কথাষাৰ  কোৱাৰ লগে লগে বয়সস্থ বিষয়া জনে মাত লগালে –ছাৰ, নিজৰ লগতে আমাকো সুখত থাকিবলৈ  দিব বিচাৰে  যদি চীফ  ছাৰে  যি বিচাৰে তাকেই কৰক নহলে মনেসজা মিছা অভিযোগত অভিযুক্ত  হ’বলৈ  সাজু হৈ থাকক    l.  বিভাগৰ মুৰব্বী  অফিচাৰ শশাংকৰ নৈতিকতা আৰু সততাৰ কথা শুনি শুনি   বয়সস্থ বিষয়াজনৰ  খঙেই উঠিছিল l সেইবাবে ক’লে --- কাক কাক বাধা দিব l ওপৰৰ পৰা তললৈকে গোটেই চিষ্টেমটোয়েই একে পথেৰে চলি আছে---

আপোনাক চীফ  ছাৰে কোৱা নাই  জানো পদবীটোত টিকি  থাকিবৰ কাৰনে কি কি কৰিব লগা হৈছে l  আৰু স্পষ্ট কৈ বুজাবলৈ  তেওঁ পুনৰ ক’লে --- তেওঁ  নিজৰ  দৰমহাৰ পৰা   দিব  নেকি?

আমাৰ সকলোৰে পৰা লৈয়েতো দিব লাগিব l

 নিজৰ  বিভাগৰ    সহকৰ্মী  সকলৰ কথা শুনি শশাংকই সততাৰে চাকৰি কৰাটো অসম্ভব  বুলি বুজি পালে l তেওঁ এনে এটা দোমোজাত  পৰিব লগা হ’ল ---য'ত এফালে পাৰিবাৰিক সংস্কাৰক  আগস্থান দি  চাকৰি কালত  কোনো আঁচুৰ নপৰাকৈ থকাৰ প্ৰচেষ্টা, আনফালে  বিভাগৰ কৰ্মসংস্কৃতিক অনুকৰণ  কৰি চীফ  ছাৰক প্ৰতি মাহে জিজিয়া দিবলগীয়া পৰিস্থিতি ----l

bottom of page