।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
জিলা সম্পাদৰ প্ৰতিবেদন
অসম সাহিত্য সভাই অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত যুগে যুগে অৱদান আগবঢ়াই আহিছে। ভাষা, সাহিত্য, সংস্কৃতি সংৰক্ষণ তথা উন্নয়নৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই মহান পৰম্পৰাক আগবঢ়াই নিবলৈ ২০২৫–২০২৭ বৰ্ষৰ বাবে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাটো মোৰ বাবে গৌৰৱ আৰু দায়িত্ববোধৰ বিষয়।
অসম সাহিত্য সভাৰ আদৰ্শ, উদ্দেশ্য আৰু সাহিত্যিক চেতনাক আগত ৰাখি ভাষা-সাহিত্যৰ উন্নতিত অৱদান আগবঢ়াবলৈ আগন্তুক দিনবোৰত সদায় প্ৰচেষ্টা চলাই যাম।
ইংৰাজী ২.৩.২৫ তাৰিখে জিলা সাহিত্য সভাৰ মৈদমীয়াত স্হিত লক্ষী বিলাস শইকীয়া ভৱনত যুটীয়া বৈঠক অনুষ্ঠিত কৰি সভাত কাৰ্য নিৰ্বাহক সমিতি গঠন কৰি সঞ্জীৱ উপাধ্যায়ক সভাপতি আৰু আমাক সম্পাদকৰ দায়িত্ব দিয়ে।
৪.৩.২৫ তাৰিখে আমি পাভ শাখাৰ সভাপতি , সম্পাদক, সদস্য সকলৰ লগত কাৰ্য নিৰ্বাহক পতাৰ বিষয়ে আলোচনা কৰোঁ।
২০.৩.২৫ তাৰিখে আমি পাছিঘাটলৈ গৈ আয়ুক্তক লগ কৰি লুম্মেৰ দাই প্ৰতিমূৰ্ত্তি নিৰ্মাণ সম্পৰ্কত মাটি ঠিক কৰি গিৰিণ তামুলী দেৱক দায়িত্ব দি আহো।
৯.৩.২৫ তাৰিখে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত কেন্দ্ৰৰ যুটীয়া বৈঠক অনুষ্ঠিত হয়।
২৫.৩.২৫ তাৰিখে সুৰভি শাখা সাহিত্য সভাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
২৬.৩.২৫ তাৰিখে উত্তৰ লক্ষীমপুৰ শাখাৰ কাৰ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ 87 সংখ্যক মৃত্যু দিৱস সাহিত্য দিৱস উদযাপন কৰা হয়। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিলক চন্দ্ৰ ডেকা দেৱ।
২৯.৩.২৫ তাৰিখে ঘূণাসূতি শাখা সাহিত্য সভাত প্ৰতিনিধি সভা আছিল। তাত নতুন সমিতি গঠন কৰা হয় আজিৰ দিনটোতে সোৱণশিৰি আৰু দক্ষিণ তেলাহী শাখাটো প্ৰতিনিধি সভা হয়। ৯.১২.২৫ ডিচেম্বৰ তাৰিখে যোগেন টাইদৰ দিৱস পতাৰ সিদ্ধান্ত লোৱা হয়।
৩১.৩.২৫ তাৰিখে পহুমৰা শাখা সাহিত্য সভাৰ নতুন সমিতিক দায়িত্ব অৰ্পণ আৰু শাখাৰ পত্ৰিকা উন্মোচনী সভা আছিল। গ্ৰন্থ উন্মোচন কৰে সঞ্জীৱ বৰাই । উদ্ধোধক হিচাপে মই উপস্থিত আছিলো।
উত্তৰ পিছলা শাখাতো এক প্ৰতিনিধি সভা আছিল । পৰ্যবেক্ষক হিচাপে আছিল উপেন হাজৰিকা।
১১.৪.২৫ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ত লুম্মেৰ দাইৰ স্মৃতি দিৱসৰ ওপৰত অনুষ্ঠিত কৰা এখন সভাত উপস্থিত থাকো।
১২.৪.২৫ পাভ শাখাৰ আতিথ্যত লালুক মাৰ্কাজ একাডেমীত প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পুৱা বৃক্ষ ৰোপণ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, অন্তৰংগ আলাপ আৰু 10ঃ30 বজাৰ পৰা মূল সভা আৰম্ভ হয়। তাতে কৰ্ণধাৰ সমিতি, পৰামৰ্শ দাতা সমিতি আৰু প্ৰচাৰ উপসমিতি গঠন কৰি অনুমোদন লোৱা হয়।
১৫.৪.২৫ নিজৰ দিন উপলক্ষে ৰাজ্যিকৰ পৰা জিলাৰ কেইবাজনো গুণী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।
১৬.৪.২৫ তেলাহী কমলাবৰীয়া শাখা সাহিত্য সভাৰ ঘৰুৱা মেলৰ ৰূপালী জয়ন্তী উৎসৱৰ অনুষ্ঠান ভাগি প্ৰশান্ত কুমাৰ নাথ দেৱৰ ঘৰত অনুষ্ঠিত হয় তাত মই উদ্ধোধকৰ ভাষণ প্ৰদান কৰো।
৪.৫.২৫ তাৰিখে দিনৰ বাৰ বজাৰ পৰা লক্ষী বিলাস ভৱনত জিলাৰ প্ৰথম খন কৰ্ণধাৰ সমিতি অনুষ্ঠিত হয়।
৯.৫.২৫ তাৰিখে আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত সভাত উপস্থিত থাকো। আকাশৰ আশীৰ্বাদ যাত্ৰাৰ ওপৰত আলোচনা কৰা হয়।
১৬.৫.২৫ তাৰিখে উত্তৰ লক্ষীমপুৰ শাখা সাহিত্য সভাৰ ভৱনত আকাশ অনুষ্ঠানৰ এখন সভা অনুষ্ঠিত হয়।
১৭.৫.২৫ তাৰিখে মঙ্গলময় পত্ৰিকাৰ এঘাৰ সংখ্যক বৰ্ষ পূৰ্তি অনুষ্ঠানত উপস্থিত থাকো।
১৮.৫.২৫ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্য্যালয়ত পৰামৰ্শ দাতা সমিতিৰ প্ৰথম বৈঠকত উপস্থিত থাকো।
২১.৫.২৫ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ত সাহিত্য সভাৰ এটা শাখা খোলাৰ সম্পৰ্কে উপাচাৰ্য আৰু পঞ্জীয়কৰ লগত আলোচনা কৰা হয়। সেই দিনাই নাৰায়ণপুৰ শাখাটো শাখালৈ যাওঁ আহক কাৰ্যসূচী ৰূপায়ন কৰোঁ।
২২.৫.২৫ তাৰিখে শংকৰদেৱ মহাবিদ্যালয়ত জিলা সাহিত্য সভাৰ এটা শাখা খোলাৰ সম্পৰ্কে আলোচনা কৰা হয়।
২৩.৫.২৫ তাৰিখে শাখালৈ যাওঁ আহক কাৰ্যসূচীত পশ্চিম শাখা সাহিত্য সভা আৰু লুইত পৰীয়া শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকো।
২৪.৫.২৫ তাৰিখে আমি শাখালৈ যাওঁ আহক কাৰ্যসূচীত শিমলুগুৰি শাখা, ধলপুৰ শাখা,খেৰাজখাট শাখালৈ যাওঁ।
২৫.৫.২৫ আকাশ অনুষ্ঠানৰ এখন আদৰণি সমিতি গঠনৰ সভা আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হয়।
নাওবৈচা শাখা সাহিত্য সভাত সোণালী জয়ন্তী বৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠান আজীৱন সভ্য সন্মিলনত উপস্থিত থাকো। লগতে শাখালৈ যাওঁ আহক কাৰ্যসূচী নাওবৈচা শাখা সাহিত্য সভাত ৰূপায়ন কৰো।
২৬.৫.২৫ তাৰিখে শাখালৈ যাওঁ আহক কাৰ্যসূচীত, পিচলা শাখা সাহিত্য সভা আৰু উত্তৰ পিচলা শাখা সাহিত্য সভালৈ যাওঁ
২৮.৫.২৫ তাৰিখে খেৰাজখাট মহাবিদ্যালয়ত এটা নতুন শাখা গঠন কৰা হয়।
৩০,৫,২৫ তাৰিখে হাৰমতী সীমান্ত শাখা সাহিত্য সভাত শাখালৈ যাওঁ আহক কাৰ্যসূচীৰ লগতে বিষ্ণুৰাভা দিৱস উদযাপন কৰা সম্পৰ্কত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। প্ৰতিকূল বতৰতো সভাত সকলোৱে সহযোগিতা আগবঢ়ায়।
৩.৬.২৫ তাৰিখে হাৰমতী সীমান্ত শাখাত বিষ্ণুৰাভা দিৱস উদযাপনৰ যাৱতীয় কাম সম্পাদন কৰোঁ।
৫.৫.২৫ সোৱণশিৰি শাখাৰ কবি সন্মিলন খন আনন্দ বাগান চাহ বাগিচাত অনুষ্ঠিত হয় তাত সভাপতিত্ব কৰো।
৭.৬.২৫ তাৰিখে দিনৰ পশ্চিম ঢকুৱাখনা শাখা সাহিত্য সভা, ঢকুৱাখনা শাখা সাহিত্য সভা,সাপতীয়া শাখা সাহিত্য সভা, ঘিলামৰা শাখা সাহিত্য সভা, সোৱণশিৰি শাখা সাহিত্য সভা,বগীনদী শাখা সাহিত্য সভা এই ছটা শাখাত শাখালৈ যাওঁ আহক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
৮.৬.২৫ তাৰিখে উত্তৰ পিচলা শাখা সাহিত্য সভাৰ আতিথ্যত লক্ষীমপুৰ জিলা সাহিত্য সভাই পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ʼৰামধেনু ʼ অনুষ্ঠান অনুষ্ঠিত কৰে।
১০.৬.২৫ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ত সাহিত্য সভাৰ নতুন শাখা এটা খোলা হয়। সেইদিনাই বিহপুৰীয়া শাখাত বিষ্ণু প্ৰসাদ কটকী, সংগৃহীত সাক্ষ্য গ্ৰন্থ উন্মোচন কৰা হয়।
লগতে ʼশাখালৈ যাওঁ আহকʼ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উক্ত দিনতে কল্যাণ কামী শাখা সাহিত্য সভা,সুৰভী শাখা সাহিত্য সভা,পাভ শাখা সাহিত্য সভাত ʼশাখালৈ যাওঁ আহক কাৰ্যসূচী ʼ অনুষ্ঠিত কৰা হয়।
১২.৬.২৫ তাৰিখে লীলাবাৰী শাখা সাহিত্য সভাত ʼশাখালৈ যাওঁ আহকʼ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
দিনৰ এক বজাত হেমন্ত কুমাৰ বৰুৱা ছাৰ পুত্ৰ দিপুল বৰুৱা ছাৰৰ ঘৰত ছাৰৰ এখন অভিনন্দন গ্ৰন্থ জিলা সাহিত্য সভাৰ হৈ প্ৰকাশ কৰা সম্পৰ্কত আলোচনা কৰা হয়।
সূৰুয মুখী শাখা সাহিত্য সভা আৰু পূৰ্বাঞ্চল শাখা সাহিত্য সভালৈ গৈ বিভিন্ন বিষয়ত আলোচনা কৰোঁ।
১৭.৬.২৫ তাৰিখে ফুলবাৰী শাখা সাহিত্য সভাৰ কাৰ্যালয়ত ʼশাখালৈ যাওঁ আহকʼ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত দিনতে ঢেঁকীয়াজুলী শাখা সাহিত্য সভা, পহুমৰা শাখা সাহিত্য সভা, উত্তৰ লক্ষীমপুৰ শাখা সাহিত্য সভালৈ যাওঁ।
১৮.৬.২৫ তাৰিখে ৰঙা নদী শাখা সাহিত্য সভাত ʼশাখা যাওঁ আহকʼ কাৰ্যসূচী ৰূপায়ন কৰা হয়। সেই দিনাই আমি দক্ষিণ তেলাহী শাখা সাহিত্য সভা,তেলাহী কমলাবৰীয়া শাখা,হাতীলুং শাখা সাহিত্য সভাতো সোমাও আৰু বিভিন্ন বিষয় আলোচনা কৰোঁ।
১৯.৬.২৫ তাৰিখে হাৰমতী সীমান্ত সাহিত্য সভাৰ শাখাত উপস্থিত হৈ 20 জুনত অনুষ্ঠিত হʼব লগা বিষ্ণুৰাভা দিৱসৰ প্ৰস্তুতিৰ বুজ লও।
২০.৬.২৫ তাৰিখৰ দিনা হাৰমতী শাখা সাহিত্য সভাৰ আতিথ্যত লক্ষীমপুৰ জিলা সাহিত্য সভাই বিষ্ণুৰাভা দিৱস আয়োজন কৰো।
২২.৬.২৫ তাৰিখে ঘূণাসূতি শাখা সাহিত্য সভা, কদম শাখা সাহিত্য সভাত ʼশাখালৈ যাওঁ আহকʼ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
২৯.৬.২৫ তাৰিখে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ʼআকাশʼ অনুষ্ঠানত
উপস্থিত থাকো।সভাত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী দেৱকে প্ৰমুখ্য কৰি সাহিত্য প্ৰেমী বহু লোক উপস্থিত আছিল। অনুষ্ঠানটি অতি আকৰ্ষণীয় হৈছিল।
আজি ইংৰাজী ১২.০৭.২৫ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ দ্বিতীয় খন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা তেলাহী কমলাবৰীয়া শাখা সাহিত্য সভাৰ আতিথ্যত পানীগাওঁ অ .পি .ডি মহাবিদ্যালয়ত অনুষ্ঠিত হয়।
পতাকা উত্তোলন কৰে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপ্যাধ্যায়ে। স্মৃতি তৰ্পণ কৰে অনিল শইকীয়াই। সভাত যোগেন্দ্ৰ নাৰায়ণ দত্তৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়।
পুৱা দহ বজাৰ পৰা মূল সভা অনুষ্ঠিত হয়। প্ৰথম বাৰৰ বাবে জিলা সাহিত্য সভাই ই আলোচনী 'পঞ্চনৈ শব্দ ধাৰা' (সহকাৰি সম্পাদক যুগান্ত শইকীয়াৰ স্বৰ্গীয় পিতৃ যুগল ৰঞ্জনদেৱৰ নামত উচৰ্গিত) উন্মোচন কৰা হয়। উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত হেম গোস্বামী দেৱে।
'সোৱণশিৰি ' উন্মোচন কৰে অ.পি.ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০সুৰেশ দত্ত দেৱে।'কাব্যকানন' গ্ৰন্থ খন সঞ্জীৱ বৰা দেৱে উন্মোচন কৰে।
মানিক চন্দ্ৰ সোণোৱাল দেৱৰ এখন গ্ৰন্থ জিলা সাহিত্য সভাই প্ৰকাশ কৰে। উন্মোচন কৰে অনিল শইকীয়া দেৱে।
১৩.৭.২৫ তাৰিখে সুৰভী শাখা সাহিত্য সভাত সোমাই নৱকান্ত বৰুৱা আৰু ৰাধা গোবিন্দ বৰুৱাৰ স্মৃতি দিৱস উদযাপন সম্পৰ্কে বুজ লও।
১৪.৭.২৫ তাৰিখে সুৰভী শাখা সাহিত্য সভাৰ আতিথ্যত লক্ষীমপুৰ জিলা সাহিত্য সভাই নৱকান্ত বৰুৱা আৰু ৰাধাগোবিন্দ বৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰে। শিশু সকলৰ মাজত সাধু কোৱা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।
নিদিষ্ট বক্তা হিচাপে উপস্থিত আছিল পূব ডিক্ৰং মহাবিদ্যালয়ৰ অধ্যাপক পূৰ্ণ বৰা দেৱ। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ধীৰেন শইকীয়া তেখেত বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল। সভাত সঞ্জীৱ উপ্যাধ্যায়, অনিল শইকীয়া,গুণ ভূঞা,তেজেন শইকীয়াকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বিয়লি ৩বজাত সভা সমাপ্ত হয়।
১৫ .৭.২৫ তাৰিখে মাধৱদেৱ শাখা সাহিত্য সভাই আয়োজন কৰা ১৪ বছৰৰ তলৰ শিশু সকলৰ গায়ন-বায়ন কৰ্ম শালাৰ আজি কমাবাৰী নামঘৰত বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰো। কৰ্মশালা খনি ১৫.৭.২৫ জুলাইৰ পৰা ৩১ .৭.২৫জুলাই লৈকে অনুষ্ঠিত হ'ব।
১৬.০৭.২৫ আৰু ১৮.০৭.২৫ তাৰিখে বিহপুৰীয়াত দীপক দেউৰী আৰু দেউৰী সাহিত্য সভাৰ বিষয় ববীয়া সকলৰ লগত আলোচনাত মিলিত হও।
১৯.০৭.২৫ দিনা লক্ষীমপুৰত অসম সাহিত্য সভাৰ জিলাৰ সভাপতি সঞ্জীৱ উপ্যাধ্যায় দেৱৰ লগত ভৱিষ্যতৰ কাৰ্যপন্থা ওপৰত আলোচনাত মিলিত হও।
২২.৭.২৫ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ত গৈ দেউৰী সাহিত্য সভাৰ বিষয় ববীয়া সকলৰ লগত আগন্তুক তিনি আগষ্টত হ'ব লগা সভাৰ বিষয়ে আলোচনা কৰোঁ।
২৪.৭.২৫ তাৰিখে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা পৰিয়াল, হৃদয়ানন্দ গগৈ পৰিয়াল আৰু গৌতম গগৈ, উপেন হাজৰিকা বিহপুৰীয়াত উপস্থিত হয়। তেখেত সকল ২৫.৭.২৫ তাৰিখৰ ধেমাজিৰ এখন সভালৈ আহিছিল। তেখেত সকলৰ লগত আলোচনাত মিলিত হও।
২৫.৭.২৫ তাৰিখে উত্তৰ লক্ষীমপুৰ সাহিত্য সভাৰ কাৰ্যালয়ত ১১ বজাৰ পৰা ডo হেমন্ত কুমাৰ বৰুৱা দেৱৰ অভিনন্দন গ্ৰন্থৰ সম্পাদনা সমিতিৰ সভাত বঢ়ো জিলাৰ সভাপতিৰ লগতে সম্পাদনা সমিতিও উপস্থিত আছিল।
এক বজাৰ পৰা সেই স্থানতে জিলাৰ কৰ্ণধাৰৰ এখন সভা অনুষ্ঠিত হয়। সভাত দেউৰী সাহিত্য সভাৰ লগত আলোচনা, এনাজৰী অনুষ্ঠান আৰু সত্ৰীয়া সংস্কৃতি অনুষ্ঠান উত্তৰ পিছলা শাখাত পতাৰ ওপৰত আলোচনা কৰা হয়।
২৭.৭.২৫ তাৰিখে মুক্ত শিক্ষা সংসদৰ পৰীক্ষা ডিক্ৰং নেশ্বনেল জুনিয়ৰ কলেজত পুৱা ৯:৩০ বজাৰ পৰা ১২.৩০ বজালৈ প্ৰথম কাকত অনুষ্ঠিত হয়। জিলাৰ সভাপতি সঞ্জীৱ উপ্যাধ্যায় আৰু অনিল শইকীয়া আহিছিল।
১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ দ্বিতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়।
পৰীক্ষা চলি থকাৰ মাজতে দেউৰী সাহিত্য সভাৰ সভাপতি উপকান্ত দেউৰী, সম্পাদক দীপক কুমাৰ দেউৰী আৰু ৰাজ্যিক যুটীয়া সম্পাদক জয়ন্ত দেউৰীৰ লগত এনাজৰী অনুষ্ঠান অনুষ্ঠিত কৰা সম্পৰ্কে আলোচনা কৰা হয়।
২৮.৭.২৫ তাৰিখে দুপৰীয়া নাৰায়ণপুৰলৈ গৈ তিনি আগষ্টত পৰিবেশন কৰিব লগীয়া বৰগীতৰ কথা উপেন হাজৰিকাৰ লগত আলোচনা কৰি চূড়ান্ত কৰো।
সন্ধিয়া উত্তৰ পিছলা শাখা সাহিত্য সভাৰ শ্ৰী শ্ৰী শিয়াল মৰা সত্ৰলৈ গৈ গীত - নৃত্যৰ কৰ্মশালা আৰু বাৰ্ষিক অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকো।
২৯.৭.২৫ তাৰিখে পথালি পাহাৰত খেৰাজখাট শাখাৰ বিষয় ববীয়া সকলৰ লগত আলোচনা কৰি ৩১ জুলাইত হ'ব লগা আকাশ অনুষ্ঠানৰ বুজ লোৱা হয়।
ৰাজ্যিক বিষযৰ ওপৰত ৰাজ্যিক বিষয়ববীয়া অজিৎ প্ৰসাদ শৰ্মা, অপূৰ্ব ফুকন, জয়ন্ত হাজৰিকাৰ সৈতে আলোচনা কৰোঁ।
৩০.৭.২৫ তাৰিখে ফণী শৰ্মা স্মৃতি দিৱস আৰু আকাশ অনুষ্ঠানৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰোঁ।
৩১.৭.২৫ তাৰিখ বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাৰ পৰা শংকৰদেৱ মহাবিদ্যালয়ত খেৰাজখাট শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হোৱা জিলা সাহিত্য সভাৰ নটসূৰ্য ফণী শৰ্মা স্মৃতি দিৱস আৰু আকাশ অনুষ্ঠানত গছ পুলি ৰোপণ, ৯ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতি চাৰণ সভা ডo মহেন্দ্ৰ বৰা দেৱ শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ।
১০:৩০ বজাৰ পৰা হোৱা মুকলি সভাত 27 তা শাখাৰ মহিলা সকলে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড০ ৰেখা ফুকন,ড০মৃদুল বুঢ়াগোহাঁই,নিদিষ্ট বক্তা ড০চিত্ৰলেখা ফুকন, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ড০ অমিয় কুমাৰ ভূঞা।
১.৮.২৫-তাৰিখে বিহপুৰীয়া শাখা সাহিত্য সভা ভৱনত লুম্মেৰ দাই ভাষা গৱেষণা কেন্দ্ৰৰ ওপৰত আলোচনা সম্পন্ন হয়। লুম্মেৰ দাই গৱেষণা কেন্দ্ৰৰ সম্পাদক ভৰত ৰাজখোৱা কাৰ্যকৰী সভাপতি অপূৰ্ব ফুকন, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈ, বিহপুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি আৰু ১২ জন ব্যক্তি উপস্থিত আছিল। সভাত ৰাজহুৱা সভা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আবেলি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ ক্ষীৰপদ দত্তৰ লগত ৩.৮.২৫ তাৰিখে হ'ব লগা এনাজৰী অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহ সম্পৰ্কত আলোচনাত বহো । দেউৰী সাহিত্য সভাৰ বিষয় ববীয়া সকলো উপস্থিত আছিল। উপেন হাজৰিকা,বিৰেণ শৰ্মা আৰু মানসী শইকীয়াও উপস্থিত আছিল।
২.৮.২৫ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এনাজৰী অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে পৰ্যবেক্ষণ কৰো। দেউৰী সাহিত্য সভাৰ ৰাজ্যিক বিষয়ববীয়া সকলক লগ কৰোঁ।
অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী সভাৰ বাবে ৰাতি বিহপুৰীয়াত উপস্থিত হয়হি।
৩.৮.২৫ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ত এনাজৰী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদক আৰু দেউৰী সাহিত্য সভাৰ বিষয় ববীয়া সকলৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
৪.৮.২৫ তাৰিখে দেউৰী সাহিত্য সভাৰ ভৱনত হৈ যোৱা সভাৰ বিষয়ে আলোচনা কৰাত তেওঁলোকে আমাৰ বিষয় ববীয়া সকল সভাৰ শেষ লৈকে উপস্থিত নথকাত আক্ষেপ কৰে।
৭.৮.২৫ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপ্যাধ্যায়ক লগ কৰি যুগান্ত শইকীয়াৰ প্ৰেছত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড০ মুকুল চন্দ্ৰ দেৱক বৰাক অভিনন্দন পত্ৰ দিবৰ বাবে প্ৰস্তুত কৰোঁ।
৮.৮.২৫ তাৰিখে দিনৰ ১২ বজাত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য ড০ মুকুল চন্দ্ৰ বৰা দেৱক অভিনন্দন জনাও। অনিল শইকীয়া, যুগান্ত শইকীয়া, কুঞ্জ বুজৰবৰুৱা,অনুজ ভূঞা, জীতেন বৰুৱা,ড০অৰবিন্দ ৰাজখোৱাও উপস্থিত আছিল। পঞ্জীয়ক ড০ বিমান চেতিয়াকো দেৱকো সম্বৰ্দ্ধনা জনোৱা হয়।
১০.৮.২৫ তাৰিখে মাধৱদেৱ শাখা সাহিত্য সভাই অনুষ্ঠিত কৰা 'গায়ন-বায়ন ' কৰ্মশালাৰ সামৰণি অনুষ্ঠানলৈ যাওঁ।উপ সভাপতি অনিল শইকীয়া,তেজেন শইকীয়া,গোলাপ দিহিঙীয়া উপস্থিত আছিল। ১৪ বছৰৰ তলৰ ১৪ জন শিশুৱে সুন্দৰ কৈ গায়ন-বায়ন প্ৰদৰ্শন কৰে।
১৩.৮.২৫ তাৰিখে লুম্মেৰ দাইৰ ১জুনত পাছিঘাটত হৈ যোৱা মূৰ্তি স্থাপনৰ হিচাপ দাখিল কৰা এখন সভা অনুষ্ঠিত কৰা হয়। আঞ্চলিক কাৰ্যালয়ত সভা খন অনুষ্ঠিত হয়।ভৰত ৰাজখোৱা, বিনোদ গগৈ, অপূৰ্ব ফুকন, মহেন্দ্ৰ গগৈ, সঞ্জীৱ বৰা, সঞ্জীৱ উপ্যাধ্যায়,বংকীম বৰুৱা উপস্থিত আছিল।
১৫.৮.২৫ তাৰিখে ৭৯সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে লক্ষী বিলাস শইকীয়া ভৱনত সমবেত হওঁ। উপসভাপতি অনিল শইকীয়াই পতাকা উত্তোলন কৰে। কুঞ্জ বুজৰবৰুৱা, যুগান্তৰ শইকীয়া, জীতেন বৰুৱা কে আদি কৰি ১৫ জন ব্যক্তি উপস্থিত আছিল।
২২.৮.২৫ তাৰিখে তিনি বজাত মাজুলী জিলা সাহিত্য সভাই আয়োজন কৰা ৰাজহুৱা সভালৈ প্ৰধান সম্পাদকৰ হৈ পৰ্যবেক্ষক হিচাপে যাওঁ। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈছিল।
ৰাজ্যিক কাৰ্যসূচী চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সুৱাগ তোলা এক অনুষ্ঠান মাজুলী জিলাত ১৫ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। তাৰ বাবে আদৰণি সমিতি গঠন কৰা হয়। মাজুলী জিলাৰ আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, বিধায়ক প্ৰমুখ্যে বিশিষ্ট বহু ব্যক্তি উপস্থিত আছিল। লক্ষীমপুৰৰ বিপুল শৰ্মা বৰুৱা, চন্দ্ৰপ্ৰভা গগৈ, প্ৰশান্ত মোদকো গৈছিল।
২৩.৮.২৫ তাৰিখে দিনৰ দুই বজাৰ পৰা উত্তৰ পিছলা শাখা সাহিত্য সভাৰ এখন ৰাজহুৱা সভা শ্ৰী শ্ৰী শিয়াল মৰা সত্ৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়। ১৫ নৱেম্বৰ ২০২৫ তাৰিখে সত্ৰীয়া দিন অসম সাহিত্য সভাই পিছলা শাখাৰ আতিথ্যত পতাৰ সিদ্ধান্ত কৰি আজি অভ্যৰ্থনা সমিতিৰ গঠন কৰা হয়।
সভাত জিলা আৰু ৰাজ্যিকৰ বিষয়ববীয়া উপস্থিত আছিল।
৩০.৮.২৫ তাৰিখে হিতেশ ডেকা দেৱৰ মৃত্যু দিৱসটি স্মৃতি দিৱস হিচাপে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত আৰু লুইত পৰীয়া শাখা সাহিত্য সভাৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ক্ষীৰপদ দত্তক লগ কৰোঁ আৰু লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি ,উপ সভাপতি সহিতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হও।
৩১.৮.২৫ তাৰিখে অসম কবি সন্মিলনৰ এখন সভা গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হয়। এই ৰাজ্যিক দ্বিতীয় কাৰ্যনিৰ্বাহক খনত উপস্থিত আছিলোঁ।
৩.৯.২৫ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি সহিতে সন্মানীয় আয়ুক্ত,উপ আৰক্ষী অধীক্ষক আৰু মানৱ ডেকাক লগ কৰোঁ। বিভিন্ন বিষয়ত আলোচনা কৰা হয়।লক্ষীমপুৰতে আলোচনা কৰি যদুনাথ বৈশিষ্ঠ ৰ নাম জিলাৰ পৰা ৰাজ্যিকৰ গুৰু প্ৰণাম হিচাপে কৃৰ্তি শিক্ষকৰ বাবে নাম প্ৰেৰণ কৰোঁ।
৪.৯.২৫ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি, উপ সভাপতিয়ে জিলাৰ ফালৰ পৰা হাৰমতী সীমান্ত শাখা সাহিত্য সভাৰ সম্পাদক মিনু নেওগ ভৰালী বাইদেউৰ আকস্মিক মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে মৃতকৰ শৰীৰত সাহিত্য সভাৰ পতাকা দি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনায়।
৫.৯.২৫ তাৰিখে প্ৰতি শাখাৰ সাহিত্য সভাই শাখাৰ এজন শিক্ষকক সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰে।
৭.৯.২৫ তাৰিখে ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ আতিথ্যত ঢেকিয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা সাহিত্য সভাৰ সৌজন্যত ড০মহেশ্বৰ নেওগ দেৱৰ জন্ম দিনৰ লগত সংগতি ৰাখি আখৰ জোঁটনি কৰ্ম শালাৰ অনুষ্ঠিত কৰা হয়।
সাহিত্য সভাৰ বিষয় ববীয়া সকলৰ লগতে ৮০ জন মান ছাত্ৰ -ছাত্ৰীৰ উপস্থিতিৰে এটা সফল অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
সভাৰ পাছত মিনু নেওগ ভৰালী বাইদেউৰ আত্মাৰ সদগতি কামনা কৰি শোক সভা পতা হয়। সেই দিনাই সাহিত্য সভাৰ ফালৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰি মাত লগোৱা হয়।
কবি সন্মিলনৰ ফালৰ পৰাও মাত লগোৱা হয়।
৮.৯.২৫ তাৰিখে ড০ ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্মদিন বিহপুৰীয়া শাখা সাহিত্য সভাই সন্ধিয়া গীতে মাতে এসন্ধ্যা অনুষ্ঠিত কৰে।
সেই দিনাই সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, শংকু সিদ্ধ নাথ ধুনাগুৰিৰ সূত সন্মিলনলৈ আহিছিল। দুয়োৰে লগতে কথা বতৰা হও।
১২.৯.২৫ তাৰিখে অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্ৰী বন্ধন উপ-সমিতিৰ 'জনগোষ্ঠীয় সমন্বয় সন্মিলন' বিশ্বনাথ জিলাৰ খাৰৈ পৰীয়া সাহিত্য সভাৰ আতিথ্যত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,মাজুকুছি গহপুৰত অনুষ্ঠিত হয় ।
অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী,উপ সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, বংকিম বৰুৱাকে আদি কৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত আছিল।
আজি ড০ বসন্ত কুমাৰ গোস্বামীৰ ৮৩ সংখ্যক জন্ম দিন। বিহপুৰীয়াতে তেখেতক আপ্যায়ন কৰা হয়।
১৪/০৯/২০২৫ দেওবাৰে দিনৰ এক বজাত লখিমপুৰ আঞ্চলিক কাৰ্যালয়ত আকাশ উপসমিটিৰ হৈ যোৱা সভাৰ হিচাব দাখিল কৰা হয়। তাত উপস্থিত থাকি হৈ যোৱা ভুল ক্ৰুটিৰ বিষয়ে বক্তব্য ৰাখো। লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি সভাত উপস্থিত আছিল। আজি লখিমপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক হিচাপে ৰিংকু বৰুৱাক (যুটীয়া)দায়িত্ব প্ৰদান কৰা হয়। সঞ্জীৱ উপাধ্যায় আৰু অনিল শইকীয়াৰ সন্মতিত। আঞ্চলিক কাৰ্যালয়ত কিতাপ থবৰ বাবে আকাশ অনুষ্ঠানৰ ৰাহি হোৱা টকাৰে এটা আলমাৰী লোৱা হয় ।
১৯/০৯/২০২৫ শুক্ৰবাৰে নৰ্থ ইষ্ট ফেষ্টভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত সাগৰত ডুবি মৃত্যু হয়। জিলা সাহিত্য সভাই আজিৰ পৰা তিনি দিনৰ বাবে শোক প্ৰকাশ কৰি সকলো কাৰ্যসূচী স্থগিত ৰাখে ।পাছত ৰাজ্যিক সভাই তিনি দিনৰ শোক প্ৰকাশৰ বাৰ্তা দিয়ে। জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ যো-জা কৰা হয়।
২/১০/২৫ তাৰিখে গান্ধী জয়ন্তীৰ বাবে জিলা কাৰ্যালয়ত সহকাৰী সম্পাদক যুগান্ত শইকীয়াই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে।
১৯.৯.২৫ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা মাধৱদেৱ শাখা সাহিত্য সভাৰ আতিথ্যত চৈধ্যপুনিয়া বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰেক্ষাগৃহত হৈছিল। গছপুলি ৰোপণ, পতাকা উত্তোলন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ, গায়ন বায়ন পৰিবেশন আৰু ১০.৩০বজাৰ পৰা মূল সভা আৰম্ভ হয়। সভাত দুখন গ্ৰন্থ উন্মোচন কৰা হয়। মৃদুস্মিতা হাজৰিকাৰ 'নিৰৱে কথা কয় অনুভৱে' গ্ৰন্থখন উন্মোচন কৰে মাধৱ দত্তদেৱে আৰু প্ৰফুল্ল ভাগৱতীৰ প্ৰবন্ধ সংকলনখন উন্মোচন কৰে নৰেন শৰ্মাদেৱে। সভাত জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, উপসভাপতি অনিল শইকীয়া, সহকাৰী সম্পাদক যুগান্ত শইকীয়া, ৰিংকু বৰুৱা, আইন উপদেষ্টা সত্যজিত দত্ত, কেন্দ্ৰৰ বিপুল শৰ্মা বৰুৱা, গুণ ভূঞা, মানসী শইকীয়া, কুঞ্জ বুজৰবৰুৱা, ৰেণু ভূঞা, অপৰাজিতা হাজৰিকা, তিলোত্তমা হাজৰিকা, অংকিতা দত্ত আদিকৰি বহু লোক উপস্থিত আছিল।
১১/১০/২০২৫ শনিবাৰে শিলচৰ জিলা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত হয়। সভাত অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ লগতে জিলা আৰু শাখাৰ বিষয়ববীয়া উপস্থিত আছিল। সভাত তিনিখন গ্ৰন্থ উন্মোচন হয়।
১২/১০/২০২৫ তাৰিখে মুকলি সভাৰ আগত শোভাযাত্ৰা হয়।
১৯/১০/২০২৫ তাৰিখে
জিলাৰ ৰামধেনু অনুষ্ঠান সাপতীয়া শাখা সাহিত্য সভাৰ সহযোগত সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলন, কবিতা আবৃত্তি আৰু জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা হয়। ১২.৩০ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। মামণি গগৈ শইকীয়াৰ' টোপা টোপে সৰা হৃদয়ৰ বাসনা' গ্ৰন্থখন জিলা সাহিত্য সভাই প্ৰকাশ কৰে আৰু মই উন্মোচন কৰোঁ। সভাত জিলা সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
২০/১০/২৫ সোমবাৰে শিমলুগুৰি শাখা সাহিত্য সভাৰ জিলাৰ মধ্যকালীন অধিবেশনৰ বাবে আদৰণি সমিতি গঠন কৰা বৈঠকত উপস্থিত থাকোঁ। এখন আদৰণি সমিতি গঠন কৰে পৰৱৰ্তী সময়ত উপসমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।
২৫/১০/২০২৫ শনিবাৰে উত্তৰ পিচলা শাখা সাহিত্য সভাত আগন্তুক ১৫ নৱেম্বৰত হব লগা সত্ৰীয়া সংস্কৃতি দিৱসৰ আজি লাই খুঁটা প্ৰতিষ্ঠা কৰে বিধায়ক ড০অমিয় কুমাৰ ভূঞা দেৱে। লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপ্যাধ্যায় , গোলাপ দিহিঙীয়া লগতে আৰু বহু ব্যক্তি উপস্থিত আছিল।
২৬/১০/২০২৫ দেওবাৰে কদম শাখা সাহিত্য সভাত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড০বসন্ত কুমাৰ গোস্বামীক লৈ জিলাখনত শাখা সমূহৰ সভাপতি সম্পাদকৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা সভাপতিয়ে সভাত সভাপতিত্ব কৰে। সেইদিনা লালুক কবি সন্মিলনৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাত মই সভাপতি হিচাপে উপস্থিত থাকো।
২৮/১০/২৫
তাৰিখে কাজিৰঙাৰ কঁহৰাত গোলাঘাট জিলা সাহিত্য সভাই পৰমানন্দ লাহন প্ৰেক্ষাগৃহত 'ভৱিষৎ প্ৰজন্মৰ সন্মিলন' অনুষ্ঠিত কৰিছিল। তাত উপস্থিত থাকোঁ। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেবজিৎ বৰা আৰু জিলাৰ সহকাৰী সম্পাদক ৰিংকু বৰুৱাও উপস্থিত আছিল।
২/১১/২০২৫
শিমলুগুৰিৰ শাখা সাহিত্য সভাই আজি মধ্যকালীন জিলা অধিবেশনৰ আদৰণি সমিতিৰ প্ৰথম বৈঠক দিছিল। মই আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায় উপস্থিত আছিলো।
৩/১১/২০২৫
পশ্চিম নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ ২৯/১১/২৫ত হ'ব লগা মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱসৰ অভ্যৰ্থনা সমিতি গঠনৰ সভাত উপস্থিত থাকোঁ ।
৫/১১/২৫ তাৰিখে
ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথি দক্ষিণ তেলাহি শাখা সাহিত্য সভাৰ আতিথ্যত উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীৰ মাজত সংগীত অনুষ্ঠান আৰু ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। উদ্বোধক দিগন্ত কলিতা নিৰ্দিষ্ট বক্তা অতুল বৰা গ্ৰন্থ উন্মোচক সঞ্জীৱ বৰা বিশিষ্ট অতিথি ভূপেন বৰা, বিপুল শৰ্মা বৰুৱা, উমানন্দ বৰুৱা, কুঞ্জ বুজৰবৰুৱা, ৰেণু ভূঞা,যুগান্ত শইকীয়া, ৰিংকু বৰুৱা, তৰুণ বৰাকে আদি কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।
সন্ধিয়া মাধৱদেৱ কলাক্ষেত্ৰত( শ্ৰীশ্ৰী বদলা পদ্ম আতা নাৰায়ণপুৰ ) শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলাৰ প্ৰাক মুহূৰ্তত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত আছিলো।
১০/১১/২৫
আজি লখিমপুৰত হৈ থকা গ্ৰন্থমেলাৰ শেষৰ দিনৰ কাৰ্য্যসূচীত উপস্থিত থাকোঁ। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড০বসন্ত কুমাৰ গোস্বামী দেৱ আহিছিল। তেখেতক সাক্ষাৎ কৰোঁ। সঞ্জীৱ বৰাদেৱে ও উপস্থিত আছিল।
১৩/১১/২৫ তাৰিখে
উত্তৰ পিচলা শাখালে গৈ সত্ৰীয়া সংস্কৃতি মহোৎসৱ থলীৰ অগ্ৰগতিৰ বুজ লও।
১৪/১১/২৫ তাৰিখে
সন্ধিয়া অসম সাহিত্য সভাৰ সভাপতি আহি পাইহি। তেখেতক নাৰায়ণপুৰ IB ত উপেন হাজৰিকাৰ সৈতে থৈ ৰাতি ১ বজাত ঘৰ পাওহি।
১৫/১১/২৫ তাৰিখে
অসম সাহিত্য সভাই প্ৰথম বাৰৰ বাবে সত্ৰীয়া সংস্কৃতি মহোৎসৱ লখিমপুৰ জিলাৰ উত্তৰ পিছলা শাখা সাহিত্য সভাৰ আতিথ্যত উদয়পুৰত অনুষ্ঠিত কৰা হয়। পুৱাৰ পৰা অনুষ্ঠিত কাৰ্য্যসূচী ৰাতিলৈকে হয়। সভাত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, উপসভাপতি, প্ৰধান সম্পদককে প্ৰমুখ্য কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
১৬/১১/২৫ তাৰিখে
তেলাহী কমলাবৰীয়া শাখাই নীল চুতীয়া দেৱৰ গ্ৰন্থ উন্মোচনী সভা গ্ৰাম্যানুভূতিত অনুষ্ঠিত কৰিছিল। তাত উপস্থিত থাকোঁ। গ্ৰন্থ উন্মোচন কৰিছিল ড০ মুকুন্দ ৰাজবংশীদেৱে। ইছমাইল হুছেইনদেৱো উপস্থিত আছিল।
১৮/১১/২৫ তাৰিখে
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিন বিহপুৰীয়া সাক্ষাত পালন কৰোঁ।
২৭/১১/২৫ তাৰিখে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকি ২৬/১২/২৫ তাৰিখে অনুষ্ঠিত হব লগা পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতি দিৱসৰ ওপৰত আলোচনা কৰা হয়।
২৯/১১/২৫ তাৰিখে
পশ্চিম নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত জিলাই মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰে । কবিতা লেখাৰ কৰ্মশালা অনুষ্ঠিত হৈছিল। মুখ্য বক্তা হিচাপে উপস্থিত আছিল ড০ অৰূপ জ্যোতি চৌধুৰী দেৱ।
২/১২/২৫ তাৰিখে
যোৰহাটত অনুষ্ঠিত হোৱা চন্দ্ৰকান্ত সন্দিকৈ ভৱনত শতবৰ্ষ অনুষ্ঠানত জিলাৰ হৈ উপস্থিত থাকোঁ। শোভাযাত্ৰাত অংশ গ্ৰহণ কৰোঁ। আজীৱন সভ্য সন্মিলনতো উপস্থিত আছিলোঁ।
৯/১২/২৫ মঙলবাৰে ঘূণাসুঁতি শাখা সাহিত্য সভাৰ আতিথ্যত জিলা সাহিত্য সভাই প্ৰয়াত যোগেন টাইড দেৱৰ প্ৰথম মৃত্যু তিথি উদযাপন কৰে। গ্ৰন্থ উন্মোচন আৰু প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। নিবেদিতা লাগাচু বাইদেউৱে গ্ৰন্থ উন্মোচন কৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল ড ০ অৰবিন্দ ৰাজখোৱা দেৱ।
১৪/১২/২৫ তাৰিখে
বিহপুৰীয়া শাখা সাহিত্য সভাত আজি লুম্মেৰ দাই গৱেষণা কেন্দ্ৰৰ বিষয়ে আলোচনাৰ বাবে এখন ৰাজ্যিক সভা হয়। ৰাজ্যিক বিষয়ববীয়া জিলা বিষয়ববীয়া শাখাৰ বিষয়ববীয়াৰ উপৰিও অৰুণাচলৰ দুজন ব্যক্তিও উপস্থিত আছিল।
২৬.১২.২৫ তাৰিখ শুক্ৰবাৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত আৰু উত্তৰ লখিমপুৰ সাহিত্য সভাৰ আতিথ্যত উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত স্মাৰক বক্তৃতা আৰু অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। সভাৰ সন্মানীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক লৈ জিলাখনত শাখা সমূহৰ সভাপতি সম্পাদকৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা সভাপতিয়ে সভাত সভাপতিত্ব কৰে। সেইদিনা লালুক কবি সন্মিলনৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাত সভাপতি হিচাপে উপস্থিত থাকো।
১৮.১২.২৫ তাৰিখে পিচলা শাখা সাহিত্য সভাৰ আতিথ্যত অম্বিকাগিৰী ৰায়চৌধুৰী স্মৃতি দিৱস উদযাপন কৰা হয়।
২৬.১২.২৫ আৰু ২৭.১২.২৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত আৰু উত্তৰ লখিমপুৰ সাহিত্য সভাৰ আতিথ্যত উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত পদ্মনাথ গোহাঞি বৰুৱাৰ স্মাৰক বক্তৃতা আৰু অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।
২৮.১২.২৫ তাৰিখে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ড০হেমন্ত কুমাৰ বৰুৱা দেৱৰ অভিনন্দন গ্ৰন্থ 'হেমন্ত বৈভৱ 'উন্মোচন কৰা হয়।
সাহিত্য সভাৰ বিষয় ববীয়াকে আদি কৰি বিভিন্ন দল সংগঠন, অনুষ্ঠানে তেখেতক সম্বৰ্ধনা জনায়। সভাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি ডাঙৰীয়া উপস্থিত আছিল।
১.১.২৬ তাৰিখে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত ঢকুৱাখনা শাখা সাহিত্য সভাৰ আতিথ্যত ঢকুৱাখনা বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত 'অৰুণোদই দিৱস 'অনুষ্ঠিত কৰা হয়।
লক্ষীমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত বিভিন্ন সময়ত জিলাৰ হৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছোঁ । এখন পৰামৰ্শ দাতা কমিটিও গঠন কৰা হয়। অভিজ্ঞ পুৰোধা ব্যক্তি সকলে আমাক কৰ্ম সম্পাদনত দিহা-পৰামৰ্শ আগবঢ়াই জিলা খন ভাষা-সাহিত্য -সংস্কৃতিৰ দিশত আৰু এঢাপ আগবাঢ়ি যোৱাত সহায় কৰিব।
আমি যি দায়িত্ব গ্ৰহণ কৰিছো সেয়া নিষ্ঠাৰে পালন কৰি যাম। নতুন প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনলৈ আকৰ্ষিত কৰিবলৈ সকলো চেষ্টা অব্যাহত ৰাখিম।
ভাষা -জননীৰ সেৱাৰ যি ব্ৰত আমি লৈছোঁ সেয়া নিষ্ঠাৰে পালন কৰি যাম। আমাক সহায় সহযোগিতা, আৰু সৎ-দিহা পৰামৰ্শ আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈকে এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও আমাক এনেদৰেই অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ।
