।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।
বিদেশত আপোন মানুহ
ৰাজলক্ষ্মী চেতিয়া
ছৌডি আৰব
ক্ৰিং.... ক্ৰিং....ক্ৰিং... দৌৰি গৈ কোনোমতে ফোনটো উঠালোগৈ৷ হেল্লো’
মই তেৰা এথ্ৰিজে কৈছো৷ সিফালৰ পৰা তেৰাৰ মাতটো ভাঁহি আহিল৷
- ৰাজ, ৭ এপ্ৰিলত মোৰ ঘৰলৈ ডিনাৰ কৰিবলৈ আহিবা৷ মই লেডিজ গেট টুগেদাৰ এটা কৰিছো৷ সকলো সম্প্ৰদায়ৰ মহিলাক মাতিছো৷ ডিনাৰটো পটলাক হ’ব৷
-নিমন্ত্ৰণৰ বাবে ধন্যবাদ বুলি ফোনটো থৈ দিলো৷
এইখিনিতে উল্লেখ কৰো যে মই ছৌডি আৰবৰ তেল কম্পেনী এটাৰ ৰেচিডেনচিয়েল কেম্পত থাকো৷ পৃথিৱীৰ বিভিন্ন দেশৰ সবৰ্মুঠ ৬০০ মান পৰিয়াল এই কেম্পটোত আছে৷ কেম্পটোৰ ভিতৰত অত্যাৱশ্যকীয় সকলো সুবিধাই আছে৷ স্কুল, হস্পিটেল, চুপাৰ মাৰ্কেট, ক্যাফে, চুইমিং পুল, টেনিচ কৰ্ট, বেডমিণ্টন কৰ্ট, চিনেমা হ’ল, জিম ইত্যাদি এই সকলোৰে পৰিপূৰ্ণ আমাৰ সৰু কেম্পটো৷ যদিও ছৌডি আৰব এখন ৰক্ষনশীল দেশ, আমাৰ কেম্পটোত কাপোৰ কানি পিন্ধাৰ বা ধৰ্মীয় উৎসৱবোৰ উদ্যাপন কৰাৰ বাবে কোনো বাধ্য বাধকতা নাই৷ মই ইয়াৰে আমেৰিকান স্কুল খনত কাম কৰো৷ তেৰা এথ্ৰিজ আমাৰ স্কুলৰ ইংৰাজী সাহিত্যৰ শিক্ষয়িত্ৰী৷ তেৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ মহিলা সকলক লগ পাবলৈ আৰু তেওঁলোকৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ সদায়েই আগ্ৰহী৷
ফোনটো থৈ মনলৈ অহা আটাইতকৈ দৰকাৰী প্ৰশ্নটো আছিল- এতিয়া কি বনাই নিম?
৭ এপ্ৰিলৰ ৰাতি নিজে বনোৱা পায়স অলপ চিচাৰ ডাঙৰ বাতি এটাত ভৰাই লৈ সময়মতে তেৰাৰ ঘৰ পালোগৈ৷ ইতিমধ্যে সকলোবোৰ মহিলাই নিজে নিজে ঘৰৰ পৰা অনা বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰে টেবুলখন সুন্দৰকৈ সজাই পেলাইছে৷ লগতে ছৌডি আৰবীয় ঔদৰ সুগন্ধই পৰিৱেশটোত অধিক ৰহন চৰাইছে৷ ডিনাৰ বুকে প্ৰণালীত পৰিৱেশন কৰা হ’ব৷ আমাৰ এই আনন্দময় সন্ধিয়াটোত পাঁচ গৰাকী ছৌডি মহিলাই হাতত এখন ট্ৰে আৰু এটা আৰবী টি-পট লৈ মোৰ ফালে আগবাঢ়ি আহিল৷ তেওঁলোকে মোৰ ওচৰতে মাটিত পাৰি থোৱা কাপেৰ্টখনত বহি ল’লে৷ এগৰাকীয়ে আৰবী চাহ কাপত বাকি দিলে আৰু আন এগৰাকীয়ে মোৰ ফালে আগবঢ়াই দিলে৷ লগতে এখন প্লেটত আছে আৰবী মিঠাই বাচবুচা আৰবী জাতৰ ব্ৰেড আৰু খেজুৰৰ বিস্কুট৷ মই ‘হেই কি কৰিছা, মই নিজে লৈ লম টেবুলৰ পৰা৷” চানাই লগে লগে উত্তৰ দিলে যে ছৌদি সংস্কৃতিত ঘৰলৈ অহা অতিথিক এনেকৈয়ে আপ্যায়িত কৰা হয়৷ মোৰ মনটো তুৰন্তে লক্ষীমপুৰৰ ঘৰলৈ উৰা মাৰিলে৷ মনত পৰিল ঘৰলৈ গ’লে বৌয়ে চাহ জলপান সন্মুখলৈ আগবঢ়াই দিয়া আৰু লগে লগে কৈ থকা এইটো আগতে খোৱা, এইটো বেচি ভাল লাগে আদি অন্তৰ ভৰাই দিয়া কথাবোৰ যদিও আমাৰ দেশ দুখনৰ মাজত হাজাৰ হাজাৰ মাইলৰ দূৰত্ব, আচাৰ ব্যৱহাৰ বোৰ ইমান যে একে৷ বেলেগ দেশ, বেলেগ জাতি অথচ ইমান মিল! মনতে ভাবিলো, এইটো এচিয়াৰ সংস্কৃতি নেকি! ইমান আত্মীয়তা দেখি খুবেই অভিভূত হ’লো৷ নিজকে ভাগ্যবান বুলি ভাবিলো বেলেগ দেশৰ সংস্কৃতিৰ লগত নিজকে বিচাৰি পাই৷ এনেকুৱা সৰু সৰু ঘটনাই কেতিয়াবা অন্তৰ চুই যায়৷
মোৰ লগত কাম কৰা আমেৰিকান, কেনেডিয়ান শিক্ষকসকলৰ ঘৰত গেট-টুগেদাৰ হ’লে বুফে প্ৰণালীত খাদ্য পৰিৱেশন কৰা হয়৷ টেবুলত খোৱা বস্তুবোৰ সজাই থোৱা থাকে৷ নিজে মন গ’লে খাবা, মন নগলে নাখাবা, কোনেও আহি কাকো খাবলৈ নুসুধে বা অনুৰোধ নকৰে৷ পশ্চিমীয়া সমাজখন আমাৰ পৰা বহুত বেলেগ৷ মিষ্টাৰ ত্ৰিছৰ জীয়েকৰ জন্মদিনৰ নিমন্ত্ৰণ আহিল৷ জাৰিয়াৰ ৫ বছৰীয়া জন্মদিন৷ জাৰিয়াই স্কুলৰ দীঘল কৰিডৰত মোক লগ পাই চিঞৰি চিঞৰি সুধিলে, ‘মিচ ৰাজ, মোৰ জন্মদিনলৈ আহিব নে?” মই আহিম বুলি কোৱাত তাই দুগুন উৎসাহেৰে সুধিলে, ‘মোলৈ কি উপহাৰ আনিব? মই হাঁহি মাৰি ক’লো, উপহাৰটো চাৰপ্ৰাইজ হ’ব৷” তাই খুউব ফূৰ্তি পালে৷ স্কুলৰ পৰা আহি বেগটো পেলাই মুখ হাত ধুই জন্ম দিনলৈ বুলি ওলালো৷ গিৰিহঁতক ক’লো, “বেচি দেৰি নকৰো, জাৰিয়াক উপহাৰটো দিয়েই গুচি আহিম৷” হাতত থকা বাৰ্বী মেক-আপ ছেটটো জাৰিয়াক আগবঢ়াই দি ‘হেপী বাৰ্থদে’ বুলি ক’লো৷ তাইৰ আনন্দৰ সীমা নাই৷ মাকে ক’লে উপহাৰবোৰ এতিয়াই নুখুলিবা৷ কেক্ কটাৰ পিছত আমি সকলোৱে একেলগে মিলি খুলিম৷ তাই মাকৰ কথামতে উপহাৰটো সযতনে টেবুলত থৈ দিলে৷ ময়ো মিষ্টাৰ ত্ৰিছক যাওঁ বুলি কৈ যাবলৈ ওলালো৷ মুহূৰ্ততে মিষ্টাৰ ত্ৰিছে ‘না না’ বুলি চিঞৰি উঠিল৷ তেওঁ মোক কেক্ কটাৰ পিছতহে যাব পাৰিম বুলি ক’লে৷ মোক হাতত ধৰি টানি নি খোৱা টেবুলখন দেখুৱাই ক’লে, ইয়াত “ভেজিটেৰিয়ান ফুড” বহুত আছে৷ তেখেতে মোক ভেজিটেৰিয়ান বুলি ভাবিছিল৷ মই গিলাচ এটাত ষ্প্ৰাইট অলপ বাকী লৈ কেক কটা লৈকে বহিম বুলি থিৰাং কৰিলো৷ বহি থাকোতেই মিষ্টাৰ ত্ৰিছে ডিচপজেবল প্লেট এখনত ফ্ৰেন্স ফ্ৰাই, ভেজ পিজা আৰু চালাড অলপ দি গ’ল৷ মই তেওঁৰ আতিথ্য় দেখি আবেগিক হৈ পৰিলো৷ ইমান আত্মীয়তা! যিটো কোনো পশ্চিমীয়া গেট টুগেদাৰত দেখিবলৈ নাপাওঁ, আজি তাৰ ওলোটাটোহে দেখিলো৷ মিষ্টাৰ ত্ৰিছ হৈছে এজন বগা আমেৰিকান৷ তেওঁৰ পত্নী জেইনাৱ আমেৰিকান যদিও তেওঁৰ পূৰ্বপুৰুষ বৃটিছ ইণ্ডিয়াৰ আছিল৷ জেইনাৱে দেশী সংস্কৃতি সদায় লগত লৈ ফুৰে৷ যাৰ বাবে বগা ত্ৰিছে অতিথিক দেৱতাৰ দৰে অভ্যৰ্থনা কৰি ভাল পায়৷
এইবাৰ মোৰ পাল পৰিল৷ ময়ো সান-মিহলি বন্ধুৰ মহল এটাক পৰিয়ালৰ সৈতে বিহু বুলি মোৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলো৷ এঘৰৰ বাদে সকলোবোৰ আলহিয়েই অনা-অসমীয়া৷ বজাৰৰ পৰা এচিয়ান আঠা চাউল লৈ আনি তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ পিঠা আৰু নাৰিকলৰ লাড়ো বনালো৷ ভাত, মাছ, মাংসৰো আয়োজন কৰিলো৷ আৰম্ভণিতে গিৰিহঁত আৰু মই মিলি সৰু সৰু বাতিত অতিথি সকলক চিৰা দৈ ক্ৰীম গুৰ খাবলৈ দিলো৷ মনতে ভাৱিলো খাব বা নাখায়৷ কিন্তু সকলোৱে খুউব তৃপ্তিৰে খালে৷ কেইবাজনেও তিনি চাৰি বাতিকৈ চিৰা দৈ খুজি খালে৷ আমিও অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিলো৷ বিহু সম্পৰ্কে বহু কথা পাতিলে৷শেষত আমাৰ ঘৰৰ পিছফালৰ চোতালত সকলোৱে মিলি বিহু নাছিলো৷ এটা বুজাব নোৱাৰা আনন্দই মনটো ভৰাই পেলালে৷ বিদেশত এজাক অনা অসমীয়া মানুহৰ মাজত নিজকে বিচাৰি পালো৷ বিচাৰি পালো বিদেশত আপোন মানুহ৷
