।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।। ।।চিৰ চেনেহী মোৰ ভাষা জননী ।।

বতৰৰ ফলবোৰৰ পৰা আমি নানা ধৰণৰ খোৱাবস্তু বনাই সংৰক্ষণ কৰি ৰাখিব পাৰো। বজাৰৰ বহু মছলাযুক্ত আচাৰে আমাৰ বহুতকে অপকাৰো কৰে। সেয়েহে আহকচোন আমি বাৰীৰ আম আৰু কঁঠালৰ মুচিৰে নিজ হাতেৰে আচাৰ প্ৰস্তুত কৰো, যিব োৰ ভাত আৰু ৰুটীৰ লগত পৰিৱেশন কৰিব পাৰি।
বতৰৰ ফলৰ আচাৰ
মীনা ফুকন হাজৰিকা
আমৰ আচাৰ
আমৰ টুকুৰা – ১ কেজি
নিমখ – ২৫০ গ্ৰাম
হালধি – ২০ গ্ৰাম
জিৰাগুড়ি – ২০ গ্ৰাম
জলকীয়াগুড়ি – ২০ গ্ৰাম
জালুক গুড়ি – ১০ গ্ৰাম
যনি(আজৱাইন)- ২০ গ্ৰাম
কালজিৰা গুড়ি – ২০ গ্ৰাম
চফগুটি গুড়ি – ৫০ গ্ৰাম
মিঠাতেল – ৪০০ গ্ৰাম
বতৰৰ ফলবোৰৰ পৰা আমি নানা ধৰণৰ খোৱাৰম্ভ বনাই সংৰক্ষণ কৰি ৰাখিব পাৰো। বজাৰৰ বহু মছলাযুক্ত আচাৰে আমাৰ বহুতকে অপকাৰো কৰে। সেয়েহে আহকচোন আমি বাৰীৰ আম আৰু কঁঠালৰ মুচিৰে নিজ হাতেৰে আচাৰ প্ৰস্তুত কৰো, যিবোৰ ভাত আৰু ৰুটীৰ লগত পৰিৱেশন কৰিব পাৰি।
প্ৰস্তুত প্ৰণালী ঃ ১ কেজি কেঁচা মঙহাল আৰু পোকে নোখোৱা আম লওক । এতিয়া আমখিনি ধুই দীঘলে দীঘলে বা পথালিকে কাটি ল’ব। কটা আমখিনি এক লিটাৰ পানীত ৫/৬ গ্ৰাম নিমখ গুলি ১৫/২০ মিনিট ডুবাই ৰাখিব লাগে। তাৰ পিছত আমৰ টুকুৰাবোৰ পানীৰ পৰা টুকি পানী নিগৰি শেষ হ’লে ওজন কৰিব লাগে আৰু ওপৰত উল্লেখ কৰা অনুপাতে উপকৰণ যোগাৰ কৰিব লাগে।
এতিয়া নিমখখিনি আমৰ টুকুৰাবোৰত মিহলি কৰি বহল মুখৰ বটলত ভৰাই ভালদৰে জোকাৰিব লাগে। যাতে আমৰ টুকুৰাবোৰৰ মাজত অধিক বায়ু সোমাই থাকিব নোৱাৰে। বটলটো ৪/৫ দিন ৰ’দাব লাগে । যেতিয়ালৈকে আমৰ সেউজীয়া বাকলিবোৰ কিঞ্চিৎ হালধীয় নহয়।
এতিয়া সকলো মছলা একলগ কৰি সামান্য মিঠাতেলৰ সৈতে কটা আমখিনি ঢালি গোটেই আমৰ টুকুৰাবোৰ লগত ভালদৰে মিহলাই দিয়ক আৰু শুকান পৰিস্কাৰ বটলত হেঁচি হেঁচি ভৰাব লাগে।এতিয়া মিঠাতেলখিনি গৰম কৰি ঠাণ্ডা হ’লে আচাৰখিনি সম্পূৰ্ণ ডুব যোৱাকৈ লাহে লাহে ঢালি দিব লাগে।তাৰ পিছত আচাৰৰ বটলটো ১৫/২০ দিনৰ মূৰে মূৰে ৰ’দত দিব। তেল কমি গ’লে পুনৰ তেল গৰম কৰি আচাৰখিনি ডুব যোৱাকৈ ঢালি ৰাখিব লাগে।
কঁঠালৰ আচাৰ
উপকৰণ
কঁঠাল- ১ কেজি
মিঠাতেল – ৩০০ গ্রাম
নিমখ- ৫০ গ্রাম
চেনি- ৫০ গ্রাম
জিৰাগুড়ি— ১২ গ্রাম
হালধি – ১২ গ্রাম
জলকীয়াগুড়ি— ১২ গ্রাম
কেঁচা জলকীয়া — ১০/১২ টা
নৰসিংহপাত— ১০/১৫ টা
আদা— ৪০ গ্রাম
নহৰু— ৪০ গ্রাম
ভিনেগাৰ— ২০০ গ্রাম
প্রস্তুত প্রণালী : প্রথমে কঁঠালখিনি বাকলি গুচাই ধুই মাজৰ ডিলটো সৰু সৰুকৈ টুকুৰা কৰি কাটিব লাগে। তাৰ পিছত প্ৰেছাৰ কুকাৰত কঁঠালখিনি ভৰাই তাতে ভিনেগাৰ ঢালি কুকাৰটো গেছৰ ওপৰত উঠাই দিব। দুটা বা তিনিটা হুইচেল মৰাৰ পিছত গেছৰ জুই নুমুৱাই দিব।
এখন কেৰাহী গৰম কৰি তাত প্ৰথমে মিঠাতেল ঢালি গৰম হ'লে আদা, নহৰু বঁটা কেঁচা জলকীয়া দি ৰঙচুৱাকৈ ভাজিব। এতিয়া আগতে ভিনেগাৰত বইল কৰি থোৱা কঁঠালখিনি কেৰাহীত ঢালি দিয়ক আৰু ভাজক। তাতে হালধিগুড়ি, জিৰাগুড়ি, জলকীয়াগুড়ি দি পুনৰ লৰাব। কঁঠালখিনি ভাজি থাকোতে তাতে নিমখ, চেনি দিব লাগে। গলি নোযোৱা পৰ্যন্ত ভালদৰে লৰাব লাগে। পিছত নৰসিংহ পাত দি পাত্ৰটো জুইৰ পৰা নমাই থ'ব লাগে। অলপমান চেঁচা হোৱাৰ পিছত পৰিষ্কাৰ বটলত ভৰাই মুখখন বন্ধ কৰি থ'ব লাগে। এইবিধ আচাৰ ৰ'দত নিদিলেও হয়। মুচি কঁঠাল তৰকাৰী বনায়ো খাব পাৰি। সেইবাবে কিছুলোকে ইয়াক গছ পাঠা বুলি কয়।


