।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
অধ্যক্ষ মঃ নুৰ মহম্মদ ছাৰৰ
ব্যতিক্ৰমী ব্যক্তিত্বত এভুমুকি
ড০ সুৰেশ দত্ত
শিক্ষা জীৱনৰ দিনবোৰ সঁচা অৰ্থত জীৱনৰ এক মধুময় অধ্যায়৷ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত মাটিত কঠ পাৰি চিলথ’ত আখৰ লিখিবলৈ শিকাৰে পৰা বিশ্ববিদ্যালয়ৰ শেষ ডিগ্ৰীটো গ্ৰহণ কৰালৈকে আহৰণ কৰা বিচিত্ৰ অভিজ্ঞতাবোৰে মনৰ পৃথিৱীখন এতিয়াও জীপাল কৰি ৰাখিছে৷ সমনীয়াৰ লগত উঠা-বহা, খেলা-ধূলা, শৈশৱৰ দুষ্টামিৰ স্মৃতিৰে মনৰ পেৰা ভৰপূৰ হৈ আছে৷ শিক্ষা-দীক্ষাৰে দীক্ষিত কৰি জীৱনৰ পথত অগ্ৰসৰ হ’বলৈ সক্ষম কৰি তোলা আমাৰ মহান শিক্ষকসকলৰ অহোপুৰুষাৰ্থৰ কথা মনত পৰিলে তেওঁলোকৰ প্ৰতি এতিয়াও শ্ৰদ্ধাত মূৰ দো খাই যায়৷ এই ক্ষণতে শ্ৰদ্ধাৰ শিক্ষকসকলৰ কথা মনলৈ আহেঁাতে শিক্ষা জীৱনত লগ পোৱা এগৰাকী মহান শিক্ষক, অধ্যক্ষ মঃ নুৰ মহম্মদ ছাৰৰ ব্যতিক্ৰমী ব্যক্তিত্বৰ ছবিখনেও দোলা দিছেহি৷
১৯৭৭ চনত উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত মোক পঞ্চম মান শ্ৰেণীত দেউতাই নামভৰ্তি কৰাই দিয়ে৷ সেই সময়ত এইখন বিদ্যালয়ত নামভৰ্তিৰ কাৰণে ছীট পোৱাটো বৰ জটিল আছিল৷ আমি প্ৰায় সাত-আঠশ মান ছাত্ৰই নামভৰ্তিৰ কাৰণে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা মনত পৰে৷ অৱশ্যে ১৯৭৭ চনত আমি নামভৰ্তি কৰাৰ সময়ত প্ৰাথমিক বিদ্যালয়ৰ পৰা দুটা শ্ৰেণী ক্ৰমে পুৰণা তৃতীয়মান শ্ৰেণী আৰু নতুন আৰ্হিৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী সকলেও একেলগে পঞ্চমমান শ্ৰেণীত নামভৰ্তিৰ সুযোগ পাইছিল৷ মই অৱশ্যে পুৰণা তৃতীয় মান শ্ৰেণীত ছাত্ৰ আছিলোঁ৷ সেই সময়ত প্ৰাথমিক বিদ্যালয়ত থকা পাঁচটা শ্ৰেণী হ’ল ক্ৰমে– ‘ক’ শ্ৰেণী, ‘খ’ শ্ৰেণী, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী৷ অৰ্থাৎ পুৰণা তৃতীয় শ্ৰেণীত পঢ়া আমিয়েই শেষ দলৰ ছাত্ৰ আছিলোঁ৷ দুটাকৈ শ্ৰেণী একেলগে নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সূত্ৰে সেই বছৰ এই বিদ্যালয়ত পঢ়িবলৈ ছীট পোৱাটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল৷
আমি পঞ্চমমান শ্ৰেণীত নামভৰ্তি কৰাৰ সময়ত আমাৰ অধ্যক্ষ আছিল মঃ নুৰ মহম্মদ ছাৰ৷ নুৰ মহম্মদ ছাৰ ১৯৭২ চনৰ এক জানুৱাৰীৰ পৰা ১৯৭৮ চনৰ ছেপ্টেম্বৰ মাহলৈকে এইখন বিদ্যালয়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি নগাঁৱলৈ বদলি হৈ গৈছিল৷ কাজেই ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ শেষৰ ফাললৈকে ছাৰক আমি অধ্যক্ষ হিচাপে পাইছিলোঁ৷ সেই সময়ত আমি কম বয়সীয়া ও কোমল মনৰ ছাত্ৰ আছিলোঁ যদিও আজি ৪৮ বছৰৰ পাছতো নুৰ মহম্মদ ছাৰৰ তাহানিৰ সেই অসাধাৰণ ব্যক্তিত্বৰ কথা মনত অতি সজীৱ হৈ আছে৷ মোৰ ব্যক্তিগত দৃষ্টিত ছাৰৰ ব্যক্তিত্ব আজিও তুলনাবিহীন৷ এগৰাকী আদৰ্শবান শিক্ষক আৰু শৈক্ষিক প্ৰশাসক হিচাপে ছাৰৰ কায়িক স্থিতি বৰ্তমান ছায়াৰূপত হ’লেও মনৰ মাজত সদায়ে দোলা দি থাকে৷ ছাৰৰ উচ্ছমানৰ ব্যক্তিত্ব আৰু আদৰ্শই সেই সময়ত আমাৰ সমগ্ৰ স্কুলখনতে এক সন্মোহনী শক্তিৰ দৰে ক্ৰিয়া কৰিছিল৷ স্কুলৰ চৌহদতে অৱস্থিত অধ্যক্ষৰ বাসভৱনৰ পৰা শ্ৰেণী আৰম্ভ হোৱাৰ নিৰ্দিষ্ট সময়ৰ পূৰ্বে স্কুললৈ গুৰু-গম্ভীৰ খোজেৰে অগ্ৰসৰ হোৱাৰ লগে লগেই এক স্বতঃস্ফূৰ্ত পৰিৱেশ গঢ় লৈ উঠিছিল আৰু সেই অনুকূল পৰিৱেশ তেখেত অধ্যক্ষৰ কোঠাত কাম কৰি থকাৰ সমগ্ৰ দিনটোত বিৰাজমান হৈ আছিল৷ ছাৰ এগৰাকী অতি সময়ানুৱতী লোক আছিল৷ সদায় এক নিৰ্দিষ্ট সময়ত তেখেতে অধ্যক্ষৰ চৰকাৰী বাসভৱনৰ পৰা খোজ কাঢ়ি স্কুললৈ আহিছিল আৰু স্কুল ছুটী হোৱাৰ পিছতো নিজৰ কাৰ্যালয়ৰ কাম-কাজত নিমগ্ন থাকি বিয়লি এক নিৰ্দিষ্ট সময়তহে একেই ধীৰ-স্থিৰ খোজেৰে বাসভৱনলৈ গমন কৰা প্ৰত্যক্ষ কৰিছিলোঁ৷ আমাৰ স্কুলৰ হোষ্টেলকেইটাৰ সমীপতে অধ্যক্ষৰ কোৱাৰ্টাৰটো আছিল৷ মই যিহেতু সেই সময়ত পঞ্চম মান শ্ৰেণীৰ পৰা সপ্তম মান শ্ৰেণীলৈকে ছাত্ৰাবাসৰ আবাসী হৈ আছিলোঁ, সেয়েহে নুৰ মহম্মদ ছাৰৰ স্কুললৈ অহা-যোৱা কৰাৰ সেই দৃশ্য ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সুযোগ পাইছিলোঁ৷ মই আবাসী হিচাপে থকা ২নং ছাত্ৰাবাস [ছেকেণ্ড ব্লক]ৰ অধীক্ষক আছিল সেই সময়ৰ বিদ্যালয়ৰ এগৰাকী অতি দক্ষ শিক্ষক প্ৰয়াত জগত গগৈ ছাৰ৷ জগত গগৈ ছাৰে নিয়মীয়াকৈ সন্ধ্যা আবাসত নিৰীক্ষণ কৰাৰ উপৰি অধ্যক্ষ নুৰ মহম্মদ ছাৰেও আমাৰ আবাসীসকলৰ অসুখ-বিসুখ হ’লে ব্যক্তিগতভাৱে আহি খবৰ লৈছিল৷ হোষ্টেলৰ আবাসীৰ বাবে প্ৰয়োজনীয় ইলেক্টিক বাল্ব আৰু আন সামগ্ৰী আমি আবাসীসকলে অধ্যক্ষৰ কোৱাৰ্টাৰৰ পৰাই সংগ্ৰহ কৰিছিলোঁ৷ অধ্যক্ষৰ কোৱাৰ্টাৰৰ সমীপতে থকা তিনিটাকৈ হোষ্টেলত সেই সময়ত প্ৰায় এশজনমান আবাসী থকা সত্ত্বেও মই ছাত্ৰাবাসত থকা তিনিটা বছৰত কোনোদিন আবাসীসকলৰ মাজত কাজিয়া-পেচাল লগা বা হাই-উৰুমি কৰাৰ কথা মনত নপৰে৷ ইয়াৰ মূল কাৰণটোৱেই আছিল সেই সময়ত বিদ্যালয়ত থকা কঠোৰ অনুশাসন ব্যৱস্থাৰ লগতে অধ্যক্ষ নুৰ মহম্মদ ছাৰৰ প্ৰতি থকা আমাৰ ভয়, শ্ৰদ্ধা আৰু অগাধ ভক্তি৷ ছাৰৰ প্ৰতি থকা এনে অগাধ শ্ৰদ্ধা আৰু ভক্তিৰ বাবেই আমি ক্লাছ ফাইভ নে ছিক্সত পঢ়ি থাকোঁতে নৰ্থ লক্ষীমপুৰ চিভিল হাস্পতালৰ অধীক্ষকগৰাকীয়ে আমাৰ প্ৰিন্সিপাল ছাৰৰ বিষয়ে কিবা এক আপত্তিজনক মন্তব্য কৰাৰ বাবে সমগ্ৰ স্কুলৰ ছাত্ৰসকলে সেই চিকিৎসকজনৰ কাৰ্যালয়ত গৈ প্ৰতিবাদ কৰিছিল৷ ফলশ্ৰুতিত সেই অধীক্ষকগৰাকীয়ে সেই সময়ৰ জিলা প্ৰশাসনৰ কোনো উচ্ছ পদস্থ বিষয়াৰ সৈতে আহি আমাৰ প্ৰিন্সিপাল ছাৰক ক্ষমা খোজাৰ পাছতহে ছাত্ৰসকল ক্ষান্ত হৈছিল আৰু নুৰ মহম্মদ ছাৰৰ ব্যক্তিগত তৎপৰতাত বিষয়টো সিমানতে সন্মানজনকভাৱে ইতি পৰিছিল৷
নুৰ মহম্মদ ছাৰক কেৱল আমি ছাত্ৰসকলেই যে শ্ৰদ্ধা-ভক্তি কৰিছিলোঁ তেনে নহয়; শিক্ষক আৰু কৰ্মচাৰীসকলেও ছাৰক শ্ৰদ্ধা কৰাৰ লগতে বৰ সমীহ কৰি চলা প্ৰত্যক্ষ কৰিছিলোঁ৷ আমাৰ বিদ্যালয়ৰ সেইসময়ৰ এগৰাকী স্বনামধন্য শিক্ষক, উপাধ্যক্ষ প্ৰয়াত বিনোদ চন্দ্ৰ শৰ্মা ছাৰে বিদ্যালয়ৰ সতীৰ্থ ’৮৪ [ডিচেম্বৰ, ২০০৯] নামৰ স্মৃতিগ্ৰন্থত লিখা ‘এটি ৰোমন্থন ঃ ব্যক্তিত্ব আৰু প্ৰতিভাৰ’ শীৰ্ষক লেখাটোত নুৰ মহম্মদ ছাৰৰ সততা, নৈতিকতা, নিয়মানুৱৰ্তিতা আৰু নিষ্ঠাৰ বিষয়ে প্ৰকাশ কৰি আজিৰ যুগৰ প্ৰেক্ষাপটত তেনে ব্যক্তিত্বৰ লোক সঁচাই বিৰল বুলি উল্লেখ কৰিছিল৷ বিনোদ শৰ্মা ছাৰৰ ভাষাত–‘Principal of Principle বুলি থাওকতে ক’ব পৰা এইজনা অধ্যক্ষৰ ব্যক্তিত্ব ব্যতিক্ৰমী আছিল৷ শুভ্ৰ বস্ত্ৰ পৰিহিত, হিচাপ কৰি খোজ দিয়া এই জনা অধ্যক্ষৰ ব্যক্তিত্ব আছিল চুম্বকে কৰা আকৰ্ষণৰ দৰে আকৰ্ষণীয়৷ একেটা নিৰ্দিষ্ট সময়তে, একেটা খোজতে, ধীৰ-গম্ভীৰ চিত্তে নিজ কক্ষত প্ৰৱেশ কৰি নিৰ্দিষ্ট চকীখনত বহি বিদ্যালয়ৰ সমস্ত পৰিৱেশ মুহূৰ্ততে অধ্যয়ন কৰি সকলো সমস্যা তৎপৰতাৰে সমাধান কৰাত তেখেত আছিল সিদ্ধহস্ত৷ নিৰ্দিষ্ট চকীখনত বহিয়েই কোন, কেতিয়া, কেনেকৈ বিদ্যালয়ত প্ৰৱেশ কৰিছে তাক সুন্দৰভাৱে নিৰীক্ষণ কৰি কাৰোবাৰ দোষ দেখিলে মাতি নি বুজাই দিছিল৷ এদিনৰ কথা–মই এই বিদ্যালয়ত প্ৰায় নতুন৷ মাহ বাগৰি বছৰ হোৱাই নাই৷ মই তেতিয়া নকাঁড়ীৰ এটা ভাড়াঘৰত আছিলোঁ৷ এদিন কিবা কাৰণত মোৰ দহ মিনিট পলম হ’ল৷ ছাৰৰ দৃষ্টি মোৰ ওপৰত পৰিল৷ মোক মতাই নিলে আৰু ক’লে–বিনোদ, আহোঁতে দহ মিনিট আগত আহিবা; ক্লাচকেইটা কৰি যাওঁতে নিজৰ সুবিধামতেই যাবা৷ অন্য একো নকৈ মাত্ৰ এই দুআষাৰ কথাৰেই মোক যি সতৰ্কবাণী শুনালে তাৰ পিছত জ্ঞাতভাৱে অৱসৰ পোৱাৰ দিনলৈকে মোৰ পলমকৈ বিদ্যালয়ত প্ৰৱেশ কৰাৰ কথা মনত নপৰে৷’ বিদ্যালয়ৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীবীৰেন্দ্ৰনাথ শৰ্মা ছাৰেও নুৰ মহম্মদ ছাৰৰ অধ্যক্ষৰ কাৰ্যকালৰ বিষয়ে বৰ শ্ৰদ্ধা সহকাৰে তেখেতৰ এক লেখাত উল্লেখ কৰা প্ৰত্যক্ষ কৰিছিলোঁ৷ বীৰেন্দ্ৰনাথ শৰ্মা ছাৰৰ দৃষ্টিত নুৰ মহম্মদ ছাৰ আছিল অত্যন্ত গম্ভীৰ আৰু এগৰাকী অতি সময়ানুৱৰ্তী ব্যক্তি৷ সময়ৰ ব্যৱহাৰ সম্পৰ্কে নুৰ মহম্মদ ছাৰৰ পৰাই তেখেতে বহু জ্ঞান লাভ কৰি উপকৃত হোৱাৰ বিষয়ে শ্ৰদ্ধা সহকাৰে উল্লেখ কৰিছিল৷ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী কল্পনা দত্ত দাস বাইদেৱে বিদ্যালয়ৰ ‘শতাব্দী’ নামৰ স্মৃতিগ্ৰন্থখনত প্ৰয়াত নুৰ মহম্মদ ছাৰ অধ্যক্ষ হিচাপে থকা কালছোৱাত স্কুলৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ কথা সুন্দৰকৈ লিখা পঢ়িবলৈ পাইছিলোঁ৷ নুৰ মহম্মদ ছাৰৰ প্ৰসংগত বাইদেৱে লিখিছিল–‘মই চাকৰিত যোগদান কৰোঁতে প্ৰয়াত নুৰ মহম্মদ ছাৰ আমাৰ অধ্যক্ষ আছিল৷ অধ্যক্ষৰ কোঠাটোৰ প্ৰত্যেক দুৱাৰ-খিৰিকী সম্পূৰ্ণ খোলা ৰাখিছিল৷ অহা-যোৱা কৰা কোনো মানুহ তেখেতেৰ চকুৰ পৰা সাৰি যাব নোৱাৰিছিল৷ বিদ্যালয় চলি থকাৰ সময়ত কাঁহ পৰি জীণ যোৱা পৰিৱেশ আছিল৷ অধ্যক্ষই নৱম-দশম শ্ৰেণীত পাঠদানো কৰিছিল৷’
আমাৰ দৈনন্দিন শ্ৰেণী আৰম্ভ হোৱাৰ আগে আগে অধ্যক্ষৰ কোঠাৰ সন্মুখভাগত অনুষ্ঠিত হোৱা প্ৰাৰ্থনা সভাত অধ্যক্ষ নুৰ মহম্মদ ছাৰৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়েও অংশ লৈছিল৷ অধ্যক্ষ নুৰ মহম্মদ ছাৰৰ দিনৰ পৰাই আমাৰ বিদ্যালয়ত এক নতুন প্ৰাৰ্থনা প্ৰচলন কৰা হৈছিল৷ আমি ছাত্ৰসকলে অধ্যক্ষৰ কোঠাৰ সন্মুখত পূবদিশে মুখ কৰি শাৰী শাৰীকৈ থিয় হৈ এই প্ৰাৰ্থনা গাইছিলোঁ৷ সেই প্ৰাৰ্থনাটো আছিল –
‘যাৰ কৃপাত অন্ধ জনে
দৃষ্টি শক্তি পায়,
মুকজনে বাক শক্তি পায়,
পংগুৱে পৰ্বত লংঘিব পাৰে;
হ’ পৰম পিতা পৰমেশ্বৰ
তুমি আমাক অসৎ পথৰপৰা
সৎ পথলৈ নি
অজ্ঞান আন্ধাৰৰ পৰা
জ্ঞানৰ আলোকলৈ নি
নিজ নিজ কৰ্তব্য
কৰি যাবলৈ
হূদয়ত বল
আৰু সাহস দিয়া৷’
আমাৰ স্কুলৰ সেই সময়ৰ এন.চি.চি. বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল স্বনামধন্য শিক্ষক শ্ৰী বীৰেন্দ্ৰ নাথ শৰ্মা ছাৰে৷ তেখেতেই স্কুলৰ প্ৰাৰ্থনা সভাৰ সদায় তদাৰক কৰিছিল৷ কোনো ছাত্ৰই অনুশাসন ভংগ কৰিলে অথবা আন কোনো অপৰাধ কৰিলে এই প্ৰাৰ্থনা সভাতেই অধ্যক্ষ নুৰ মহম্মদ ছাৰে তাৰ বিচাৰ কৰি প্ৰদান কৰা শাস্তিৰ বাবে আমিবোৰে ভয়তে সপোনতো তেতিয়া অনুশাসন ভংগৰ কথা ভাবিবই পৰা নাছিলোঁ৷ ফলত স্বতঃস্ফূৰ্তভাৱে আমাৰ সমগ্ৰ বিদ্যালয়ত কঠোৰ অনুশাসন ব্যৱস্থা বৰ্তি আছিল৷
প্ৰতিদিন দহ বজাত শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ পাছতেই নুৰ মহম্মদ ছাৰে গহীন-গম্ভীৰ খোজেৰে স্কুলৰ বাৰাণ্ডাসমূহেৰে আগবাঢ়ি প্ৰতিটো ক্লাছ নিৰীক্ষণ কৰিছিল আৰু সমগ্ৰ বিদ্যালয়তে সেই সময়ত নীৰৱ-নিস্তব্ধ এটা পৰিৱেশৰ সৃষ্টি হৈছিল৷ নুৰ মহম্মদ ছাৰ অধ্যক্ষৰ কোঠাত তেখেতৰ আসনত বহি থকা অৱস্থাত কোঠাৰ সন্মুখেৰে পাৰ হৈ যাবলৈ আমাৰ সাহস নহৈছিল৷ এতিয়াও সেই ভয়মিশ্ৰিত শ্ৰদ্ধাৰ প্ৰভাৱত কেতিয়াবা আমাৰ মৰমৰ বিদ্যালয়খনিলৈ গ’লে অধ্যক্ষৰ কোঠাৰ সন্মুখ পালেই ভৰি থমকি ৰ’ব খোজে৷ খোলা দুৱাৰ-খিৰিকীত সংলগ্নিত তাহানিৰ সেই ডাঠ সেউজীয়া পৰ্দাৰ ফাঁকেৰে জুমি চালে গহীন-গম্ভীৰকৈ নুৰ মহম্মদ ছাৰ বহি থকা যেন অনুভৱ এটা মনৰ মাজেদি তৰিৎ গতিৰে পাৰ হৈ যায়৷ এয়াই চাগৈ এগৰাকী মহান শিক্ষকৰ জীৱন্ত সত্বাটোৰ লগত একাত্ম হৈ থকা এজন শিষ্যৰ একান্ত গুৰুভক্তি৷
৪৮ টা বছৰৰ আগতেই মঃ নুৰ মহম্মদ ছাৰৰ অনুশাসনত পাৰ কৰি অহা স্কুলীয়া জীৱনৰ সেই দিনবোৰৰ স্মৃতিত আজিও মন মোহাচ্ছন্ন হৈ আছে৷ দিনবোৰহে অতীত হৈছে, সততা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, উচ্ছ আদৰ্শ, ব্যক্তিত্বৰ আলোকেৰে মহীয়ান হৈ থকা নুৰ মহম্মদ ছাৰৰ দৰে মহান শিক্ষকৰ জ্যোতিৰ আভাৰে আমাৰ অন্তৰ আজিও আলোকিত হৈ আছে৷ সুদীৰ্ঘকাল কলেজত অধ্যাপনা কৰাৰ সময়ছোৱাত মই অনেকজন গুণী-জ্ঞানী ব্যক্তিত্বসম্পন্ন অধ্যক্ষক লগ পাই আহিছোঁ; কিন্তু সেয়ে হ’লেও অধ্যক্ষ বুলি ক’লেই মোৰ মানস পটত যোৱা চল্লিশ বছৰৰো অধিক কাল যিখন প্ৰতিচ্ছবি সততে ভাহি আহে, সেইখন হ’ল শ্ৰদ্ধাৰ নুৰ মহম্মদ ছাৰৰ৷ মই নিজেও এখন চৰকাৰী মহাবিদ্যালয়ত যোৱা এটা যুগৰো অধিক সময় ধৰি অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছোঁ; অথচ এনে এগৰাকী মহান আত্মাৰ একান্ত অনুগামী শিষ্য হৈও এতিয়াও যেন তেখেতৰ আদৰ্শ আৰু অসাধাৰণ ব্যক্তিত্বৰ পৰা বহু যোজন বাট আঁতৰতেই অৱস্থান কৰি আছোঁ৷ এনে এগৰাকী মহান শিক্ষক, শৈক্ষিক প্ৰশাসকৰ আদৰ্শ আৰু শিকনিসমূহ সদায়ে আমাৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব৷
লেখকৰ ঠিকনা ঃ
[অধ্যক্ষ, পানীগাঁও অ পি ডি কলেজ, ডাক: পানীগাঁও, লখিমপুৰ-৭৮৭০৫২, মবাইল: ৯৪৩৫১-৮৫০৩৮]
