top of page

প্ৰাক্‌ স্বাধীনতা কালত নাৰীৰ স্থান

(বিশেষ উল্লিখন ‘মৃত্যুঞ্জয়’ উপন্যাস)

 

ড০ বিনীতা চহৰীয়া

 

 

আৰম্ভণি ঃ

     নাৰী অবিহনে সৃষ্টি অসম্ভৱ৷ নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য৷ ভাৰতীয় সভ্যতা-সংস্কৃতিত নাৰীয়ে যুগে যুগে দয়া, মমতা আৰু ত্যাগৰ প্ৰতীক হিচাপে বিশেষ স্থান দখল কৰি আহিছে৷ বৈদিক যুগত নাৰীৰ স্থান উচ্ছ আছিল যদিও মনুস্মৃতিৰ কালত তেওঁলোকৰ স্বাধীনতা বহু পৰিমাণে সীমিত কৰিছিল৷ তথাপিও ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত নাৰীসকলৰ অৱদান স্পষ্ট৷ স্বাধীনতা আন্দোলনতো নাৰীসকলে পুৰুষৰ সমানে অংশগ্ৰহণ কৰিছিল৷ ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’ উপন্যাসৰ যোগেদি প্ৰাক্‌ স্বাধীনতা কালত নাৰীসকলৰ স্থিতি, স্বাধীনতা আন্দোলনলৈ নাৰীসকলৰ ভূমিকা, বাল্যবিবাহৰ প্ৰচলন আদি স্পষ্ট ৰূপত উপস্থাপন কৰিছে৷

অধ্যয়নৰ উদ্দেশ্য ঃ

     ১৯৪২ চনত ৰচিত ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখনত নাৰী সমাজ, নাৰীসকলৰ সামাজিক মৰ্যাদা আৰু নাৰীসকলৰ কৰ্তব্যবোধ অতি সাৱলীলভাৱে চিত্ৰিত হৈছে৷ উপন্যাসখনত প্ৰাক্‌ স্বাধীনতা কালত নাৰীৰ স্থান কেনেদৰে প্ৰতিফলিত হৈছে, সেই সম্পৰ্কে আলোচনা কৰাই গৱেষণা পত্ৰৰ মূল উদ্দেশ্য৷

অধ্যয়নৰ পদ্ধতি আৰু উৎস ঃ

     ‘প্ৰাক্‌ স্বাধীনতা কালত নাৰীৰ স্থান (বিশেষ উল্লিখন ‘মৃত্যুঞ্জয়’ উপন্যাস)’ শীৰ্ষক বিষয়টো অধ্যয়ন কৰিবলৈ যাওঁতে বৰ্ণনামূলক পদ্ধতিৰ সমান্তৰালভাৱে বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে৷ তথ্য আহৰণৰ মুখ্য উৎস হিচাপে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখন লোৱা হৈছে আৰু গৌণ উৎস হিচাপে এই বিষয়ত আলোচনা হোৱা বিভিন্ন গ্ৰন্থ আৰু প্ৰবন্ধ আদিৰ সহায় লোৱা হৈছে৷

উপন্যাসৰ কাহিনীভাগ ঃ

     ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ বাবে ১৯৭৯ চনত ‘জ্ঞানপীঠ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই উপন্যাসখনত বৰ্ণোৱা ঘটনাৰ সময় ১৯৪২৬ন৷ তেখেতে উল্লেখ কৰিছে ‘চৰিত্ৰসমূহ কাল্পনিক৷ অৱশ্যে ইয়াত স্বাধীনতাৰ এই শেষ আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰণ আছে৷ ই ইতিহাস নহয়৷ নিজৰ কালত ঘটা ঘটনাৰ অলেখ নৈত ৰচনা কাহিনীহে৷’ (পাতনি)

     স্বাধীনতা আন্দোলনত গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে দেশজুৰি গা কৰি উঠিছিল সশস্ত্ৰ সংগ্ৰামে৷ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী কৰ্মীসকলে আন্দোলনৰ কাৰ্যাৱলীৰ লগত সংগতি ৰাখি ওপৰৰ নিৰ্দেশক্ৰমে ৰেলগাড়ী বগৰোৱাৰ ঘটনা এটাক আলম কৰিয়েই গোটেই উপন্যাসখনে গতি কৰিছে৷ মূল ৰেলগাড়ী বগৰোৱাৰ ঘটনাটোক প্ৰতিফলিত কৰিবলৈ আন্দোলনৰ সমৰ্থনত সকলো জাতি-জনগোষ্ঠী, পাহাৰ-ভৈয়াম একাকাৰ হৈ সকলোৰে প্ৰাণত প্ৰতিফলিত কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে কানিৰ ব্যৱহাৰ-সামাজিক ভেদাভেদ, পুলিচ-মিলিটেৰীৰ অত্যাচাৰ, নাৰীসকলৰ প্ৰতিচ্ছবি, মৃত্যুলৈ ভয় নকৰি স্বাধীনতা অনাৰ সপোন তাক স্পষ্টৰূপত উপন্যাসখনত ফুটাই তুলিছে৷

উপন্যাসখনত প্ৰতিফলিত নাৰীৰ স্থান ঃ

     উপন্যাসখনত নাৰীসকল ভিন্ন সময়ত ভিন্ন স্থানত ঔপন্যাসিকগৰাকীয়ে উপস্থাপন কৰিছে৷ প্ৰাক্‌ স্বাধীনতা কালৰ নাৰীসকলে ঘৰুৱা কাম-কাজৰ উপৰি ব্যৱসায়-বাণিজ্য আদিৰ লগত জড়িত থকাৰ এক চিত্ৰ উপন্যাসখনত বৰ্ণিত হৈছে ঃ

‘গাভৰুজনী প্ৰায়ে তালৈ কপাহ লৈ আহে...কেতিয়াবা হাটত বেহায়, অন্যান্য বস্তু-বাহানি আনিলে...কেতিয়াবা আনে লা গছৰ পৰা পোৱা এঠাৰ লডা৷’ [পৃষ্ঠা-৯-১০]

     সেই সময়ত পুৰুষৰ সমানে নাৰীসকলেও স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰিছিল৷ নাৰীসকল ঘৰতে বহি নাথাকি দেশখনক স্বাধীন কৰাৰ যি হেঁপাহ সক্ৰিয়তা তাৰ পৰাই প্ৰতিফলিত হয় যে নাৰীসকলৰ স্থান সেই সময়ত অতি গুৰুত্বপূৰ্ণ আছিল ঃ

‘মই খবৰ পালোঁ, ৰহাতে আছিল ক’লা বাইদেউ, কলি বাইদেউলৈ ডাঁৰৰ বাতৰি ডাঁৰে আহি থাকে৷’ [পৃষ্ঠা-১৪]

‘...গহপুৰত কনকলতাক মৰা দি মাৰিব৷ ঢেকিয়াজুলিত তিলেশ্বৰীক মৰা দি মাৰিব৷’ [পৃষ্ঠা-৬৯]

‘কনকলতা বোলাজনী পাট গাভৰু৷ কপালত দগ্‌মগীয়া সেন্দুৰৰ ফোঁটৰ লগতে কেঁচাপতীয়া ৰিহা-মেখেলা...কনকলতা যি কনকলতাই৷ নামে-গুণে সাহসে একে...কনকলতাৰ বুকুত হেনো আৰু এটা দগ্‌মগীয়া সেন্দৰৰ ফোঁট দেখা গ’ল৷’ [পৃষ্ঠা-৭৩]

     স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা সেই নাৰীসকলে মিলিটেৰীৰ অত্যাচাৰ কেনেদৰে সহ্য কৰিবলগা হৈছিল, তাৰ বৰ্ণনা উপন্যাসখনত এনেদৰে বৰ্ণনা কৰিছে ঃ

‘কোনোদিনে পৰপুৰুষে ‘স্পৰ্শ’ নকৰা একোজনী সতী তিৰোতাক চোঁচৰাই নিওঁতে গাৰ কাপোৰ-কানি খহি গ’ল৷’ [পৃষ্ঠা-১৫]

‘বুঢ়ীয়ে বাঢ়নী লৈ খেদি গৈছিল৷ তাতে খোপ লাগি গুৰিয়াই গুৰিয়াই আধামৰা কৰিলে৷ চাৰি দিনলৈ তেজ বমি কৰিলে৷ এতিয়া অলপ ভাল৷’ [পৃষ্ঠা-৩৫]

‘কমাৰকুছিৰ গোসাঁনীহঁতক সিহঁতে গ্ৰেপ্তাৰ কৰি দিলে৷ কঁকালত জৰী লগাই নিছে৷ আৰু গৰ্ভৱতী মানুহজনীৰ বাটত কি হয় তাক ভাবি মোৰ চিন্তা লাগি আছে৷’ [পৃষ্ঠা-১৫৫]

     তথাপিও কিন্তু নাৰীসকলে নিৰ্ভীক হৈ এই স্বাধীনতাৰ যুঁজখনৰ পৰা পিছলি অহা নাছিল ঃ

‘গা জ্বলি যায়৷ জহনিত যোৱাহঁতক কেনেকৈ এসেকা দিব পাৰি তাকেহে ভাবিছোঁ৷ দলং জ্বলোৱাই দি নহয়৷’ [পৃষ্ঠা-১৭]

     প্ৰাক্‌ স্বাধীনতা কালৰ নাৰীসকলৰ সামাজিক মৰ্যাদা সুকীয়া আছিল৷ বিশেষকৈ উচ্ছবৰ্ণৰ নাৰীসকল অন্যতকৈ কিছু দিশত পৃথক আছিল ঃ

‘তেনেতে এহাতমান ওৰণি লৈ বোকাবৰণীয়া কপাহী মেখেলা-চাদৰ পিন্ধা ঘুটঘুটীয়া বগী মানুহ এজনী...বোপা হাতে হাতে ল’ব নেপায়৷ তুমি বাটি ছুলে গোসাঁনীয়ে আকৌ গা ধুব লাগিব৷’ [পৃষ্ঠা-৩৪]

     সেই সময়ৰ সমাজত ব্ৰাহ্মণৰ কন্যাসকলৰ প্ৰতিচ্ছবি উপন্যাসখনত প্ৰতিফলিত হৈছে৷ পুষ্পিতা হোৱাৰ আগতেই সেই সময়ত বিয়া দিয়াৰ প্ৰথা আছিল৷ তাক এনেদৰে প্ৰতিফলিত হৈছে ঃ

‘বামুণৰ ছোৱালী, শান্তি নৌ হওঁতেই বিয়া দিয়া নিয়ম৷ দৰা নাপালে৷ দিলে এটা লাপুং বুঢ়ালৈ...’ [পৃষ্ঠা-৫৭]

     ভাৰতীয় সংস্কৃতিত নাৰীৰ স্থান অতি উচ্ছ৷ যুগে যুগে নাৰী বন্দিত আৰু পূজিত হৈ আহিছে এই ভাৰতত৷ ঠিক তেনেদৰে উপন্যাসখনতো ঔপন্যাসিকে বিভিন্ন চিত্ৰ, বিভিন্ন পৰিবেশত নাৰীসকলৰ সেই উচ্ছ স্থান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে ঃ

‘মোৰ এই নতুন মানুহজনী লক্ষ্মী৷ যিহকে দিয়ে তাতে হয়৷’ [পৃষ্ঠা-৬১]

‘...তেতিয়া তোমাৰ অবলাৰ ৰূপ বদলি যাব, মনত সৃষ্টি হ’ব এক সবলাৰ শক্তি, সেই শক্তিয়েই হ’ল নাৰী৷’ [পৃষ্ঠা-১৩৬]

     উপন্যাসখনত নাৰীসমাজৰ প্ৰতিচ্ছবি অতি উচ্ছ স্তৰত ঔপন্যাসিকগৰাকীয়ে দাঙি ধৰিছে৷ ভাৰতীয় সংস্কৃতিত নাৰীৰ যি গাম্ভীৰ্যতা, তাক এনেদৰে প্ৰতিফলিত হৈছে ঃ

‘শোৱাঘৰৰ পৰা ওলাবৰ সময়টো দেহটো পৰপুৰুষৰ চকুৰ পৰা ঢাকিবৰ বাবে খুব যত্ন লয়৷ বুঢ়ী হোৱালৈকে ল’ব৷’ [পৃষ্ঠা-৯২]

     প্ৰাক্‌ স্বাধীনোত্তৰ কালত অসমত পুৰুষ আৰু নাৰী সকলোৱে উৎসৱ পাৰ্বনত একেলগে অংশ গ্ৰহণ কৰিছিল৷ অৰ্থাৎ পুৰুষ আৰু নাৰীৰ পদমৰ্যাদা একে আছিল, সেই কথা উপন্যাসখনত এনেদৰে চিত্ৰিত হৈছে ঃ

‘ঢোল-পেঁপাৰ ছেৱত ডেকা-গাভৰুবোৰ তেতিয়াও নাচিয়েই আছে৷ মাথোন বুঢ়াবোৰ ভাগৰি পৰিছে৷’ [পৃষ্ঠা ১২৬]

     সেই সময়ত অসমীয়া নাৰীসকল স্বাৱলম্বী আছিল৷ ঘৰতে সূতা কাটি কাপোৰ বয়, তাৰ আভাস উপন্যাসখনত এনেদৰে প্ৰতিফলিত হৈছে ঃ

     ‘মই সূতা কাটো, মোৰ টাকুৰীত আউল লগা নাই৷’ [পৃষ্ঠা-১৬৪]

     নাৰী শক্তি কিমান শক্তিশালী, সেইয়া ভাৰতীয় সংস্কৃতিত খোদিত৷ পৌৰাণিক যুগৰ পৰাই নাৰীৰ শক্তি প্ৰৱাহিত হৈ আছে৷ দেৱী দুৰ্গাৰ ৰণচণ্ডী ৰূপ, কালিৰ ৰূপ আনকি শ্ৰীৰামচন্দ্ৰই সীতাক উদ্ধাৰৰ বাবে দেৱী পূজা কৰাৰ কথা বৰ্ণিত আছে৷ নাৰীৰ সেই প্ৰচণ্ড শক্তিশালী ৰূপ বৰ্ণনা ঔপন্যাসিকগৰাকীয়ে উপন্যাসখনত এনেদৰে চিত্ৰিত কৰিছে ঃ

‘ডিমিৰ কাপোৰৰ লাগ বান্ধ নোহোৱা হ’ল৷ খোপা সুলকি পৰিল৷ গাৰ কাপোৰখন খহি পৰিল৷ তাই ক’লে, গ’লিনে ইয়াৰ পৰা৷ জানো, মৰাশটো খালেহে তহঁতৰ হেঁপাহ পূৰাব৷ দেশৰ দ্ৰোহ কৰাহঁত, তহঁতি পোক লাগি মৰিবি...৷’ [পৃষ্ঠা-২০৫]

‘–তোৰ দৰে কোনোবা এটা কুকুৰে মাৰিছে, ডিমিয়ে আকৌ দাখনত খামোচ মাৰি ধৰি চকু পেন্দোৱাকৈ সুধিলে৷ শইকীয়াই এনে নিৰ্ভীক তিৰোতা আগতে দেখা নাছিল৷’ [পৃষ্ঠা-২১০]

‘ডিমিয়ে উত্তৰ দিলে, তহঁত মতা মানুহবোৰে কৰিছিলি কি? তাৰ টেটুটো ছিঙিব নোৱাৰিলি?’ [পৃষ্ঠা-২১২]

     দেশখন স্বাধীন কৰিবলৈ, দেশৰ স্বাৰ্থত সেই সময়ত নাৰীসকলে কিমান ত্যাগ-অত্যাচাৰ নীৰৱে সহ্য কৰিব লগা হৈছিল, তাক উপন্যাসখনত এনেদৰে চিত্ৰিত হৈছে ঃ

‘গৰ্ভৱতী মানুহজনীৰ ছাটি ফুটি দেখিও বহুত সময়লৈকে পুলিচৰ খবৰ নাই৷ বন্দীবোৰে খঙত সেই সূধাই চৰকাৰক গালি পাৰিছে৷ চহৰৰ মাজ মজিয়াত দিনৰ পোহৰত সকলোৱে দেখাকৈ এজনী সম্ভ্ৰান্ত ঘৰৰ তিৰোতাই প্ৰসৱ কৰিছে, ইয়াতকৈ পৃথিৱীত আৰু অঘটন কি আছে?’ [পৃষ্ঠা-২১৪]

‘জেলত থাকি বৰ বেয়া লাগিল৷ মানুহে ঠাহ খাই পৰিছে৷ ... পানী নাই৷ খাবলৈ মাৰভাত দিয়ে, পেটেই নভৰে৷’ [পৃষ্ঠা-২৬৭]

     নাৰীৰ চিন্তা সুদূৰপ্ৰসাৰী৷ নাৰীৰ এনে সুদূৰপ্ৰসাৰী চিন্তাই ঔপন্যাসিকগৰাকীয়ে উপন্যাসখনৰ সামৰণি মাৰিছে ঃ

‘লাহে লাহে অনুপমাৰ কথা বন্ধ হৈ আহিল৷ গোসাঁনীক এইবোৰ কথাই স্পৰ্শ কৰা নাই৷ তেওঁ মাথোন ভাবিছে স্বাধীনতা পালে মানুহ আগতকৈ ভাল হ’বনে বেয়া হ’ব? মানুহে মৰা-মৰি, কটা-কটি কৰিবলৈ এৰা নাই...৷ ভাবিছোঁ, স্বাধীনতা পালে মানুহবোৰ ভাল হ’বনে নহয়৷’ [পৃষ্ঠা-২৮০]

সিদ্ধান্ত ঃ

     আলোচনাৰ অন্তত কেইটামান সিদ্ধান্তলৈ আহিব পাৰি ঃ

১৷    নাৰীসকলে সেই সময়ত আত্মনিৰ্ভৰশীলতাৰ কাৰণে ব্যৱসায় আদিত নিয়োজিত হৈছিল৷

২৷    নাৰীসকলৰ স্থান পুৰুষৰ সমানেই আছিল৷

৩৷   স্বাধীনতা আন্দোলনত নাৰীসকলে অংশগ্ৰহণ কৰিছিল৷ মাত্ৰ অংশগ্ৰহণেই নহয় স্বাধীনতাৰ বাবে তেওঁলোকে প্ৰাণ আহুতিও দিছিল৷

৫৷    নাৰী সবলীকৰণ দিশটো প্ৰাক্‌ স্বাধীনতা কালতেই থিতাপি লৈছিল৷

৬৷   দেশৰ স্বাধীনতাৰ বাবে নাৰীসকলে অবৰ্ণনীয় অত্যাচাৰ সহ্য কৰিও পিছ হুহঁকা নাছিল৷

 

সামৰণি ঃ

     এনেদৰে আলোচনা কৰিলে দেখা যায় ১৯৪২ চনৰ পটভূমিত ৰচিত এই উপন্যাসখনত নাৰীসকলৰ স্থান বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে অংকিত হৈছে৷ যদিও উপন্যাসখন প্ৰাক্‌-স্বাধীনতাকালৰ ঘটনাৰাজিক লৈ ৰচনা কৰা তথাপিও সেই সময়ত নাৰীসকলৰ স্থান পুৰুষৰ সমানেই আছিল৷ প্ৰতিটো সময়ত নাৰীসকলৰ ভূমিকা অনস্বীকাৰ্য৷

 

প্ৰসংগ গ্ৰন্থ ঃ

কটকী, প্ৰফুল্ল ঃ স্বৰাজোত্তৰ অসমীয়া উপন্যাস সমীক্ষা, বীণা লাইব্ৰেৰী, গুৱাহাটী, তৃতীয় প্ৰকাশ, ১৯৯২

গোস্বামী, ত্ৰৈলোক্য নাথ ঃ সাহিত্য আলোচনা, বাণী প্ৰকাশ, গুৱাহাটী, তৃতীয় প্ৰকাশ, ১৯৯১

ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ঃ মৃত্যুঞ্জয়, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, দশম প্ৰকাশ, ২০২২

শৰ্মা, গোবিন্দ প্ৰসাদ ঃ উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ ষ্টৰচ, গুৱাহাটী, দ্বিতীয় সংস্কৰণ, ২০০৯

bottom of page