top of page

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ সমন্বিতে

বৰনাৰায়ণপুৰৰ আতাপুৰুষ সকল

 

কুমুদ শইকীয়া,

নাৰায়ণপুৰ

 

               অসমৰ জাতীয় জীৱন আৰু সভ্যতা সংস্কৃতিৰ ইতিহাসত ঐতিহ্যপূৰ্ণ বৰ নাৰায়ণপুৰ অঞ্চলৰ এক সুকীয়া ময্যৰ্দা আছে৷ বিশেষকৈ নৱবৈষ্ণৱ আন্দোলনৰ সময়চোৱাত ধৰ্মীয় আধ্যাত্মিক চেতনাৰে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অমূল্য অৱদান আগবঢ়াই থৈ যোৱা বহুকেইগৰাকী সন্ত পুৰুষৰ জন্ম হৈছিল পৱিত্ৰ বৰ নাৰায়ণপুৰ অঞ্চলত৷ প্ৰবল প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিৰ মাজত থাকিও এইসকল বৰ নাৰায়ণপুৰীয়া সন্তপুৰুষে সমগ্ৰ অসমৰ শৈক্ষিক তথা বৌদ্ধিক আন্দোলনৰে নেতৃত্ব প্ৰদান কৰিছিল৷ উল্লেখনীয় যে, ভাৰতীয় সভ্যতা তথা জাতীয় জীৱনৰ যিবিলাক বৈষ্ণৱ যুগত বৃহত্তৰ বৰ নাৰায়ণপুৰ অঞ্চল অসমৰ আধ্যাত্মিক সংস্কৃতিৰ বৰঘৰৰূপে পৰিগণিত হৈছিল৷ পৰৱৰ্ত্তীকালত বাৰ বৈষ্ণৱৰ জন্মস্থানৰূপে সুখ্যাতি অৰ্জন কৰা বৰনাৰায়ণপুৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য ‘বঢ়াৰ পো’ মহাপুৰুষ মাধৱদেৱকে ধৰি প্ৰায় কুৰি গৰাকী বৈষ্ণৱ সন্তপুৰুষৰ জন্মস্থান আছিল৷ সেইসকল মহান বৰনাৰায়ণপুৰীয়া ভিতৰত মহাপুৰুষ শ্ৰীমাধৱদেৱৰ জন্ম হৈছিল ১৪৪৯ খৃষ্টাব্দত উজীৰৰ টোল ৰঙাজান লেতেকুপুখুৰী অঞ্চলত৷ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ জন্ম ৈহছিল ১৫৫৩ খৃষ্টাব্দত নাৰায়ণপুৰৰ বিষ্ণু বালিকুঞ্চি গাঁৱত৷ আন এগৰাকী মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ আৰু শ্ৰীশ্ৰী বদলাপদ্ম আতাৰ জন্ম হৈছিল শক্ৰাহী গাৱঁত৷ বাকী আতাপুৰুষ সকল আছিল ক্ৰমে- ৰামদাস আতা, কেশৱচৰণ  আতা, হৰিচৰণ আতা, নাৰায়ণ আতা, লক্ষ্মীকান্ত আতা, বংশীগোপালদেৱ, ৰামচন্দ্ৰ আতা, ৰত্নাকৰ কন্দলি, ৰামানন্দ, ৰামচৰণ ঠাকুৰ, গোবিন্দ মিশ্ৰ আদি৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰকৃত উত্তৰাধীকাৰী মহাপুৰুষ মাধৱদেৱ আছিল  অসমীয়া ভাষা, সাহিত্য, ধৰ্ম সংস্কৃতিৰ সুউচ্ছ সৌধস্বৰূপ৷ এইজনা বৰনাৰায়ণপুৰীয়া মহানপুৰুষৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’৷ তেওঁ বহু সংখ্যক কালজয়ী বৰগীত, ভটিমা, নাট [ঝুমুৰা, দধিমথন, চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ, ভূমি লেটোৱা] আদি ৰচনা কৰি জাতীয় সাহিত্য, সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ ধমীয় দৰ্শনক আগত ৰাখি আমোদ প্ৰমোদৰ মাজেৰে গণ শিক্ষা প্ৰদান কৰাই আছিল তেওঁৰ সাহিত্য কৃতিৰ মূল উদ্দেশ্য৷ আজি তেনে এগৰাকী মহান বৈষ্ণৱ গুৰুৰ ৫৩৫ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱত অংশ ল’বলৈ পাই নিজে কৃতাৰ্থ অনুভৱ কৰিছো৷ এইখিনিতে আপোনালোকক জনাবলৈ পাই বৈষ্ণৱ যুগত বৃহত্তৰ বৰ নাৰায়ণপুৰ অঞ্চল অসমৰ আধ্যাত্মিক শিক্ষা-সংস্কৃতিৰ বৰঘৰ স্বৰূপে পৰিগণিত হৈছিল৷ পৰৱৰ্ত্তী কালত বাৰবৈষ্ণৱৰ জন্মস্থানৰূপে সুখ্যাতি অৰ্জন কৰা বৰ নাৰায়ণপুৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ শ্ৰীশংকৰদেৱৰ প্ৰিয়শিষ্য  ‘বঢ়াৰ পো’ মহাপুৰুষ মাধৱদেৱকে ধৰি প্ৰায় কুৰিগৰাকী বৈষ্ণৱ সন্তপুৰুষৰ জন্মভূমিৰ গৰিমাৰে গৰিমান্নিত হৈ পৰে৷ তাৎপয্যৰ্পূৰ্ণভাৱে মন কৰিব লগীয়া যে, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ধম¹য় আন্দোলন তথা নৱ্য জনজাগৰণ সবল আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত যি সকল আতা পুৰুষে পূৰ্ণ সহযোগিতা আগবঢ়াই গৌৰৱময় ইতিহাস ৰচনা কৰি থৈ গ’ল সেইসকলৰ অধিকাংশৰে জন্ম হৈছিল লখিমপুৰ জিলাৰ বৰ নাৰায়ণপুৰ অঞ্চলত৷ যি পৰিঘটনা সমগ্ৰ দেশৰ ভিতৰতেই বিৰল আৰু একক হিচাপে চৰ্চিত হৈ আহিছে৷ সেই সকল প্ৰগতিশিল চিন্তাৰ ধ্বজাধাৰী তথা সমাজ সংস্কাৰক সন্ত-আতাপুৰুষৰ বিষয়ে যৎকিঞ্চিত আলোচনা–

শ্ৰীশ্ৰীমাধৱদেৱ ঃ নৱ বৈষ্ণৱ আন্দোলনৰ পুৰোধা ব্যক্তি তথা মহান সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জ্ঞানামেষি যাত্ৰাৰ বিশ্বস্ত সংগী আছিল মহাপুৰুষ শ্ৰীমাধৱদেৱ৷ দুয়োজনা গুৰুৰ মণিকাঞ্চন সংযোগ আছিল অসমৰ সমাজ তথা জাতীয় জীৱনৰ বাবে এক গুৰুত্বৰ্পূৰ্ণ পৰিঘটনা৷ বৰ  নাৰৰায়ণপুৰৰ বহুমূখী প্ৰতিভাৰ সুযোগ্য সন্তান শ্ৰীমাধৱদেৱৰে সংযোগ নঘটা হ’লে হয়তো শ্ৰী শংকৰদেৱৰ সমাজমুখী বৈষ্ণৱ আন্দোলনে ইমান ব্যাপক ৰূপত প্ৰসাৰতা লাভ নকৰিলেহেতেন৷ পিতৃ লামকণা বাগোবিন্দগিৰি সপত্নীক বৰ নাৰায়ণপুৰৰ বালিগাৱঁত হিৰশিঙা বৰা উজীৰৰ টোলত থাকোতেই  ১৪১১ শকত[খৃঃ ১৪৮জ্ঝ] মাধৱদেৱৰ জন্ম হয়৷ বিভিন্ন প্ৰতিকূলতাৰ মাজেৰে মাধৱদেৱ ডাঙৰ হৈ অহাৰ লগে লগে পিতৃ গোবিন্দগিৰিয়ে উজীৰৰ টোল ত্যাগ কৰি লেতেকুপুখুৰীৰ পাৰত বাস কৰিবলৈ লয়৷ পৰৱৰ্ত্তী সময়ত শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত মাধৱদেৱে পৰম জ্ঞান লাভ কৰি নিজৰ বিশাল পাণ্ডিত্য আৰু প্ৰতিভাৰে অসমৰ সমাজ, সাহিত্য আৰু আধ্যাত্মিক জগতলৈ অতুলনীয় অৱদান আগবঢ়াই  থৈ গৈছে৷  তেওঁ ‘ৰামায়ণৰ আদিকাণ্ড’ আৰু ‘ৰাজসূয় কাব্য’ আদি আখ্যানমূলক, ‘নামঘোষা’ৰ দৰে  গভীৰ আধ্যাত্মিক গ্ৰন্থ, ১৯ টি ৰাগত ১৫ টি বৰগীত, ভটিমা, জন্ম ৰহস্য, নামমালিকা আদি তত্বমূলক সাহিত্য, ভক্তি ৰত্নাৱলী আদি অনুবাদ গ্ৰন্থৰ উপৰি দধিমঠন,  চোৰধৰা,  পিম্পৰাগুছোৱা, ভোজন বেহাৰ, ভূমিলেটোৱা আদি অঙ্কীয়া নাট[ঝুমাৰা] লিখি জাতীয় সাহিত্য- সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷  কথা গুৰু চৰিতৰ মতে শংকৰদেৱৰ ৭৫ বছৰ আৰু মাধৱদেৱৰ ৩২ বছৰ কালত মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰত দুজনা গুৰুৰ সাক্ষাৎ হৈছিল ৷  বহুমুখী প্ৰতিভাৰ ব্যক্তিত্ব মাধৱদেৱে গুৰু শংকৰদেৱৰ পৰা ধৰ্ম প্ৰচাৰৰ গধুৰ দায়িত্ব মুৰ পাতি লৈ অসমৰ অঞ্চলবিশেষে বিভিন্নজন সন্ত পুৰুষক ধৰ্মভাৰ দি ধৰ্ম প্ৰচাৰ কায্যৰ্ত শক্তিশালীৰূপত আগবঢ়াই নিছিল ৷  মাধৱদেৱৰ আজ্ঞাপৰ গুৰুসকল হৈছে - পুৰোষোত্তম ঠাকুৰ [ভানিয়া সত্ৰ], মথুৰাদাস বুঢ়াআতা [বৰপেটা],  গোপালআতা [কালজৰা সত্ৰ], পদ্মআতা [বদুলা আৰু কমলাবাৰী সত্ৰ], সুন্দৰীগিয়াৰ কামচৰণ আতা, চুৰুৱাবাহীৰ বংশীগোপাল আতা আৰু মাহৰাৰ যদুমণি আতা ৷ এই সকল আতাপুৰুষৰ উপৰিও বৰবিষ্ণু আতা,  গোপাল বা পৰিয়া আতৈ, লক্ষীকান্ত আতৈ, আৰু গোবিন্দ আতৈক ধৰ্মধিকাৰৰ গুৰুদায়িত্ব দি কেউদিশে ধৰ্ম প্ৰচাৰ অভিজান ক্ষীপ্ৰ আৰু শক্তিশালী কৰি তুলিছিল৷ গুৰু ভক্তি তথা গুৰু সেৱাৰ বিৰল আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষ মাধৱদেৱে শ্ৰীশংকৰদেৱৰ বিশাল ব্যক্তিত্বৰ ওচৰত নতজানু হৈ থকাৰ বাবেই মাধৱদেৱৰ বিশাল প্ৰতিভা বহু পৰিমাণে উদ্ভাসিত নোহোৱাকৈ থাকি গ’লেও শ্ৰীশংকৰদেৱৰ বৈষ্ণৱ আন্দোলন সুদৃঢ় আৰু শক্তিশালী কৰি তুলা মূল ব্যক্তিজন আছিল প্ৰকৃততে বৰ নাৰায়ণপুৰীয়া সন্তান শ্ৰীমাধৱদেৱহে৷

বদলা পদ্মআতা ঃ বৰ নাৰায়ণপুৰীয়া সন্তান শ্ৰীমাধৱদেৱৰ সংযোগ অবিহনে মহাপুৰুষ শংকৰদেৱৰ বাবে বৈষ্ণৱ আন্দোলন যিদৰে সহজসাধ্য হৈ নুঠিলহেঁতেন, সেইদৰে আন এজন বৰ নাৰায়ণপপুৰীয়া বদলা পদ্মআতা অবিহনেও শ্ৰীমাধৱদেৱৰ গুৰু আজ্ঞা ধৰ্মপ্ৰচাৰ কাৰ্য সহজসাধ্য হৈ নুঠিলহেঁতেন ৷ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ পাছতেই যি গৰাকী সমাজসংস্কাৰক আৰু ধৰ্মাচাৰ্যই  বৈষ্ণৱ গুৰুৰ স্থান অধিকাৰ কৰি আহিছে সেই গৰাকীয়েই হৈছে শ্ৰীমাধৱদেৱে ‘উজনীয়া বাপুঘৰ’ নামেৰে অভিহিত কৰা শ্ৰীশ্ৰী বদলা পদ্মআতা৷ যিগৰাকী আতা পুৰুষে মাধৱদেৱৰ সাৰ বদলেৰে ধৰ্মভাৰ গ্ৰহণ কৰি উজনি অসমত অতি দক্ষতাৰে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ সেইগৰাকী সন্তপুৰুষ শ্ৰীবদলাপদ্ম আতাৰ ১৫৪৬ খৃঃ ত নাৰায়ণপুৰৰ শক্ৰাহী গাঁৱত জন্ম হৈছিল৷  পিতৃ তিতা চোমদাৰ আৰু মাতৃ সত্যা আই৷ বদলা পদ্মআতাৰ বিশেষ সাহিত্যকৃতি নাথাকিলেও এগৰাকী সু-দক্ষ সমাজ সংগঠক তথা আধ্যাত্মিক গুৰু হিচাপে সেই সময়ৰ বিভিন্ন কু-সংস্কাৰেৰে ভৰা উজনি অসমত অতি জটিল পৰিস্থিতিকো প্ৰতিহত কৰি গুৰু আজ্ঞা শিৰত লৈ সমাজ সংস্কাৰ তথা বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ বদলা সত্ৰ, কমলাবাৰী সত্ৰ আদি সত্ৰ প্ৰতিস্থা কৰি শংকৰী কৃষ্টি-সংস্কৃতিৰ অধ্যয়ণ, অনুশীলন আৰু ব্যবহাৰিক গৱেষণাৰ দ্বাৰা এক আধ্যাত্মিক পৰিৱেশ ৰচনা কৰি অসমীয়া জাতিৰ গৰিমাক লোক সমাজত আলোচিত কৰি গুৰু আজ্ঞা নিতোল ৰূপত প্ৰতিস্থা কৰি থৈ গ’ল ৷

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ঃ বিভিন্ন কু-সংস্কাৰ আৰু অনাচৰী কাৰ্যকলাপে আমাৰ জাতীয় জীৱন যি সময়ত তিমিৰাচ্চন্ন কৰি তুলিছিল সেই সময়ত সমাজ সংস্কাৰৰ অগ্ৰদূত হিচাপে  যিসকল বৰ নাৰায়ণপুৰীয়া সন্ত পুৰুষে যুগান্তকাৰী অৱদান আগবঢ়াই থৈ গৈছিল সেইসকলৰ ভিতৰত অন্যতম আছিল পণ্ডিত তথা ধৰ্ম প্ৰচাৰক আধ্যাত্মিক গুৰু শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ৷ ভৱানীপুৰীয়া গোপাল আতাৰ প্ৰিয় শিষ্য সকলৰ ভিতৰত অন্যতম আছিল অনিৰুদ্ধদেৱ ৷ বৰ্তমান লখিমপুৰৰ ধলপুৰৰ বিষ্ণুবালিকুঞ্চি [পূৰ্বৰ নাৰায়ণপুৰৰ বালি গাঁও] ত মায়ামৰা সম্প্ৰদায়ৰ ধৰ্মীয়গুৰু অনিৰুদ্ধদেৱৰ ১৪৭৫ শক [খৃীঃ ১৫৫৩]ত জন্ম হেছিল ৷ অনিৰুদ্ধদেৱৰ পিতৃৰ নাম গোণ্ডাগিৰি আৰু মাতৃৰ নাম আছিল আজলী ৷ ভাগৱতৰ প্তম স্কন্ধৰ আত্ম পৰিচয়ত উল্লেখ কৰিছে এইদৰে–

“লোহিত উত্তৰ কাষৰে প্ৰকাশে নাৰায়ণপুৰ বন্ধ৷

    তাৰ মধ্য ভাগে মাজৰ তালুক কহিবু কত মহত্ব৷৷

      তাৰ অন্তৰ্গত বিষ্ণুবালিকুঞ্চি ভৈলেক গ্ৰাম বিশেষ৷

         শংকৰ-মাধৱ উপাসা কৰিয়া আছিলে ভক্ত অশেষ৷৷”

               অনিৰুদ্ধদেৱে কাল সংহতিৰ প্ৰৱৰ্ত্তক ভৱানীপুৰীয়া গোপাল আতাৰ লগত চাৰি বছৰ থাকি পিছত পিচলা নৈৰ পাৰত ধলপুৰৰ বিষ্ণুবালিকুঞ্চি গাঁৱত ১৬২০ খৃীঃত  বিষ্ণুবালিকুঞ্চি সত্ৰ প্ৰতিস্থা কৰে৷ এই সত্ৰত পাঁচবছৰ কাল থকাৰ পিছত ডফলাৰ উপদ্ৰপৰ বাবে থাকিব নোৱাৰি বৰ্তমানৰ মৌজাৰ খৰা অঞ্চলত ‘নাহৰআতি’ সত্ৰ প্ৰতিস্থা কৰে ৷ অনিৰুদ্ধদেৱে ‘ভাগৱতৰ পঞ্চম স্কন্ধ’ আৰু ‘চতুৰ্থ স্কন্ধ’ৰ পুৰঞ্জন উপাখ্যানক কিছু অংশ অনুবাদ কৰাৰ উপৰিও ‘ভক্তি মঙ্গল’ নামৰ এখন মৌলিক গ্ৰন্থ আৰু ন-কুৰি আধ্যাত্মিক গীত ৰচনা কৰি অসমীয়া সাহিত্য ভাণ্ডাৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে ৷

বংশীগোপালদেৱ ঃ  বৰ নাৰায়ণপুৰ অঞ্চলৰ আন এগৰাকী প্ৰতিভাধৰ সন্তান তথা পণ্ডিত আৰু ধৰ্ম প্ৰচাৰক হ’ল বংশীগোপালদেৱ৷ বংশীগোপালদেৱৰ পিতৃৰ নাম বলোভদ্ৰ ধৰ্মাই বা বলদেৱ আৰু মাতৃৰ নাম যমুনা ৷ পূৰ্বৰ বৰনাৰায়ণপুৰৰ অন্তৰ্গত তথা বৰ্তমান শোণিতপুৰ জিলাৰ কলাবাৰীৰ ওচৰৰ মালীপুৰত ১৫৪৮ খৃীঃত শ্ৰীবংশীগোপালদেৱৰ জন্ম হয় ৷ সৰুৰে পৰা আধ্যাত্মিক জ্ঞানৰ অধিকাৰ  ব্ৰাহ্মণ শ্ৰীবংশীগোপালদেৱে মাধৱদেৱৰ ওচৰত শৰণ লৈ ধৰ্ম প্ৰচাৰত ব্ৰতী হয় ৷ বংশীগোপালদেৱে গুৰু আজ্ঞা শিৰতলৈ কাঁহিকুচী, কলাবাৰী আৰু নাৰায়ণপুৰৰ দেবেৰাপাৰত থান প্ৰতিস্থা কৰি আধ্যাত্মিক তত্ব প্ৰচাৰ কৰাৰ উপৰিও  কুৰুৱাবাহী সত্ৰও প্ৰতিষ্ঠা কৰে ৷ সামুহিক গোড়ামিৰে ভৰি থকা এখন সাক্তপন্থী সমাজত থাকিও ব্ৰাহ্মণ বংশীগোপালদেেৱ নৱ বৈষ্ণৱ আন্দোলনৰ চিন্তা-চৰ্চাৰে প্ৰভাৱিত হৈ  মাধৱদেৱৰ পৰা ধৰ্মবস্তু গ্ৰহণ কৰি সেই  বান্দী সমাজৰ কল্যাণৰ বাবে প্ৰচাৰ, অধ্যয়ণ আৰু চৰ্চাত ব্ৰতী হোৱাতো এক আধুনিক মনৰ ব্যক্তিত্ব হিচাপে পৰিগণিত হৈ আহিছে ৷

ৰামদাস আতা ঃ বৰ নাৰায়ণপুৰৰ আন এগৰাকী কৃতী সন্তান তথা আধ্যাত্মিক গুৰু হ’ল ৰামদাস আতা৷ সৰুৰে পৰাই আধ্যাত্মিক চিন্তাৰ অধিকাৰী ভূঞাকুলৰ খঢ়াপাণিয়ে শ্ৰীশংকৰদেৱক ধৰ্মীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ শংকৰদেৱৰ ওচৰত শৰণ লৈ ৰামদাস আতা নাম লয়৷  ৰামদাস আতাই মাধৱদেৱৰ ভনীয়েক উৰ্বশীক বিবাহ কৰিছিল ৷ তেওঁলোকৰ সু-যোগ্য সন্তান ৰামচৰণ ঠাকুৰে গুৰু চৰিত ৰচনা কৰাৰ উপৰিও ভক্তি ৰত্নাৱলীৰ অসমীয়া অনুবাদ কৰি অসমৰ সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে ৷

যদুমণিদেৱ [সৰু যদুমণি] ঃ গুৰু ধৰ্ম প্ৰচাৰত ব্ৰতী হোৱা আন এগৰাকী পণ্ডিত আতা পুৰুষ হ’ল যদুমণিদেৱ বা সৰু যদুমণি ৷ এই গৰাকী আতাপুৰুষৰ নাৰায়ণপুৰৰ সাউকুচী গাঁৱত ১৫৩৮ খৃীঃত জন্ম হৈছিল ৷  তেওঁৰ পিতৃৰ নাম মাধৱান্দ ভূঞা আৰু মাতৃৰ নাম শিৰিষী দেৱী৷ যদুমণিদেৱ পদ্মআতাৰ সম্বন্ধীয় ভাগিনীয়েক৷ গোপাল আতাৰ দুগৰাকী আচায্যৰ্ৰ নামো যদুমণি ৷ সেই বাবে এই যদুমণিদেৱক সৰু যদুমণি বুলিও কোৱা হয় ৷ পদ্মআতাই মাধৱ পুৰুষক সাক্ষাৎৰ বাবে কোচ বিহাৰলৈ যাঁওতে যদুমণিদেৱো তেঁওৰ লগত গৈছিল৷ মাধৱদেৱ বৈকু_গামী হোৱাৰ পিছত ঠাকুৰ আতাই তেঁওক ভৱানীপুৰলৈ নি গোপাল আতাৰে সাক্ষাৎ কৰাই দিয়ে৷ যদুমণিদেৱে গোপাল আতাৰ ওচৰত শৰণ লৈ বাৰ বছৰ কাল গোপাল আতাৰ লগত থাকি মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কাৰৰ অন্তত অজলা সত্ৰ স্থাপন কেৰ৷ কাল সংহতিৰ গোপালদেৱৰ শিষ্য তথা মাজুলী অজলা সত্ৰৰ প্ৰতিস্থাপক সৰু যদুমণিদেৱৰ ১৫৭০ শকত পৰলোকপ্ৰাপ্তি হয় ৷

বৰ যদুমণিদেৱ ঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বৰ নাৰায়ণপুৰীয়া সন্ত পুৰুষ সকলৰ ভিতৰত বৰ যদুমণিদেৱ অন্যতম৷ গোপাল আতাৰ আজ্ঞাপৰ বৰাগৰাকী ধমাৰ্চাৰ্য্যৰ ভিতৰত অন্যতম বৰ আতা যদুমণিদেৱৰ জন্ম হয় ১৪৮৬ শকত৷ তেওঁৰ পিতৃ বৈকুণ্ঠ ভূঞা আৰু মাতৃ জাহ্নবী ৷ দেবেৰাপাৰত বংশীগোপালদেৱৰ লগত ছমাহ কাল থাকি ধৰ্ম প্ৰচাৰ কৰাৰ পাছত তেওঁ বৰপেটালৈ গৈ ঠাকুৰ আতাৰ লগত কিছুদিন থাকে৷ পৰৱৰ্ত্তী সময়ত তেওঁ ভৱানীপুৰলৈ গৈ গোপাল আতাৰ ওচৰত ধৰ্ম বস্তু গ্ৰহণ কৰি মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত ব্ৰত¹ হয় ৷ এইজনা ধৰ্মাচাৰ্য্য বৰ যদুমণিদেৱৰ ১৫৪০ শকত বৈকুণ্ঠগামী হয় ৷

নাৰায়ণ আতা ঃ নাৰায়ণপুৰৰ সাউকুছি গাৱঁত জন্ম গ্ৰহণ কৰা বৈষ্ণৱ ধৰ্ম-সংস্কৃতিৰ অন্যতম প্ৰচাৰক নাৰায়ণ আতা সৰুৰে পৰা গুৰুজনাৰ ধৰ্মীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হয় ৷ পৰৱৰ্ত্তী সময়ত গোপাল আতাৰ পৰা ধৰ্ম বস্তু গ্ৰহণ কৰি আধ্যাত্মিক শিক্ষাৰ লগতে গীত-মাত, নৃত্যৰ শিক্ষাও গ্ৰহণ আৰু পিছত উজনিত ধৰ্ম প্ৰচাৰত জড়িত হৈ পৰে ৷ এই সময়ছোৱাতেই তেওঁ বিহপুৰীয়াৰ বদতি অঞ্চলত দহঘৰীয়া সত্ৰ প্ৰতিষ্ঠা কৰে ৷

কেশৱচৰণ আতা ঃ বৰ নাৰায়ণপুৰৰ বাৰ গৰাকী আতা পুৰুষৰ ভিতৰত অন্যতম কেশৱচৰণ আতাৰ জন্ম হৈছিল ১৪৬৫ শকত লখিমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ ভাটৌকুছি গাৱঁত৷ এইগৰাকী ধৰ্মাচাৰ্য্য কেশৱচৰণ আতাই  মহাপুৰুষ মাধৱদেৱ আৰু পদ্মআতাৰ মিলনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ ভূমিকা পালন কৰিছিল ৷ তেওঁৰ পিতৃৰ নাম আছিল ভয় নাৰায়ণ আৰু মাতৃৰ নাম আছিল চিত্ৰমালী ৷ গুৰু মাধৱদেৱৰ প্ৰিয়শিষ্য কেশৱচৰণ আতাই  নগাঁৱৰ বৰজহা আৰু জন্মস্থান ভাটৌকুছিত থান প্ৰতিষ্ঠা কৰি ধৰ্মপ্ৰচাৰত ব্ৰতী হৈছিল ৷ এইগৰাকী আতাপুৰুষৰ ১৫৮জ্জ  শকত পৰলোকপ্ৰাপ্তি ঘটে ৷

শ্ৰীৰাম আতা ঃ বৰ নাৰায়ণপুৰীয়া সন্ত আতাপুৰুষ সকলৰ ভিতৰত শ্ৰীৰাম আতা অন্যতম ৷ লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ বালিগাঁৱত জন্ম গ্ৰহণ কৰা শ্ৰীৰাম আতাৰ পিতৃৰ নাম গোবিন্দ মিশ্ৰ ৷ এগৰাকী বিদগ্ধ বৈষ্ণৱ পণ্ডিত শ্ৰীৰাম আতাই মাজুলীৰ আহঁতগুৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ ভৱানীপুৰৰ গোপাল আতাৰ ওচৰত শৰণ লৈ ধৰ্ম প্ৰচাৰত ব্ৰতী হোৱা শ্ৰীৰাম আতাৰ ১৫৮জ্জ্ব শকত পৰলোকগামী হয় ৷

পুৰোষোত্তম আতা ঃ বৰ নাৰায়ণপুৰত জন্ম গ্ৰহণ কৰা আন এগৰাকী বৈষ্ণৱ পণ্ডিত তথা ধৰ্ম প্ৰচাৰক হ’ল শ্ৰী পুৰোষোত্তম আতা ৷ ভৱানীপুৰলৈ গৈ গোপাল আতাৰ ওচৰত ধৰ্ম বস্তু গ্ৰহণ কৰা পুৰোষোত্তম আতাই ১৫৭২  শকত  মাকোৱাৰীত কাঠপাৰ সত্ৰ স্থাপন কৰিছিল৷ অৱশ্যে বিভিন্ন প্ৰতিকূলতাৰ পৰিপ্ৰেক্ষিতত এই সত্ৰখনৰ অস্তিত্ব বৰ্ত্তমান পাবলৈ নাই ৷

ৰত্নাকৰ কন্দলিঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ আন এগৰাকী সন্ত পণ্ডিত আছিল ৰত্নাকৰ কন্দলি ৷ ৰক্ষণশীল পণ্ডিত ৰত্নাকৰ কন্দলি প্ৰথম অৱস্থাত বৈষ্ণৱ ধৰ্মৰ ঘোৰবিৰোধী আছিল যদিও শ্ৰীশংকৰদেৱ ধুৱাহাট বেলগুৰি সত্ৰত থকাৰ সময়ত গুৰুজনাৰ পাণ্ডিত্য আৰু ধৰ্মীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ শ্ৰীশংকৰদেৱৰ ওচৰত শৰণ লয় ৷ গীতা শাস্ত্ৰত অগাধ পাণ্ডিত্য থকা ৰত্নাকৰ কন্দলিয়ে ‘সহস্ৰনাম বৃতান্ত’, ‘ব্ৰহ্ম গীতা’, ‘গীতা কীৰ্ত্তন’ আদি গুৰুত্বপূৰ্ণ বৈষ্ণৱ সাহিত্য ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷

কলাপচন্দ্ৰ মহন্ত ঃ মহাপুৰুষ গুৰু দুজনাৰ ধৰ্মীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ বৈষ্ণৱ ধৰ্মত শৰণ লোৱা কলাপচন্দ্ৰ মহন্তই ভাগৱতৰ চতুৰ্থ স্কন্ধৰ তৃতীয়ৰ পৰা সপ্তম অধ্যায়লৈ অনুবাদ কৰিছিল ৷ কলাপচন্দ্ৰৰ নাতি গোবিন্দ মিশ্ৰই  অসমীয়াত পদ-গীত ৰচনা কৰি অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে ৷

হৰিদেৱ ঃ  আন এগৰাকী কৃতি নাৰায়ণপুৰীয়া সন্তান হৰিদেৱৰ ১২২৬ খৃীঃ ত জন্ম হয় নাৰায়ণপুৰৰ শক্ৰাহী গাঁৱত ৷ পিতৃৰ নাম অজনাভ আৰু মাতৃৰ নাম পাৰিজাতি ৷ পিতৃৰ তত্বাৱধানত সংস্কৃত তোলত অধ্যয়ন কৰা হৰিদেৱ পিছলৈ পাটবাউসীলৈ গৈ শংকৰদেৱক গুৰু মানি লৈ মানেৰী সত্ৰ প্ৰতিষ্ঠা কৰে ৷ এগৰাকী সংস্কৃত পণ্ডিত  হিচাপে পাণ্ডিত্য আহৰণ কৰা হৰিদেৱ গীতা, ভাগৱত, বিবিধ পুৰাণ আদিতো অগাধ জ্ঞানৰ অধিকাৰী আছিল৷ অৱশ্যে পৰৱৰ্ত্তী সময়ত ব্ৰাহ্মণ্যবাদী ধ্যান-ধাৰণাৰ পোষকতা কৰিলেও এইজনা নাৰায়ণপুৰীয়া পণ্ডিত হৰিদেৱৰ নাম আজিও স্মৰণীয় হৈ আছে৷

 

সহায়ক গ্ৰন্থঃ

১] কথা গুৰু চৰিত - উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

২] বাৰ বৈষ্ণৱ স্থান নাৰায়ণপুৰ আৰু ইয়াৰ সন্তপুৰুষ সকল - শিৱ শৰ্মা

৩] পৱিত্ৰ নাৰায়ণপুৰ - চন্দ্ৰ হাজৰিকা

৪] প্ৰসংগ-মাধৱদেৱ - অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ, মুখ্য সম্পাদকঃ কুমুদ শইকীয়া

৫] পদ্ম সুৱাস - শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৬৯ তম জন্মজয়ন্তীৰ স্মৰণিকা

৬] অসম বুৰঞ্জীৰ প্ৰেক্ষাপটত ঐতিহ্যমণ্ডিত নাৰায়ণপুৰ আৰু অন্যান্য - পদ্ম বৰা

৭] হৰিদেৱজ্যোতি - স্মৃতিগ্ৰন্থ, উত্তৰপূৱ হৰিদেৱ সংঘৰ ৪৪ তম গুৱাহাটী অধিৱেশন, ২০২১ খৃীষ্টাব্দ

bottom of page